মিনি বাসুদেৱন
| মিনি বাসুদেৱন | |
|---|---|
২০১৯ চনত নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছিল মিনি বাসুদেৱনে। | |
| জন্ম | c. ১৯৬৫ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | স্নাতক অভিযন্তা |
| জনা যায় | কইম্বাটুৰত পশুৰ অধিকাৰ। |
| দাম্পত্যসঙ্গী | মধু গণেশ |
মিনি বাসুদেৱন (ইংৰাজী: : Mini Vasudevan;জন্ম প্ৰায় ১৯৬৫) কইম্বাটুৰত বাস কৰা এগৰাকী ভাৰতীয় পশু অধিকাৰ কৰ্মী। ২০১৯ চনত নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।
জীৱন
[সম্পাদনা কৰক]বাসুদেৱনে প্ৰায় ১৯৬৫ চনত জন্মগ্ৰহণ কৰে। পোহনীয়া জন্তুৰ লগত ডাঙৰ-দীঘল হোৱা নাছিল যদিও এঘাৰ বছৰ বয়সত কুকুৰা এটা মাৰি থকা দেখি তেওঁ নিৰামিষভোজী হোৱাৰ সিদ্ধান্ত লয়। তেওঁ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[1] তেওঁ এগৰাকী অভিযন্তা[2] আৰু তেওঁ আৰু তেওঁৰ স্বামীয়ে তেৰ বছৰ ধৰি আমেৰিকাত কাম কৰিছিল।[1]
মিনি বাসুদেৱন ১৯৮২ চনৰ কাঝাকুটাম ব্যেচৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰী আছিল।[3]
২০০৪ চনত বৰ্তমান নিৰামিষভোজী বাসুদেৱন আৰু তেওঁৰ স্বামী মধু গণেশ[1] আমেৰিকাৰ পৰা উভতি আহি কয়ম্বাটুৰত থাকিবলৈ লয়। চহৰখনৰ মাজেৰে বিচৰণ কৰা আহত আৰু ৰোগীয়া ৰাস্তাত চৰি ফুৰা কুকুৰবোৰ দেখি মিনি স্তম্ভিত হৈ পৰিল। ইয়াৰ আগতেও মিনি জীৱ-জন্তুৰ মালিক আছিল আৰু তেওঁ নিশ্চিত ভাৱে অনুভৱ কৰিছিল যে এই জন্তুবোৰৰ প্ৰতিপালনৰ কাৰণে কিবা এটা কৰিব পাৰি আৰু কৰিব লাগে। তেওঁ পশু চিকিৎসকক ধন দি আঘাতপ্ৰাপ্ত, আৰু কেতিয়াবা কিছুমান গৰ্ভৱতী জীৱ-জন্তুক সহায় কৰিছিল, কিন্তু কিছুমান পশু চিকিৎসকে ৰাস্তাৰ কুকুৰ বোৰ চিকিৎসা নকৰে আৰু আনকি চিকিৎসা কৰিলেও জন্তুবোৰ আৰোগ্য হবৰ বাবে ৰাখিবলৈ নিৰ্দিষ্ট কোনো ঠাই নাছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁ আৰু তেওঁৰ স্বামীয়ে ২০০৬ চনত হিউমেন এনিমেল ছ'চাইটি[4] আৰম্ভ কৰে।তেওঁ পথৰ কুকুৰৰ চিকিৎসা সম্পৰ্কে মেনকা গান্ধীৰ সৈতে পত্রৰ দ্বাৰা যোগাযোগ কৰিছিল। গান্ধীয়ে প্ৰথমে তেওঁক এজন প্ৰৱাসী হিচাপে উপেক্ষা কৰিছিল আৰু তেওঁ নিজে বাস নকৰা দেশ এখনৰ ওপৰত তেওঁৰ মতামত জাপি দিবলৈ চেষ্টা কৰিছে বুলি মন্ত্যব কৰিছিল।[1] কিন্তু যেতিয়া গান্ধীয়ে গম পাইছিল যে ভাসুদেৱানৰ ঘৰ কোয়েম্বাটোৰত অৱস্থিত, তেতিয়া তেওঁ ভাসুদেৱানক এই সমস্যাৰ সমাধান বিচাৰি উলিওৱাত সহায় কৰিছিল।[1]
তেওঁলোক কইম্বাটুৰত ৰাজপথৰ কুকুৰ ধৰা আৰু তাৰ পিছত বন্ধ্যাকৰণৰ কামত জড়িত হৈ পৰে।[4] ২০১৯ চনত তেওঁৰ নিজাকৈ তিনিটা কুকুৰ আছিল আৰু হিউমেন এনিমেল ছ'চাইটিয়ে সোতৰ জন লোকক ৰাষ্টাৰ কুকুৰ প্ৰতিপালনত নিয়োগ কৰিছিল।[1]
২০১৯ চনত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে তেওঁক নাৰী শক্তিপুৰস্কাৰ[4] লাভ কৰিবলৈ নিৰ্বাচিত কৰে যিটো ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ বঁটা। বঁটা সম্পৰ্কত এমাহৰ আগৰ[1] ফোন কলটোত পাই মিনি আচৰিত হৈছিল আৰু অনুষ্ঠানটোৰ বাবে তাই নতুন দিল্লীলৈ যাবলগীয়া হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 Philip, Susan Joe (2019-03-08). "For all creatures great and small" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/Coimbatore/mini-vasudevan-co-founder-of-coimbatores-humane-animal-society-received-the-nari-shakti-award-2019/article26470818.ece.
- ↑ admin. "HAS - Management Team" (en ভাষাত). https://www.hasindia.org/। আহৰণ কৰা হৈছে: 2020-04-10.
- ↑ "Sainik School Old Boys Association". sskzmoba.org. http://sskzmoba.org/Home/president_awards_civilian। আহৰণ কৰা হৈছে: 2020-05-12.
- ↑ 4.0 4.1 4.2 Ramkumar, Pratiksha (27 February 2019). "Coimbatore-based animal rights activist Mini Vasudevan selected for Nari Shakti Puraskar" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/coimbatore/coimbatore-based-animal-rights-activist-mini-vasudevan-selected-for-nari-shakti-puraskar/articleshow/68187722.cms.