মিনাল দাখৱে ভোঁচলে
মিনাল দাখৱে ভোঁচলে | |
---|---|
বাসস্থান | ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | আনৱিক ৰোগ চিনাক্তকৰণৰ প্ৰণালী |
কৰ্মস্থান | মাইলেব ডিস্ক'ভাৰি ছলিউছনছ্, গৱেষণা আৰু উন্নয়ন শাখাৰ মুৰব্বী[1] |
জনা যায় | ক'ভিড-১৯ৰ প্ৰথমটো ভাৰতীয় পৰীক্ষণ-সঁজুলিৰ নিৰ্মাণ |
মিনাল দাখৱে ভোঁচলে (ইংৰাজী: Minal Dakhave Bhosale) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু ভাইৰাছ বিশেষজ্ঞ। তেখেত পুণেস্থিত জৈৱ-প্ৰযুক্তিবিদ্যাৰ কোম্পানী "মাইলেব ডিস্ক'ভাৰি ছলিউশনছ"ত কৰ্মৰত। কোম্পানীটোৰ "গৱেষণা আৰু উন্নয়ন" শাখাৰ তেখেত মুৰব্বী। ক'ভিড-১৯ৰ প্ৰথমটো ভাৰতীয় পৰীক্ষণ-সঁজুলি নিৰ্মাণত তেখেতে অগ্ৰণী ভূমিকা পালন কৰে। এইটো বিশেষ সঁজুলিৰ নিৰ্মাণ তেওঁ আৰু তেওঁৰ নেতৃত্বত থকা দলটোৱে মাত্ৰ ছটা সপ্তাহৰ ভিতৰতে সম্পূৰ্ণ কৰি উলিয়ায়।[2][3]
উদ্ভাৱন
[সম্পাদনা কৰক]সমগ্ৰ পৃথিৱীত ক'ৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ মুহূৰ্তত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (Indian Council of Medical Research)-এ ভাৰতৰ ব্যক্তিগত খণ্ডৰ প্ৰয়োগশালাসমূহ বা লেব'ৰেটৰীসমূহকো ভাইৰাছবিধৰ চিনাক্তকৰণ আৰু পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰে। তাৰ ঠিক দুসপ্তাহৰ পাছতেই ভাৰতে প্ৰথমটো পৰীক্ষণ সঁজুলি বজাৰত মুকলি কৰিবলৈ সক্ষম হয়। এই কামটো সম্পন্ন কৰে পুণেত থকা জৈৱ-প্ৰযুক্তিবিদ্যাৰ কোম্পানী মাইলেব ডিস্ক'ভাৰি ছলিউছনছে। সেই উদ্ভাৱনৰ বাবে কৃতিত্ব দিয়া হৈছে মিনাল দাখৱে ভোঁচলে আৰু তেওঁৰ দলটোক। উল্লেখযোগ্য যে, খাদ্য আৰু ঔষধ কৰ্তৃপক্ষ (Food and Drug Authority, FDA); কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ প্ৰতিষ্ঠান (Central Drugs Standard Control Organisation, CDSCO) আৰু ৰাষ্ট্ৰীয় ভাইৰ'ল'জি প্ৰতিষ্ঠানৰ (NIV) পৰা বাণিজ্যিক অনুজ্ঞাপত্ৰ লাভ কৰা মাইলেবেই হৈছে প্ৰথমটো ভাৰতীয় প্ৰতিষ্ঠান।[4]
বিজ্ঞানী মিনাল দাখৱে ভোঁচলে আণৱিক ৰোগ আৰু সেইসমূহৰ প্ৰণালীবদ্ধ চিনাক্তকৰণৰ লগত জড়িত। এই ক্ষেত্ৰত তেখেতে সাতবছৰ ধৰি কাম কৰি আছে। পুণেৰ "মাইলেব ডিস্ক'ভাৰি ছলিউছনছ"ৰ গৱেষণা আৰু উন্নয়ন শাখাত তেখেত মুৰব্বীৰ ভূমিকা পালন কৰি আহিছে। প্ৰতিক্ৰিয়াসাধকৰ (Reagent)ৰ সূচনা আৰু পৰিচালনাকে ধৰি বিভিন্ন গৱেষণামূলক প্ৰকল্পৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ গৱেষকসকলৰ বাবে এটা পথ তৈয়াৰ কৰাটো তেখেতৰ মূল দায়িত্ব।[5]
