মিজানুৰ ৰহমান কাজী
| সাময়িক সংশোধনৰ প্ৰয়োজন। এই প্ৰবন্ধৰ বিষয়বস্তু এনে ধৰণৰ যে সময়ৰ সৈতে তথ্য সলনি হ'ব পাৰে। কাৰণ: জীৱিত ব্যক্তি। বৰ্তমানে উপলব্ধ তথ্যৰ সত্যাসত্য ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ২৯ তাৰিখে পৰীক্ষা কৰা হৈছিল। |
[[শ্ৰেণী:সাময়িক সংশোধনৰ প্ৰয়োজন থকা পৃষ্ঠা|{{#if:2025-12-29|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "}"]]
ডা° মুহাম্মাদ মিজানুৰ ৰহমান কাজী | |
|---|---|
তেখেত যেতিয়া গাৰোডুবি গাঁৱত আহিল কেৰম খেলত ব্যস্ত আছিল | |
| মেঘালয়ৰ বিধন সভাৰ সদস্য | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২০২৩ | |
| পূৰ্বসূৰী | আব্দুছ ছালেহ |
| সমষ্টি | ৰাজাবালা বিধান সভা সমষ্টিৰ বিধায়ক |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৯৭৫ (বয়স ৫০–৫১)
ৰাজাবালা, মেঘালয় |
| ৰাজনৈতিক দল | তৃণমূল কংগ্ৰেছ |
| আন ৰাজনৈতিক সম্পৰ্ক |
ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টি (২০১৩-২০১৯) নেচলেন পিপলচ পাৰ্টি(২০১৮-২০২৩) |
| সন্তান | ২ |
মিজানুৰ ৰহমান কাজী (English: Mizanur Rahman Kazi) এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ মেঘালয় বিধানসভাৰ ৰাজাবালা সমষ্টিৰ বৰ্তমানৰ বিধায়ক। কাজী ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ ক্লিনিকেল মেডিচিনৰ ফেলো আৰু খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰৰপৰা ডায়েবেটিছ মেনেজমেণ্টৰ দূৰত্ব ফেল’শ্বিপ (ডিএফআইডি) লাভ কৰা।[1]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]
মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অৱস্থিত ৰজাবালাত কাজীয়ে এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আব্দুল জলিল কাজী যি লেফটেনেণ্ট পি এ চাংমাৰ ঘনিষ্ঠ সহযোগী আছিল। তেওঁৰ পত্নী ছাবিনা কাজীয়ে এ এম ইউৰপৰা এম বি এ ডিগ্ৰী লাভ কৰিছে আৰু এগৰাকী ব্যৱসায়ী। কাজিৰ এজন পুত্ৰ সোহেইল কাজী আৰু এগৰাকী কন্যা মাইৰিন কাজী আছে। কাজী পোষ্টে ২০০৫ চনত ডা° ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় আগ্ৰাৰ অধীনস্থ সৰোজিনী নাইডু চিকিৎসা মহাবিদ্যালয়ৰপৰা চিকিৎসা বিজ্ঞানৰ ডক্টৰেট (এম ডি) ডিগ্ৰী লাভ কৰি ব্যক্তিগত চিকিৎসা বিজ্ঞানৰ প্ৰেকটিচনাৰ হয়। মেঘালয়ৰ সমভূমি আৰু ধুবুৰী আৰু নতুন দিল্লীত তেওঁৰ মাটি আছে।
ৰাজনৈতিক কেৰিয়াৰ
[সম্পাদনা কৰক]২০২৩ চনৰ মেঘালয় বিধানসভাৰ নিৰ্বাচনত অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা ড° কাজীয়ে এন পি পিৰ চাৰিবাৰৰ বিধায়ক আব্দুছ ছালেহক ১০ ভোটত পৰাস্ত কৰি সফলতাৰে নিৰ্বাচিত হয়।[2]
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ "Mizanur Rahman Kazi". My Neta. https://www.myneta.info/meghalaya2018/candidate.php?candidate_id=5867। আহৰণ কৰা হৈছে: 5 December 2022.
- ↑ "Meghalaya Assembly Election Results 2023: Trinamool Congress Candidate Mizanur Rahman Kazi Wins by Only 10 Votes From Rajabala Seat". Latestly (Shillong). 2 March 2023. https://www.latestly.com/india/news/meghalaya-assembly-election-results-2023-trinamool-congress-candidate-mizanur-rahman-kazi-wins-by-only-10-votes-from-rajabala-seat-4903292.html.