মিছ ইণ্টাৰনেশ্যনেল
| প্ৰকাৰ | আন্তঃৰাষ্ট্ৰীয় মহিলা সৌন্দৰ্য প্ৰতিযোগিতা |
|---|---|
| Headquarters | টকিঅ', জাপান |
Official language |
ইংৰাজী |
সভাপতি |
আকেমি চিমোমুৰা |
| ৱেবছাইট | www |
মিছ ইণ্টাৰনেশ্যনেল (ইংৰাজী: Miss International; মিছ ইণ্টাৰনেশ্যনেল বিউটি বা দ্য ইণ্টাৰনেশ্যনেল বিউটি পেজেণ্ট) হ’ল ইণ্টাৰনেশ্যনেল কালচাৰেল এছ'চিয়েশ্যনৰদ্বাৰা আয়োজিত জাপান ভিত্তিক এখন আন্তঃৰাষ্ট্ৰীয় প্ৰধান সৌন্দৰ্য প্ৰতিযোগিতা। ১৯৬০ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা বিজয়ীৰ সংখ্যাৰফালৰপৰা বিশ্বৰ চতুৰ্থ বৃহত্তম সৌন্দৰ্য প্ৰতিযোগিতা।[1][2][3]
মিছ ৱৰ্ল্ড, মিছ ইউনিভাৰ্ছ আৰু মিছ আৰ্থৰ সৈতে এই প্ৰতিযোগিতাখনো বিশ্বৰ চাৰিখন প্ৰধান সৌন্দৰ্য প্ৰতিযোগিতাৰ অন্যতম।[4] মিছ ইণ্টাৰনেশ্যনেল সংস্থা আৰু ইয়াৰ ব্ৰেণ্ডটো বৰ্তমান (১৯৬৮ চনৰ পৰা) ইণ্টাৰনেশ্যনেল কালচাৰেল এছ'চিয়েশ্যন আৰু মিছ পেৰিছ গ্ৰুপৰ মালিকানাধীন। এই প্ৰতিযোগিতাত ব্যৱহৃত মুকুটটো মিকিমোটো পাৰ্ল কোম্পানীয়ে যোগান ধৰে।
২০২০ আৰু ২০২১ চনত ক’ভিড-১৯ মহামাৰীৰ বাবে এই প্ৰতিযোগিতাখন বাতিল কৰা হৈছিল।[5]
বৰ্তমানৰ মিছ ইণ্টাৰনেশ্যনেল হ’ল কলম্বিয়াৰ কেটেলিনা ড্যুক, যাক ২০২৫ চনৰ ২৭ নৱেম্বৰত জাপানৰ টকিঅ’ত মুকুট পিন্ধোৱা হৈছিল।
ইতিহাস
[সম্পাদনা কৰক]
১৯৬০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ লং বীচত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন ফ্ল’ৰিডাৰ মায়ামি বীচলৈ স্থানান্তৰিত হোৱাৰ পিছত মিছ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাখনৰ সৃষ্টি কৰা হৈছিল।[6][7] ১৯৬৭ চনলৈকে লং বীচত অনুষ্ঠিত হোৱাৰ পিছত ১৯৬৮ চনৰপৰা ১৯৭০ চনলৈকে এই প্ৰতিযোগিতাখন জাপানলৈ স্থানান্তৰিত কৰা হয় আৰু প্ৰতি বছৰে এক্সপো '৭০ৰ সৈতে একেখন চহৰতে ইয়াৰ আয়োজন কৰা হয়। ১৯৭১ চনত পুনৰ লং বীচত ইয়াৰ আয়োজন কৰা হৈছিল, কিন্তু তাৰ পিছৰপৰা ২০০৩ চনলৈকে ইয়াক প্ৰতি বছৰে জাপানতে অনুষ্ঠিত কৰা হৈছিল। ২০০৪ চনৰপৰা ইয়াক চীন বা জাপানত অনুষ্ঠিত কৰা হয়।[8] ১৯৬০ চনত এই প্ৰতিযোগিতাৰ প্ৰথমগৰাকী বিজয়ী আছিল কলম্বিয়াৰ ষ্টেলা মাৰ্কেজ।
