সমললৈ যাওক

মাৰ্থা জেন বাৰ্নহিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লেডী অলগা ৰ'ডেৰিক হিচাপে জেন বাৰ্নেল, (দাড়ি থকা নাৰী)

লেডী অলগাৰ চৰিত্ৰত জেন বাৰ্নেল, ১৯১৫ চনত
জন্ম মাৰ্থা জেন বাৰ্নহিল
০৩ জানুৱাৰী, ১৮৭৬
উইলমিংটন, নৰ্থ কেৰোলিনা, ইউ এছ
মৃত্যু ২১ জুলাই, ১৯৪৫ (৬৯ বছৰ)
মানহাট্টান নিউ ইয়ৰ্ক, ইউ এছ
অন্য নাম
  • Princess Olga
  • Madame Olga
  • Lady Olga
  • Lady Olga Roderick
পেচা বাটৰ কাষৰ পৰিৱেশ্য শিল্পী, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৮৮৩-?
জনা যায় ফ্ৰিকচ্ (১৯৩২ৰ কথাছবি)
উল্লেখযোগ্য কৰ্ম
  • Great Orient Circus and Menagerie (1883-?
  • John Robison's Circus (1892-c.1906)
  • Ringling Brothers
  • Huberts Dime Museum

মাৰ্থা জেন বাৰ্নহিল[1] (৩ জানুৱাৰী, ১৮৭৬[2] – ২১ জুলাই, ১৯৪৫) আছিল এগৰাকী আমেৰিকান দাড়ি থকা নাৰী (হিৰ্চুটিজম নামেৰে জনাজাত অৱস্থাৰ ফলত হোৱা)[1] যাক চমুকৈ জেন বাৰ্নেল বুলি জনা যায়[1], যিয়ে চাৰ্কাছৰ চাইডশ্ব', ডাইম মিউজিয়াম আৰু কাৰ্নিভালত ৰাজকুমাৰী অলগা, মেডাম অলগা আৰু লেডী অলগাকে ধৰি বিভিন্ন মঞ্চনাম ব্যৱহাৰ কৰি কাম কৰিছিল। টড ব্ৰাউনিঙৰ কাল্ট ক্লাছিক ফ্ৰিকছত তেওঁৰ একমাত্ৰ চলচ্চিত্ৰ চৰিত্ৰত, চাইডশ্ব'ৰ মঞ্চ নাম অলগা ৰ'ডেৰিক ব্যৱহাৰ কৰি, তেওঁক দাড়ি থকা নাৰী হিচাপে উপস্থাপন কৰা হৈছিল।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৮৭৬ চনত উত্তৰ কেৰ’লিনাৰ উইলমিংটনত মাৰ্থা জেন বাৰ্নহিল নামেৰে তেওঁ জন্মগ্ৰহণ কৰিছিল,[1]:152 ৰাছিয়াৰ ইহুদী ভ্ৰমণকাৰী ৱেগন নিৰ্মাতা জৰ্জ ডব্লিউ বাৰ্নহিল আৰু আইৰিছ আৰু কেট’বান বংশৰ মহিলা নেন্সি শ্ব'ৰ ঘৰত। ১৯৩৯ চনৰ মে’ মাহত যেতিয়া তেওঁ নিজৰ ছ’চিয়েল ছিকিউৰিটি কাৰ্ডৰ বাবে আবেদন কৰিছিল তেতিয়া তেওঁ পিতৃ-মাতৃক জৰ্জ বাৰ্নেল আৰু নেন্সি শ্ব’ বুলি দিছিল। তেওঁ দিয়া সাক্ষাৎকাৰবোৰত তেওঁৰ মাকৰ নাম উল্লেখ কৰা হোৱা নাই। তেওঁ তেওঁলোকৰ দ্বিতীয় সন্তান আছিল, আৰু তেওঁ তিনিগৰাকী ভনীয়েক আৰু দুজন ভাতৃ আছিল। মাতৃৰ ফালৰ পৰা আইতাকৰ নামেৰে মাৰ্থাৰ নাম ৰখা হৈছিল। তেওঁৰ মাক আছিল দক্ষিণ কেৰ’লিনাৰ ইয়ৰ্ক কাউন্টিৰ। দুবছৰ বয়স হোৱালৈকে তেওঁৰ দাড়ি গজিবলৈ ধৰিছিল। তেওঁৰ মাকে তেওঁক অভিশপ্ত বুলি ভাবিছিল[1]:152 আৰু তেওঁৰ অৱস্থাটো আঁতৰাবলৈ তেওঁক হুডু ডাক্তৰ আৰু অন্যান্য লোক চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

