সমললৈ যাওক

মিছন চাইনা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মিছন চাইনাৰ পৰা পুনঃনিৰ্দেশিত)
মিছন চাইনা: কিল দ্যা টেৰৰ
Mission China: Kill The Terror
পৰিচালক জুবিন গাৰ্গ
ৰচনা জুবিন গাৰ্গ
চিত্ৰনাট্য জুবিন গাৰ্গ
প্ৰযোজক গৰিমা শইকীয়া গাৰ্গ,
জুবিন গাৰ্গ
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা,
প্ৰদীপ দৈমাৰী
সম্পাদনা প্ৰতিম খাউণ্ড
সংগীত পৰিচালক জুবিন গাৰ্গ
প্ৰযোজনা
কোম্পানী
আই ক্ৰিয়েছন প্ৰডাকচন[1]
মুক্তি
৮ ছেপ্তেম্বৰ, ২০১৭
দৈৰ্ঘ্য
৯০ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া
বাজেট ₹ ২ কোটি [2][3]
সৰ্বমুঠ আয়-45 কোটি টকা ₹ ৬ কোটি

মিছন চাইনা (ইংৰাজী: Mission China) হ'ল ২০১৭ বৰ্ষৰ ৮ ছেপ্তেম্বৰত মুক্তি লাভ কৰা এখন এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰজগতৰ আটাইতকৈ ব্যয়বহুল চলচ্চিত্ৰ। জুবিন গাৰ্গ আৰু দীপলিনা ডেকাই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[4]

অভিনয়ত

[সম্পাদনা কৰক]

নিৰ্মাণ

[সম্পাদনা কৰক]

আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে। মিৰ্জা, ছিক্কিম, শ্বিলং, ডিমা হাছাও, টাৱাং আদি বহুতো মনোমোহা ঠাইত চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে।

২০১৭ বৰ্ষৰ ৮ ছেপ্তেম্বৰত গোটেই অসমতে চলচ্চিত্ৰখন মুক্তি দিয়া হয়। তাৰোপৰি চলচ্চিত্ৰখন বাংলা ভাষাতো মুক্তি দিয়া হয়। ২০১৭ বৰ্ষৰ ১১ আগষ্টত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছিল।

মিছন চাইনা
চলচ্চিত্ৰ সংগীত
মুক্তি ১৮ নৱেম্বৰ, ২০১৬
বাণীবন্ধন ২০১৫-২০১৬
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া, ইংৰাজী, হিন্দী
লেবেল টাইম্ছ মিউজিক[5]
প্ৰযোজক গৰিমা শইকীয়া গাৰ্গ,
জুবিন গাৰ্গ
জুবিন গাৰ্গ কালক্ৰম
গানে কি আনে
(২০১৬)
মিছন চাইনা
(২০১৭)
প্ৰিয়াৰ প্ৰিয়
(২০১৭)

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। গীতৰ কথা জুবিন গাৰ্গ, শশাংক সমীৰ আৰু সুমিত আচাৰ্য্যৰ। ছবিখনত সৰ্বমুঠ ৬টা গীত আছে।[6][7]

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "দিন জ্বলে ৰাতি জ্বলে"  জুবিন গাৰ্গজুবিন গাৰ্গ, জুবলী ০৫:৪১
2. "নেনো চে নিকলতে"  সুমিত আচাৰ্য্যনচিকেতা চক্ৰৱৰ্তী, তোৰি ০৫:০৪
3. "মেৰো মায়ালাই"  শশাংক সমীৰজুবিন গাৰ্গ, শতাব্দী বৰা ০৪:৫৯
4. "ৰাত জ্বলে"  জুবিন গাৰ্গমৃন্ময়ী গোস্বামী ০৫:১০
5. "এভ্ৰী মৰ্নিং কামছ"  জুবিন গাৰ্গজুবিন গাৰ্গ, জয় বৰুৱা ০৫:০৩
6. "নেনো চে নিকলতে"  সুমিত আচাৰ্য্যজুবিন গাৰ্গ, তোৰি ০৫:০৪
7. "মিছন চাইনা"  জুবিন গাৰ্গজুবিন গাৰ্গ, সিদ্ধাৰ্থ হাজৰিকা, ৰোহিত সোনাৰ, অমিত পাল ০৪:৪০
মুঠ দৈৰ্ঘ্য:
৩৪:৬১

বক্স অ'ফিচ

[সম্পাদনা কৰক]

মিছন চাইনাই এতিয়ালৈ মুঠ ১ কৌটি ২৮ লাখ অৰ্জন কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰখনে প্ৰথম দিনা ৩৯.৯৭ লাখ, দ্বিতীয় দিনা ৩৯.৫০ লাখ আৰু তৃতীয় দিনা ৪৯ লাখ অৰ্জন কৰি অসমীয়া চলচ্চিত্ৰজগতত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]