তাৰ পিছৰেপৰা জাপান আয়োজক দেশ হৈ পৰে আৰু এই প্ৰতিযোগিতাখন বেছিভাগেই শৰৎ কালত অক্টোবৰ বা নৱেম্বৰ মাহত জাপানত অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাখনক "মিছ ইণ্টাৰনেশ্যনেল বিউটি" বুলিও কোৱা হয়।[9] প্ৰতিযোগিতাখনৰ মূল লক্ষ্য হ’ল এনে এক পৃথিৱী গঢ়ি তোলা য’ত মহিলাই ইতিবাচকতা, অভ্যন্তৰীণ শক্তি আৰু স্বকীয়তাৰে জীয়াই থাকিব পাৰে। মিছ ইণ্টাৰনেশ্যনেলৰ শ্লোগান হ’ল "আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ত জাপানৰ সঠিক বুজা-বুজি" আৰু "পাৰস্পৰিক বুজা-বুজিৰ জৰিয়তে বিশ্ব শান্তিৰ উপলব্ধি।" শেহতীয়াকৈ ই "চিয়াৰ অল উইমেন" (Cheer All Women) শ্লোগানটোও গ্ৰহণ কৰিছে।[10][8]
২০১২ চনৰ মিছ ইণ্টাৰনেশ্যনেল জাপানৰ ইকুইমি য়োশিমাতছুৱে তেওঁৰ উত্তৰাধিকাৰীক মুকুট পিন্ধাবলৈ সক্ষম হোৱা নাছিল। এটা টেলেণ্ট এজেন্সীৰ সৈতে হোৱা সংঘাতৰ বাবে তেওঁৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ ভাবুকি আহিছিল; তাৰ পৰিৱৰ্তে ২০০৮ চনৰ মিছ ইণ্টাৰনেশ্যনেল আলেকজান্দ্ৰা এণ্ড্ৰেউৱে ফিলিপাইনছৰ বিয়া চান্তিয়াগোক ২০১৩ চনৰ মিছ ইণ্টাৰনেশ্যনেল হিচাপে মুকুট পিন্ধাইছিল।[11][12][13] সংস্থাটোক সমালোচনা কৰা হৈছিল কাৰণ তেওঁলোকে য়োশিমাতছুক উত্তৰাধিকাৰী অনুষ্ঠানত অংশ নল’বলৈ আৰু জাপানৰ এটা প্ৰডাকচন হাউচৰ সৈতে হোৱা বিতৰ্ক এৰাবলৈ "বেমাৰৰ ভাও ধৰি মনে মনে থাকিবলৈ" কৈছিল বুলি অভিযোগ উত্থাপন হৈছিল।[2] ২০১৭ চনত ইণ্ডোনেছিয়াৰ কেভিন লিলিয়ানা জুনেডি মিছ ইণ্টাৰনেশ্যনেল জয় কৰা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হয়।[14] ২০২০ আৰু ২০২১ বৰ্ষৰ প্ৰতিযোগিতাখন ক’ভিড-১৯ মহামাৰীৰ বাবে ৬৬ চনৰ পিছত দ্বিতীয় আৰু তৃতীয়বাৰৰ বাবে বাতিল কৰা হয়।[15]
শেহতীয়া খিতাপধাৰীসকল
[সম্পাদনা কৰক]| সংস্কৰণ | বৰ্ষ | প্ৰতিনিধিত্বকাৰী দেশ | মিছ ইণ্টাৰনেশ্যনেল | ৰাষ্ট্ৰীয় খিতাপ | স্থান | অংশগ্ৰহণকাৰীৰ সংখ্যা |
|---|---|---|---|---|---|---|
| ৫৯তম | ২০১৯ | চিৰিথৰ্ন লীয়ামৱাট | মিছ থাইলেণ্ড ২০১৯ | টকিঅ', জাপান | ৮৩ | |
| ২০২০ — ২০২১ | ক’ভিড-১৯ মহামাৰীৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল | |||||
| ৬০তম | ২০২২ | জেচমিন চেলবাৰ্গ | মিছ ইণ্টাৰনেশ্যনেল জাৰ্মানী ২০২২ | টকিঅ', জাপান | ৬৬ | |
