মিঠা দৈ
মিষ্টি দৈ | |
| অন্য নাম | মিঠা দৈ (Assamese), মিঠি দহি (Hindi), মিঠা দহি (Odia) |
|---|---|
| প্ৰকাৰ | দৈ |
| প্ৰকাৰ | ডেজাৰ্ট |
| উৎপত্তিৰ স্থান | পশ্চিম বংগ, বাংলাদেশ |
| অঞ্চল | বেংগল |
| সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | ভাৰত, বাংলাদেশ |
| মুখ্য উপাদান | গাখীৰ, দৈ, চেনি, গুড় |
| ভিন্ন প্ৰকাৰ | নৱদ্বীপৰ লাল দৈ, বগুৰাৰ মিঠা দৈ |
মিঠা দৈ বা বাংলা ভাষাত মিষ্টি দৈ হৈছে ভাৰতীয় উপমহাদেশৰ বংগ অঞ্চলৰপৰা উৎপত্তি হোৱা[1] গাখীৰৰপৰা তৈয়াৰী এবিধ খাদ্য আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা,[2] আৰু বাংলাদেশ ৰাষ্ট্ৰত প্ৰচলিত কিম্বন কৰা মিঠা দৈ (দৈ)।[3][4] ইয়াক গাখীৰ আৰু চেনি বা গুৰ দি তৈয়াৰ কৰা হয়। ইয়াৰ প্ৰস্তুতিৰ কৌশলৰ বাবে সাধাৰণ দৈৰপৰা ই পৃথক। জনপ্ৰিয়তা অনুসৰি মিষ্টি দৈৰ বেলেগ বেলেগ বহুতো সোৱাদ আছে। নবদ্বীপৰ দৈ, কলকাতাৰ দৈ, বগুৰাৰ দৈ আদিৰ ভিন্ন সোৱাদৰ মিঠা দৈ অতি জনপ্ৰিয়।[5]
মিঠা দৈৰ বাবে গাখীৰ সামান্য ঘন হোৱালৈকে উতলাই চেনি নতুবা গুৰা (ব্ৰাউন চেনি) বা খেজুৰ গুড় মিহলাই মিঠা কৰি গাখীৰ ৰাতিটো কিম্বন হ'বলৈ দি মিঠা দৈ প্ৰস্তুত কৰা হয়।[6] মিঠা দৈ তৈয়াৰ কৰা পাত্ৰ হিচাপে মাটিৰ পাত্ৰ সদায় ব্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ ছিদ্ৰযুক্ত বেৰৰ মাজেৰে পানী ক্ৰমান্বয়ে বাষ্পীভৱন হোৱাৰ ফলত দৈ আৰু অধিক ঘন হোৱাই নহয়,[7] ঘনত্ব বৃদ্ধিৰ বৈশিষ্ট্যৰ বাবে উপযুক্ত উষ্ণতাও উৎপন্ন কৰে। বহু সময়ত দৈত সুগন্ধিৰ বাবে চিপচ ইলাচি দি সূক্ষ্মভাৱে জুতি লোৱা হয়। পশ্চিমীয়া দেশসমূহতো বেকড দৈ একেধৰণৰ প্ৰস্তুত কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
মিঠা দৈ ভিটামিন বিৰ উৎস। সেয়ে টাইফয়েড জ্বৰৰ বাবে স্মৰণীয় ঔষধ আৱিষ্কাৰ হোৱাৰ আগতে, ডা° বি চি ৰয়, কৰ্ণেল ডেনহাম হোৱাইট আৰু ডা° নীলৰতন চৰকাৰৰ দৰে সুপৰিচিত এলোপেথিক চিকিৎসকে তেওঁলোকৰ ৰোগীৰ বাবে মিষ্টি দৈ প্ৰেছক্ৰিপচন কৰিছিল যিয়ে ভিটামিন বি জমা হোৱাত সহায় কৰে।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Tamang, Jyoti Prakash (2016-08-05) (en ভাষাত). Ethnic Fermented Foods and Alcoholic Beverages of Asia. Springer. পৃষ্ঠা. 20. ISBN 978-81-322-2800-4. https://books.google.com/books?id=6NPMDAAAQBAJ.
- ↑ Mudgil, D.; Mudgil, S. B. (2015-01-01) (en ভাষাত). Glossary of Dairy Technology. Scientific Publishers. পৃষ্ঠা. 84. ISBN 978-93-86102-32-4. https://books.google.com/books?id=1N04DwAAQBAJ.
- ↑ Tamang, Jyoti Prakash; Kailasapathy, Kasipathy (2010-07-01) (en ভাষাত). Fermented Foods and Beverages of the World. প্ৰকাশক Boca Raton, Florida: CRC Press: Taylor & Francis Group. পৃষ্ঠা. 17. ISBN 978-1-4200-9496-1. https://books.google.com/books?id=MJTLBQAAQBAJ.
- ↑ Whyte, Mariam; Lin, Yong Jui (2010). Bangladesh. প্ৰকাশক New York: Marshall Cavendish Benchmark. পৃষ্ঠা. 144. ISBN 9780761444756. https://books.google.com/books?id=RFywfJunO1wC.
- ↑ Ruj, Subrata (2019) (bn ভাষাত). Mistanno Mitare: A Collection of Prose. প্ৰকাশক Howrah: Sristisukh Prokashan LLP. পৃষ্ঠা. 88. ISBN 978-93-88887-73-1. https://books.google.com/books?id=1wHoDwAAQBAJ.
- ↑ Brien, Charmaine O' (2013-12-15) (en ভাষাত). The Penguin Food Guide to India. Penguin UK. ISBN 978-93-5118-575-8. https://books.google.com/books?id=BGhBAgAAQBAJ.
- ↑ Krondl, Michael (2011-10-01) (en ভাষাত). Sweet Invention: A History of Dessert. প্ৰকাশক Chicago: Chicago Review Press. পৃষ্ঠা. 59–60. ISBN 978-1-56976-954-6. https://books.google.com/books?id=Dt0RErSFvE8C.
- ↑ Dasgupta, M. (2000-10-14) (en ভাষাত). Calcutta Cookbook: A Treasury of Recipes From Pavement to Place. Penguin UK. ISBN 978-93-5118-149-1. https://books.google.com/books?id=NQltAwAAQBAJ&dq=allopathic+physicians&pg=PT331.