মিচেল দিলহাৰা
| মিচেল দিলহাৰা | |
|---|---|
২০১৮ চনত দিলহাৰা | |
| জন্ম | হাথাৰাচিংঘেগে মিচেল দিলহাৰা ১ মে', ১৯৯৬ (৩০ বছৰ) ৰাগামা, শ্ৰীলংকা |
| শিক্ষা | নেগোম্বো চাউথ ইণ্টাৰনেচনেল স্কুল নিউষ্টেড গাৰ্লছ কলেজ |
| পেচা | অভিনেত্ৰী, পৰিৱেশ কৰ্মী, লেখিকা, সমাজকৰ্মী, দানবীৰ |
| সক্ৰিয় হৈ থকা সময় | ২০১৬-বৰ্তমান |
| উচ্চতা | ৫ ফুট ৫ ইঞ্চি |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰী |
| ৱেবছাইট | |
| michelledilhara | |
হাথাৰাচিংঘেগে মিচেল দিলহাৰা (ইংৰাজী: Michelle Dilhara; জন্ম: ১ মে’ ১৯৯৬) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু পৰিৱেশ কৰ্মী।[1][2] শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী দিলহাৰাই চুদু আন্দাগেনা কালু আৱিদিন টেলিভিছন ধাৰাবাহিকত আয়োমাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।[3][4] অভিনয়ৰ উপৰিও তেওঁ বিভিন্ন জনহিতকৰ কাম-কাজৰ সৈতে জড়িত হোৱাৰ লগতে এগৰাকী সমাজকৰ্মী আৰু লেখিকা।[5]
২০১৯ চনত দিলহাৰাই তেওঁৰ গ্ৰন্থ ছচিয়েল ইনভিজিবিলিটি ইজ নট এ ফিকচন, ইট এগজিষ্ট আৰু তেওঁৰ "Theory of Alternative Social Cogwheel"-ৰ বাবে ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত বিশ্ব যুৱ সন্মিলনত নেচনেল ইউথ আইকন বঁটা লাভ কৰে।[6] ২০২০ চনত দিলহাৰাই সমালোচকৰ দ্বাৰা প্ৰশংসিত ধাৰাবাহিক চুদু আন্দাগেনা কালু আৱিদিনত কৰা অভিনয়ৰ বাবে ৰাইগাম টেলিছ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰীৰ বঁটা লাভ কৰে।[7] একেটা চৰিত্ৰৰ বাবে তেওঁ ২০১৯ চনৰ সুমথি বঁটাত শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ লগতে ২০২১ চনত ১৫ সংখ্যক শ্ৰীলংকাৰ টেলিভিছন ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে।[8]
২০২০ চনত দিলহাৰাই কেন ইউ হিয়াৰ মি টেলিভিছন ধাৰাবাহিকত মহিমী চৰিত্ৰৰ বাবে ২৬ সংখ্যক সুমথি বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হৈছিল। ২০২১ চনত তেওঁ পৰ্ক ৱিডিয়া টেলিভিছন ধাৰাবাহিকখনৰ বাবে ৰাইগাম টেলিছ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ সহ-অভিনেত্ৰী হিচাপে মনোনীত হয় আৰু তাৰ পিছত পদু ছিজন ২ ধাৰাবাহিকখনৰ বাবে সুমথি বঁটাত শ্ৰেষ্ঠ সহ-অভিনেত্ৰী হিচাপে মনোনীত হয়। ২০২২ চনত তেওঁ পুনৰ এবাৰ লোকা ধাৰাবাহিকখনৰ বাবে ৰাইগাম টেলিছত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনীত হয়। ২০২৪ চনত তেওঁ লাই লিলাই লাই টেলিভিছন ধাৰাবাহিকখনৰ বাবে পপুলৰ বঁটাত মোষ্ট পপুলৰ টেলিড্ৰামা এক্ট্ৰেছ অফ দ্য ইউথ বঁটা লাভ কৰে।[9]
বৰ্তমান তেওঁ শ্ৰীলংকাৰ বাবে আৰ্থ ডে নেটৱৰ্কৰ এম্বেচেডৰ হিচাপে নিজৰ দায়িত্ব পালন কৰি আছে।[10] ইয়াৰ উপৰিও তেওঁ নেট জিৰ’ আৰু কাৰ্বন নিৰপেক্ষতাৰ সমৰ্থক তথা প্ৰসাৰক। তেওঁ কোৰিয়ান ৰাষ্ট্ৰদূত চন্থুথ ৱুনজিন জেঅঙৰ সৈতে সহযোগিতা কৰি বহনক্ষম উন্নয়ন লক্ষ্য ১৩, অৰ্থাৎ শ্ৰীলংকাস্থিত কোৰিয়ান দূতাবাসৰ ভিতৰত নেট জিৰ’ পদক্ষেপ ৰূপায়ণৰ বাবে এক পৰিকাঠামো সৃষ্টি কৰিছিল।[11][12][13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Actress Michelle dilhara" (si ভাষাত). 25 April 2019. http://www.sarasaviya.lk/birthday/2019-05-01-000000/%E0%B6%BB%E0%B6%82%E0%B6%9C%E0%B6%B1-%E0%B7%81%E0%B7%92%E0%B6%BD%E0%B7%8A%E0%B6%B4%E0%B7%92%E0%B6%B1%E0%B7%93-%E0%B6%B8%E0%B7%92%E0%B7%82%E0%B7%99%E0%B6%BD%E0%B7%8A-%E0%B6%AF%E0%B7%92%E0%B6%BD%E0%B7%8A%E0%B7%84%E0%B7%8F%E0%B6%BB%E0%B7%8F। আহৰণ কৰা হৈছে: 25 April 2019.
