মিহৰ আলী
মিহৰ আলী (Mihr 'Ali), যাক মীৰ আলী বা মেহৰ আলী আছিল ফাৎ-আলী শ্বাহ কাজাৰৰ শাসনকালত কাজাৰ ইৰানৰ ৰাজকীয় দৰবাৰৰ এজন মহান চিত্ৰশিল্পী। মিহৰ আলীক তেওঁৰ শাসনকালৰ আগলি ভাগৰ আটাইতকেই উল্লেখযোগ্য ইৰানী প্ৰতিচ্ছবি শিল্পী আৰু প্ৰাৰম্ভিক কাজাৰ শিল্পৰ অন্যতম অগ্ৰণী চিত্ৰশিল্পী হিচাপে গণ্য কৰা হয়।[1] তেওঁ এজন দক্ষ শিক্ষকো আছিল, তেওঁৰ ছাত্ৰসকলৰ ভিতৰত বিখ্যাত চিত্ৰশিল্পী আবু আল-হাছান ছানী আল-মুলক অন্যতম।[2]

কৰ্মৰাজি
[সম্পাদনা কৰক]মিহৰ আলীৰ প্ৰধান দক্ষতা আছিল ছবিৰ চৰিত্ৰটোৰ মহিমা আৰু ক্ষমতা ফুটাই তোলাৰ ক্ষমতা, যাৰ বাবে তেওঁ শ্বাহৰ এজন প্ৰিয় চিত্ৰশিল্পী হৈ পৰিছিল।[1] মিহৰ আলীয়ে ফাৎ-আলী শ্বাহৰ অন্ততঃ দহখন পূৰ্ণ অবয়বৰ তৈলচিত্ৰ নিৰ্মাণ কৰিছিল, যাৰ ভিতৰত সম্ভৱতঃ ১৮০০ চনত সিন্ধৰ আমিৰসকলৰ ওচৰলৈ উপহাৰ হিচাপে এখন পঠিওৱা হৈছিল। আন এখন প্ৰতিচ্ছবি, য’ত শ্বাহক সিংহাসনত উপৱিষ্ট অৱস্থাত দেখুওৱা হৈছিল, সেয়া নেপোলিয়নলৈ পঠিওৱা হৈছিল। মিহৰ আলীৰ শ্ৰেষ্ঠ প্ৰতিচ্ছবিখন হৈছে ১৮১৩-১৪ চনৰ এটা কৃতি, যাক কোনো কোনোৱে বৰ্তমানৰ শ্ৰেষ্ঠ পাৰ্চী তৈলচিত্ৰ বুলি গণ্য কৰে।[3] ইয়াত শ্বাহে সোণালী ব্ৰকেডৰ চোলা আৰু কিয়ানী মুকুট পৰিধান কৰি এখন অলংকৃত দণ্ড ধৰি থকা পূৰ্ণ অবয়বৰ চিত্ৰ অংকন কৰা হৈছে।

