মিচেল ডেভ’ৰেট
মিচেল হেনৰী ডেভ'ৰেট[1] (French pronunciation: [miʃɛl dəvɔʁɛ]; জন্ম ১৯৫৩)[2][3] এজন ফৰাচী পদাৰ্থবিজ্ঞানী। তেওঁ চাণ্টা বাৰ্বাৰাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক[4][5] আৰু ইয়েল বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ এমেৰিটাছ অধ্যাপক।[6] তেওঁ গুগল কোৱাণ্টাম এআইত কোৱাণ্টাম হাৰ্ডৱেৰৰ মুখ্য বিজ্ঞানীৰ বিশিষ্টতা লাভ কৰিছে।[7] মেক্ৰস্কোপিক কোৱাণ্টাম পৰিঘটনাৰ দিশত আগবঢ়োৱা তেওঁৰ অগ্ৰণী কামৰ বাবে তেওঁ পৰিচিত।
তেওঁ জন ক্লাৰ্ক আৰু জন এম মাৰ্টিনিছৰ সৈতে অতিপৰিবাহীত মেক্ৰ'স্কোপিক কোৱাণ্টাম পৰিঘটনাৰ দিশত আগবঢ়োৱা কামৰ বাবে ২০২৫ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।[8]
শিক্ষা
[সম্পাদনা কৰক]১৯৭৫ চনত ডেভ'ৰেটে পেৰিছৰ ইক'ল নেচনেল চুপিৰিয়েৰ ডেছ টেলিকমিউনিকেচনৰ পৰা টেলিকমিউনিকেচন অভিযন্তা হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে ৷[9][2] তেওঁ অৰ্চে বিশ্ববিদ্যালয়ৰ পৰা (বৰ্তমানৰ পেৰিছ-চেক্লে বিশ্ববিদ্যালয়) কোৱাণ্টাম অপটিক্সত স্নাতক ডিপ্লমা (DEA) লাভ কৰে, তাৰ পিছত ১৯৮২ চনত ঘনীভূত পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[2][9] তেওঁ চি ই এ চেক্লেত আনাটোলে আব্ৰাগামৰ গোটত ডক্টৰেট ডিগ্ৰীৰ কাম সম্পন্ন কৰে[10]
গৱেষণা
[সম্পাদনা কৰক]ডেভৰেটে ১৯৮২ চনৰ পৰা ১৯৮৪ চনলৈকে বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত জন ক্লাৰ্কৰ গোটত পোষ্ট ডক্টৰেট গৱেষক হিচাপে কাম কৰিছিল।[2] সেই সময়ৰ স্নাতক ছাত্ৰ জন এম মাৰ্টিনিছৰ সৈতে একেলগে ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে জোচেফছন জংচনৰ মেছ'স্কোপিক কোৱাণ্টাম স্তৰ প্ৰদৰ্শন কৰে।[2][11] কোৱাণ্টাম তথ্যৰ দিশত এ. মাৰ্বলষ্টোনৰ সৈতে কৰা সহযোগিতামূলক তেওঁৰ কিছুমান কামে একাংশ যোগাযোগ মাধ্যমত এণটেংগলমেণ্টৰ ফলত ঘাতীয় কোৱাণ্টাম বৃদ্ধি দেখুৱাইছে।[12]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- এম্পেৰ বঁটা (ডেনিয়েল এষ্টেভ [fr] ৰ সৈতে), ফৰাচী বিজ্ঞান একাডেমী, ১৯৯১
- ডেকাৰ্টেছ-হিউজেন্স বঁটা, ৰয়েল নেদাৰলেণ্ড একাডেমী অৱ আৰ্টছ এণ্ড চাইন্স, ১৯৯৫[13]
- নিৰ্বাচিত সদস্যপদ, আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছ, ২০০৩[14]
- ইউৰোফিজিক্স-এজিলেণ্ট প্ৰাইজ (এষ্টেভ, নাকামুৰা আৰু জোহান মুজ), ইউৰোপীয় ফিজিকেল ছ'চাইটি, ২০০৪[15]
- কলেজ ডি ফ্ৰান্সত অধ্যাপক পদ, ২০০৭ – ২০১২[2]
- নিৰ্বাচিত সদস্যপদ, ফৰাচী বিজ্ঞান একাডেমী, ২০০৭[16]
- জন বেল বঁটা, ২০১৩[17]
- ফ্ৰিটজ লণ্ডন মেম'ৰিয়েল প্ৰাইজ, ২০১৪[18]
- অলি ভি লৌনাছমা স্মৃতি পুৰস্কাৰ, ২০১৬[9]
- মাইচিয়াছ কোৱাণ্টাম বঁটা, ২০২১[19]
- পদাৰ্থ বিজ্ঞানত কমষ্টক বঁটা, ২০২৪[20]
- পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা, ২০২৫[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Michel Henri Devoret | American Academy of Arts and Sciences" (en ভাষাত). www.amacad.org. https://www.amacad.org/person/michel-henri-devoret। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 "Michel Devoret". Collège de France. https://www.college-de-france.fr/en/chair/michel-devoret-mesoscopic-physics-statutory-chair/biography.