ক'ভিড-১৯ৰ পৰীক্ষণ সঁজুলি
[সম্পাদনা কৰক]ভোঁচলেৰ নেতৃত্বত মাইলেবে ক'ভিড-১৯ৰ বিশেষ পৰীক্ষণ সঁজুলিটোৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল ফেব্ৰুৱাৰীৰ পৰা। ১৮ মাৰ্চত তেওঁলোকৰ কৰ্ম সম্পন্ন হয়। আৰু সঁজুলিটোৰ পুনৰীক্ষণৰ বাবে ভোচলেয়ে সেইটো NIV লৈ প্ৰেৰণ কৰে। তেওঁলোকৰ দলটোত দহগৰাকী ব্যক্তিয়ে কাম কৰিছিল। তেওঁলোকে সাজি উলিওৱা সঁজুলিটোৰ নাম পাথো ডিটেক্ট (Patho Detect)।[6] উল্লেখ্য যে, তাৰ ঠিক এদিন আগতেহে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ভাৰতীয় ব্যক্তিগত লেবসমূহক কভিদ-১৯ৰ পৰীক্ষণৰ বাবে অনুমতি দিছিল। ১৮ মাৰ্চৰ দিনাই ভোঁচলেয়ে সঁজুলিটো FDA আৰু CDSCOলৈও প্ৰেৰণ কৰে।[4] ২৬ মাৰ্চ বৃহস্পতিবাৰে এই পৰীক্ষণ সঁজুলিসমূহ বজাৰত মুকলি কৰা হয়। তেওঁলোকে তেনেধৰণৰ পৰীক্ষণ সঁজুলি এসপ্তাহৰ ভিতৰত এক লাখ সাজি উলিয়াব পাৰিব বুলি দাবী কৰে আৰু প্ৰয়োজন হ'লে তেওঁলোকে দুই লাখো সঁজুলিও সাজি উলিয়াব পাৰে। প্ৰতিটো পৰীক্ষণ-সঁজুলিয়ে এশটা নমুনা পৰীক্ষা কৰিব পাৰে। ইয়াৰ দাম মাথোঁ ১২০০ টকা। অন্যহাতে ভাৰতে বিদেশৰ পৰা অনা কভিদ-১৯ৰ পৰীক্ষণ-সঁজুলিবোৰৰ দাম প্ৰায় ৪,৫০০ টকা।[6]
বিজ্ঞানী ভোঁচলেয়ে কয় যে, "আমাৰ পৰীক্ষণ-সঁজুলিটোৱে মাত্ৰ আঢ়ৈ ঘণ্টাৰ ভিতৰতে ৰোগনিৰ্ণয় কৰিব পাৰিব যিটো কাম কৰিবলৈ বিদেশী সঁজুলিবোৰে ছয়-সাতঘণ্টা সময় লয়। " তেওঁ লগতে কয় যে, "আমি পেথো ডিটেক্ট নামৰ এই কীটটো অভিলেখসৃষ্টিকাৰী সময়ত সাজি উলিয়াইছোঁ। তিনি-চাৰিমাহৰ পৰিৱৰ্তে মাত্ৰ ছয় সপ্তাহতে। "
উল্লেখযোগ্য কথা যে, এই সমগ্ৰ পৰীক্ষা-গৱেষণা চলাই থকা মুৰব্বী বিজ্ঞানী ভোঁচলে গৰ্ভৱতী অৱস্থাত আছিল। ফেব্ৰুৱাৰী মাহত তেখেত গৰ্ভাৱস্থাজনিত এক জটিলতাৰো মুখামুখি হৈছিল। তেনেদৰেই তেখেতে নিজৰ গৱেষণা আৰু কৰ্তব্যত নিয়োজিত হৈ আছিল। অৱশেষত ১৯ মাৰ্চৰ দিনা তেখেতে এটি কন্যা সন্তান জন্ম দিয়ে। তাৰ আগদিনা অৰ্থাৎ ১৮ মাৰ্চত তেখেতে পৰীক্ষণ-সঁজুলিটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তাৰ পুনৰীক্ষণৰ বাবে এন.আই.ভিলৈ প্ৰেৰণ কৰিছিল। তেখেতে কয় যে, "এইয়া জৰুৰীকালীন সময়। মই তাক এক প্ৰত্যাহ্বান হিচাপে লৈছিলোঁ। মই মোৰ দেশৰ প্ৰতি সেৱা আগবঢ়াব খুজিছিলোঁ। এই কাম কৰাত আমাৰ দহজনীয়া দলটোৱে বৰ কষ্টস্বীকাৰ কৰিছিল। "[6]
স্বীকৃতি আৰু প্ৰশংসা
