মাৰ্থা ভাছকনচেলোছ
| মাৰ্থা ভাছকনচেলোছ | |
|---|---|
| জন্ম | মাৰ্থা মাৰিয়া কৰ্ডেইৰো ভাছকনচেলোছ ১৮ জুন, ১৯৪৮ (৭৮ বছৰ) ছালভাডৰ, বাহিয়া, ব্ৰাজিল |
| 'Beauty pageant titleholder' | |
| Title | মিছ ব্ৰাজিল ১৯৬৮ মিছ ইউনিভাৰ্ছ ১৯৬৮ |
| Years active | ১৯৬৮–বৰ্তমান |
| Hair color | পাতল মুগা |
| Eye color | সেউজীয়া |
| Major competition(s) |
মিছ ব্ৰাজিল ১৯৬৮ (বিজেতা) মিছ ইউনিভাৰ্ছ ১৯৬৮ (বিজেতা) |
মাৰ্থা মাৰিয়া কৰ্ডেইৰো ভাছকনচেলোছ (জন্ম: ১৮ জুন ১৯৪৮) এগৰাকী ব্ৰাজিলিয়ান সৌন্দৰ্য ৰাণী, যিয়ে ১৯৬৩ চনত য়েডা মাৰিয়া ভাৰ্গাছৰ পিছত দেশৰ দ্বিতীয়গৰাকী মিছ ইউনিভাৰ্ছ বিজয়ী হিচাপে পৰিগণিত হয়।[1] ইয়াৰ উপৰি তেওঁ ১৯৫৭ চনত পেৰুৰ গ্লেডিছ জেণ্ডাৰ, ১৯৫৮ চনত কলম্বিয়াৰ লুজ মাৰিনা জুলুৱাগা আৰু ১৯৬২ চনত আৰ্জেণ্টিনাৰ নৰ্মা নোলানৰ পিছত এই খিতাপ জয় কৰা পঞ্চমগৰাকী লেটিন আমেৰিকান হিচাপে পৰিগণিত হয়। ভাছকনচেলোছ বাহিয়া ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল।
জীৱনী
[সম্পাদনা কৰক]ফ্লৰিডাৰ মায়ামি বীচত অনুষ্ঠিত ১৯৬৮ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ব্ৰাজিলক প্ৰতিনিধিত্ব কৰা ভাছকনচেলোছে ৬৪ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি খিতাপ জয় কৰিছিল। খিতাপ জয়ৰ পাছদিনা পুৱাই তেওঁ ব্ৰাজিলত থকা নিজৰ পৰিয়াল আৰু প্ৰেমিকক ফোন কৰি ঘৰৰ প্ৰতি থকা হেঁপাহ (homesick) ব্যক্ত কৰিছিল।
মিছ ইউনিভাৰ্ছ সংস্থাৰ চৰ্ত অনুসৰি ভাছকনচেলোছে পৰৱৰ্তী এবছৰ নিউয়ৰ্ক চহৰত বসবাস কৰিছিল। তাৰ পিছত ১৯৬৯ চনত তেওঁ ব্ৰাজিললৈ উভতি আহে আৰু কেইদিনমানৰ পিছতে বিবাহপাশত আবদ্ধ হয়।
ভাছকনচেলোছে বৰ্তমান ৰাজহুৱা জীৱনৰপৰা আঁতৰি এক শান্ত আৰু ব্যক্তিগত জীৱন অতিবাহিত কৰিছে। প্ৰথম স্বামী ৰিনাল্ডো লৌৰেইৰোৰ সৈতে তেওঁৰ লিয়নাৰ্ডো আৰু লেইলেন নামৰ দুটা সন্তান আৰু ফিলিপ তথা গুইলহাৰ্মে নামৰ দুজন নাতি আছে। তেওঁ মেছাচুচেটছৰ বষ্টন অঞ্চলত বাস কৰিছিল আৰু তাত এটা পৰ্তুগীজ ভাষী প্ৰতিষ্ঠানত ভুক্তভোগীৰ অধিকাৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। বৰ্তমান তেওঁ অৱসৰ গ্ৰহণ কৰি পুনৰ ব্ৰাজিলত বসবাস কৰিবলৈ লৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Birnbaum, Cara (2006). Universal Beauty: The Miss Universe Guide to Beauty. Thomas Nelson Inc. পৃষ্ঠা. 26–. ISBN 978-1-4016-0229-1. https://books.google.com/books?id=USm5GW58AbMC&pg=PA26.
{{Miss Universe Organization titleholders
| Year = 1968
| Miss Universe =
মাৰ্থা ভাছকনচেলোছ