সমললৈ যাওক

মিছামাছৰ মালাই কাৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিছামাছৰ মালাই কাৰি
অন্য নাম বাগদা মিছামাছৰ মালাই কাৰি
প্ৰকাৰ তৰকাৰী
প্ৰকাৰ প্ৰধান উপকৰণ
উৎপত্তিৰ স্থান ভাৰত আৰু বাংলাদেশ
পৰিবেশনৰ উষ্ণতা গৰম
মুখ্য উপাদান বাগদা মিছামাছ আৰু নাৰিকলৰ গাখীৰ
ভিন্ন প্ৰকাৰ গলদা মিছামাছৰ মালাই কাৰি

মিছামাছৰ মালাই কাৰি এটি জনপ্ৰিয় বঙালি খাদ্য, যি মিছামাছ আৰু নাৰিকলৰ গাখীৰেৰে প্ৰস্তুত কৰা হয়। লগতে সোৱাদৰ কাৰণে মচলা ব্যৱহাৰ কৰা হয়। পশ্চিম বংগ আৰু বাংলাদেশ, উভয় অঞ্চল জুৰি এই খাদ্য বিখ্যাত। সাধাৰণতে বিয়া, উৎসৱ আৰু অতিথি আপ্যায়ন কৰিবলৈ মিছামাছৰ মালাই কাৰি প্ৰস্তুত কৰা হয়।

ইয়াৰ প্ৰধান উপাদান হ’ল মিছামাছ আৰু নাৰিকল। ইয়াৰ লগত ঘিঁউ বা সৰিয়হৰ তেল, পিঁয়াজ, হালধিৰ গুড়ি, সেউজীয়া জলকীয়া আৰু আদা ব্যৱহাৰ কৰা হয়।[1]

গলদা মিছামাছেৰেও মালাইকাৰী তৈয়াৰ কৰা হয়।[2]

প্ৰস্তুতি

[সম্পাদনা কৰক]

প্ৰথমতে মিছামাছৰ বাকলি গুচাই লোৱা হয়। তাৰ পিছত এই মিছামাছ কেইটা গৰম তেলত ভজা হয় আৰু পিঁয়াজ, আদা, নহৰু, হলুদ আৰু নিমখ আৰু নাৰিকলৰ গাখীৰ মিহলাই কেইমিনিটমান সিজোৱা হয়।[3]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Chingri Malai Curry". NDTV Food. Archived from the original on 2017-10-10. https://web.archive.org/web/20171010111927/http://food.ndtv.com/recipe-chingri-malai-curry-106800 আহৰণ কৰা হৈছে: 2023-06-08.
  2. "Lobster Malay Curry". NDTV Food. Archived from the original on 2017-07-05. https://web.archive.org/web/20170705023513/http://food.ndtv.com/recipe-lobster-malay-curry-100498 আহৰণ কৰা হৈছে: 2023-06-08.
  3. "Recipe: Chingri Malaikari". Zee News. http://zeenews.india.com/entertainment/gourmet/recipe/recipe-chingri-malaikari_2396.htm.