মিনাংক ডেকা
| সাময়িক সংশোধনৰ প্ৰয়োজন। এই প্ৰবন্ধৰ বিষয়বস্তু এনে ধৰণৰ যে সময়ৰ সৈতে তথ্য সলনি হ'ব পাৰে। কাৰণ: জীৱিত ব্যক্তি। বৰ্তমানে উপলব্ধ তথ্যৰ সত্যাসত্য ২০২৫ চনৰ আগষ্ট মাহৰ ০২ তাৰিখে পৰীক্ষা কৰা হৈছিল। |
মিনাংক ডেকা (ইংৰাজী: Minangka Deka) অসমৰ এগৰাকী মূকাভিনয় শিল্পী। সংগীত নাটক অকাডেমী বঁটা বিজয়ী মইনুল হকৰ ওচৰত মূকাভিনয়ৰ প্ৰশিক্ষণ লৈ দেশে-বিদেশে মূকাভিনয়েৰে সমাজৰ বিভিন্ন দিশৰ ওপৰত জনসজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে। তেওঁ একক প্ৰচেষ্টাৰে “নিৰ্বাক’’ নামৰ ভাৰতৰ প্ৰথম বহুভাষিক বাৰ্ষিক আলোচনী এখনো প্ৰকাশ কৰি আহিছে।[1][2]
জন্ম আৰু পৰিয়াল
[সম্পাদনা কৰক]মিনাংক ডেকাৰ জন্ম অসমৰ গুৱাহাটীৰ ওচৰৰ বাইহাটা চাৰিআলিৰ বেজেৰাত।[1] পিছলৈ তেওঁ পিতৃ-মাতৃৰ সৈতে গুৱাহাটীলৈ আহে। গুৱাহাটীৰ পশ্চিম বৰাগাঁও নিবাসী পিতৃ গোপী ডেকা আৰু মাতৃ বুলু ডেকাৰ একমাত্ৰ পুত্ৰ মিনাংক।[2]
কৃতিত্ব
[সম্পাদনা কৰক]মিনাংক ডেকাৰ একক প্ৰচেষ্টাত ভাৰতৰ পৰা মুকাভিনয়ৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা প্ৰকাশিত হৈছে। ক’ভিদ অতিমাৰীৰ সময়ৰ পৰা তেওঁৰ জনসজাগতামূলক অভিযানসমূহ বৃদ্ধি পায়। এই সময়ত অসমত জনসজাগতা বৃদ্ধি কৰা তেঁৱেই একমাত্ৰ মূকাভিনয় শিল্পী। তদুপৰি তেওঁৰ অভিনয়ৰ বিষয়বস্তু ঘাইকৈ, পথ সুৰক্ষা, এইডছ, কেঞ্চাৰ, দিপৰ বিলৰ সংৰক্ষণ, স্বচ্ছতা, চাইবাৰ অপৰাধ , বাল্য বিবাহ,ড্ৰাগচৰ ভয়াৱহতা ইত্যাদি। অসমৰ লগতে দিল্লী, ভুবনেশ্বৰ,কলকাতা, ৰাজস্থান ইত্যাদিত মুকাভিনয় পৰিৱেশন কৰিছে। মিনাংক ডেকাই বৰ্তমান বহু অনুষ্ঠান প্ৰতিষ্ঠানত মুকাভিনয় প্ৰশিক্ষক ৰূপে কৰ্মৰত হৈ আছে।[2]
বঁটা-সন্মান
[সম্পাদনা কৰক]নতুন দিল্লীৰ সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা তেওঁ ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছিল।[3] মিনাংকই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিচিআৰটিৰ উৎকৃষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে ২০২২-২৩ বৰ্ষৰ জুনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে। তেওঁৰ গৱেষণাৰ বিষয় “মূকাভিনয় শিল্পক পুনৰুদ্ধাৰঃ সংস্কৃতি আৰু শিক্ষাত ভাৰতীয় মূকাভিনয়ৰ গুৰুত্বক অন্বেষণ’’।[2] ভাৰত চৰকাৰৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ ২০২১-২০২২ বৰ্ষৰ ’যুৱ প্ৰতিভা শিল্পী বঁটা’ও তেওঁ লাভ কৰে।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "মিনাংক ডেকালৈ যুৱ প্ৰতিভাশালী শিল্পী বঁটা". https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/young-talented-artists-award-to-minanka-deka/assam20221217175749248248842। আহৰণ কৰা হৈছে: 22 January 2025.
- ↑ 2.0 2.1 2.2 2.3 "ৰাষ্ট্ৰীয় ফেল’শ্বিপ". https://www.dainandinbartagroup.in/central-governments-fellowship-to-young-leader-of-assam-minank-deka/। আহৰণ কৰা হৈছে: 22 January 2025.
- ↑ "mime artist conducted cleanliness.....". https://www.sentinelassam.com/sentinelmedia/videos/mime-artists-conduct-city-cleanliness-awareness-drive-on-world-mime-day-in-guwahati-529909। আহৰণ কৰা হৈছে: 22 January 2025.