মিউৰী সমৰসিংহে
| Miyuri Samarasinghe මියුරි සමරසිංහ | |
|---|---|
| জন্ম | Wijeratne Miyuri Samarasinghe ১৫ মাৰ্চ, ১৯৩৯ মোৰাটুৱা, শ্ৰীলংকা |
| মৃত্যু | ০৬ ফেব্ৰুৱাৰী, ২০২১ (৮১ বছৰ) কলম্বো, শ্ৰীলংকা |
| শিক্ষা | মুচাউছ কলেজ |
| পেচা | অভিনেত্ৰী, নৃত্যশিল্পী, প্ৰযোজক, পৰিচালক |
| সক্ৰিয় হৈ থকা সময় | ১৯৬৫–২০১৭ |
| দাম্পত্যসঙ্গী | পিয়াল সমৰসিংহে (বিবাহ: ১৯৫৬) |
| সন্তান | ৪ |
ৱিজয়ৰত্ন মিউৰী সমৰসিংহে (ইংৰাজী: Wijeratne Miyuri Samarasinghe; ১৫ মাৰ্চ ১৯৩৯ – ৬ ফেব্ৰুৱাৰী ২০২১), জনপ্ৰিয়ভাৱে মিউৰী সমৰসিংহে নামেৰে পৰিচিত, শ্ৰীলংকাৰ চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল।[1] অভিনয়ৰ উপৰি তেওঁ নৃত্যশিল্পী, চিত্ৰনাট্যকাৰ, প্ৰযোজক আৰু পৰিচালক হিচাপেও কাম কৰিছিল। তেওঁ ‘সুদৰ্শী ইনষ্টিটিউট’ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৩৯ চনৰ ১৫ মাৰ্চত মোৰাটুৱাত তেওঁৰ জন্ম হৈছিল। তেওঁ প্ৰথমে মোৰাটুৱাৰ হোলী ৰোজাৰী কেথলিক স্কুলত পঢ়িছিল আৰু তাৰ পিছত মুচাউছ কলেজলৈ যায়। ১৪ বছৰ বয়সতে তেওঁ জয়ন্ত আলগামাৰ নিৰ্দেশনাত শ্ৰীলংকাৰ উচ্চ আৰু নিম্নভূমিৰ নৃত্য পৰিৱেশন কৰিবলৈ সক্ষম হৈছিল। সেয়েহে মাহেকীয়া ৰেডিঅ’ শ্ব’ৰ মাজৰ আৰু শেষৰ নৃত্য পৰিৱেশনৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছিল।[3]
তেওঁ সিংহল সাংস্কৃতিক প্ৰতিষ্ঠানত (সুদৰ্শী) শিক্ষক হিচাপে কাম কৰি বিভিন্ন পদত অধিষ্ঠিত হৈছিল।[2]
১৭ বছৰ বয়সত তেওঁ বিবাহপাশত আবদ্ধ হয় আৰু ২৪ বছৰ বয়সত চাৰিটা সন্তানৰ মাতৃ হয়। স্কুলত পঢ়ি থকা দিনতে তেওঁ স্বামী পিয়াল সমৰসিংহক লগ পাইছিল। দম্পতীটোৰ তিনিগৰাকী কন্যা— সুজীৱা, দীপ্তি, অৱন্তী আৰু এজন পুত্ৰ ৰুৱান আছিল। দীপ্তি আৰু অৱন্তী যমজ সন্তান।[3] তেওঁৰ স্বামী পিয়ালৰ ১৯৭৯ চনত মৃত্যু হয়, যেতিয়া তেওঁৰ বয়স ৩৯ বছৰ আছিল।[2]
কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি ২০২১ চনৰ ৬ ফেব্ৰুৱাৰীত ৮১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[4]
অভিনয় জীৱন
[সম্পাদনা কৰক]স্কুলত পঢ়ি থকা অৱস্থাতে তেওঁ ৰেডিঅ' চিলনত প্ৰৱেশ কৰে আৰু পিছলৈ সংগীতজ্ঞ এম কে ৰকছামীৰ সৈতে বিভিন্ন ৰেডিঅ' অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ ‘মাচিকা ৰেগুমা’ অনুষ্ঠানৰ এগৰাকী স্থায়ী সদস্য হৈ পৰে। ইয়াৰ মাজতে তেওঁ ধৰ্ম শ্ৰী ৱিক্ৰমসিংহেৰদ্বাৰা পৰিচালিত ৰেডিঅ' নাটকৰ স্ক্ৰীণ টেষ্টত অৱতীৰ্ণ হয় আৰু শীৰ্ষ পাঁচজন উত্তীৰ্ণৰ ভিতৰত এজন হিচাপে পৰিগণিত হয়। সেই সময়ত তেওঁ ৰেডিঅ'ৰ অন্যান্য তৰুণ শিল্পী যেনে গীতা কান্তি জয়াকোডি আৰু নিৰঞ্জলা সৰোজিনীৰ সৈতে ‘বালোলী লোলী লোলী’ৰ দৰে অনুষ্ঠানত যোগদান কৰিছিল। বিবাহৰ পিছত তেওঁ শিল্পজগতৰপৰা আঁতৰি আহিছিল যদিও পিছলৈ ৱেলিকালা ৰত্নৰ মঞ্চ নাটক ‘অলুথ দাৱাচক’ৰ বাবে মাৰ্চি এডিৰিচিংহেৰ সৈতে যোগদান কৰে।[5]
