সমললৈ যাওক

মিউজ ইণ্ডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিউজ ইণ্ডিয়া (Muse India)
সম্পাদক ইউ আত্ৰেয়ী শৰ্মা
প্ৰতিষ্ঠাপক জি সূৰ্য প্ৰকাশ ৰাও
প্ৰথম সংখ্যা ২੦੦৫
দেশ ভাৰত
ভাষা ইংৰাজী
ৱেবচাইট https://museindia.com/Home/Index
ISSN সংখ্যা 0975-1815

মিউজ ইণ্ডিয়া (ইংৰাজী: Muse India) হ’ল হাইদৰাবাদৰপৰা ইংৰাজী ভাষাত প্ৰকাশিত সাহিত্য বিষয়ক এখন ই-আলোচনী৷[1][2] ২੦੦৫ চনৰপৰা আলোচনীখন অনলাইনত দুমহীয়াকৈ প্ৰকাশ পাই আহিছে৷ আলোচনীখনৰ কোনো ছপা সংস্কৰণ নাই৷[2] ২੦১৭ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে আলোচনীখনক এখন সাহিত্য বিষয়ক ই-জাৰ্নেল হিচাপে স্বীকৃতি প্ৰদান কৰে৷[2]

বৈশিষ্ট্য

[সম্পাদনা কৰক]

মিউজ ইণ্ডিয়া হ’ল সকলোৰে বাবে মুক্ত এখন সাহিত্য বিষয়ক ই-আলোচনী৷ আলোচনীখনৰ মূল লক্ষ্য হ’ল ইংৰাজী ভাষাত ভাৰতীয় লেখকসকলৰ বাবে এখন মঞ্চ গঢ়ি তোলা৷ আলোচনীখনত সৃষ্টিশীল আৰু সমালোচনাত্মক দুয়ো ধৰণৰ লেখা প্ৰকাশ পায়৷ আৰম্ভণিৰেপৰা আলোচনীখনে ভাৰতীয় লেখকৰ ইংৰাজী ভাষাত লিখা আৰু অন্য ভাৰতীয় ভাষাৰপৰা ইংৰাজীলৈ অনূদিত কবিতা, চুটি গল্প, প্ৰবন্ধ, সাক্ষাৎকাৰ, গ্ৰন্থ সমালোচনা আদি প্ৰকাশ কৰি আহিছে৷[1][2]

সম্পাদক

[সম্পাদনা কৰক]

আলোচনীখনৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সম্পাদক হ’ল জি সূৰ্য প্ৰকাশ ৰাও৷ উপদেষ্টা হ’ল সচিদানন্দ মহান্তি৷ মুখ্য সম্পাদক হ’ল ইউ আত্ৰেয়ী শৰ্মা৷ উপ মুখ্য সম্পাদক হ’ল স্বপ্না ডোগ্ৰা৷[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 https://museindia.com/MuseIndia/Aboutus
  2. 2.0 2.1 2.2 2.3 https://en.wikipedia.org/wiki/Muse_India