| ৬১তম | ২০২৩ | আন্দ্ৰিয়া ৰুবিঅ' | মিছ ভেনিজুৱেলা ইণ্টাৰনেশ্যনেল ২০২২ | চিবুয়া, টকিঅ', জাপান | ৭০ | |
| ৬২তম | ২০২৪ | হুয়াইন থি থান থুই | মিছ ভিয়েটনাম ২০২২ | টকিঅ', জাপান | ৭১ | |
| ৬৩তম | ২০২৫ | কেটেলিনা ড্যুক | মিছ কলম্বিয়া ২০২৪ | টকিঅ', জাপান | ৮০ | |
বিজয়ীসকলৰ আলোকচিত্ৰ
[সম্পাদনা কৰক]- ২০২৫, কেটেলিনা ড্যুক,
কলম্বিয়া - ২০২৪, হুয়াইন থি থান থুই,
ভিয়েটনাম - ২০২৩, আন্দ্ৰিয়া ৰুবিঅ',
ভেনিজুৱেলা - ২০২২, জেচমিন চেলবাৰ্গ,
জাৰ্মানী - ২০১৯, চিৰিথৰ্ন লীয়ামৱাট,
থাইলেণ্ড - ২০১৬, কাইলী ভাৰজোছা,
ফিলিপাইন - ২০১৫, এডাইমাৰ মাৰ্টিনেজ,
ভেনিজুৱেলা - ২০১৪, ভেলেৰী হাৰ্নাণ্ডেজ,
পুৱেৰ্ট’ ৰিক’ - ২০১৩, বিয়া চান্তিয়াগো,
ফিলিপাইন - ২০১১, ফাৰ্নান্দা কৰ্নেজো,
ইকুৱেডৰ - ২০০৯, আনাগাব্ৰিয়েলা এচ্পিনোজা,
মেক্সিকো - ২০০৫, লাৰা কুইগামান,
ফিলিপাইন - ২০০৪, জেইমি ভাৰ্গাছ,
কলম্বিয়া - ১৯৯৬, ফাৰ্নান্দা আলভ্ছ,
পৰ্তুগাল - ১৯৯১, এগ্নিচকা কোটলাৰস্কা,
পোলেণ্ড - ১৯৭৯, মেলানি মাৰ্কেজ,
ফিলিপাইন - ১৯৭৩, এনেলী বিয়ৰ্ক্লিং,
ফিনলেণ্ড - ১৯৭১, জেন হেনচেন,
নিউজিলেণ্ড - ১৯৭০, অৰোৰা পিচুয়ান,
ফিলিপাইন - ১৯৬৭, মিৰ্তা মাছা,
আৰ্জেণ্টিনা - ১৯৬৪, গেমা ক্ৰুজ,
ফিলিপাইন - ১৯৬১, ষ্টেনি ভ্যান বেৰ,
নেডাৰলেণ্ডচ - ১৯৬০, ষ্টেলা মাৰ্কেজ,
কলম্বিয়া
মুকুটসমূহ
[সম্পাদনা কৰক]মিছ ইণ্টাৰনেশ্যনেলৰ মুকুটৰ গেলেৰী
[সম্পাদনা কৰক]- ফিলিপাইনছৰ বিয়া চান্তিয়াগোৱে পৰিধান কৰা 'কাপল অৱ হৰ্চেজ' মুকুট (২০১৩)।
- ইণ্ডোনেছিয়াৰ কেভিন লিলিয়ানাই পৰিধান কৰা 'মিকিমোটো মুকুট' (২০১৭)।
- জাৰ্মানীৰ জেচমিন চেলবাৰ্গে পৰিধান কৰা 'লং বীচ পাৰ্ল ক্ৰাউন' (২০২২)।
- লং বীচ পাৰ্ল ক্ৰাউন (২০২২–বৰ্তমান) – এই মুকুটটো মিছ ইণ্টাৰনেশ্যনেল সংস্থাৰ অধিকাৰিক মুকুট স্পনছৰ লং বীচ পাৰ্লৰ প্ৰতিষ্ঠাপক বুই থি মাই কানহে ডিজাইন কৰিছিল। ২০২২ চনৰপৰা এই মুকুটটো ব্যৱহাৰ কৰা হৈছে। ২০২২ চনৰ মিছ ইণ্টাৰনেশ্যনেলৰ এই মুকুটটোৰ মূল বিষয়-বস্তু হ'ল বসন্তৰ সূৰ্য্যক আদৰণি জনোৱা 'চেৰী ব্লচম' (Cherry Blossoms)। ই বিশ্বাস আৰু ইতিবাচকতাৰ সৌন্দৰ্যক প্ৰতিধ্বনিত কৰে। চেৰী ব্লচম জাপানৰ এক প্ৰতীক, যি দেশখনৰ আধ্যাত্মিকতা, শক্তি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰি ই নম্ৰতা আৰু শান্তিৰে সহৱস্থান কৰাৰ ইচ্ছাৰো প্ৰতীক। এই ডিজাইনটোত ৩৩৩টা বিশুদ্ধ বগা মুুকুতা ব্যৱহাৰ কৰা হৈছে, যি ফুটি উঠা ফুলৰ কলিৰ প্ৰতীক। এই সংখ্যাটোৱে ভাগ্য আৰু দীৰ্ঘায়ুও সূচায়। মুকুটটোত ১৯৬০টা বগা ৰত্ন খটোৱা হৈছে—যি মিছ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা বৰ্ষটোক বুজায়।[16]
- মিকিমোটো মুকুট (১৯৭০–১৯৯৮; ২০১৫–২০১৯) – এই মুকুটটো মিকিমোটো কোম্পানীৰ হৈ টমোহিৰো ইয়ামাজীয়ে ডিজাইন কৰিছিল। ইয়াত ৫ ৭৫.৩১ গ্ৰাম সোণ আৰু ৬৫০টা দক্ষিণ সাগৰীয় তথা আকোয়া মুুকুতা ব্যৱহাৰ কৰা হৈছে। ইয়াৰ অনুমাণিক মূল্য ৩,৫০,০০০ আমেৰিকান ডলাৰ। জাপানৰ মিকিমোটো পাৰ্ল আইলেণ্ডত এই মুকুটটো তৈয়াৰ কৰা হৈছিল। এই সংগ্ৰহটোত ৰানাৰ্ছ আপসকলৰ বাবে ৪টা সৰু টিয়ৰাও আছে। থাইলেণ্ডৰ চিৰিথৰ্ন লীয়ামৱাটে ২০১৯ চনত এই মুকুটটো ব্যৱহাৰ কৰাৰ পাছত ইয়াক অৱসৰ দিয়া হয়।[17]
- কাপল অৱ হৰ্চেজ ক্ৰাউন (১৯৯৯–২০০৫; ২০০৭–২০১৪) – এই মুকুটটো ১৯৯৯ চনৰপৰা ২০০৫ চনলৈ আৰু ২০০৭ চনৰপৰা ২০১৪ চনলৈ ব্যৱহাৰ কৰা হৈছিল। মিকিমোটো মুকুটৰ দৰেই এইটোও টমোহিৰো ইয়ামাজীয়ে ডিজাইন কৰিছিল। এই মুকুটটোত এযোৰ ঘোঁৰাৰ প্ৰতীকী ডিজাইন আৰু ৫৩০টা মুুকুতা আছিল। পোয়েৰ্টো ৰিকোৰ ভেলেৰী হাৰ্নাণ্ডেজে ২০১৫ চনত ইয়াক ব্যৱহাৰ কৰাৰ পাছত এই মুকুটটো অৱসৰ দিয়া হয়।[18]
- ক্ৰিষ্টেল ক্ৰাউন (২০০৬) – ইয়াক মাকি ডায়মণ্ড টিয়ৰা বুলিও জনা যায়। ২০০৬ চনত ভেনিজুৱেলাৰ ডেনিয়েলা ডি গিয়াকোমোৱে মিছ ইণ্টাৰনেশ্যনেল খিতাপ জিকাৰ সময়ত এই মুকুটটো ব্যৱহাৰ কৰা হৈছিল। তেৱেঁই আছিল এই মুকুট পিন্ধা একমাত্ৰ বিজয়ী। বগা আৰু হালধীয়া সোণৰ সংমিশ্ৰণত নিৰ্মিত এই মুকুটটোত ১০০০তকৈও অধিক বহুমূলীয়া পাথৰ খটোৱা আছিল আৰু ইয়াৰ মূল্য আছিল ১,৫০,০০০ আমেৰিকান ডলাৰ।[19]
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "MOFA examines beauty contest's 'belittling'". China Post. 21 October 2008. Archived from the original on 12 June 2011. https://web.archive.org/web/20110612224145/http://www.chinapost.com.tw/taiwan/foreign-affairs/2008/10/21/179573/MOFA-examines.htm.
