মিচিং জনগোষ্ঠীৰ সাজপাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

মিচিং জনগোষ্ঠী হৈছে বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। প্ৰত্যেক জনজাতিৰ দৰেই মিছিংসকলো নিজস্ব লোক-সংস্কৃতি আছে। মিচিং পৰম্পৰাগত সাজপাৰৰ 'গামিগ'(ফুল) ৰ আৰ্হি আৰু ৰঙৰ সংমিশ্ৰণ বিশ্বৰ ভিতৰতেই লেখত ল'বলগীয়া বুলি গণ্য কৰা হয়। মিচিং শিপিনীৰ কৰ্মনিপুণতা আৰু ঘৰতে বোৱা জাতীয় সাজপাৰে মিচিং জাতিটোক বিশ্বৰ ভিতৰতে এক শিল্পজাত জাতি হিচাপে প্ৰতিষ্ঠা লাভত সহায় কৰিছে।[1]

ব্যৱহাৰ অনুসৰি মিচিং সাজপাৰৰ প্ৰকাৰ[সম্পাদনা কৰক]

পুৰুষসকলে ব্যৱহাৰ কৰা সাজপাৰ[সম্পাদনা কৰক]

  • উগন: সাধাৰণ ধুতি বা চুৰিয়াক মিচিঙত 'উগন' বুলি কোৱা হয়। মিচিং পুৰুষসকলে দৈনন্দিন ঘৰুৱা পৰিৱেশত এনে উগন ব্যৱহাৰ কৰে। এই উগন সাধাৰণভাৱে বোৱা হয় যদিও কিছুমানত গামিগ থকাও দেখা যায়।
  • গনবৰ: 'গনবৰ' সাধাৰণ উগনতকৈ বহল উন্নতধৰণৰ আৰু নিৰ্দিষ্টতকৈ গামিগ বেছি থকা উগন। সাধাৰণ অৰ্থত বৰচুৰিয়া। গনবৰ পৰম্পৰাগত গামিগ আৰু বগা সূতাৰে বোৱা হয়। পুৰুষসকলে পূজা-উৎসৱ, ৰাজহুৱা অনুষ্ঠান, সভা, মিব:গৃক(আলহী খাব যোৱা) আদিত এই গনবৰ পৰিধান কৰাৰ নিয়ম মিচিং সমাজত প্ৰচলিত।
  • গনৰ:'গনৰ:' সাধাৰণভাৱে দৈনন্দিন ব্যৱহাৰ কৰা উগনতকৈ বেলেগ। উগন (চুৰিয়া) +আৰ:(খাঁটি) = গনৰ: অৰ্থাৎ খাঁটি চুৰিয়া। নিসিজোৱা কেঁচা বগা সূতাৰে নিৰ্দিষ্ট পাৰি আৰু গামিগেৰে বোৱা হয়। গনৰ:ক কেৱল মিবু (দেওধাই), মিৰৃ(পুৰোহিত), তাবৌ(বিধান দিব পৰা ভকত) আদিয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত।
  • গনকগ: মিচিং পুৰুষসকলে লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ পৰিধান কৰিবলৈ শিকি প্ৰথমে 'গনকগ' ব্যৱহাৰ কৰিছিল বুলি জনা যায়। এই গনকগ অসমীয়া 'পোন্ধ'ৰ সমান।
  • গালুগ: সাধাৰণভাৱে বোৱা মিচিং চোলাক 'গালুগ' বুলি কোৱা হয়। সম্প্ৰতি বজাৰত পোৱা যিকোনো চোলাক মিচিং ভাষাত গালুগ বুলি কোৱা হয়।
  • লুগৰ: : লুগৰ: অৰ্থাৎ খাঁটি চোলা। এই লুগৰ: কেঁচা সূতাৰে পৰম্পৰাগত নক্সা আৰু গামিগেৰে বোৱা হয়। ৰাজহুৱা অনুষ্ঠানত পুৰুষসকলে এই লুগৰ: পৰিধান কৰাৰ নিয়ম প্ৰচলিত।
  • মিবু গালুগ:- 'মিবু গালুগ' সৰ্ব সাধাৰণ লোকে ব্যৱহাৰ কৰা গালুগতকৈ সম্পূৰ্ণ পৃথক। নিসিজোৱা কেঁচা বগা সূতাৰে 'ঙচিগ গামিগ' (মাছৰ বাকলিৰ আৰ্হি থকা ফুল) থকা নিৰ্দিষ্ট ঘাই গামিগ লগাই শুদ্ধি হাতেৰে বোৱা হয়। এই সাজ কেৱল মিবু, তাবৌ আদিয়েহে পৰিধান কৰিব পাৰে।
  • দুমৌৰ: মিচিঙৰ দুমৌৰ আৰু অসমীয়াৰ 'গামোচা' প্ৰায় একেই। কাৰোবাক সন্মান-শ্ৰদ্ধা বা প্ৰীতি উপহাৰ হিচাপে দিবলৈ এই দুমৌৰ ব্যৱহাৰ কৰা হয়।
  • মৌৰপুং: মৌৰপুং হৈছে মূৰত পাগুৰি হিচাপে পিন্ধা একধৰণৰ দীঘল গামোচাজাতীয় পোছাক।
  • তাপুম গাচৰ:এৰীপলু পুহি সূতা কাটিব জনাৰেপৰা মিচিং সমাজত 'তাপুম গাচৰ' অৰ্থাৎ এৰী চাদৰৰ ব্যৱহাৰ প্ৰচলিত হৈ আহিছে। এই সাজৰ সূতা টান, মসৃণ, ডাঠ আৰু দুইমূৰে দহিবটা থাকে।
  • য়াম্ব গাচৰ:- দৰাঘৰৰ বিয়াত দৰা-কইনাৰ যুগ্ম জীৱনৰ বাবে আদৰি আনিবলৈ মূৰৰ ওপৰত ওৰণি হিচাপে ব্যৱহাৰ কৰা গাচৰ (চাদৰ) ক য়াম্ব গাচৰ নামেৰে জনা যায়। উপৰিপুৰুষৰ পিণ্ডদান পূজা, বংশভিত্তিক পূজাকৰ্মত এই সাজ পুৰুষ-মহিলাই একেলগে ব্যৱহাৰ কৰে।

