সমললৈ যাওক

মিতভাষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিতভাষ  
লেখক নগেন শইকীয়া
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গদ্য আৰু কবিতা
প্ৰকাশ ১৯৯৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ

মিতভাষ হ’ল ড° নগেন শইকীয়াই অসমীয়া সাহিত্যত প্ৰৱৰ্তন কৰা এক নতুন আৰু অনন্য সৃষ্টিশীল লিখনশৈলী। এয়া কবিতা বা গদ্যৰ কোনো প্ৰথাসিদ্ধ ধাৰাত নপৰে, বৰঞ্চ চুটি আৰু মিতব্যয়ী শব্দৰ ব্যৱহাৰৰ মাজেৰে মানৱ মনোজগত, অনুভৱ আৰু জীৱনৰ অৰ্থ প্ৰকাশ কৰা এক সংযত প্ৰকাশভংগী। ১৯৯৫ চনত প্ৰকাশিত নগেন শইকীয়াৰ মিতভাষে আধুনিক অসমীয়া সাহিত্যত বিশেষ চৰ্চা লাভ কৰিছে।[1] অতি কম শব্দত গভীৰ ভাব প্ৰকাশ কৰা হয়। দৃশ্য বা প্ৰতীকমূলক চিত্ৰকল্পৰ জৰিয়তে ভাৱানুভূতি ফুটাই তোলা হয়। ইয়াত মানুহৰ মনস্তত্ত্ব, অস্তিত্বৰ সংকট, স্বপ্নভংগ আৰু জীৱনৰ শূন্যতাৰ দৰে গম্ভীৰ বিষয়সমূহ ইয়াৰ মূল উপজীৱ্য। মিতভাষ গদ্য আৰু কবিতাৰ মাজৰ এক স্বকীয় ৰূপ, যি কথা-কবিতাৰপৰাও পৃথক।

মিতভাষৰ নমুনা

[সম্পাদনা কৰক]
  • তেওঁ কোন মই নাজানো। তেওঁ কোন আছিল মই নাজানো। ক'ত দেখিছিলোঁ সেই কথাও পাহৰিলোঁ। কিন্তু তেওঁৰ মুখখনৰ ছবি মই কঢ়িয়াই লৈ ফুৰিছোঁ। তাৰ মাজত ফুটি উঠিছিল তেওঁৰ হৃদয়ৰ প্ৰতিচ্ছবি। কোমল। আহিনৰ দৰে কোমল শান্ত ৰূপ - সৰিপৰা শেৱালিৰ দুখেৰে সেমেকি থকা ৰূপ। মই বহুবাৰ যত্ন কৰিছোঁ এই ছবিখন আঁকি থ'বৰ কাৰণে। পৰা নাই। কাৰণ, তাৰ কোনো প্ৰতিৰূপ নাই। এনেকৈয়ে কিজানি সকলো মানুহে এখন আঁকিব নোৱৰা ছবি কঢ়িয়াই লৈ ফুৰে।[2]
  • মই নাজানো কোনে কই থৈ গ'ল, মই নাজানো কোনে ৰুই থৈ গ'ল মোৰ বুকুৰ মাজত বিষাদ-বৃক্ষৰ এই পুলিটো। বতাহ লাগিলেই তাৰ বুকুৰ বিননি বিয়পি যায় আৰু বতাহ নাহিলে নিজৰ ভিতৰতে সি উচুপি থাকে।[3]

মিতভাষ সম্পৰ্কে লেখকৰ অভিমত

[সম্পাদনা কৰক]
  • 'মিতভাষ' কি - এই প্ৰশ্নটো মোৰো, যদিও নামটো ময়ে দিছোঁ। মোৰ এই লেখাখিনিক পৰিচয় কৰাই দিবলৈ ইয়াতকৈ বেলেগ এটা শব্দ বিচাৰি পোৱা নাই। নিঃসীম শূন্যতাৰ পটভূমিত নিজৰ জীৱনক অনুভৱ কৰোঁতে মনৰ ভিতৰত সৃষ্টি হোৱা ৰাগ-অনুৰাগৰ ই বোধকৰোঁ অসহায় শব্দৰ প্ৰকাশ হৈ ধৰা দিছে। মিতভাষ সেয়ে কবিতা নহয়, কথা-কবিতা নহয়, গল্পৰ স্কেচ্ছ নহয় বা দাৰ্শনিক চিন্তাৰ প্ৰকাশো নহয়। অৱশ্যই তাৰ মাজত ইবিলাকৰ কিবা বীজ থাকিলেও থাকিব পাৰে।[4]
  • "লিখিবৰ সময়ত মই কলমটো হৃদয়ত জুবুৰিয়াই লওঁ। সেইবাবেইতো মোৰ কলমৰ আগেদি টোপ টোপকৈ চকুপানী সৰে।”[4]

মিতভাষ সম্পৰ্কে বিভিন্নজনৰ অভিমত

[সম্পাদনা কৰক]
  • "ই নতুন বস্তু। কোনোটোহঁত কবিতাৰ ওচৰা-উচৰি। কোনোটোহঁত নিভাঁজ কবিতাই। কিছুমান টুকুৰা জিল্মিলাই থকা বাখৰৰ দৰে।" — কবি নীলমণি ফুকন[4]
  • "মিতভাষ তোমাৰ অমিত অভিজ্ঞতাৰ নিৰ্যাস .......ই এটা নতুন ধাৰা।” — কবি নৱকান্ত বৰুৱা
  • ‘‘আপোনাৰ কবিতাকেইটা বৰ মৰ্মস্পৰ্শী।” — প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও[4]
  • "I found it highly sensitive and asking very basic questions of a deep philosophical nature." — Prof. M. G. K. Menon[4]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. নগেন শইকীয়া (২০১৪). মিতভাষ সমগ্ৰ. প্ৰকাশক গুৱাহাটী: পেপিৰাছ, গুৱাহাটী. পৃষ্ঠা. ২৭১. ISBN 978-93-81287-16-3.
  2. নগেন শইকীয়া (২০১৪). মিতভাষ সমগ্ৰ. প্ৰকাশক গুৱাহাটী: পেপিৰাছ, গুৱাহাটী. পৃষ্ঠা. ১০. ISBN 978-93-81287-16-3.
  3. নগেন শইকীয়া (২০১৪). মিতভাষ সমগ্ৰ. প্ৰকাশক গুৱাহাটী: পেপিৰাছ, গুৱাহাটী. পৃষ্ঠা. ৩১. ISBN 978-93-81287-16-3.
  4. 1 2 3 4 5 নগেন শইকীয়া (২০১৪). মিতভাষ সমগ্ৰ. প্ৰকাশক গুৱাহাটী: পেপিৰাছ. পৃষ্ঠা. ৩০২-৩০৪.