সমললৈ যাওক

মিলডা (প্ৰেমৰ দেৱী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্যক্তিগত সংগ্ৰহ, ভিলনিয়াছত কাজিমিৰজ আলচিমোভিচৰ (১৯১০) দেৱী মিলডা

লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত মিলডা প্ৰেমৰ দেৱী[1] অৱশ্যে তেওঁৰ অস্তিত্বক লৈ পণ্ডিতসকলে বিতৰ্ক কৰে। অনিশ্চয়তাৰ মাজতো মিলডা লিথুৱেনিয়াত জনপ্ৰিয় মহিলাৰ নামত পৰিণত হয়। ৰোমুভাকে ধৰি নব্য পৌত্তলিক সমাজ আৰু সম্প্ৰদায়সমূহে মে' মাহত দেৱী মিলডাৰ সন্মানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে।[2] শুক্ৰৰ ওপৰত থকা মিলডা মন্স নামৰ পৰ্বতটোৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।[3]

নাৰ্বাটৰ তথ্য

[সম্পাদনা কৰক]

১৮৩৫ চনত লিথুৱেনিয়াৰ ইতিহাসৰ ওপৰত লিখা গ্ৰন্থত টিঅ'ডৰ নাৰ্বাটে মিলডাৰ বিষয়ে প্ৰথম উল্লেখ কৰিছিল।[4] নাৰ্বাটৰ মতে মিলডাক আলেকচোটা নামেৰেও জনা গৈছিল। তেওঁৰ মন্দিৰবোৰ এসময়ত কৌনাছৰ আলেকচোটাছ আৰু ভিলনিয়াছৰ আণ্টাকালনিছত আছিল, য’ত এতিয়া চেণ্ট পিটাৰ আৰু চেণ্ট পলৰ চাৰ্চ থিয় হৈ আছে। এপ্ৰিল মাহটো মিলডাৰ নামত উৎসৰ্গা কৰা হৈছিল।[4] ১৮৩৫ চনৰ ডিচেম্বৰ মাহত নাৰ্বাটলৈ লিখা এখন পত্ৰত শ্বিমন ল’ৱ্ৰিনোভিচে (কাউনাছৰ এজন শিক্ষক) ১৮ শতিকাৰ শেষৰ ফালে বা ১৯ শতিকাৰ আৰম্ভণিতে পাৰ্কুনাছৰ ঘৰত পোৱা দুটা মূৰ্তিৰ বৰ্ণনা কৰিছিল। নাৰ্বাটে এই মূৰ্তিবোৰক বজ্ৰপাতৰ দেৱতা পাৰ্কুনাছ আৰু মিলডাৰ মূৰ্তি বুলি চিনাক্ত কৰে।[5] ভিলনিয়াছ কেছল কমপ্লেক্সত আন এটা ব্ৰঞ্জৰ মূৰ্তি পোৱা গৈছিল আৰু এডাম অনাৰী কিৰ্ক'ৰ আৰু ৱলাডিছলাভ চাইৰ'কমলাই লাভ কৰিছিল যিয়ে নাৰ্বাটৰ সহায়ত ইয়াক মিল্ডাৰ বুলি চিনাক্ত কৰিছিল। এই মূৰ্তিটো পিছলৈ ভিলনিয়াছৰ মিউজিয়াম অৱ এণ্টিকিউটিজত ৰখা হৈছিল।[5]

স্কোলাষ্টিক বিশ্লেষণ

[সম্পাদনা কৰক]

কিন্তু আলেকজেণ্ডাৰ ব্ৰুকনাৰ, নৰ্বাৰ্টাছ ভেলিয়াছ, জিণ্টাৰাছ বেৰেছনেভিচিয়াছকে ধৰি আন লেখকসকলে প্ৰমাণৰ অভাৱৰ বাবে লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত এনে দেৱী প্ৰকৃততে আছে নে নাই সেই বিষয়ে গুৰুতৰ সন্দেহ প্ৰকাশ কৰে।[4]

