সমললৈ যাওক

মাৰ্লিন স্কমিড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্লিন স্কমিড

১৯৬৫ চনৰ এএছএমই বঁটা প্ৰদান অনুষ্ঠানত
জন্ম ১১ নৱেম্বৰ, ১৯৩৭ (৮৮ বছৰ)
ব্ৰেচলাউ, জাৰ্মানী
উচ্চতা  ফুট  ইঞ্চি (১.৭৩ মিটাৰ)[1]
'Beauty pageant titleholder'
Title মিছ জাৰ্মানী ১৯৬১
মিছ ইউনিভাৰ্ছ ১৯৬১
Major
competition(s)
মিছ জাৰ্মানী ১৯৬১ (বিজয়ী)
মিছ ইউনিভাৰ্ছ ১৯৬১ (বিজয়ী)

মাৰ্লিন স্কমিড (ইংৰাজী: Marlene Schmidt; জন্ম: ১১ নৱেম্বৰ ১৯৩৭) এগৰাকী জাৰ্মান কণ্ট্ৰ’ল ইঞ্জিনিয়াৰ,[2] অভিনেত্ৰী, টেলিভিছন সূত্ৰধাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ ১৯৬১ জয় কৰিছিল।

জাৰ্মানীৰ ব্ৰেচলাউত জন্মগ্ৰহণ কৰা স্কমিড পূব জাৰ্মানীত ডাঙৰ-দীঘল হৈছিল আৰু তাৰপৰাই অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৬০ চনত তেওঁ আৰু তেওঁৰ পৰিয়ালে নিজৰ জীৱনৰ বিপৰ্যয় নেওচি পশ্চিম জাৰ্মানীৰ ষ্টুটগাৰ্টলৈ পলাই আহে।[3] তাত তেওঁ এগৰাকী ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ হিচাপে চাকৰি লাভ কৰে। ১৯৬১ চনত পুৰস্কাৰ হিচাপে আগবঢ়োৱা এখন গাড়ী জিকাৰ আশাত তেওঁ বাডেন-ৱাৰ্টেমবাৰ্গ ৰাজ্যিক সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লয়। তাৰপৰাই তেওঁ বাডেন-বাডেনত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰি ১৯৬১ চনৰ মিছ জাৰ্মানীৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ ৪৭ গৰাকী অংশগ্ৰহণকাৰীক পৰাস্ত কৰি মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰে। সেই সময়ত তেওঁ আছিল এই প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা একেৰাহে দশমগৰাকী জাৰ্মান প্ৰতিযোগী (যিটো সেই সময়ত এক অভিলেখ আছিল) আৰু বৰ্তমানলৈকে মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধা তেৱেঁই একমাত্ৰ জাৰ্মান মহিলা।

১৯৬২ চনত স্কমিড আমেৰিকান অভিনেতা টাই হাৰ্ডিনৰ পত্নী হয়। তেওঁলোক আমেৰিকা যুক্তৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। ১৯৬৬ চনলৈকে তেওঁলোকৰ বিবাহিত জীৱন বৰ্তি আছিল। তেওঁলোকৰ নাতাশা নামৰ এগৰাকী কন্যা সন্তান আছে।

তেওঁ কিছুসময়ৰ বাবে অভিযান্ত্ৰিক কেৰিয়াৰ অব্যাহত ৰাখিছিল আৰু ১৯৬৭ চনত নিউ জাৰ্ছীৰ চিয়েৰ-বাথ গিয়াৰ কোম্পানীত কাৰিকৰী পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।[2]

১৯৭২ চনৰপৰা ১৯৮৬ চনলৈকে স্কমিড চলচ্চিত্ৰ জগতৰ সৈতে জড়িত আছিল। তেওঁ এঘাৰটা নিৰ্মাণত অভিনেত্ৰী, প্ৰযোজক আৰু লেখিকা হিচাপে কাম কৰিছিল। তেওঁৰ প্ৰায়বোৰ ছবিতেই নাৰীৰ নগ্নতাৰ প্ৰাধান্য দেখা গৈছিল যদিও ১৯৭২ চনৰ ছবি দ্য ষ্টেপমাডাৰ সংগীতৰ বাবে অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছিল।

অৱশেষত স্কমিড জাৰ্মানীলৈ উভতি আহে আৰু বৰ্তমান চাৰব্ৰুকেনত বসবাস কৰি আছে।[4]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

মাৰ্লিন স্কমিডে অভিনেত্ৰী আৰু প্ৰযোজক হিচাপে নিম্নলিখিত চলচ্চিত্ৰসমূহত কাম কৰিছিল:

  • ১৯৬৮: ৰেড প্লেইন
  • ১৯৭২: দ্য ষ্টেপমাডাৰ ¹
  • ১৯৭৪: দ্য টিচাৰ ¹
  • ১৯৭৫: দ্য স্পেচিয়েলিষ্ট ²
  • ১৯৭৫: ডা° মিংক্স ¹
  • ১৯৭৬: স্কৰ্চি ¹
  • ১৯৭৮: টেক্সাছ ডিটৰ ¹
  • ১৯৭৮: দ্য ফিফথ ফ্ল’ৰ ²
  • ১৯৮১: চেপাৰেট ৱেইজ ²
  • ১৯৮৩: মৰ্চুৱেৰী ¹
  • ১৯৮৪: দে আৰ প্লেয়িং উইথ ফায়াৰ ²
  • ১৯৮৬: কিডনেপড ¹

¹ অভিনেত্ৰী আৰু প্ৰযোজক
² অতিৰিক্ত লেখকৰ নাম উল্লেখ আছে

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Willowy Silver-Blonde German Reigns As New Miss Universe". The Sumter Daily Item. 1961-07-17. https://news.google.com/newspapers?id=GxUvAAAAIBAJ&pg=1951,1035245&dq.
  2. 1 2 Popper, Herbert. "What you should know about women engineers". Chemical Engineering (American Institute of Chemical Engineers): 165–172.
  3. "Marlene Schmidt - Biography". IMDB. https://www.imdb.com/name/nm0773104/bio?ref_=nm_ov_bio_sm আহৰণ কৰা হৈছে: 28 July 2022.
  4. Official Miss Germany Website Archived 2008-02-15 at the Wayback Machine (German)

অধিক পঢ়ক

[সম্পাদনা কৰক]
  • Veit Didczuneit, Dirk Külow: Miss Germany. Die deutsche Schönheitskönigin. S & L MedienContor, Hamburg, 1998; আই.এচ.বি.এন. 3-931962-94-6

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]