মিনিছা লাম্বা
| মিনিছা লাম্বা | |
|---|---|
২০১৯ চনত এটা অনুষ্ঠানত লাম্বা | |
| জন্ম | ১৮ জানুৱাৰী, ১৯৮৫ (৪১ বছৰ) নতুন দিল্লী, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৫–২০১৭; ২০১৮–২০২৩ |
| দাম্পত্যসঙ্গী | ৰায়ান থাম (বি. ২০১৫; বিবি. ২০২০) |
| অংশীদাৰ | আকাশ মালিক (২০২১–বৰ্তমান) |
মিনিছা লাম্বা (ইংৰাজী: Minissha Lamba; জন্ম: ১৮ জানুৱাৰী ১৯৮৫)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।[2][3] ২০০৫ চনত য়াহাঁ ছবিৰ জৰিয়তে লাম্বাই অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে কৰ্পোৰেট (২০০৬), হানিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড (২০০৭), বাচনা এ হাছিনো (২০০৮), ৱেল ডান আব্বা (২০১০) আৰু ভেজা ফ্ৰাই ২ (২০১১)। ২০১৪ চনত তেওঁ ৰিয়েলিটী শ্ব’ বিগ বছ ৮-ত অংশগ্ৰহণ কৰিছিল।[4][5]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]মিনিছা লাম্বাৰ জন্ম ১৯৮৫ চনত নতুন দিল্লীৰ এটা পাঞ্জাবী শিখ পৰিয়ালত হৈছিল।[6] তেওঁৰ পিতৃৰ নাম কাৱেল লাম্বা আৰু মাতৃৰ নাম মঞ্জু লাম্বা।
তেওঁ এবছৰ ধৰি চেন্নাইৰ চেট্টিনাড বিদ্যাশ্ৰম স্কুলত অধ্যয়ন কৰিছিল আৰু তাৰ পিছত শ্ৰীনগৰৰ আৰ্মী পাব্লিক স্কুললৈ স্থানান্তৰিত হয়, যৰপৰা তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মিাণ্ডা হাউচৰপৰা ইংৰাজী বিষয়ত স্নাতক (সন্মানীয়) ডিগ্ৰী লাভ কৰিছিল।[7]
কৰ্মজীৱন
[সম্পাদনা কৰক]দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তে লাম্বাই এলজি, ছনী, কেডবেৰী, হাজমোলা, এয়াৰটেল, চানচিল্ক আদিৰ দৰে বিজ্ঞাপন অভিযানৰ বাবে মডেলিং আৰম্ভ কৰিছিল। তেওঁ ফেমিনাৰ জেনেৰেচন "W" বিজ্ঞাপনৰো অংশ আছিল।[8] কেডবেৰীৰ এটা বিজ্ঞাপনৰ শ্বুটিং চলি থকাৰ সময়তে বলীউডৰ পৰিচালক সুজিত সৰকাৰে তেওঁৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁৰ ছবি য়াহাঁ (২০০৫)-ত অভিনয় কৰিবলৈ তেওঁক চুক্তিবদ্ধ কৰিছিল।[7] মিাণ্ডা হাউচ কলেজত পঢ়ি থকা অৱস্থাতে তেওঁ য়াহাঁৰ বাবে চিত্ৰগ্ৰহণ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ কৰ্পোৰেট, ৰকি: দ্য ৰেবেল, এন্থনী কৌন হ্যায়, হানিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড, অনামিকা,[7] শৌৰ্য আৰু দছ কাহিনীয়াঁৰ দৰে চলচ্চিত্ৰত সহযোগী আৰু তাৰ পিছত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