নৰ্বাৰ্টাছ ভেলিয়াছৰ মতে, নাৰ্বাটে ডমিনিক শ্বিবিনস্কিৰ লেখাৰ পৰা এগৰাকী ধুনীয়া ৰোমান অপেশ্বৰ এলেক্সোথৰ ধাৰণা ধাৰলৈ লৈ মিলডা উদ্ভাৱন কৰিছিল। যিহেতু কৌনাছৰ অন্যতম উপকণ্ঠ অঞ্চল আলেকচোটাছ, গতিকে মিলডাৰ মন্দিৰটো তাত থকাটো স্বাভাৱিক আছিল। লিখিত নথিপত্ৰ, প্ৰত্নতাত্ত্বিক গৱেষণা বা লোককথাত নাৰ্বাটৰ এই দাবীক সমৰ্থন কৰিব পৰা কোনো প্ৰমাণ পোৱা নাই।[4] একেটা ধাৰাত লাটভিয়াৰ নৃতাত্ত্বিক পেটেৰিছ শ্বমিটছে যুক্তি আগবঢ়ায় যে, মিলডা নাৰ্বাটৰ সৃষ্টি, কিয়নো ভাষা, ঐতিহাসিক বুৰঞ্জী বা বাল্টিক লোক পৰম্পৰাতো তেওঁৰ দেৱতা হিচাপে কোনো লিখিত তথ্য নাই।[4][6]

সাংস্কৃতিক উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

নাৰ্বাটৰ তথ্যসমূহ পিছলৈ আন বহু লেখক আৰু ইতিহাসবিদে পুনৰাবৃত্তি কৰি জনপ্ৰিয় কৰি তুলিছিল, য’ত আছিল ডিঅ’নিজাছ পস্কা, জ’নাছ ট’ট’ৰাইটিছ, প্ৰানা ডাণ্ডুলিয়েনে। জোজেফ ইগনাচি ক্ৰাচেভস্কিৰ বাবে মিলডাৰ জনপ্ৰিয়তা পাইছিল। ১৮৪০ চনত তেওঁ পোলেণ্ড ভাষাত তিনিটা খণ্ডৰ মহাকাব্য ৰচনা কৰে। প্ৰথম খণ্ড উইট’ল’ৰ’ডাত মে’ মাহৰ আৰম্ভণিতে মিলডা আৰু তেওঁৰ উৎসৱৰ কথা উল্লেখ কৰা হৈছিল। এই কবিতাটো লিথুৱেনিয়ান ভাষালৈ অনুবাদ কৰি কেইবাবাৰো প্ৰকাশ পাই দেৱীগৰাকীক জনপ্ৰিয় কৰি তুলিছিল। ১৮৪৬ চনত ইয়াৰ পোলিছ প্ৰকাশনত উইনচেণ্টি স্মোকোভস্কিৰ ৫০টা কাঠৰ শিল্পকৰ্মৰ চিত্ৰণ কৰা হৈছিল।[4] তেওঁৰ মিলডাৰ প্ৰতিচ্ছবিয়ে মিলডাৰ উপস্থাপনক প্ৰভাৱিত কৰি আহিছে।[2] ১৯১৮ চনত পেট্ৰাছ ভাইচিউনাছে মিলডাৰ প্ৰতি উৎসৰ্গিত এখন কাব্যিক নাটক লিখিছিল।[4]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Schröder, Ingo W. (2013). Religious Diversity in Post-Soviet Society: Ethnographies of Catholic Hegemony and the New Pluralism in Lithuania. Ashgate Publishing, Ltd.. পৃষ্ঠা. 126. ISBN 9781409481706. https://books.google.com/books?id=DAOiAgAAQBAJ&pg=PA126. 
  2. 2.0 2.1 Balsys, Rimantas (July–September 2009). "Meilės deivės Mildos autentiškumo klausimu" (lt ভাষাত). Logos খণ্ড 60: 151, 153–154. ISSN 0868-7692. https://www.lituanistika.lt/content/23361. 
  3. "Milda Mons". Gazetteer of Planetary Nomenclature. http://planetarynames.wr.usgs.gov/Feature/3894?__fsk=1734862655। আহৰণ কৰা হৈছে: 2016-03-24. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 Balsys, Rimantas (April–June 2009). "Meilės deivės Mildos autentiškumo klausimu" (lt ভাষাত). Logos খণ্ড 59: 133–139. ISSN 0868-7692. https://www.lituanistika.lt/content/23361. 
  5. 5.0 5.1 Būčys, Žygintas (2012). Senienos ir visuomenė: paveldo komunikacija XIX a. Lietuvoje (PhD Thesis). Vilnius University. pp. 38, 129, 140–141. https://epublications.vu.lt/object/elaba:2109180/2109180.pdf. 
  6. Šmitas, Pėteris. Latvių mitologija. Iš latvių kalbos vertė Dainius Razauskas. Vilnius: Aidai, 2004. pp. 117-118.