মিনাক্ষী হুদা
| মিনাক্ষী হুদা | ||||||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০২৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত হুদা | ||||||||||||||||||||||||||||||||||
| ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||
| জন্ম | ২ আগষ্ট, ২০০১ (২৫ বছৰ) ৰুৰ্কী, ৰোতক, হাৰিয়ানা, ভাৰত | |||||||||||||||||||||||||||||||||
| শিক্ষা | কলা শাখাৰ স্নাতক | |||||||||||||||||||||||||||||||||
| উচ্চতা | ১.৬৩ মিটাৰ | |||||||||||||||||||||||||||||||||
| সামৰিক কেৰিয়াৰ | ||||||||||||||||||||||||||||||||||
| চাকৰি/শাখা | ভাৰত-তিব্বত সীমা আৰক্ষী | |||||||||||||||||||||||||||||||||
| চাকৰিৰ কাৰ্যকাল | ২০২২—বৰ্তমান | |||||||||||||||||||||||||||||||||
| পদমৰ্যদা | কনিষ্টবল | |||||||||||||||||||||||||||||||||
পদক অভিলেখ
| ||||||||||||||||||||||||||||||||||
মিনাক্ষী হুদা (ইংৰাজী: Minakshi Hooda; জন্ম: ২ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ ২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক আৰু ২০২২ চনৰ এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰিছিল।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]মিনাক্ষী ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ ৰোতকৰ ৰুৰ্কী গাঁৱৰ বাসিন্দা।[2] অট'ৰিক্সা চালক শ্ৰীকৃষ্ণ হুদাৰ চাৰিটি সন্তানৰ ভিতৰত তেওঁ কনিষ্ঠতম।[1] তেওঁৰ পৰিয়ালৰ ভিতৰত তেওঁৱেই ক্ৰীড়াৰ সৈতে জড়িত হোৱা প্ৰথমগৰাকী ব্যক্তি। ১২ বছৰ বয়সত তেওঁ বিজয় হুদাৰ দ্বাৰা পৰিচালিত এটা স্থানীয় বক্সিং একাডেমীত ভৰ্তি হয়।[2][1] আদিতে তেওঁৰ পিতৃ এই ধাৰণাটোৰ বিৰোধী আছিল। তেওঁ কৈছিল— "মই ভবা নাছিলোঁ যে এজন খেলুৱৈ গঢ়ি তোলাৰ খৰচ মই বহন কৰিব পাৰিম। আমাৰ মূৰৰ ওপৰত ছাদ এখন দিবলৈকে মোৰ কষ্ট হৈছিল... তেনেস্থলত এজন খেলুৱৈৰ বিশেষ খাদ্য বা সামগ্ৰীৰ খৰচ মই কেনেকৈ বহন কৰিম?"[1] বিজয় হুদাৰ সহায়ৰ প্ৰতিশ্ৰুতিৰ পিছতহে পিতৃয়ে তেওঁক একাডেমীত ভৰ্তি হ'বলৈ অনুমতি দিছিল।[1]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১৭ চনত মিনাক্ষীয়ে ছাব-জুনিয়ৰ চেম্পিয়নশ্বিপ জয় কৰে।[3] তেওঁ ২০১৮ চনৰ খেল’ ইণ্ডিয়া স্কুল গেমছত খিতাপ অৰ্জন কৰে আৰু ২০১৯ চনত ইউথ নেচনেলছৰ চেম্পিয়ন হয়।[1][3] ইয়াৰ দুবছৰৰ পাছত ২০২১ চনত তেওঁ জ্যেষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে।[1] পিছৰ বছৰত জৰ্ডানৰ আম্মানত অনুষ্ঠিত ২০২২ চনৰ এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁ নিৰ্বাচিত হয়।[4] ৫২ কেজি ইভেণ্টত (ফ্লাইৱেট) অংশ লৈ তেওঁ ফাইনেলত জাপানৰ ৰিংকা কিনোছিটাৰ হাতত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে।[2] এছিয়ান চেম্পিয়নশ্বিপত তেওঁৰ সফলতাৰ বাবে তেওঁ ভাৰত-তিব্বত সীমা আৰক্ষী (ITBP)ত চাকৰি লাভ কৰে।[1] তেওঁ স্পৰ্টষ্টাৰক জনোৱা মতে— "ই আমাৰ পৰিয়ালৰ আৰ্থিক সমস্যা বহুখিনি দূৰ কৰিলে। মই আনকি মোৰ দেউতাক নিজাকৈ এখন অট'ৰিক্সাও কিনি দিবলৈ সক্ষম হ'লোঁ যাতে তেওঁ আৰু ভাড়াত অট' চলাবলগীয়া নহয়।"[1]
২০২৩ আৰু ২০২৪ চনত মিনাক্ষীয়ে ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰাৰ লগতে ২০২৪ চনৰ এলৰ্ডা কাপতো জয়লাভ কৰে।[1][5] ২০২৫ চনৰ ভিতৰত তেওঁ ৫২ কেজি ওজনৰ শ্ৰেণীৰ পৰা ৪৮ কেজি ওজনৰ শ্ৰেণীলৈ নামি আহে।[5] ২০২৫ চনৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত বিশ্ব চেম্পিয়ন নীতু ঘনঘাচক পৰাস্ত কৰি তেওঁ সোণৰ পদক লাভ কৰে।[1] তেওঁ ২০২৫ চনৰ বিশ্ব বক্সিং কাপত ব্ৰঞ্জৰ পদকো লাভ কৰিছিল।[1] সেই বছৰৰে শেষৰ ফালে তেওঁ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৪৮ কেজি ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে।[6] তেওঁ এই প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হয় আৰু কাজাখস্তানৰ অলিম্পিক পদক বিজয়ী নাজিম কিজাইবে ক পৰাস্ত কৰি বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে।[7] তেওঁ নিজৰ গাঁৱৰ পৰা বিশ্ব চেম্পিয়ন হোৱা প্ৰথমগৰাকী ব্যক্তি আছিল।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 7 8 9 10 11 12 Selvaraj, Jonathan (14 September 2025). "From humble beginnings, Minakshi cruises to pinnacle of the boxing world". Sportstar. https://sportstar.thehindu.com.
- 1 2 3 Patwardhan, Deepti (6 December 2022). "Boxing: Debutant Minakshi continues to punch her way to the top". Mint. https://www.livemint.com.
- 1 2 Mirza, Firoz (12 October 2022). "Promising Minakshi attracting job offers with prowess inside the boxing ring". The New Indian Express. https://www.newindianexpress.com.
- ↑ Singh, Sat (16 October 2022). "Rudki's boxing girls are all about punching up". The Times of India. https://timesofindia.indiatimes.com.
- 1 2 Raj, Pritish (24 March 2025). "Boxing Nationals: After losing CWG, Asiad trials, Minakshi stuns World Champion Nitu Ghanghas". The Indian Express. https://indianexpress.com.
- ↑ Basu, Hindol (14 September 2025). "World Boxing Championships: Minakshi Hooda eyes gold after flawless win". The Times of India. https://timesofindia.indiatimes.com.
- ↑ "Double delight: Jaismine Lamboria, Minakshi Hooda crowned world boxing champions". Deccan Herald. 14 September 2025. https://www.deccanherald.com.
- ↑ Sharma, Nitin (14 September 2025). "In Minakshi Hooda's village, an academy that churns out stars and a coach who fought gender bias". The Indian Express. https://indianexpress.com.