ইয়াৰ পিছত তেওঁ ‘ৰাণ কান্দা’, ‘উমাথুচান ৱাৰুচাৱা’, ‘বাম্মান্নো’, ‘উৰুভিছি’, ‘হিথা হোণ্ডা আম্মাণ্ডি’, ‘নাটুক্কাৰায়ো’, ‘নেকথা’,[6] ‘অ’থেলো’, ‘শিৱম্মা ধনাপালা’, ‘লোৰা’ আৰু ‘নৱাছিয়া অণু নৱায়া’ আদি মঞ্চ নাটকত অভিনয়ৰ বহু সুযোগ লাভ কৰে। তেওঁ ৩০০তকৈও অধিক মঞ্চ নাটকত অভিনয় কৰিছে আৰু ১০খন নাটক প্ৰযোজনা তথা পৰিচালনা কৰিছে। ১৯৮১ চনত তেওঁ ‘নৱাছিয়া অণু নৱায়া’ নাটকৰ বাবে ৰাষ্ট্ৰীয় উৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। সেই একে বছৰতে তেওঁৰ প্ৰযোজনা ‘হিমা কুৰুল্লো’ই গোল্ডেন ডিজাইন এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰী, চিত্ৰনাট্য আৰু প্ৰযোজনাৰ বাবে চাৰিটা বঁটা লাভ কৰে।[3] ১৯৮৩ চনত তেওঁ ‘লোকা ডেকাক আথাৰা’ নামৰ চুটি নাটকখন লিখে আৰু পৰিচালনা কৰে, য’ত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ ‘পাৰাচাকৱালা পেয়াক’ নাটকখন পৰিচালনা কৰে। ইয়াৰ বাবেও তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ প্ৰযোজনাৰ বঁটা লাভ কৰিছিল।[2]
মঞ্চত সক্ৰিয় হৈ থকাৰ সময়তে তেওঁ ‘বাদুথ এক্কা হোৰু’ ছবিৰ জৰিয়তে এটা সৰু চৰিত্ৰৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[5] চলচ্চিত্ৰত তেওঁৰ প্ৰথমটো গুৰুত্বপূৰ্ণ চৰিত্ৰ আছিল অমৰসেন কুমাৰসিংহেৰ নিৰ্দেশনাত নিৰ্মিত ১৯৭৩ চনৰ ছবি ‘মিৰিংগুৱা’।[3] তাৰ পিছৰেপৰা তেওঁ বহু নামী চলচ্চিত্ৰ নিৰ্মাতাৰ অধীনত ‘পডি বিজয়’, ‘অধিষ্টানায়া’, ‘ৰিদী থেল্লা’, ‘মাডোল দুৱা’, ‘বিৰাগায়া’, ‘যাহালু যেহেলি’ আৰু ‘আদৰা হাছুন’ আদি ছবিত অভিনয় কৰে।[7][2]
বান্দুলা ভিথানেজৰ নিৰ্দেশনাত নিৰ্মিত নৱবৰ্ষৰ টেলিড্ৰামা ‘এৰাবাদু মাল’ৰ জৰিয়তে তেওঁ টেলিভিছন নাটকত প্ৰৱেশ কৰে। ইয়াৰ পিছত তেওঁ ৫০০তকৈও অধিক টেলি-ধাৰাবাহিকত বহুতো মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল, যেনে ‘ইৰাটা হান্দানা মাল’, ‘ইৰা পায়া’, ‘গংগা সাহা নিস্সংক’, ‘সান্নালিয়ানে’, ‘নেদেয়ো’, ‘সিহিনা নিম্নায়া’, ‘সুৰা অসুৰা’, ‘দামিনী’, ‘পাচে গেনা মানামালি’ আৰু ‘সুডো সুডো’।[3] তেওঁক আটাইতকৈ বেছি টেলিড্ৰামাত অভিনয় কৰা অভিনেত্ৰী হিচাপেও সন্মানিত কৰা হৈছিল।[8] তেওঁ ১৯৭৬ চনত শ্ৰেষ্ঠ অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় বঁটা আৰু ২০০২ চনত ‘কেম্মুৰা’ নাটকৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।[2]
সাংস্কৃতিক বিভাগ আৰু টাৱাৰ হল থিয়েটাৰ ফাউণ্ডেচনৰ উদ্যোগত তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ ২০১৫ চনৰ ৪ অক্টোবৰত মাৰাদানা টাৱাৰ হল থিয়েটাৰত ‘মিউৰী সমৰসিংহে ৰংগাভিন্দনা’ নামৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল।[3][9][2] যিহেতু তেওঁ অভিনয় জীৱনৰ ৫০ বছৰ অতিক্ৰম কৰিছিল, তেওঁ নিজৰ জীৱন-কাহিনী লিখিছিল আৰু ‘কলা লোৱে মামা ইপাদুনেমী’ নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল।[2]
