মিকুমি ৰাষ্ট্ৰীয় উদ্যান
মিকুমি ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Mikumi National Park) খন টাঞ্জানিয়াৰ ম’ৰ’গ’ৰ’ অঞ্চলত অৱস্থিত আৰু এই ৩,২৩০ কিলোমিটাৰ (১,২৫০ স্কোৱাৰ মিটাৰ) মাটিকালিৰ উদ্যানখন ১৯৬৪ চনত গঠন কৰা হৈছিল। এই উদ্যানখন টাঞ্জানিয়াৰ চতুৰ্থ সৰ্ববৃহত ৰাষ্ট্ৰীয় উদ্যান। টাঞ্জানিয়াৰ এ-৭ ৰাষ্ট্ৰীয় পথ এই উদ্যানৰ মাজেৰে পাৰ হৈ গৈছে।[1]
ভৌগলিক বিৱৰণ
[সম্পাদনা কৰক]মিকুমি ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণে 'চেলাছ গেম ৰিজাভ' (Selous Game Reserve) অৱস্থিত আৰু এই অৱস্থিতিয়ে এক বিশেষ পৰিস্থিতিতন্ত্ৰৰ সৃস্টি কৰিছে। ইয়াৰ ওপৰিও উদ্যানখনৰ পৰিসীমাত ওডযোংৱা পৰ্বত(Udzungwa Mountains) আৰু ওলোগোৰো পৰ্বত (Uluguru Mountains) অৱস্থিত। এই উদ্যানৰ মাজত অৱস্থিত মালোনডে পৰ্বত (Malundwe Mountain) উদ্যানৰ পূৱৰ পৰা পশ্চিমলৈ বিয়পি আছে আৰু এই পৰ্বত ওলোগোৰো পৰ্বতৰ লগত ওভিদুন্দা (Uvidunda) পৰ্বতৰ উত্তৰ পূৱ সীমাত আৰু ওডযোংৱা পৰ্বতৰ পশ্চিম সীমাত লগ লগাইছে। [1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Collett, L.; Hawkins, D.; Ho, C.; Marwa, W.; Norton, G. (2007). "A description and evaluation of Malundwe Mountain forest in Mikumi National Park, Tanzania". 6th Tanzania Wildlife Research Institute (TAWIRI) Scientific Conference. প্ৰকাশক Arusha, Tanzania. https://www.researchgate.net/publication/273063307_A_description_and_evaluation_of_Malundwe_Mountain_forest_in_Mikumi_National_Park_Tanzania। আহৰণ কৰা হৈছে: 2019-10-08.