- ↑ "Nobel Prize in Physics 2025" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/physics/2025/devoret/facts/। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "Michel Devoret | Department of Physics | UC Santa Barbara". www.physics.ucsb.edu. https://www.physics.ucsb.edu/people/michel-devoret। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "Michel Devoret – Andrew D. White Professors-at-Large Program" (en-US ভাষাত). https://adwhiteprofessors.cornell.edu/professors-at-large/michel-devoret/। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "Michel Devoret" (en ভাষাত). Yale Engineering. https://engineering.yale.edu/research-and-faculty/faculty-directory/michel-devoret। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "Googler Michel Devoret awarded the Nobel Prize in Physics" (en ভাষাত). Inside Google. https://blog.google/inside-google/company-announcements/googler-michel-devoret-awarded-the-nobel-prize-in-physics/। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ 8.0 8.1 Nobel Prize (2025-09-15). Announcement of the 2025 Nobel Prize in Physics. Retrieved 2025-10-07 – via YouTube.
- ↑ 9.0 9.1 9.2 "Olli V. Lounasmaa Memorial Prize" (en ভাষাত). Aalto University. https://www.aalto.fi/en/ovl-memorial-prize। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ Hassinger, Sebastian (2024-09-11) (en ভাষাত). The New Quantum Era. "O'Reilly Media, Inc.". ISBN 978-1-0981-4938-3. https://books.google.com/books?id=cE8hEQAAQBAJ&dq=martinis+phd+%22advisor%22+clarke+devoret&pg=PA113.
- ↑ Hassinger, Sebastian (2024-09-11) (en ভাষাত). The New Quantum Era. "O'Reilly Media, Inc.". ISBN 978-1-0981-4938-3. https://books.google.com/books?id=cE8hEQAAQBAJ&dq=martinis+phd+%22advisor%22+clarke+devoret&pg=PA113.
- ↑ A. Marblestone and M. Devoret, "Exponential Quantum Enhancement for Distributed Addition with Local Nonlinearity", Quantum Information Processing, Vol. 9, No.1 (2010).
- ↑ "Prix Descartes-Huygens/Descartes-Huygensprijs Liste des lauréat(e)s". Académie des sciences. https://www.academie-sciences.fr/pdf/prix/PrixDH_laureats.pdf। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "Michel Henri Devoret". American Academy of Arts & Sciences. 2018-12-06. https://www.amacad.org/person/michel-henri-devoret। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "In Brief". Physics Today খণ্ড 57 (7): 73–74. 2004-07-01. doi:10.1063/1.2408584. ISSN 0031-9228. https://pubs.aip.org/physicstoday/article/57/7/73/918002/In-Brief। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "Michel Devoret" (fr ভাষাত). Académie des sciences. 2007-12-01. https://www.academie-sciences.fr/michel-devoret। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "Michel Devoret and Robert Schoelkopf win the John Stewart Bell Prize | Department of Physics". physics.yale.edu. https://physics.yale.edu/news/michel-devoret-and-robert-schoelkopf-win-john-stewart-bell-prize। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "Fritz London Memorial Prize". phy.duke.edu. https://phy.duke.edu/fritz-london-memorial-prize। আহৰণ কৰা হৈছে: 21 April 2020.
- ↑ "John Clarke Is A Co-Recipient Of The Micius Quantum Prize | Physics". physics.berkeley.edu. https://physics.berkeley.edu/news-events/news/john-clarke-co-recipient-of-micius-quantum-prize। আহৰণ কৰা হৈছে: 2025-10-07.
- ↑ "Noteworthy - Select Prizes and Awards to Members". American Academy of Arts & Sciences. 2024-05-14. https://www.amacad.org/bulletin/spring-2024/noteworthy। আহৰণ কৰা হৈছে: 2025-10-07.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মিচেল ডেভ’ৰেট on Nobelprize.org

- qulab
.eng .yale .edu
উৎস: https://www.nobelprize.org/prizes/about/prize-announcement-dates/