- ↑ "Actress Michelle Dilhara films" (en ভাষাত). 25 April 2020. https://www.imdb.com/name/nm9450804/। আহৰণ কৰা হৈছে: 25 April 2020.
- ↑ "I like to become a Film Actress". Silumina. 6 January 2018. http://www.silumina.lk/2018/01/06/%E0%B6%BB%E0%B7%83%E0%B6%B3%E0%B7%94%E0%B6%B1/%E0%B7%83%E0%B7%92%E0%B6%B1%E0%B6%B8%E0%B7%8F-%E0%B6%B1%E0%B7%92%E0%B6%BB%E0%B7%8A%E0%B6%B8%E0%B7%8F%C2%AD%E0%B6%AB%C2%AD%E0%B6%BA%E0%B6%9A-%E0%B6%BB%E0%B6%9F%C2%AD%E0%B6%B4%E0%B7%8F%E0%B6%B1%E0%B7%8A%E0%B6%B1-%E0%B6%86%E0%B7%83%E0%B6%BA%E0%B7%92.
- ↑ "Chose me for a non-dialogue main character Michelle Dilhara". sarasaviya. http://www.sarasaviya.lk/interviews/2019/05/02/4931/දෙබස්-නැති-ප්%E2%80%8Dරධාන-චරিতයකට-මාව-තෝරාගෙන। আহৰণ কৰা হৈছে: 2021-01-22.
- ↑ "A request letter that Michelle received". Silumina. 20 April 2019. http://silumina.lk.[সংযোগবিহীন উৎস]
- ↑ "My life is also like Arthur Fleck's in Joker Film". 8 May 2019. Archived from the original on 8 December 2019. https://web.archive.org/web/20191208035159/http://www.deshaya.lk/article/52/%25E0%25B7%2584%25E0%25B6%25AF%25E0%25B7%2583%25E0%25B6%25BB/13968/%25E0%25B6%2586%25E0%25B6%25AD%25E0%25B6%25BB%25E0%25B7%258A%25E0%25B6%259C%25E0%25B7%259A-%25E0%25B6%25A2%25E0%25B7%2593%25E0%25B7%2580%25E0%25B7%2592%25E0%25B6%25AD%25E0%25B6%25BA-%25E0%25B6%2585%25E0%25B7%2583%25E0%25B7%258A%25E0%25B7%2583%25E0%25B7%259A-%25E0%25B6%25B8%25E0%25B6%25B8%25E0%25B6%25AD%25E0%25B7%258A--%25E0%25B6%2589%25E0%25B6%25B1%25E0%25B7%258A%25E0%25B6%25B1%25E0%25B7%2580%25E0%25B7%258F---। আহৰণ কৰা হৈছে: 8 Dec 2019.
- ↑ "Michelle Dilhara: A many faceted gem". Sunday Observer. 11 October 2020. http://www.sundayobserver.lk/2020/10/11/youth-observer/many-faceted-gem.
- ↑ "'Veeraya Gedara Awaith' won big at Sumathi Awards 2020". Sarasaviya. 31 March 2021. http://www.sarasaviya.lk/news-teledramas/2021/04/01/20153/වීරයා-ගෙදර-ඇවිත්-සුමති-සම්මාන-දිනාගනී। আহৰণ কৰা হৈছে: 2021-04-04.
- ↑ "Michelle Dilhara, sharp as a tack, smart as a whip". Sunday Observer. 13 March 2025. https://www.sundayobserver.lk/2024/09/29/youth-observer/33478/michelle-dilhara-sharp-as-a-tack-smart-as-a-whip-2/। আহৰণ কৰা হৈছে: 2021-04-04.
- ↑ "Actress Michelle Dilhara Becomes 'Earth Day Network' Ambassador for Sri Lanka". Sunday Observer. 6 June 2020. http://www.sundayobserver.lk/2020/06/07/spectrum/actress-michelle-dilhara-becomes-%E2%80%98earth-day-network%E2%80%99-ambassador-sri-lanka.
- ↑ "Korean ambassador Santhush Woonjin Jeong joined hands with Earth Day network ambassador Michelle Dilhara for a green initiative." (en ভাষাত). www.wtnzfox43.com. Archived from the original on 2021-11-27. https://web.archive.org/web/20211127111830/https://www.wtnzfox43.com/story/44277153/korean-ambassador-santhush-woonjin-jeong-joined-hands-with-earth-day-network-ambassador-michelle-dilhara-for-a-green-initiative। আহৰণ কৰা হৈছে: 2021-09-28.
- ↑ "Go Green Embassy Initiative 상세보기|Embassy Notice Embassy of the Republic of Korea in the Democratic Socialist Republic of Sri Lanka". overseas.mofa.go.kr. https://overseas.mofa.go.kr/lk-en/brd/m_2309/view.do?seq=759931। আহৰণ কৰা হৈছে: 2021-09-28.
- ↑ Times, Pawtucket. "Korean ambassador Santhush Woonjin Jeong joined hands with Earth Day network ambassador Michelle Dilhara for a green initiative." (en ভাষাত). Pawtucket Times. https://www.pawtuckettimes.com/financial-page.html। আহৰণ কৰা হৈছে: 2021-09-28.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত মিচেল দিলহাৰা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- মিচেল দিলহাৰা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।