ফাৎ-আলী শ্বাহে নিজৰ আৰু নিজৰ পুত্ৰসকলৰ বহুতো জীৱন্ত প্ৰতিচ্ছবি নিৰ্মাণ কৰিবলৈ দিছিল, যিবোৰ দৰবাৰৰ অনুষ্ঠানৰ পটভূমি হিচাপে ব্যৱহাৰ কৰা হৈছিল। মিহৰ আলী আৰু তেওঁৰ পূৰ্বৰ দৰবাৰী চিত্ৰশিল্পী মিৰ্জা বাবাৰ দ্বাৰা অংকিত এই কৰ্মসমূহত ফাৎ-আলী শ্বাহক তেওঁৰ বহুতো ৰাজকীয় ৰূপত চিত্ৰিত কৰা হৈছে। এইবোৰ বাস্তৱসন্মত প্ৰতিচ্ছবিতকৈ এজন শাসক হিচাপে তেওঁৰ ক্ষমতা প্ৰদৰ্শনৰ বাবেহে নিৰ্মাণ কৰা হৈছিল। ফলস্বৰূপে, এই কৰ্মসমূহ অতিশয় শৈলীগত, গাঢ় ৰঙৰ আৰু শক্তিৰ প্ৰতীকৰে পৰিপূৰ্ণ।[4]
মেহৰ আলীৰ আন গুৰুত্বপূৰ্ণ কৰ্মসমূহৰ ভিতৰত আছে ইছফাহানৰ ইমাৰত-এ নৱ প্ৰাসাদৰ সাজ-সজ্জাৰ বাবে ফাৎ-আলী শ্বাহে নিৰ্মাণ কৰিবলৈ দিয়া শাহনামাৰ শাসক আৰু চৰিত্ৰসমূহৰ প্ৰতিচ্ছবিৰ এটা শৃংখলা। এই শৃংখলাটো ইমানেই উল্লেখযোগ্য আছিল যে ইছফাহান ভ্ৰমণ কৰা বহুতো ইউৰোপীয় পৰিব্ৰাজকৰ প্ৰতিবেদনত ইয়াৰ উল্লেখ পোৱা যায়।

১৯৮৫ চনলৈকে ভবা হৈছিল যে এই শৃংখলাৰ সকলোবোৰ চিত্ৰ ধ্বংস হৈ গৈছে, কিন্তু তাৰ পাছত তিনিখন চিত্ৰ উদ্ধাৰ আৰু প্ৰমাণিত কৰা হৈছে, সেইকেইখন হ’ল আফ্ৰাছিয়াব, চাংগিজ খাঁ আৰু কায় খুছৰোৰ প্ৰতিচ্ছবি। অৱশ্যে কায় খুছৰোৰ প্ৰতিচ্ছবিখন ইয়াৰ সম্পূৰ্ণ ৰূপত নাই, বৰঞ্চ ইয়াৰ মূল আকাৰৰ প্ৰায় ৮০ শতাংশলৈ হ্ৰাস পাইছে। তথাপিও, ২০০৭ চনত লণ্ডনৰ ক্ৰীষ্টিছৰ নিলামত এইখন ৫৪,০০০ পাউণ্ডত বিক্ৰী হৈছিল।[5] বাকী দুখন চিত্ৰও ব্যক্তিগত সংগ্ৰহত আছে।
গেলেৰী
[সম্পাদনা কৰক]- ১৮০৩ চনত মিহৰ আলীৰ দ্বাৰা স্বাক্ষৰিত ৰজা জমশ্বিদৰ প্ৰতিচ্ছবি
- প্ৰায় ১৮০০ চনৰ যুৱৰাজ আব্বাছ মিৰ্জাৰ প্ৰতিচ্ছবি
- প্ৰায় ১৮১০-১৫ চনৰ যুৱৰাজ আব্বাছ মিৰ্জাৰ প্ৰতিচ্ছবি
- ১৮১৩ চনত মিহৰ আলীৰ দ্বাৰা অংকিত ফাৎ-আলী শ্বাহ কাজাৰৰ চিত্ৰ, ছাদাবাদ কমপ্লেক্স, তেহৰাণ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Sotheby's [সংযোগবিহীন উৎস]
- ↑ Necipoğlu, Gülru (6 October 1999). "Muqarnas, Volume 16: An Annual on the Visual Culture of the Islamic World". BRILL. https://google.com। আহৰণ কৰা হৈছে: 6 October 2023.
- ↑ "Answers - the Most Trusted Place for Answering Life's Questions". Answers.com. http://answers.com.
- ↑ "Nineteenth-Century Iran: Art and the Advent of Modernity - Heilbrunn Timeline of Art History". Metropolitan Museum of Art. http://metmuseum.org। আহৰণ কৰা হৈছে: October 26, 2010.
- ↑ "Portrait of Kay Khusraw". http://christies.com.