মিয়া লাভ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিয়া লাভ

মাৰ্চ ২০০৩ ত মিয়া লাভ
ব্যক্তিগত তথ্য
জন্ম
Ludmya Bourdeau

৬ ডিচেম্বৰ, ১৯৭৫
ব্ৰুকলিন, নিউ য়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰাষ্ট্ৰীয়তা আমেৰিকান
ৰাজনৈতিক দল ৰিপাব্লিকান পাৰ্টি
দাম্পত্যসঙ্গী জেচন লাভ
সন্তান
জীৱিকা ৰাজনীতিবিদ

মিয়া লাভ (Mia Love), সম্পূৰ্ণ নাম Ludmya Bourdeau "Mia" Love এগৰাকী আমেৰিকান ৰাজনীতিবিদ, আমেৰিকাৰ উটা ষ্টেটৰ সাংসদ। তাৰোপৰি তেখেত উটাৰ চাৰাটংগা স্প্ৰিংছ (Saratong Springs)ৰ প্ৰাক্তন মেয়ৰ। ১৯৭৫ চনৰ ৬ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰুকলিনত জন্ম লাভ লৰা শ্ৰীমতী লাভ ৰিপাব্লিকান দলৰ পৰা সংসদলৈ নিৰ্বাচিত প্ৰথম কৃষ্ণাংগ মহিলা আৰু হাইটি বংশোদ্ভূত আমেৰিকান।[1][2]

মিয়া লাভে কম সময়তে লাভ কৰা ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বাবে তেওক বহুতে 'ৰিপাব্লিকান দলৰ বাৰাক অ'বামা' বুলি অভিহিত কৰে, যদিও তেও ৰাজনৈতিক ভাৱে অ'বামাৰ কিছু নীতিৰ কঠোৰ সমালোচক বুলি জনা যায়। [3]

বাল্যকাল আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৭০ চনত হাইটিত হোৱা ৰাজনৈতিক অস্থিৰতাৰ পৰা হাত সাৰিবলৈ, মিয়া লাভৰ পিতৃ মাতৃ ক্ৰমে জাঁ-মেক্সিন বাৰ্ডেউ আৰু মেৰী আমেৰিকালৈ পলাই আহে। তেঁওলোকে নিজৰ দুটি সন্তান হাইটিতে এৰি আহিছিল। তেওলোকে ব্ৰুকলিনত বসবাস কৰিব লয় আৰু ১৯৭৫ চনত মিয়াৰ জন্ম হয়। মিয়াই কানেক্টিকাটৰ নৰৱাক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰে আৰু পিছলৈ হাৰ্টফৰ্ড বিশ্ববিদ্যালয়ৰ পৰ ফাইন আৰ্টচত স্নাতক ডিগ্ৰী লাভ কৰে। মিয়াৰ দেউতাকে পৰিয়াল চলাবৰ বাবে ফেক্টৰীত দিনে নিশাই পৰিশ্ৰম কৰিব লগা হৈছিল। হাৰ্টফৰ্ডত পঢ়ি থকা সময়তে মিয়াই হাৰ্ট স্কুলৰ মিউজিক থিয়েটাৰৰ অংশ হৈ পৰিছিল আৰু পিছলৈ ছে'ণ্ট কৰ্প, ইক'পাছ কৰ্পৰেচন আৰু কণ্টিনেণ্টেল এয়াৰ লাইনছত চাকৰি কৰিছিল। [4]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

চিটি কাউন্সিল[সম্পাদনা কৰক]

মিয়া লাভে ২০০৩ চনত ছাৰাটংগা স্প্ৰিংছৰ ৰ চিটি কাউন্সিল এটা সদস্যপদ লাভ কৰে। ৬ বছৰ কাউন্সিলৰ সদস্যপদত কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেখেতে তাৰ মেয়ৰৰ পদলৈ নিৰ্বাচিত হয়। [5]

মেয়ৰ[সম্পাদনা কৰক]