- 1 2 Adelstein, Jake. "First lady scrutinizes blackballing of beauty queen". The Japan Times. http://www.japantimes.co.jp/news/2013/12/25/national/first-lady-scrutinizes-blackballing-of-beauty-queen/.
- ↑ Kerongo, Grace (10 November 2015). "Kenyan Beauty Crowned Miss International in Tokyo". All Africa. http://allafrica.com/stories/201511100998.html.
- ↑ Enriquez, Amee (2 February 2014). "Beauty Pageant Basics". BBC. https://www.bbc.com/news/world-asia-25550425। আহৰণ কৰা হৈছে: 4 May 2018.
- ↑ "Miss International 2021 moved to 2022". CNN Philippines. 31 August 2021. Archived from the original on 31 August 2021. https://web.archive.org/web/20210831122236/https://cnnphilippines.com/entertainment/2021/8/31/Miss-International-2021-cancelled-.html.
- ↑ "6th place winner low-rates Miami". The Miami News. 13 August 1960. https://news.google.com.
- ↑ "May settle dispute over beauty pageant". Lewiston Evening Journal. 22 August 1959. https://news.google.com.
- 1 2 "History of Miss International". Miss-International.org. http://www.miss-international.org। আহৰণ কৰা হৈছে: 21 October 2010.
- ↑ "Miss Germany Tops Beauties". The Hartford Courant. 14 August 1965. Archived from the original on 15 July 2018. https://web.archive.org/web/20180715223300/http://pqasb.pqarchiver.com/. "Ingrid Fiffi Finger, was named Miss International Beauty Friday."
- ↑ "About Miss International". Miss International. 26 April 2020. https://www.miss-international.org। আহৰণ কৰা হৈছে: 26 April 2020.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "auto1" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "auto" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Japanese Miss International files stalking charges against talent agent" (en ভাষাত). South China Morning Post. 16 December 2013. https://www.scmp.com। আহৰণ কৰা হৈছে: 1 December 2025.
- ↑ "Indonesia's Kevin Lilliana wins Miss International 2017". The Jakarta Post. 14 November 2017. https://www.thejakartapost.com। আহৰণ কৰা হৈছে: 14 November 2017.
- ↑ "Yokohama y Tokio, sedes para el Miss International 2020 que será el 21 de octubre" (es ভাষাত). Telemetro. https://www.telemetro.com.
- ↑ "Việt Nam được chọn sáng tạo, chế tác vương miện Hoa hậu Quốc tế". Báo Thanh Niên. 5 November 2022. https://thanhnien.vn/viet-nam-duoc-chon-sang-tao-che-tac-vuong-mien-hoa-hau-quoc-te-post1518228.html। আহৰণ কৰা হৈছে: 5 November 2022.
- ↑ "Aurora Pijuan's 1970 Miss International Mikimoto tiara-crown up for auction". Lifestyle Inquirer. 14 July 2019. https://lifestyle.inquirer.net/340436/aurora-pijuans-1970-miss-international-mikimoto-tiara-crown-up-for-auction/। আহৰণ কৰা হৈছে: 15 July 2019.
- ↑ "When Japan won its first Miss International crown – and the lingering controversy that followed". normannorman.com. 9 April 2020. https://normannorman.com/2020/04/10/when-japan-won-its-first-miss-international-crown-and-the-lingering-controversy-that-followed/। আহৰণ কৰা হৈছে: 10 April 2020.
- ↑ "Pageant Almanac". http://www.pageant-almanac.com/miss-international/former-titleholders.php. Retrieved on 11 April 2008.
অধিক পঢ়ক
[সম্পাদনা কৰক]- "Miss International Trivia: Surprising Facts And Controversies". Yibada. 14 October 2015. http://en.yibada.com/articles/74096/20151014/surprising-facts-and-controversies-about-miss-international-title.htm। আহৰণ কৰা হৈছে: 7 April 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Miss International সম্পৰ্কীয় মিডিয়া ফাইল আছে। |