বাৰ্নেলৰ মাকে ৩বছৰীয়া জেনক গ্ৰেট অৰিয়েণ্ট ফেমিলি চাৰ্কাছ আৰু মেনেজাৰীক বিক্ৰী কৰিছিল, যেতিয়া তেওঁৰ পিতৃ ব্যৱসায়ৰ বাবে আঁতৰত আছিল,[1]:152 বাল্টিমোৰত। চাৰ্কাছত মেনেজাৰ হিচাপে কাম কৰা মুছলমান মহিলাগৰাকী, নাচি থকা তেওঁৰ দুগৰাকী ছোৱালী আৰু জগল কৰা আৰু টান ৰছীৰে খোজ কঢ়া তিনিজন পুত্ৰ আছিল। জেনে চাৰ্কাছৰ সৈতে কেইবামাহো দক্ষিণৰ চাৰিওফালে ভ্ৰমণ কৰিছিল আৰু তাৰ পিছত চাৰ্কাছে নিউ অৰলিন্সলৈ গৈছিল, ইউৰোপলৈ ৰাওনা হৈছিল আৰু মাৰ্থাক লগত লৈ গৈছিল। ইউৰোপত জাৰ্মান চাৰ্কাছৰ সৈতে চাৰ্কাছে ভ্ৰমণ কৰিছিল। বাৰ্লিনত টাইফয়েড জ্বৰত আক্ৰান্ত হৈ তেওঁ অসুস্থ হৈ পৰে। তেওঁক এখন চেৰিটি হস্পিতালত ৰখা হৈছিল আৰু পিছলৈ অনাথ আশ্ৰমত ৰখা হৈছিল। পিছত তেওঁৰ পাঁচ বছৰ বয়স হোৱাত দেউতাকে মাৰ্থাক বিচাৰি পালে। হয় তেওঁ কেৰ'লিনাছৰপৰা জাৰ্মানীলৈকে চাৰ্কাছটো অনুসৰণ কৰিছিল, নহয় চাৰ্কাছ চলোৱা মহিলাগৰাকীয়ে বাৰ্লিন আৰক্ষীক উইলমিংটনৰ শ্বেৰিফৰ সৈতে যোগাযোগ কৰিবলৈ দিছিল।[3]

জীৱনৰ এটা সময়ত বাৰ্নেলে ট্ৰেপেজ শিল্পী হিচাপে কাম কৰিছিল আৰু তাৰ পিছত ৰেলৱে দুৰ্ঘটনাত পতিত হৈছিল আৰু ইয়াৰ ফলত তেওঁৰ কেৰিয়াৰৰ অন্ত পৰিছিল। তাৰ পিছত তেওঁ এগৰাকী বাণিজ্যিক ফটোগ্ৰাফাৰ হৈ পৰে।[2]

বাৰ্নেলে ৰিংলিং ব্ৰাদাৰ্ছ চাৰ্কাছকে ধৰি কেইবাটাও চাৰ্কাছৰ সৈতে কিছুসময়ৰ বাবে ভ্ৰমণ কৰিছিল আৰু পিছলৈ নিউয়ৰ্ক চহৰৰ টাইমছ স্কোৱাৰৰ হুবাৰ্টছ মিউজিয়ামত যোগদান কৰিছিল। টড ব্ৰাউনিঙৰ ফ্ৰিকছ (১৯৩২)ত তেওঁ অভিনয় কৰিছিল যিয়ে ডিভিডি তথ্যচিত্ৰ অনুসৰি[4] ছবিখনৰ চাইডশ্ব' অভিনেতাসকলৰ সামগ্ৰিক চিত্ৰণত তেওঁক অসন্তুষ্ট কৰি পেলাইছিল।