মিয়া লাভে ২০১০ জানুৱাৰীৰ পৰা ২০১৩ ডিচেম্বৰলৈকে ছাৰটংগা স্প্ৰিংছৰ মেয়ৰৰ দ্বায়িত্ব পালন কৰে। বিভিন্ন আৰ্থিক সংষ্কাৰৰ মাজেৰে তেও ছাৰাটংগা স্প্ৰিংছ চহৰৰ ঘাটি বাজেট কমাই, সুখ্যাতি লাভ কৰে। এই সময়ছোৱাতে শ্ৰীমতী লাভে কেইবাটও প্ৰাকৃতিক দূৰ্যোগৰ লগত যজিব লগা হয়, তাৰ ভিতৰত এক ভয়াবহ বনজুই আৰু কেইবাটাও ভয়ংকৰ বোকা-প্ৰবাহৰ কথা উল্লেখনীয়। [6]

২০১২ চনৰ কংগ্ৰেছ নিৰ্বাচন (congressional election)[সম্পাদনা কৰক]

2012 election results for Utah's 4th congressional district[7]
দল প্ৰাৰ্থী ভোট %
Democratic Jim Matheson (incumbent) 119,803 ৪৮.৮৪%
Republican মিয়া বি. লাভ 119,035 ৪৮.৫৩%
Libertarian জিম এল. ৱেইন ৬৪৩৯ ২.৬৩%
সৰ্বমুঠ 2,45,277 ১০০%
Democratic hold


2014 election results for Utah's 4th congressional district
দল প্ৰাৰ্থী ভোট %
Republican মিয়া বি. লাভ 68,390 ৫০.০৪%
Democratic ড'গ অৱেনচ 60,165 ৪৬.৭৫%
Libertarian জিম এল. ৱেইন 1,154 ০.৯০%
সৰ্বমুঠ 125,709 ৯৭.৭%

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৯৮ চনত মিয়া লাভ উটালৈ আহে আৰু সেই সময়তে বিভিন্ন মঞ্চত পাৰ্ফৰমিং আৰ্টৰ লগত জড়িত জেচন লাভৰ সৈতে চিনাকী হয়, আৰু সেই বছৰেই ডিচেম্বৰ মাহত তেওলোক বিবাহ পাশত আৱদ্ধ হয়। [4]. তেওলোকৰ তিনিটি সন্তান আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Will, George (September 24, 2012). "Utah's Mia Love Battles Stereotypes". Newsmax.com (Newsmax Media). http://www.newsmax.com/GeorgeWill/Utah-Love-Black-Caucus/2012/09/24/id/457357/. 
  2. "Rising GOP star Mia Love glides into the spotlight at convention". Fox News. August 28, 2012. http://www.foxnews.com/politics/2012/08/28/republican-convention-to-feature-rising-star-mia-love/. 
  3. " Mia Love, the Obama of the Republican Party" | archive url =http://news.yahoo.com/mia-love-obama-republican-party-202451661.html
  4. 4.0 4.1 মিয়া লাভ -আমেৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা ৰিপাব্লিকান সাংসদ": জ্যোতি প্ৰসাদ বুঢ়াগোহাঞি- বহুমূখ, আমাৰ অসম, ১২, নৱেম্বৰ,২০১৪, বুধবাৰ
  5. Gehrke, Robert; Canham, Matt (October 8, 2012). "Mia Love: From Dream of Broadway to Capitol Hill". The Salt Lake Tribune. http://www.sltrib.com/55031749-90/love-mia-bourdeau-family.html. 
  6. Haddock, Sharon (September 27, 2004). "Political Novice Lovin' it". Deseret News. http://www.deseretnews.com/article/595094224/Political-novice-lovin-it.html. 
  7. Haas, Karen L. (February 28, 2013), Statists of the Presidential and Congresional Election of November 6, 2012, Clerk of the United States House of Representatives, http://clerk.house.gov/member_info/electionInfo/2012election.pdf 


অধিক পঢ়ক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]