মিৰিকা মাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিৰিকা মাছ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Actinopterygii
বৰ্গ: Cypriniformes
পৰিয়াল: Cyprinidae
গণ: Cirrhinus
প্ৰজাতি: C. cirrhosus
বৈজ্ঞানিক নাম
Cirrhinus cirrhosus
(মাৰ্কাছ এলিজাৰ ব্লক, ১৭৯৫)
সমাৰ্থক

Cirrhinus mrigala (এফ. হেমিল্টন, ১৮২২)

মিৰিকা মাছ (Cirrhinus cirrhosus, বা Cirrhinus mrigala), মৃগেল আৰু হোৱাইট কাৰ্প বুলিও কোৱা হয়, হৈছে কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ মাছৰ প্ৰজাতি। ভাৰতৰ নদী আৰু জুৰিত পোৱা এবিধ স্থানীয় মাছ, কেৱল কাউভেৰি নদীত ইয়াৰ বন্য প্ৰজাতি দেখিবলৈ পোৱা যায়, প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN)ৰ ৰঙা তালিকাত ইয়াক অসুৰক্ষিত প্ৰজাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ই স্থানীয়ভাৱে পালন কৰাৰ ওপৰিও বাহিৰা অঞ্চলতো অতি জনপ্ৰিয় আৰু বহুল ভাৱে পালন কৰা মাছৰ প্ৰজাতি।[1] ই প্ৰায় 1 মিটাৰ (3.3 ফুট) পৰ্যন্ত দীঘল হয়।


মীন পালন[সম্পাদনা কৰক]

ই দক্ষিণ এচিয়াৰ মীন-পালনত ব্যৱহাৰ কৰা এটা অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছৰ প্ৰজাতি।[2] ইয়াক ৰৌ আৰু বাহুৰ সৈতে সংমিশ্ৰিতভাৱে পালন কৰা হয়। খাদ্য হিচাপে ইয়াক ঘৰুৱাভাৱে ব্যৱহাৰ কৰাৰ লগতে বিক্ৰীও কৰা হয়। পুখুৰীৰ পৰিৱেশত ই বংশবৃদ্ধি নকৰে, সেইবাবে প্ৰাণোদিত পদ্ধতিত (কৃত্ৰিমভাৱে কণী পাৰিবলৈ প্ৰেৰিত কৰা) ইহঁতৰ পোনা উৎপাদন কৰা হয়।

অন্য কাৰ্পতকৈ ভাৰতীয় কাৰ্পবোৰ অধিক সুস্বাদু বুলি বিবেচিত হৈছে আৰু সেইবাবে ইহঁতৰ চাহিদা তথা দামো বেছি। ১৯৯০ চনৰ পৰা ইহঁতৰ বাৰ্ষিক উৎপাদন প্ৰায় ২,৫০,০০০ টনৰ পৰা ৫,৫০,০০০ টনলৈ বৃদ্ধি হৈছে। ভাৰত আৰু বাংলাদেশতেই ইহঁতৰ সৰ্বাধিত উৎপাদন কৰা হয়।

বসতি[সম্পাদনা কৰক]

মিৰিকা হৈছে মধ্য স্তৰৰ উপভোক্তা। ই খৰশ্ৰোতা নদী আৰু জুৰিত বাস কৰে। বাসস্থানৰ প্ৰায় সাঁচ:Convert/to/AoffSoff (20 ৰ পৰা 39 in) গভীৰৰ বালি বা মাটিত ইহঁতে কণী পাৰে। এজনী ৬ কিলোগ্ৰাম (১৩ পাউণ্ড) ওজনৰ মাইকী মিৰিকা মাছে প্ৰায় এক নিযুতমান কণী পাৰে। ইহঁত অতি খৰতকীয়াকৈ বৃদ্ধি হয়; মাত্ৰ দুবছৰতেই প্ৰায় ৬০ centimetre (24 in) দীঘল আৰু ওজন প্ৰায় ২ কিলোগ্ৰাম (৪.৪ পাউণ্ড) লৈকে হোৱা দেখা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. FAO (2014). "Cirrhinus mrigala (Hamilton, 1822)". Cultured Aquatic Species Information Programme. FAO Fisheries and Aquaculture Department. http://www.fao.org/fishery/culturedspecies/Cirrhinus_mrigala/en। আহৰণ কৰা হৈছে: 9 May 2014. 
  2. Development of freshwater fish farming and poverty alleviation - A case study from Bangladesh