মিনতি হাজৰিকা
অৱয়ব
মিনতি হাজৰিকা | |
---|---|
জন্ম | ১৯৩৯ অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
মিনতি হাজৰিকা (ইংৰাজী: Minati Hazarika) হৈছে এগৰাকী অসমীয়া কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ।
জন্ম আৰু বংশৰ পৰিচয়
[সম্পাদনা কৰক]১৯৩৯চনৰ ৩১ জুলাইত যোৰহাট নগৰত মিনতি হাজৰিকাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ৰাধানাথ হাজৰিকা।[1]
শিক্ষা
[সম্পাদনা কৰক]যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ প্ৰথম দলৰ ছাত্ৰী। তেওঁ ১৯৬১ চনত অসমীয়া বিষয়ত এম-এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী স্ময়ত বি-টি পৰীক্ষাতো উত্তীৰ্ণ হয়শাজৰিকাই ১৯৯০ চনত "অসম মধ্যযুগৰ চৰিত পুথিৰ এটি অধ্যয়ন" শিতানত গৱেষণা কৰি পি-এইচ-ডি ডিগ্ৰি লাভ কৰে।[2]
চাকৰি জীৱন
[সম্পাদনা কৰক]যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত তেওঁ ১৯৬২ চনত প্ৰৱক্তা ৰূপে চাকৰি জীৱন আৰম্ভ কৰে আৰু ১৯৯৯ চনত অৱসৰ গ্ৰহণ কৰে।[3]
সাহিত্যৰাজি
[সম্পাদনা কৰক]গ্ৰন্থ
[সম্পাদনা কৰক]- মমতাৰ বাতৰি (১৯৬৭)
- নেপাল দেশৰ সাধু ( ১৯৭০)
- ভীম চৰিত (১৯৭৮)
- দূৰ-দূৰণিৰ সাধু (১৯৮৬)
- মহৎ লোকৰ লৰালি কাল (১৯৮৯)
- নাৰী ৰত্ন (১৯৯৩)
- আকবৰ বিৰবল ৰ কাহিনী (১৯৯৪)
- টুন টুনিৰ সাধু
- ৰামাই পণ্ডিতৰ শূন্য পুৰাণৰ লেখিকা।[4]
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- মহাপুৰুষ মাধৱদেৱ বিৰচিত চোৰধৰা আৰু পিম্পৰা গুচোৱা আৰু মাধৱ কন্দলীৰ অযোধ্যা কাণ্ড ৰামায়ণ(১৯৯৪)
- মহাপুৰুষ শংকৰদেৱে বিৰচিত কীৰ্তনৰ অন্তৰ্গত গজেন্দ্ৰোপাখ্যান, বলিছলন আৰু দামোদৰ বিপ্ৰাখ্যান।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬, পৃষ্ঠা নং:৪৬১
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১