সমললৈ যাওক

মিনতি খাউণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিনতি খাউণ্ড
জন্ম ১৯৪০
যোৰহাট, অসম, ব্ৰিটিছ ভাৰত
মৃত্যু ১৮ জানুৱাৰী, ২০২৬
গুৱাহাটী, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা বেহেলাবাদক
দাম্পত্যসঙ্গী কবিন খাউণ্ড
সন্তান সুনীতা খাউণ্ড ভূঞা (জন্ম ১৯৭০), পৱিত্ৰ ৰাম খাউণ্ড
আত্মীয়-স্বজন প্ৰণতি খাউণ্ড (ভগ্নী), জিনা বৰঠাকুৰ (ভগ্নী)


মিনতি খাউণ্ড (ইংৰাজী: Minoti Khaund, ১৯৪০–২০২৬) অসমৰ এগৰাকী বিশিষ্ট বেহেলাবাদক আৰু যশস্বী শাস্ত্ৰীয় সংগীত শিল্পী আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।[1]

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

১৯৪০ চনত যোৰহাট চহৰত জন্মগ্ৰহণ কৰা মিনতি খাউণ্ডৰ ২০২৬ চনৰ ১৮ জানুৱাৰী তাৰিখ দেওবাৰে সন্ধিয়া প্ৰায় ৬:৪০ বজাত গুৱাহাটী মহানগৰীৰ ডাউন টাউন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ অসম লোকসেৱা আয়োগৰ সদস্য পৱিত্ৰ ৰাম খাউণ্ড আৰু কন্যা বিশিষ্ট বেহেলাবাদক সুনীতা খাউণ্ড ভূঞাক এৰি থৈ যায়।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]
মিনতি খাউণ্ড

আকাশবাণীৰ বি-হাই গ্ৰেড শিল্পী মিনতি খাউণ্ড ভাৰতীয় শাস্ত্ৰীয় সংগীত জগতৰ এগৰাকী বিশিষ্ট ভায়’লিনবাদক আছিল। লোকসংগীত আৰু শাস্ত্ৰীয় সংগীতৰ সংমিশ্ৰণত তেওঁ বিশেষ অৱদান আগবঢ়াইছিল। ২০২২ চনত তেওঁ সংগীত নাটক একাডেমীৰ অমৃত বঁটা লাভ কৰে।[3]

তেওঁৰ সংগীত যাত্ৰা প্ৰায় ১০ বছৰ বয়সতেই আৰম্ভ হয়। মামা ককাই তেওঁৰ সংগীত প্ৰতিভা লক্ষ্য কৰি তেওঁক প্ৰথম ভায়’লিন উপহাৰ দিয়ে। যোৰহাটৰ দৰ্পনাথ শৰ্মা সংগীত বিদ্যালয়ত ইন্দ্ৰেশ্বৰ শৰ্মাৰ অধীনত তেওঁ প্ৰাথমিক প্ৰশিক্ষণ গ্ৰহণ কৰে। ১৯৭২ চনত সদৌ অসম সংগীত সন্মিলনত কণ্ঠদান কৰি কিংবদন্তি ভায়’লিনবাদক পণ্ডিত ভি. জি. জোগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়, যিয়ে তেওঁৰ কেৰিয়াৰক এক নিৰ্ণায়ক দিশ দিয়ে।[4]

পৰৱৰ্তী সময়ত তেওঁ পণ্ডিত বুদ্ধদেৱ দাসগুপ্ত আৰু পণ্ডিত এ. টি. কাননৰ দৰে সংগীত গুৰুৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি নিজৰ শিল্পকলাক অধিক সমৃদ্ধ কৰে। ৫০ বছৰতকৈও অধিক সময়ৰ কেৰিয়াৰত তেওঁ ভাৰত আৰু বিদেশৰ বহু গুৰুত্বপূৰ্ণ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰে।[5]

সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • সংগীত নাটক একাডেমী অমৃত বঁটা (২০২২)
  • প্ৰয়াগ সংগীত সমিতিৰ সংগীত নিপুণ স্বৰ্ণ পদক
  • অসম চৰকাৰৰ শিল্পী পেঞ্চন
  • সংগীত জ্যোতি বঁটা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Veteran violinist Minoti Khaund passes away at 85" (en ভাষাত). The Assam Tribune. https://assamtribune.com/guwahati/veteran-violinist-minoti-khaund-passes-away-at-85-1604807। আহৰণ কৰা হৈছে: 2026-01-24. 
  2. "বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান" (as ভাষাত). অসম খবৰ. https://asomkhobor.com/%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a6%bf%e0%a6%b7%e0%a7%8d%e0%a6%9f-%e0%a6%ac%e0%a7%87%e0%a6%b9%e0%a7%87%e0%a6%b2%e0%a6%be%e0%a6%ac%e0%a6%be%e0%a6%a6%e0%a6%95-%e0%a6%ae%e0%a6%bf%e0%a6%a8%e0%a6%a4%e0%a6%bf/। আহৰণ কৰা হৈছে: 2026-01-24. 
  3. "বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান" (as ভাষাত). News on AIR. https://www.newsonair.gov.in/as/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F-%E0%A6%AC%E0%A7%87%E0%A6%B9%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%95-%E0%A6%AE%E0%A6%BF%E0%A6%A8%E0%A6%A4%E0%A6%BF/। আহৰণ কৰা হৈছে: 2026-01-24. 
  4. "Acclaimed Assamese violinist Minoti Khaund passes away at 85" (en ভাষাত). India Today NE. https://www.indiatodayne.in/assam/story/acclaimed-assamese-violinist-minoti-khaund-passes-away-at-85-leaving-a-rich-classical-legacy-1333259-2026-01-19। আহৰণ কৰা হৈছে: 2026-01-24. 
  5. "Assamese violinist Minoti Khaund passes away at 85" (en ভাষাত). Assam TV9. https://www.assamtv9.com/assam/assamese-violinist-minoti-khaund-passes-away-at-85-in-guwahati-2149720.html। আহৰণ কৰা হৈছে: 2026-01-24.