মহিলাসকলে ব্যৱহাৰ কৰা সাজপাৰ[সম্পাদনা কৰক]

  • এগে: মিচিং মহিলাই পিন্ধা মেখেলাক সাধাৰণতে 'এগে' বুলি কোৱা হয়। এইসমূহ ভিন্নৰঙৰ গামিগেৰে ভৰা আৰু দেখিবলৈ বৰ মোহনীয়া।
  • গাচৌং: গাচৌং হৈছে মিচিং মহিলাই চাদৰ বা শীতত শ্ব'ল হিচাপে ব্যৱহাৰ কৰা ৰি:বিৰ দৰেই এবিধ ডাঠ বস্ত্ৰ। গাচৌং ৰঙা বা মদাৰ ৰঙৰ কপাহী সূতাৰে বয় আৰু দুইমূৰে বগা-ক'লা ৰেখা টনা থাকে। পূজা, উৎসৱ, ৰাজহুৱা অনুষ্ঠান আদিত এই সাজ পৰিধানৰ কৰাৰ নিয়ম যদিও বৰ্তমান ইয়াৰ ব্যৱহাৰ কম হোৱা পৰিলক্ষিত হয়।
  • গাপা আৰু গাৰে: গাপা আৰু গাপে হৈছে পকোৱা সূতাৰে ডাঠকৈ বোৱা মেখেলাজাতীয় বস্ত্ৰ। গাপা কেৱল গাভৰুসৰলেহে পৰিধান কৰে আৰু গাৰে সকলো বয়সৰ মহিলাই পৰিধান কৰিব পাৰে।
  • গেৰ: : গেৰ: মিচিং মহিলাই মেখেলাৰ ওপৰত পৰিধান কৰা এবিধ মেঠনিজাতীয় আকৰ্ষণীয় বস্ত্ৰ। দুৰ্ঘটনাগ্ৰস্ত হৈ ৰক্তক্ষৰণ হ'লে গেৰ: এখন দুৰ্ঘটনাগ্ৰস্তজনৰ গাত দিলে ৰক্তক্ষৰণ বন্ধ হৈ বিষ কাটি সুস্থ হয় বুলি মিচিংসমাজত পৰম্পৰাগত লোকবিশ্বাসত আছে।
  • প:তোপ: প:তোপ মিচিং মহিলাই মূৰত পৰিধান কৰা গামোচাজাতীয় এবিধ বস্ত্ৰ। দৈনন্দিন জীৱনত, পথাৰত কাম কৰোঁতে মহিলাই প:তোপ মূৰত মেৰিয়াই লয়।
  • কো:পব: 'কো:পব' হৈছে মিচিংসকলৰ চেমনীয়া ছোৱালীয়ে গাত পৰিধান কৰা এবিধ চেলেংজাতীয় বস্ত্ৰ। ইয়াক চাদৰৰ দৰে দীঘলকৈ বোৱা হয়।
  • পায়েগ: পায়েগ বিবাহিতা মিচিং মহিলাই তামোলৰ টোপোলা নিবলৈ ব্যৱহাৰ কৰা এবিধ সৰু আকাৰৰ গামোচা। বৃদ্ধাৱস্থাত মহিলাই পায়েগ লৈ ফুৰাটো এক প্ৰকাৰৰ নিয়ম আছিল।

পুৰুষ-মহিলা উভয়ে ব্যৱহাৰ কৰা সাজপাৰ[সম্পাদনা কৰক]

মিচিং পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰা আপুৰুগীয়া বস্ত্ৰবিধ হৈছে- গাদু। ই অসমীয়াত 'মিৰিজিম' নামে খ্যাত। গাদুক কপাহৰ সূতাৰে প্ৰতি সূতাৰ মাজত আঁহ লগাই বোৱা হয়। গাদুক জাৰকালি কম্বলৰ দৰে ব্যৱহাৰ কৰা হয়। ই যথেষ্ট বহল আৰু উমলগা। পৰিয়ালৰ সকলোৱেই গাদু ব্যৱহাৰ কৰিব পাৰে লগতে ৰি:বি, তাপুম গাচৰ, যাম্ব গাচৰ আদি মিচিং মহিলা পুৰুষৰ উভয়ে কম-বেছি পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়। সাম্প্ৰতিক সময়ত পোৱা আধুনিক সাজপাৰ অন্য সমাজৰ দৰে মিচিং সমাজলৈও দ্ৰুতগতিত আগবাঢ়িছে যদিও ৰাজহুৱা সভা, অনুষ্ঠান, উৎসৱ-পাৰ্ণৱত পৰম্পৰাগত সাজপাৰ স্বকীয়তাৰে সুন্দৰ ৰূপত পৰিধান কৰা পৰিলক্ষিত হৈ আহিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. দৃবৰৃ কৌবাং মুখপত্ৰ,২০১৭ সম্পাদক- সীতাৰাম দলে