সমললৈ যাওক

মাৰ্থা মে এলিয়ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্থা মে এলিয়ট
জন্ম ০৭ এপ্ৰিল, ১৮৯১
ডৰচেষ্টাৰ, মাছাচুচেটচ
মৃত্যু ১৪ ফেব্ৰুৱাৰী, ১৯৭৮ (৮৬ বছৰ)
কেম্ব্ৰিজ, মাছাচুচেটচ
শিক্ষা
  • ব্ৰাইন মাউৰ কলেজ
  • জনছ হপকিন্স বিশ্ববিদ্যালয়
নিয়োগকৰ্তা য়েল বিশ্ববিদ্যালয়
নেচনেল চিলড্ৰেনছ ব্যুৰো ডিভিজন অৱ চাইল্ড এণ্ড মেটাৰনেল হেল্থ
হাৰ্ভাৰ্ড স্কুল অৱ পাব্লিক হেল্থ
দাম্পত্যসঙ্গী ইথেল কলিন্স ডানহাম
বঁটা, সন্মান, পুৰস্কাৰ আদি মেৰী উডাৰ্ড লাস্কাৰ এৱাৰ্ড ফৰ পাব্লিক চাৰ্ভিচ
ছেজউইক মেমৰিয়েল মেডেল
জন হাউলেণ্ড বঁটা

মাৰ্থা মে এলিয়ট (ইংৰাজী: Martha May Eliot; জন্ম: ৭ এপ্ৰিল, ১৮৯১ – ১৪ ফেব্ৰুৱাৰী, ১৯৭৮) এগৰাকী আমেৰিকান শিশু ৰোগ বিশেষজ্ঞ আছিল। তেওঁ জনস্বাস্থ্যৰ এগৰাকী বিশেষজ্ঞ, বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী সহকাৰী সঞ্চালক আৰু মাতৃ তথা শিশু স্বাস্থ্যৰ বাবে ‘নিউ ডিল’ আৰু উত্তৰ-যুদ্ধকালীন কাৰ্যসূচীসমূহৰ এগৰাকী স্থপতি আছিল। কানেকটিকাটৰ নিউ হেভেন আৰু পুয়েৰ্টো ৰিকোত ৰিকেটছ ৰোগৰ ওপৰত কৰা তেওঁৰ প্ৰথম গুৰুত্বপূৰ্ণ গৱেষণা আৰু সামাজিক অধ্যয়নে সামাজিক চিকিৎসাৰ মূল বিষয়সমূহ অন্বেষণ কৰিছিল। এডৱাৰ্ডছ এ পাৰ্কৰ সৈতে কৰা তেওঁৰ গৱেষণাই প্ৰতিষ্ঠা কৰিছিল যে জনস্বাস্থ্যৰ ব্যৱস্থাসমূহে (ভিটামিন ডি-ৰ খাদ্যগত পৰিপূৰক) ৰিকেটছৰ প্ৰাৰম্ভিক আৰম্ভণি প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰে।[1]

মাৰ্থা মে এলিয়টৰ জন্ম ১৮৯১ চনত মাছাচুচেটচৰ ডৰচেষ্টাৰত হৈছিল। তেওঁৰ পিতৃ খ্ৰীষ্টোফাৰ ৰোডছ এলিয়ট এগৰাকী ইউনিটেৰিয়ান ধৰ্মগুৰু আছিল আৰু মাতৃ আছিল মেৰী জেকচন মে। তেওঁৰ পিতৃ এলিয়ট পৰিয়ালৰ বংশধৰ আছিল, যিটো পৰিয়ালক বষ্টনৰ এটা প্ৰভাৱশালী পৰিয়াল হিচাপে গণ্য কৰা হয়। তেওঁৰ ককাক উইলিয়াম জি. এলিয়ট চেইণ্ট লুইছৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰথম চেন্সেলৰ আছিল। বিখ্যাত কবি, নাট্যকাৰ আৰু নোবেল বঁটা বিজয়ী টি. এছ. এলিয়ট তেওঁৰ সৰ্বপ্ৰথম সম্পৰ্কীয় ভাতৃ (first cousin) আছিল।[2]

শ্লেছিংগাৰ লাইব্ৰেৰী, ৰেডক্লিফ ইনষ্টিটিউট, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়। মাৰ্থা মে এলিয়ট আৰু ইথেল কলিন্স ডানহাম, ১৯১৫

