সমললৈ যাওক

মিনা বেন-জভি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিনা বন-জভি

Mina Ben-Zvi (1948)
প্ৰকৃত নাম מינה בן-צבי
জন্মৰ নাম মিনা ৰ'গ'জিক
জন্ম ১৯০৯
ভেলিকি মেঝিৰিচি, ৰিভনে অব্লাষ্ট, ইউক্ৰেইন
মৃত্যু ২০০০
চাকৰি/শাখা ইজৰাইল প্ৰতিৰক্ষা বাহিনী
চাকৰিৰ কাৰ্যকাল ১৯৩৩–১৯৫৮
পদমৰ্যদা টাট আলুফ (ব্ৰিগেডিয়াৰ জেনেৰেল)
নেতৃত্বসমূহ ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনী
যুদ্ধ-বিগ্ৰহ ১৯৪৭-১৯৪৯ পেলেষ্টাইনৰ যুদ্ধ
অন্যান্য  কাম কূটনীতিবিদ, মহিলা অধিকাৰ কৰ্মী

মিনা বেন-জভি (ইংৰাজী: Mina Ben-Zvi, ১৯০৯-২০০০) ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনীৰ প্ৰথমগৰাকী কমাণ্ডিং অফিচাৰ আছিল।[1]

১৯০৯ চনত ইউক্ৰেইনত (ভেলিকি মেঝিৰিচি, ৰিভনে অব্লাষ্ট) মিনা বেন-জভিৰ মিনা ৰ’গোজিক নামেৰে জন্ম হৈছিল। ১৯২১ চনত তেওঁ পৰিয়ালৰ সৈতে বাধ্যতামূলকভাৱে পেলেষ্টাইনলৈ গুচি যায়।[2] শিক্ষা সমাপ্ত কৰাৰ পিছত ১৯৩৩ চনত ২৪ বছৰ বয়সত হাগানাৰ হাইফা শাখাত যোগদান কৰে।[3]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ব্ৰিটিছ সেনাৰ মহিলা বাহিনীত যোগদান কৰা মেণ্ডেট পেলেষ্টাইনৰ প্ৰথম ৬৬ গৰাকী মহিলাৰ ভিতৰত আছিল।.[2] তাৰ পিছত তেওঁ ইজিপ্তৰ এটা ব্ৰিটিছ ইউনিটৰ অধিনায়ক হিচাপে কেপ্তেইন পদবী লাভ কৰে।[4] ১৯৪৮ চনৰ যুদ্ধ আৰম্ভ হোৱাৰ সময়ত তেওঁক ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনীৰ প্ৰথম সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।[1]১৯৫৩ চনত তেওঁ স্বামী এলিয়াহু বেন-জভিৰ সৈতে ১৯৫৩ চনৰ পৰা ১৯৫৫ চনলৈকে ফিনলেণ্ডলৈ কূটনৈতিক অভিযানত যোগদান কৰে।[2] পিছলৈ তেওঁক ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগত ইজৰাইলৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হয় (১৯৫৬–১৯৫৮)।[5]

১৯৬০ চনত গোল্ডা মেইৰে বেন-জভি আৰু ইংগা থৰ্ছন নামৰ এজন ছুইডেনৰ কূটনীতিবিদৰ সহযোগত মাউণ্ট কাৰ্মেল আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰে আৰু পিছলৈ ইজৰাইলত ছুইডেনৰ ৰাষ্ট্ৰদূত হয়।[6] বেন-জভি মাউণ্ট কাৰ্মেল আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক হয়, আৰু ২৫ বছৰ ধৰি ইয়াৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।

হেলাৰৰ মতে তেওঁ "বিশ্বজুৰি মহিলাৰ অধিকাৰৰ উন্নতিৰ বাবে" কাম কৰিছিল।[2] তেওঁৰ ২০০০ চনত মৃত্যু হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Olsen, Kirstin (1994). Chronology of Women's History. প্ৰকাশক Santa Barbara: Greenwood Publishing Group. পৃষ্ঠা. 266. ISBN 978-0-313-28803-6. https://books.google.com/books?id=jFY3CxmHk4cC। আহৰণ কৰা হৈছে: 11 April 2022. 
  2. 2.0 2.1 2.2 2.3 Heller, Daniel Kupfert (2020). "Israeli Aid and the "African Woman": The Gendered Politics of International Development, 1958–73". Jewish Social Studies খণ্ড 25 (2): 49–78. doi:10.2979/jewisocistud.25.2.02. https://muse.jhu.edu/article/748931। আহৰণ কৰা হৈছে: 13 April 2022. 
  3. De Pauw, Linda Grant (11 July 2014). Battle Cries and Lullabies: Women in War from Prehistory to the Present. প্ৰকাশক Norman, Oklahoma: University of Oklahoma Press. পৃষ্ঠা. 283. ISBN 978-0-806-17074-9. https://books.google.com/books?id=33MBBAAAQBAJ। আহৰণ কৰা হৈছে: 11 April 2022. 
  4. Levin, Nora (1990). The Jews in the Soviet Union Since 1917: Paradox of Survival, Volume 1. প্ৰকাশক New York: NYU Press. পৃষ্ঠা. 372. ISBN 978-0-814-75051-3. https://books.google.com/books?id=QgQUCgAAQBAJ। আহৰণ কৰা হৈছে: 11 April 2022. 
  5. L. Kinnear, Karen (2011). Women in Developing Countries: A Reference Handbook. প্ৰকাশক Santa Barbara: ABC-CLIO. পৃষ্ঠা. 114. ISBN 978-1-598-84425-2. https://books.google.com/books?id=LViJROLfEGQC। আহৰণ কৰা হৈছে: 11 April 2022. 
  6. Ben-Yaacov, Yissakhar (2012). A Lasting Reward: Memoirs of an Israeli Diplomat. প্ৰকাশক Jerusalem: Gefen Publishing House Ltd. পৃষ্ঠা. 122. ISBN 978-9-652-29539-2. https://books.google.com/books?id=le_PMaM7QXYC। আহৰণ কৰা হৈছে: 11 April 2022.