২০০৮ চনত তেওঁ যশ ৰাজ ফিল্মছৰদ্বাৰা প্ৰযোজিত বাচনা এ হাছিনোত অভিনয় কৰে, যিখন এতিয়ালৈকে তেওঁৰ আটাইতকৈ ডাঙৰ সফলতা। সেই একে বছৰতে সঞ্জয় গাধৱীৰ ছবি কিডনেপ-ত তেওঁৰ চৰিত্ৰৰ বাবে তেওঁ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল।[9] তেওঁৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ ভূমিকা আছিল সমালোচকৰদ্বাৰা প্ৰশংসিত পৰিচালক শ্যাম বেনেগালৰ ছবি ৱেল ডান আব্বা (২০১০)।[7] "ৱেল ডান আব্বা"ই ২০১০ বৰ্ষৰ সামাজিক সমস্যাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু মুস্কান আলী হিচাপে মিনিছাৰ অভিনয় প্ৰশংসিত হৈছিল। ২০১৪ চনত তেওঁ কালাৰ্ছ টিভিৰ বিগ বছ ৮-ত অংশগ্ৰহণ কৰিছিল।[10] ৬ সপ্তাহৰ পিছত ২ নৱেম্বৰ ২০১৪ (৪২ তম দিন)-ত তেওঁ ঘৰৰপৰা বাহিৰ হয়।[11] তেওঁৰ শেষৰফালৰ অভিনয়সমূহৰ ভিতৰত ধৰ্মেন্দ্ৰ, গিপ্পী গ্ৰেৱাল, গুৰপ্ৰীত ঘুগগী, কুলৰাজ ৰান্ধাৱা আৰু পুনম ধিলনৰ সৈতে ডাবল দি ট্ৰাবল-ৰ এটা চৰিত্ৰ অন্যতম। তেওঁ হিমেশ ৰেশমিয়াৰ জনপ্ৰিয় এলবাম আপ কা সুৰুৰ-ৰ "তেৰা সুৰুৰ" গীতটোৰ মিউজিক ভিডিঅ’টোত অভিনয় কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০১৫ চনৰ ৬ জুলাইত লাম্বাই জুহুৰ নাইট ক্লাব "ত্ৰিলজী"ৰ স্বত্বাধিকাৰী তথা ৰেষ্টুৰেণ্ট ব্যৱসায়ী ৰায়ান থামৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[12] ৰায়ান অভিনেত্ৰী পূজা বেদীৰ সম্পৰ্কীয় ভাতৃ।[13][14][15] ২০২০ চনৰ আগষ্ট মাহত তেওঁলোকে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰে।[16] ২০২১ চনৰ জুলাই মাহত তেওঁ ব্যৱসায়ী আকাশ মালিকৰ সৈতে থকা প্ৰেমৰ সম্পৰ্ক ৰাজহুৱা কৰে।[17]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Minissha Lamba to Skydive on her Birthday". Archived from the original on 3 August 2017. https://web.archive.org/web/20170803131241/http://www.bollywood.lv/actresses/minissha-lamba/minissha-lamba-to-skydive-on-her-birthday.html। আহৰণ কৰা হৈছে: 25 August 2013.
- ↑ Mukherjee, Meghna. "I-have-dated-men-who-were-wrong-for-me-Minissha-Lamba". BCD. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/I-have-dated-men-who-were-wrong-for-me-Minissha-Lamba/articleshow/19380507.cms.
- ↑ "Bachna Ae Haseeno Actress Minissha Lamba Is Professional Poker Player Now". NDTV.com. https://www.ndtv.com/entertainment/bachna-ae-haseeno-actress-minissha-lamba-is-professional-poker-player-now-2068853। আহৰণ কৰা হৈছে: 25 August 2020.
- ↑ "Yahaan: First film shot in 'real' Kashmir". Zee News. 25 July 2005. http://zeenews.india.com/home/yahaan-first-film-shot-in-real-kashmir_230887.html.
- ↑ "Liked the first Bigg Boss 8 episode?". https://www.rediff.com/movies/report/liked-the-first-bigg-boss-8-episode-vote-tv/20140922.htm। আহৰণ কৰা হৈছে: 22 September 2014.
