সমললৈ যাওক

মাৰ্থা কুৱে কুমছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাৰ্থা কুৱে কুমছা (ইংৰাজী: Martha Kuwee Kumsa) এগৰাকী নাৰীবাদী[1] আৰু কানাডাৰ উইলফ্ৰিড ল'ৰিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, অৰোমো সংস্কৃতি আৰু সাংস্কৃতিক আৰু অনুপ্ৰৱেশকাৰী পৰিচয়ৰ বিশেষজ্ঞ।[2] ইথিঅ'পিয়াৰ ৰঙা সন্ত্ৰাসবাদৰ পিছত ১৯৮০ চনৰ পৰা ১৯৮৯ চনলৈকে অৰোমো মহিলাৰ অধিকাৰৰ প্ৰচাৰৰ বাবে কৰা সাংবাদিকতামূলক কাৰ্যকলাপৰ বাবে তেওঁক বিনা অভিযোগত আটক আৰু নিৰ্যাতন চলোৱা হৈছিল।[2][3] ২০২০ চনৰ শেষৰ ফালে মাৰ্থাই হাচালু হাণ্ডেছা সংঘৰ্ষৰ বিষয়ে সংবাদ মাধ্যমৰ ভুল বৰ্ণনা আৰু অৰোমোৰ বিৰুদ্ধে ফেডাৰেল কৰ্তৃপক্ষই দমনৰ ঢৌ হিচাপে দেখাক আপত্তি কৰে। [4][1]মাৰ্থা কুৱী কুমছাৰ জন্ম হৈছিল ১৯৫৪ চনত অৰমিয়া অঞ্চলৰ ডেম্বিডোলোত।[2] মাৰ্থাই হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি অভিযন্তা হোৱাৰ আশাত বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে আদিছ আবাবালৈ গুচি যায়। আদিছ আবাবাত উপস্থিত হোৱাৰ পিছত ১৯৭৪ চনৰ ইথিঅ'পিয়াৰ বিপ্লৱৰ সৃষ্টি হয় আৰু বিশ্ববিদ্যালয়সমূহ বন্ধ কৰি দিয়া হয়। মাৰ্থাই সাংবাদিক হিচাপে প্ৰশিক্ষণ লৈছিল আৰু লিংকো লাটা নামৰ এজন ৰাসায়নিক অভিযন্তাক বিয়া কৰাইছিল।[2]

১৯৭৫ চনত মাৰ্থা আৰু লিংকোৰ প্ৰথম সন্তান জন্ম হয়। ১৯৭৭ চনত ইথিঅ'পিয়াৰ ৰঙা সন্ত্ৰাস চলি আছিল, আনহাতে মাৰ্থা তৃতীয়বাৰৰ বাবে গৰ্ভাৱস্থাত আছিল।[2] লিংকো অৰোমো লিবাৰেচন মুভমেণ্ট/অৰোমো লিবাৰেচন ফ্ৰণ্ট (OLM/OLF)ৰ অন্যতম প্ৰতিষ্ঠাপক হৈ পৰে আৰু ইয়াৰ বাবে তেওঁ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিছিল। ছমাহত চাৰিবাৰ নিশাৰ ভাগত আটক কৰি ৰখা হৈছিল। প্ৰথম তিনিবাৰ লিনকো নিৰ্যাতনৰ পিছত উভতি আহিছিল। চতুৰ্থবাৰৰ বাবে আটক কৰাৰ পিছত তেওঁ ঘূৰি নাহিল।[3] স্বামীক বিচাৰিবলৈ হতাশ হৈ মাৰ্থাই ৰাস্তাত মৃতদেহৰ ওপৰে খোজ পেলালে৷ তেওঁ তৃতীয় কেঁচুৱাটোৰ নাম ৰাখিলে গোলি, যাৰ অৰ্থ অৰোমো ভাষাত "আতংক"। তেওঁ লিংকোক বিচাৰি এবছৰ কটালে।[2] মাৰ্থাৰ অজ্ঞাতে লিংকোৱে চতুৰ্থবাৰৰ বাবে আটক কৰাৰ পিছত ইথিঅ'পিয়া এৰি থৈ যায়।[3]

মাৰ্থাই সাংবাদিক হিচাপে কাম কৰিছিল, অৰোমো মহিলাৰ সংস্কৃতিক সমৰ্থন কৰি এটা স্তম্ভ লিখিছিল[2] আৰু অৰোমো মহিলাসকলক বৰ্তমানৰ ক্ষমতা ব্যৱস্থাক অৱজ্ঞা কৰি নিজৰ সংস্কৃতি পুনৰ উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছিল।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Kumsa, Martha Kuwee (2020-12-16). "Our diverse feminists must team up to disavow epistemological violence". Ethiopia Insight. https://www.ethiopia-insight.com/2020/12/16/our-diverse-feminists-must-team-up-to-disavow-epistemological-violence/. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Monteiro, Liz (2006-06-17). "Martha Kuwee Kumsa: The Unsung heroine and Iron Lady!". Advocacy for Oromia. https://advocacy4oromia.org/whoiswho/martha-kuwee-kumsa-the-unsung-heroine-and-iron-lady/। আহৰণ কৰা হৈছে: 2021-01-02. 
  3. 3.0 3.1 3.2 3.3 "Martha Kumsa – Ethiopia – Status: Released". PEN America. 2020. https://pen.org/advocacy-case/martha-kumsa/। আহৰণ কৰা হৈছে: 2021-01-02. 
  4. Galataa, Bontu; Kuwee Kumsa, Martha (2020-11-17). "The devastating impacts of Orwellian misinformation on Oromos". Awash Post. Archived from the original on 2020-11-24. https://web.archive.org/web/20201124224501/https://www.awashpost.com/2020/11/17/the-devastating-impacts-of-orwellian-misinformation-on-oromos/.