সমললৈ যাওক

মিনু মুমতাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিনু মুমতাজ

ইহুদীত মুমতাজ
জন্ম মালিকুন্নিছা আলী
২৬ এপ্ৰিল, ১৯৪২
বোম্বে, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ২৩ অক্টোবৰ, ২০২১ (৭৯ বছৰ)
টৰণ্ট’, অহিঅ’, কানাডা
পেচা অভিনেত্ৰী, নৃত্যশিল্পী
দাম্পত্যসঙ্গী চৈয়দ আলী আকবৰ
সন্তান

মিনু মুমতাজ (জন্ম:মালিকুন্নিছা আলী; ২৬ এপ্ৰিল ১৯৪২ – ২৩ অক্টোবৰ ২০২১; ইংৰাজী: Minoo Mumtaz ; এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত কৌতুক অভিনেতা মেহমুদৰ ভনীয়েক আৰু মেহমুদ আলী চলচ্চিত্ৰ পৰিয়ালৰ অংশ আছিল। মিনু মুমতাজে ১৯৫০ আৰু ১৯৬০ দশকৰ বহু হিন্দী ছবিত অভিনয় কৰিছিল, বেছিভাগেই নৃত্যশিল্পী আৰু চৰিত্ৰ অভিনেত্ৰী হিচাপে।[1][2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁৰ “মিনু” নাম বেলেগে নহয়,মীনা কুমাৰীয়ে ৰাখিছিল।। তেওঁ মঞ্চ নৃত্যশিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পিছলৈ ১৯৫০[3] আৰু ১৯৬০ৰ দশকৰ বহু ছবিত নৃত্যশিল্পী হিচাপে কাম কৰিছিল। তেওঁৰ প্ৰথমখন ছবি আছিল সাখী হাতিম। ব্লেক কেট[4] (১৯৫৯) ছবিখনত বলৰাজ সাহনীৰ বিপৰীতে মুখ্য চৰিত্ৰ এটাত অভিনয় কৰিছিল। তেওঁক চি.আই.ডি.ত (১৯৫৬) "বুজ মেৰা ক্যা নাম ৰে" গীতটোৰে[5], আৰু হাওৰা ব্ৰীজত (১৯৫৮) নৃত্যশিল্পী হিচাপে দেখা যায়। তেওঁ গুৰু দত্তৰ কাগজ কে ফুল (১৯৫৯), চৌধবী কা চান্দ (১৯৬০) আৰু চাহিব বিবি ঔৰ গুলাম (১৯৬২) আদি ছবিতো অভিনয় কৰিছিল। ইহুদী (১৯৫৮), তাজমহল (১৯৬৩), ঘুংঘট (১৯৬০), ঘৰানা (১৯৬১), ইনছান জাগ উঠা (১৯৫৯), ঘৰ বছাকে দেখো (১৯৬৩), গজল (১৯৬৪), ছিন্দবাদ, আলিবাবা, আলাদিন, জাহানাৰা (১৯৬৪) ছবিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৫৮ চনৰ হাওৰা ব্ৰীজ ছবিখনে এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছিল, কাৰণ এই ছবিখনত মিনু মুমতাজে তেওঁৰ তেজৰ সম্পৰ্ক থকা ভাতৃ মেহমুদৰ সৈতে অনস্ক্ৰীণ ৰোমাঞ্চ কৰা দেখা গৈছিল। ভায়েক-ভনীয়েকক ৰোমান্টিক চৰিত্ৰত দেখা পাই মানুহে স্তম্ভিত হৈ পৰিছিল।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]