মাৰ্থা ফ্ৰেইড
| মাৰ্থা ফ্ৰেইড | |
|---|---|
| জন্ম | ১৫ আগষ্ট, ১৯২০ হাভানা, কিউবা |
| মৃত্যু | ৪ ডিচেম্বৰ ২০১৩ মাদ্ৰিদ, কিউবা |
| আনুগত্য | চিকিৎসক, বিপ্লৱী |
মাৰ্থা ফ্ৰেইড (ইংৰাজী: Martha Frayde) জন্ম: ১৫ আগষ্ট ১৯২০ হাভানা, মৃত্যু ৪ ডিচেম্বৰ ২০১৩ মাদ্ৰিদ; এগৰাকী কিউবান চিকিৎসক, প্ৰতিবাদী আৰু বিপ্লৱী।[1][2]
জীৱনী
[সম্পাদনা কৰক]ফ্ৰেইডে ১৯৪৬ চনত হাভানা বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা শাস্ত্ৰত চিকিৎসক ডিগ্ৰী লাভ কৰে। কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ত পোষ্ট-ডক্টৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ আগতে তেওঁ স্ত্ৰীৰোগ বিজ্ঞানত বিশেষজ্ঞতা লাভ কৰিছিল।[3]
১৯৫০ চনৰ আৰম্ভণিতে কানাডাৰ পৰা কিউবালৈ উভতি অহাৰ লগে লগে তেওঁ বাওঁপন্থী পাৰ্টিডো অৰ্ট’ডক্স’ত যোগদান কৰে। তেওঁ কিউবাত ফিডেল কাষ্ট্ৰোৰ সৈতে বন্ধুত্ব গঢ়ি তোলে। ইয়াৰ পিছত তেওঁ ১৯৫৩ চনত ২৬ জুলাই আন্দোলনত যোগদান কৰি বিপ্লৱী গেৰিলা হয়। ১৯৫৭ চনত তেওঁক অলপ সময়ৰ বাবে গ্ৰেপ্তাৰ কৰা হয় যদিও প্ৰশাসনৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।[4]
১৯৫৮ চনত কিউবা বিপ্লৱৰ সফলতাৰ পিছত হাভানাৰ ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ মুৰব্বী চিকিৎসক হিচাপে নিযুক্তি লাভ কৰে আৰু নতুন কিউবা চৰকাৰৰ কেইবাটাও কূটনৈতিক অভিযানত যোগদান কৰে। তাৰ পিছত ১৯৬৫ চনলৈকে ইউনেস্কোত কিউবাৰ ৰাষ্ট্ৰদূত হয় আৰু সেই সময়ত কিউবা চৰকাৰৰ ক্ৰমান্বয়ে ছোভিয়েট সমৰ্থক স্থিতিৰ প্ৰতিবাদত পদত্যাগ কৰে।[5]
ইয়াৰ পিছত পিছৰ কেইবছৰমান ঘৰৰ বাহিৰত ব্যক্তিগতভাৱে চিকিৎসা চৰ্চা কৰে। তেওঁ কাষ্ট্ৰো শাসনৰ পৰা হাৰাশাস্তি পাইছিল আৰু দেশ এৰি যাবলৈ বাধা দিয়া হৈছিল। ১৯৭৬ চনত তেওঁ এলিজাৰ্ডো ছানচেজৰ সৈতে কিউবাৰ মানৱ অধিকাৰ সমিতিৰ সহ-প্ৰতিষ্ঠাপক হয়। ইয়াৰ পিছত চোৰাংচোৱাগিৰিৰ অপৰাধত গ্ৰেপ্তাৰ কৰি ২৯ বছৰৰ কাৰাদণ্ড বিহা হয়। কাৰাদণ্ড আৰু আটক কৰাৰ চৰ্তক লৈ আন্তঃৰাষ্ট্ৰীয় ক্ষোভৰ পিছত তেওঁক মুকলি কৰি স্পেইনলৈ নিৰ্বাসিত কৰা হয়।[6][7]
১৯৮৩ চনত ইম্পৰপাৰ কণ্ডাক্ট তথ্যচিত্ৰৰ বাবে তেওঁৰ সাক্ষাৎকাৰ লোৱা হৈছিল। ১৯৮৭ চনত তেওঁ লিষ্টেন, ফিডেল নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Goytisolo, Juan (30 July 2007). "La década ominosa: Martha y su doble". El País. https://elpais.com/diario/2007/07/31/opinion/1185832806_850215.html.
- ↑ "Martha Frayde: "Cuba vive un momento de parálisis política total"" (es ভাষাত). El Nuevo Herald. 10 December 2008. https://www.elnuevoherald.com/ultimas-noticias/article1970732.html। আহৰণ কৰা হৈছে: 7 July 2023. (subscription required)
- ↑ Styron, Rose; Styron, William; Solomon, Barbara Probst; Mailer, Norman; Paz, Octavio; Rossanda, Rossana; Jimenez, Joaquin Ruiz; Aranguren, Jose Luis et al.. In a Cuban Prison | by Jean-Paul Sartre | the New York Review of Books. https://www.nybooks.com/articles/1978/12/07/in-a-cuban-prison/.
- ↑ Ullan, José Miguel (30 January 1980). "Martha Frayde, castrista de primera hora: "Sigo siendo una revolucionaria"". El País. https://elpais.com/diario/1980/01/31/internacional/318121223_850215.html.
- ↑ "Martha Frayde (1920-2013), pionnière de la défense des droits de l'homme à Cuba". Le Monde.fr. 6 December 2013. https://www.lemonde.fr/disparitions/article/2013/12/06/martha-frayde-1920-2013-pionniere-de-la-defense-des-droits-de-l-homme-a-cuba_3526146_3382.html.
- ↑ "12 Cuban Women Who Changed the Course of History". 31 March 2020. https://remezcla.com/lists/culture/cuban-herstory-womens-history-month/.
- ↑ Goytisolo, Juan (9 December 1978). "En defensa de Martha Frayde". El País. https://elpais.com/diario/1978/12/10/opinion/282092405_850215.html.
- ↑ "Martha Frayde Barraqué Papers, Cuban Heritage Collection". Archived from the original on 24 October 2021. https://web.archive.org/web/20211024011712/https://merrick.library.miami.edu/cubanHeritage/chc5223/। আহৰণ কৰা হৈছে: 25 August 2021.
- ↑ Salas, Roger (8 December 2013). "Martha Frayde, una luchadora a la que Castro no doblegó". El País. https://elpais.com/internacional/2013/12/08/actualidad/1386539444_955474.html.
- ↑ "Martha Frayde, co-founder of Cuba's human rights movement, dies - Cuba - MiamiHerald.com". Miami Herald. http://www.miamiherald.com/2013/12/06/3799179/martha-frayde-co-founder-of-cubas.html.