মাৰ্থা ষ্টেটলাৰ
মাৰ্থা ষ্টেটলাৰ | |
---|---|
![]() মাৰ্থা ষ্টেটলাৰৰ ‘লাক্সেমবাৰ্গ গাৰ্ডেনত’ নামৰ চিত্ৰ | |
জন্ম | ২৫ ছেপ্টেম্বৰ, ১৮৭০ বাৰ্ণ, চুইজাৰলেণ্ড |
মৃত্যু | ১৬ ডিচেম্বৰ, ১৯৪৫ (৭৫ বছৰ) ফ্ৰান্স |
ৰাষ্ট্ৰীয়তা | চুইচ |
পেচা | চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী |
জনা যায় | একাডেমী দে লা গ্ৰেণ্ডে চৌমিয়েৰৰ সহ-প্ৰতিষ্ঠাপক |
এডেলহাইড ফেনী মাৰ্থা ষ্টেটলাৰ (ইংৰাজী: Adelheid Fanny Martha Stettler) জন্ম: ২৫ ছেপ্টেম্বৰ ১৮৭০ – মৃত্যু: ১৬ ডিচেম্বৰ ১৯৪৫ এগৰাকী চুইজাৰলেণ্ডৰ চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী আছিল।[1] তেওঁ আছিল একাডেমী দে লা গ্ৰেণ্ডে চৌমিয়েৰ, নামৰ শিক্ষা প্ৰতিষ্ঠানৰ অন্যতম প্ৰতিষ্ঠাপক আৰু ১৯০৯ চনৰ পৰা ১৯৪৫ চনলৈকে বিদ্যালয়খনৰ সহ-অধ্যক্ষ আছিল।
জীৱনী
[সম্পাদনা কৰক]মাৰ্থা ষ্টেটলাৰৰ জন্ম হৈছিল চুইজাৰলেণ্ডৰ বাৰ্ন চহৰত। তেওঁৰ পিতৃৰ নাম আছিল ইউজেন ষ্টেটলাৰ, তেওঁ এজন স্থপতিবিদ আছিল যিয়ে মাৰ্থাৰ প্ৰাৰম্ভিক চিত্ৰ অংকনৰ পথ নিৰ্দেশনা কৰিছিল।[2] ১৮৯৩ চনত, বাৰ্ন আৰু জেনেভাত শিল্প অধ্যয়ন কৰাৰ পিছত, মাৰ্থা ষ্টেটলাৰ পেৰিছলৈ যায় আৰু একাডেমী জুলিয়ানত অধ্যয়ন কৰে। ১৮৯৩ চনৰ পৰা ১৮৯৮ চনলৈকে লুক-অলিভিয়াৰ মাৰ্চনৰ ওচৰত অধ্যয়ন কৰে আৰু ১৮৯৯ চনত লুচিয়ান চাইমনৰ অধীনত শিল্প শিক্ষা গ্ৰহণ কৰিবলৈ লয়।[3] মাৰ্থা ষ্টেটলাৰ সহ-প্ৰতিষ্ঠাপক হোৱা একাডেমী ডি লা গ্ৰেণ্ড চৌমিয়েৰ প্ৰতিষ্ঠানৰ উৎপত্তি শিল্পৰ শিক্ষাৰ্থীৰ এটা দলৰ পৰাই হৈছিল। ছাইমন, এণ্টোৱান বৰ্ডেল আৰু এমিল-ৰেনে মেনাৰ্ড আদি বিদ্যালয়খনৰ প্ৰাৰম্ভিক প্ৰশিক্ষকসকলৰ ভিতৰত আছিল। ষ্টেটলাৰ আৰু তেওঁৰ সংগী আৰু সহযোগী শিল্পী এলিছ ডেনেনবাৰ্গ ১৯০৯ চনৰ পৰা ১৯৪৫ চনলৈকে বিদ্যালয়খনৰ পৰিচালক আছিল।[4]
১৮৯৭ চনত ষ্টেটলাৰে পেৰিছ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু চেলন ডেছ ইণ্ডেপেণ্ডেণ্টছ, চেলুন ডেছ টুইলেৰীছ আৰু ছ'চাইটি নেচনেল ডেছ ব'জ-আৰ্টছৰ চেলুনত নিজৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰে আৰু ১৯১২ চনত তেওঁ ইয়াৰ সহযোগী সদস্য হয়।[1] ১৯১০ চনত ব্ৰাছেলছৰ এক্সপ'জিচন ইউনিভাৰ্চেলত প্ৰদৰ্শিত কামৰ বাবে তেওঁ পদক লাভ কৰে আৰু ১৯২০ চনৰ ভেনিচ বিয়েনালেত চুইজাৰলেণ্ডৰ পেভিলিয়নত এখন ছবি অৰিহণা যোগায়।[3]
মাৰ্থা ষ্টেটলাৰৰ শিল্পকৰ্মৰ বিষয়বস্তুৰ ভিতৰত আছিল, জাৰ্ডিন ডু লাক্সেমবাৰ্গ আৰু টুইলেৰীজ গাৰ্ডেনত খেলা শিশুৰ বহুতো বাহিৰৰ প্ৰাকৃতিক দৃশ্যৰ লগতে অভ্যন্তৰীণ দৃশ্য, ষ্টিল লাইফ, লেণ্ডস্কেপ, প্ৰতিকৃতি আৰু প্ৰাণী অধ্যয়ন। ১৯২০ চনৰ পিছত যেতিয়া তেওঁ পেৰিছৰ উপকণ্ঠ ফণ্টেন-অ’-ৰোজছলৈ গুচি যায়, আৰু তাৰ পাছত ক্ৰমে তেওঁৰ কলাত্মক চিত্ৰৰ উৎপাদন হ্ৰাস পায়। ১৯৪৫ চনৰ ১৬ ডিচেম্বৰত পেৰিছৰ ওচৰৰ হাউটছ ডি চেইনৰ চেটিলনত মাৰ্থা ষ্টেটলাৰৰ মৃত্যু হয়। ১৯৪৬ চনত কুনষ্টেল বাৰ্নে তেওঁৰ স্মৃতিত মাৰ্থাৰ কৰ্মৰাজিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ষ্টেটলাৰৰ ৰচনাসমূহ কুনষ্টমিউজিয়াম উইণ্টাৰথাৰ, মিউজিয়াম অৱ ফাইন আৰ্টছ বাৰ্ন, জেনেভাৰ মিউজিয়াম ডি আৰ্ট এট ডি হিষ্ট'ৰ, পেৰিছৰ মিউজিয়াম ডু লাক্সেমবাৰ্গ আৰু ৰোমৰ গেলেৰিয়া নাজিঅ'নেল ডি আৰ্টে মডাৰ্নাৰ হাতত সংৰক্ষিত হৈ আছে।[4]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Stettler, Martha or Marthe". Benezit Dictionary of Artists. 13. Paris: Gründ. 2006. p. 337. ISBN 2-7000-3070-2.
- ↑ Ceyssac, Béatrice Micheli (1995). Le Paris des Suisses. প্ৰকাশক Paris: Différence. পৃষ্ঠা. 72.
- ↑ 3.0 3.1 Sotzek, Corinne (2014). "Stettler, Martha". Dictionnaire hIstorique de la Suisse. Retrieved 26 March 2016.
- ↑ 4.0 4.1 Bhattacharya, Tapan (1998). "Stettler, Adelheid Fanny Martha". Swiss Institute for Art ResearchSIKART: Dizionario sull'arte in Svizzera. http://www.sikart.ch/KuenstlerInnen.aspx?id=4022954। আহৰণ কৰা হৈছে: 27 March 2016.