তেওঁ নখন মঞ্চ নাটক— ‘লোকা ডেকাক আথাৰা’, ‘পাৰাচাকৱালা পেয়াক’, ‘আম্মাই পুথাই’, ‘হিমা কুৰুল্লো’, ‘পাৰা’, ‘আন্না কাৰোনিনা’, ‘চাপথেৰু হামিনে’, ‘অৱৰ্থুৱাক’, ‘মিউৰী ৰংগামালা’— পৰিচালনা তথা প্ৰযোজনা কৰিছিল আৰু ‘মুথু এতে’ নামৰ এখন নাটক প্ৰযোজনা কৰিছিল।[2] শ্ৰীলংকাৰ নাট্যজগতলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০১৯ চনৰ জুন মাহত তেওঁক ‘মানৱ হিতাবাদী কীৰ্তি শ্ৰী বীৰপুত্ৰ দেশবন্ধু’ সন্মানীয় উপাধি প্ৰদান কৰা হয়।[10]
নিৰ্বাচিত টেলিভিছন ধাৰাবাহিক
[সম্পাদনা কৰক]- দামিনী
- ডু দাৰুৱো
- গংগা সাহা নিশ্সংক
- গিৰায়া
- হিৰুটা পীপেনা সূৰ্যকান্ত
- ইৰাটা হান্দানা মাল
- মালচাৰা আকুনু
- নিৰানন্দয়া
- পাচে গেনা মানামালি
- সংসাৰ চাকমানা
- সিহিনা নিম্নায়া
- সুৰা অসুৰা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Miyuri Samarasinghe films". IMDb. https://www.imdb.com/name/nm8491070/। আহৰণ কৰা হৈছে: 22 February 2020.
- 1 2 3 4 5 6 7 8 9 "Flowers of the spring of life are fragrant". Sarasaviya. http://www.sarasaviya.lk/features-story/2019/03/14/3482/ජීවිතේ-වසන්තයේ-මල්-පිපී-සුගන්ධවේ। আহৰণ কৰা হৈছে: 22 February 2020.
- 1 2 3 4 5 6 "Because of understanding and competence, I did not take a step back - veteran artist Miyuri Samarasinghe". Divaina. http://www.divaina.com/2015/10/02/cineart04.html। আহৰণ কৰা হৈছে: 22 February 2020.
- ↑ "Veteran actress Miyuri Samarasinghe no more". newsfirst. https://www.newsfirst.lk/2021/02/06/veteran-actress-miyuri-samarasinghe-no-more/। আহৰণ কৰা হৈছে: 2021-02-06.
- 1 2 "'Sapatheru Hamine' who hid lovely laugh". Silumina. http://www.silumina.lk/2021/02/13/රසඳුන/මියුරු-හස%C2%ADරැල්-සඟවා-নিක්ম-গিয়-‘সপ%C2%ADতೇৰু-হামিনে’। আহৰণ কৰা হৈছে: 2021-06-18.
- ↑ "Nekatha at two places". Sunday Observer. http://archives.sundayobserver.lk/2011/06/19/mon50.asp। আহৰণ কৰা হৈছে: 22 February 2020.
- ↑ "Miyuri Samarasinghe filmography". Sinhala Cinema Database. https://www.films.lk/sinhala-cinema-artist-miyuri-samarasinghe-475.html। আহৰণ কৰা হৈছে: 22 February 2020.[সংযোগবিহীন উৎস]
- ↑ "Actress Miyuri Samarasinghe, who acted in the most teledramas, has passed away". gossiplankanews. https://www.gossiplankanews.com/2021/02/miyuri-samarasinghe-passed-away.html। আহৰণ কৰা হৈছে: 2021-02-06.
- ↑ ""Miyuri Samarasinghe Rangabhinandana" Festival". Sinhala news. https://sinhala.news.lk/news/entertainment/item/13777-2015-10-02-05-26-33। আহৰণ কৰা হৈছে: 22 February 2020.[সংযোগবিহীন উৎস]
- ↑ "Dayan honorary title". Daily Mirror. https://www.pressreader.com/sri-lanka/daily-mirror-sri-lanka/20190722/282772063160851। আহৰণ কৰা হৈছে: 22 February 2020.