- ↑ Vij, Shivam (8 July 2015). "A tale of two Bollywood weddings" (en ভাষাত). Quartz India. Archived from the original on 7 November 2017. https://web.archive.org/web/20171107024204/https://qz.com/447657/a-tale-of-two-bollywood-weddings/। আহৰণ কৰা হৈছে: 31 October 2017.
- 1 2 3 4 "Minissha Lamba dating Andrew Symonds". BCD. http://www.mid-day.com/entertainment/2013/jan/300113-are-minissha-lamba-and-andrew-symonds-dating.htm। আহৰণ কৰা হৈছে: 4 June 2013.
- ↑ "Minissha's Femina Ad". https://www.youtube.com/watch?v=TpUOHd6ZlCk। আহৰণ কৰা হৈছে: 18 August 2014.
- ↑ "Minissha Lamba turns Sassy from Pretty". 29 September 2008. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/pretty-goes-sassy/article1426009.ece.
- ↑ "Minissha Lamba on 'Bigg Boss': Won't create drama to get footage". The Indian Express.. Press Trust of India. 22 September 2014. http://indianexpress.com/article/entertainment/television/minissha-lamba-on-bigg-boss-wont-create-drama-to-get-footage/.
- ↑ "'Bigg Boss 8': Minissha Lamba evicted from the house". http://indianexpress.com/article/entertainment/television/bigg-boss-8-minissha-lamba-evicted-from-the-house/। আহৰণ কৰা হৈছে: 2 November 2014.
- ↑ "Inside pictures: Minissha Lamba – Ryan Tham's wedding" (en ভাষাত). The Indian Express. 7 July 2015. https://indianexpress.com/photos/entertainment-gallery/inside-pictures-from-minissha-lamba-ryan-thams-wedding/। আহৰণ কৰা হৈছে: 15 May 2021.
- ↑ Nikita, Wagh (18 January 2020). "Do you know Minissha Lamba is married to Pooja Bedi's cousin?". Mid-Day. Archived from the original on 25 March 2020. https://web.archive.org/web/20200325201145/https://www.mid-day.com/photos/did-you-know-minissha-lamba-is-married-to-pooja-bedis-cousin/15932.
- ↑ Sunitra, Pacheco (7 July 2015). "Minissha Lamba marries longtime boyfriend Ryan Tham". The Indian Express (Mumbai). https://indianexpress.com/article/entertainment/bollywood/minissha-lamba-secretly-marries-longtime-boyfriend-ryan-tham/.
- ↑ Parnita, Uniyal (8 July 2015). "EXCLUSIVE: Minissha Lamba opens up on low-key wedding, says honeymoon will have to wait". The Indian Express (Mumbai). https://indianexpress.com/article/entertainment/bollywood/exclusive-minissha-lamba-opens-up-on-low-key-marriage-says-honeymoon-will-have-to-wait/.
- ↑ "Minissha Lamba, Ryan Tham are officially divorced" (en ভাষাত). The Indian Express. 6 August 2020. https://indianexpress.com/article/entertainment/bollywood/minissha-lamba-and-ryan-tham-are-officially-divorced-6538835/। আহৰণ কৰা হৈছে: 20 September 2020.
- ↑ "Bachna Ae Haseeno star Minissha Lamba makes her relationship public with businessman boyfriend, Akash Malik". Bollywood Hungama. 19 July 2021. https://www.bollywoodhungama.com/news/bollywood/bachna-ae-haseeno-star-minissha-lamba-makes-relationship-public-businessman-boyfriend-akash-malik/। আহৰণ কৰা হৈছে: 19 July 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত মিনিছা লাম্বা সম্পৰ্কীয় মিডিয়া ফাইল।
- মিনিছা লাম্বা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- মিনিছা লাম্বা সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- ফেইচবুকত মিনিছা লাম্বা
- এক্সত মিনিছা লাম্বা
- ইনষ্টাগ্ৰামত মিনিছা লাম্বা