[সম্পাদনা কৰক]মিনাল দাখৱে ভোঁচলেৰ এই অনুপ্ৰেৰণাদায়ী কৰ্ময়েই বহুতো মানুহকে আনন্দিত আৰু উৎফুল্ল কৰে। নামজ্বলা উদ্যোগী আনন্দ মহিন্দ্ৰা আৰু অভিনেত্ৰী ছনি ৰাজদানে ভোঁচলেক ভূয়সী প্ৰশংসা কৰে। তেওঁলোকে ছ'ছিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত মিনালৰ উদ্ভাৱন আৰু কৰ্তব্যনিষ্ঠাৰ কথা উল্লেখ কৰে। ছ'নি ৰাজদানে ইনষ্টাগ্ৰামত মিনালৰ উদ্ভাৱনৰ আঁৰত লুকাই থকা কৰ্মস্পৃহাৰ কথা উল্লেখ কৰে। টুইটাৰযোগে আনন্দ মহিন্দ্ৰাই কয় যে, "শ্ৰীমতি ভোঁচলে, আপুনি কেৱল এটি কন্যা সন্তান আৰু এটি পৰীক্ষণ-সঁজুলিয়েই আমাক দিয়া নাই। আপুনি সমগ্ৰ ভাৰততে এক আশাৰ ৰেঙনি ছটিয়াই দিছে। " ("Ms. Bhosale, you delivered not just the test kit and your baby , but you also delivered a ray of hope to the country. We stand and salute you.")।[7] বায়'ক'ন কোম্পানীৰ অধ্যক্ষা আৰু পৰিচালন সঞ্চালক কিৰণ মজুমদাৰ-শ্বায়েও ভোঁচলেক টুইটাৰত প্ৰশংসা কৰে আৰু মাইলেব প্ৰতিষ্ঠানক অভিনন্দন জনায়।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2020-03-28. https://web.archive.org/web/20200328123515/https://mylabdiscoverysolutions.com/management/। আহৰণ কৰা হৈছে: 2020-03-29.
- ↑ https://theprint.in/india/meet-the-pune-woman-behind-the-first-indian-covid-19-testing-kits/390340/
- ↑ https://www.bbc.com/news/world-asia-india-52064427
- ↑ 4.0 4.1 "Meet the Pune woman behind the first Indian Covid-19 testing kits". https://theprint.in/india/meet-the-pune-woman-behind-the-first-indian-covid-19-testing-kits/390340/। আহৰণ কৰা হৈছে: 29 March 2020.
- ↑ "management". Archived from the original on 28 March 2020. https://web.archive.org/web/20200328123515/https://mylabdiscoverysolutions.com/management/। আহৰণ কৰা হৈছে: 29 March 2020.
- ↑ 6.0 6.1 6.2 "Coronavirus: The woman behind India's first testing kit". https://www.bbc.com/news/world-asia-india-52064427। আহৰণ কৰা হৈছে: 29 March 2020.
- ↑ https://www.ndtv.com/india-news/minal-dakhave-bhosale-gave-indias-first-covid-19-testing-kit-a-day-before-giving-birth-2202424
- ↑ https://economictimes.indiatimes.com/magazines/panache/anand-mahindra-kiran-mazumdar-shaw-in-awe-of-the-woman-behind-indias-first-coronavirus-testing-kit/articleshow/74859755.cms