১৯৩৫ চনৰ এপ্ৰিল মাহত তেওঁ মেডিচন স্কোৱাৰ গাৰ্ডেনত ৰিংলিং ব্ৰাদাৰ্ছৰ চাইডশ্ব'ত কাম কৰি আছিল।[2]

১৯৪০ চনত জোচেফ মিচেলে দ্য নিউয়ৰ্কাৰৰ এটা প্ৰবন্ধৰ বাবে তেওঁৰ সাক্ষাৎকাৰ লয়। তেওঁৰ এই সাক্ষাৎকাৰটো তাইৰ জীৱনৰ বিষয়ে থকা কেইটামান উৎসৰ ভিতৰত অন্যতম।

ইয়াৰ পূৰ্বে তেওঁৰ মৃত্যুৰ তাৰিখ আৰু স্থানৰ বিষয়ে অনলাইনত ভুলকৈ প্ৰকাশ পাইছিল যে ১৯৫১ চনৰ ২৬ অক্টোবৰ, কেলিফৰ্ণিয়াৰ ইনলছ এঞ্জেলছ। সেই তাৰিখটো অৱশ্যে গৱেষকসকলে তেওঁৰ মৃত্যুক এগৰাকী চুজান জেন বাৰ্নেলৰ মৃত্যুৰ সৈতে বিভ্ৰান্ত কৰাৰপৰাই আহিছে।

ডায়েন আৰ্বাছে তেওঁৰ মৃত্যুৰ বিষয়ে তথ্যৰ বিষয়ে যোগাযোগ কৰাত জোচেফ মিচেলে তেওঁৰ মৃত্যুৰ পৰীক্ষা কৰে।[5]

১৯৪৫ চনৰ ২১ জুলাইত নিউয়ৰ্কৰ মানহাটানত বাৰ্নেলৰ মৃত্যু হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 Nickell, Joe (2005). Secrets of the sideshows. প্ৰকাশক Lexington, Ky.: University Press of Kentucky. ISBN 0-8131-7179-2. OCLC 65377460. https://archive.org/details/secretsofsidesho0000nick.
  2. 1 2 3 McKinney, Ruth (April 16, 1935). "Thrice-Wed Bearded Lady Says Private Life is Dull". New York Post (New York, NY). http://fultonhistory.com/highlighter/highlight-for-xml?altUrl=http%3A%2F%2Fwww.fultonhistory.com%2FNewspaper%252011%2FNew%2520York%2520Evening%2520Post%2FNew%2520York%2520NY%2520Evening%2520Post%25201935%2520Grayscale%2FNew%2520York%2520NY%2520Evening%2520Post%25201935%2520Grayscale%2520-%25202425.pdf&highlightsFile=http%3A%2F%2Fwww.fultonhistory.com%2Fhighlighter%2Fhits%2Fdeef26d89e45503770778e984bf0b00f#page=1.
  3. 1 2 Mitchell, Joseph (1993). Up in the Old Hotel, and Other Stories. প্ৰকাশক New York: Vintage Books. পৃষ্ঠা. 89–105. ISBN 9780679746317. https://books.google.com/books?id=P9wGCgAAQBAJ.
  4. ↑ Freaks: The Sideshow Cinema, 2004
  5. ↑ Burrows, Erin Naomi (2009). By the Hair of Her Chin: A Critical Biography of Bearded Lady Jane Barnell. UMI. পৃষ্ঠা. 87. ISBN 9781109188226. https://books.google.com/books?id=MUdFt7fNQE0C.[সংযোগবিহীন উৎস]
  6. ↑ "D-M-1945-016244". NYC Municipal Archives Historical Vital RecordsHistorical Vital Records. 21 July 1945. Archived from the original on 13 March 2025. https://web.archive.org/web/20250313043639/https://a860-historicalvitalrecords.nyc.gov/view/11113209। আহৰণ কৰা হৈছে: 16 March 2022.