ব্ৰাইন মাউৰ কলেজত স্নাতক পৰ্যায়ত অধ্যয়ন কৰি থকা সময়তে তেওঁ ইথেল কলিন্স ডানহামক লগ পাইছিল, যি পৰৱৰ্তী সময়ত তেওঁৰ জীৱন সংগী হয়। স্নাতক শিক্ষা সমাপ্ত কৰাৰ পিছত, ১৯১৪ চনত দুয়ো একেলগে জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত ভৰ্তি হয়।[3]

১৯১৮ চনত এলিয়টে জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ দ্বিতীয় বৰ্ষৰ পৰাই এলিয়টে এগৰাকী "সামাজিক চিকিৎসক" হোৱাৰ আশা পুহি ৰাখিছিল। তেওঁ ১৯২১ চনৰ পৰা ১৯৩৫ চনলৈ য়েল বিশ্ববিদ্যালয়ৰ শিশু চিকিৎসা বিভাগত অধ্যাপনা কৰিছিল। এই সময়ছোৱাৰ বেছিভাগ সময় এলিয়টে নেচনেল চিলড্ৰেনছ ব্যুৰোৰ শিশু আৰু মাতৃ স্বাস্থ্য শাখাৰ সঞ্চালিকা হিচাপেও কাম কৰিছিল (১৯২৪-১৯৩৪)। পিছলৈ তেওঁ ব্যুৰোত পূৰ্ণকালীন চাকৰিত যোগদান কৰে আৰু ১৯৫১ চনত ব্যুৰোৰ মুৰব্বী হয়। ১৯৫৬ চনত তেওঁ হাৰ্ভাৰ্ড স্কুল অৱ পাব্লিক হেল্থত শিশু আৰু মাতৃ স্বাস্থ্য বিভাগৰ অধ্যক্ষ হিচাপে যোগদান কৰিবলৈ ব্যুৰো ত্যাগ কৰে।[1]

চিলড্ৰেনছ ব্যুৰোত থকা সময়ছোৱাত এলিয়টে সামাজিক চিকিৎসাৰ ধাৰণাৰে চৰকাৰী কাৰ্যসূচীসমূহ গঢ়ি তোলাত সহায় কৰিছিল। তেওঁ ‘ছচিয়েল চিকিউৰিটি এক্ট’ৰ মাতৃ আৰু শিশু স্বাস্থ্য সম্পৰ্কীয় বেছিভাগ ভাষ্য প্ৰস্তুত কৰাৰ দায়িত্বত আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ‘ইমাৰজেন্সি মেটাৰ্নিটি এণ্ড ইনফাণ্ট কেয়াৰ’ কাৰ্যসূচী পৰিচালনা কৰিছিল, যিয়ে ১০ লাখতকৈও অধিক সামৰিক জোৱানৰ পত্নীক প্ৰসূতি সেৱা প্ৰদান কৰিছিল। যুদ্ধৰ পিছত তেওঁ বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশু নিধি (UNICEF) দুয়োটাতে প্ৰভাৱশালী পদত অধিষ্ঠিত আছিল।[1] ১৯৪৯ চনৰ পৰা ১৯৫১ চনলৈ এলিয়টে জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সহকাৰী সঞ্চালক হিচাপে কাম কৰিছিল। ১৯৫৯ চনত মাৰ্থাই ‘মাছাচুচেটচ কমিচন অন চিলড্ৰেন এণ্ড ইউথ’ৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰে আৰু দহ বছৰ কাল এই পদত থাকে।[4]

তেওঁ ১৯৩৫ চনৰ আমেৰিকাৰ ছচিয়েল চিকিউৰিটি এক্টত শিশুৰ বাবে স্বাস্থ্য বিধানৰ মুখ্য স্থপতি হিচাপে কাম কৰিছিল, যিয়ে প্ৰতিখন ৰাজ্যক শিশু স্বাস্থ্য সেৱা স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল। ১৯৪৬ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সন্মিলনলৈ যোৱা আমেৰিকাৰ প্ৰতিনিধি দলৰ উপ-অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু আমেৰিকাৰ হৈ বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা সংবিধানত স্বাক্ষৰ কৰিছিল (বিশ্ব স্বাস্থ্য সংস্থাৰ সংবিধানত স্বাক্ষৰ কৰা তেওঁ একমাত্ৰ মহিলা আছিল)।[5]

মাৰ্থা মে এলিয়টৰ ১৯৭৮ চনৰ ১৪ ফেব্ৰুৱাৰীত মাছাচুচেটচৰ কেম্ব্ৰিজত মৃত্যু হয়।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মাৰ্থা মে এলিয়টৰ আন এগৰাকী অগ্ৰণী মহিলা শিশু ৰোগ বিশেষজ্ঞ ইথেল কলিন্স ডানহামৰ সৈতে দীৰ্ঘদিনীয়া ঘৰুৱা অংশীদাৰিত্ব আছিল। তেওঁলোকে ১৯১০ চনত ব্ৰাইন মাউৰত পৰস্পৰক লগ পাইছিল আৰু ১৯৬৯ চনত ডানহামৰ মৃত্যুৰ আগলৈকে একেলগে আছিল।[5][7]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৪৮ চনত এলিয়টে ৰাজহুৱা সেৱাৰ বাবে মেৰী উডাৰ্ড লাস্কাৰ বঁটা লাভ কৰে।[8] ১৯৪৯ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ নেচনেল কনফাৰেন্স অৱ ছচিয়েল ৱৰ্কৰ সভানেত্ৰী আছিল।[8] ১৯৫১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰী এছ ট্ৰুমেনে এলিয়টক চিলড্ৰেনছ ব্যুৰোৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে।[9] তেওঁ ১৯৬৭ চনৰ জন হাউলেণ্ড বঁটাও লাভ কৰিছিল।[2]

১৯৪৭ চনত তেওঁ আমেৰিকান পাব্লিক হেল্থ এছ’চিয়েচনৰ (APHA) সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।[2] ১৯৫৮ চনত APHA-ৰ ছেজউইক মেমৰিয়েল মেডেল লাভ কৰা তেওঁ প্ৰথমগৰাকী মহিলা আছিল।[2] মাতৃ আৰু শিশুৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ স্বাস্থ্য সেৱাক সন্মান জনোৱাৰ উদ্দেশ্যে APHA-ই ১৯৬৪ চনত মাৰ্থা মে এলিয়ট বঁটা প্ৰৱৰ্তন কৰে।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Martha May Eliot, M.D.". Center for Disease Control. https://www.cdc.gov/mmwr/preview/mmwrhtml/mm4838a2bx1.htm আহৰণ কৰা হৈছে: 2009-06-11.
  2. 1 2 3 4 "Dr. Martha May Eliot". National Library of MedicineChanging the Face of Medicine. https://cfmedicine.nlm.nih.gov/physicians/biography_99.html আহৰণ কৰা হৈছে: 3 July 2022.
  3. Parry, Manon S.; Tedeschi, Sara K. (Aug 2004). "Martha May Eliot: "Spinster in Steel Specs, Adviser on Maternity"". American Journal of Public Health খণ্ড 94 (8): 1322. doi:10.2105/AJPH.94.8.1322.
  4. Cynthia Grant Tucker, No Silent Witness: The Eliot Parsonage Women and their Unitarian World, Oxford University Press, 2010.
  5. 1 2 Faderman, Lillian (1999). To believe in women: what lesbians have done for America--a history. প্ৰকাশক Boston: Houghton Mifflin. পৃষ্ঠা. 291–305. ISBN 978-0-395-85010-7. http://archive.org/details/tobelieveinwomen00lill.
  6. Avenue, 677 Huntington; Boston; Ma 02115 (2013-08-07). "Child health pioneer Martha May Eliot: A woman ahead of her time" (en-us ভাষাত). News. https://www.hsph.harvard.edu/news/centennial-martha-may-eliot/ আহৰণ কৰা হৈছে: 2024-04-05.
  7. Hansen, Bert (January 2002). "Public Careers and Private Sexuality: Some Gay and Lesbian Lives in the History of Medicine and Public Health". American Journal of Public Health খণ্ড 92 (1): 36–44. doi:10.2105/AJPH.92.1.36. PMID 11772756.
  8. 1 2 সাঁচ:Cite archival metadata
  9. Schiff, Judith (2014). "Dual-career couple" (en ভাষাত). Yale Alumni Magazine. https://yalealumnimagazine.org/articles/3912-dual-career-couple আহৰণ কৰা হৈছে: 2025-06-05.
  10. "Martha May Eliot Award". American Public Health Association. https://www.apha.org/about-apha/apha-awards/martha-may-eliot-award আহৰণ কৰা হৈছে: 2025-06-05.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]