মিচিং জনগোষ্ঠী
| গহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ | ||||||
| মুঠ জনসংখ্যা | ||||||
|---|---|---|---|---|---|---|
| ৬৮৭,৮৩৬ (২০১১ চনৰ লোকপিয়ল অনুসৰি) | ||||||
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | ||||||
| অসম, অৰুণাচল (উত্তৰপূব ভাৰত) | ||||||
| ||||||
| ভাষাসমূহ | ||||||
| ধৰ্ম | ||||||
|
ডনি-প'ল' (পৰম্পৰাগত ধৰ্ম), হিন্দু ধৰ্ম,খ্ৰীষ্টান ধৰ্ম[3] | ||||||
| সম্পৰ্কীয় জাতি-জনগোষ্ঠী | ||||||
মিচিং জনগোষ্ঠী (ইংৰাজী: Mising People,মিচিং: Mising Mo:pín,টাই-আহোম: 𑜆𑜂𑜫 𑜓𑜣𑜃𑜫 pang-din) হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা চীনা তিব্বতীয় ভাষা পৰিয়ালৰ টানি জাতিৰ জনগোষ্ঠী।[4][5] তেওঁলোকৰ পৰম্পৰাগত ভাষা হৈছে মিচিং ভাষা আৰু পৰম্পৰাগত ধৰ্ম হৈছে ডনি-প'ল' ধৰ্ম।[6]
বাসস্থান
[সম্পাদনা কৰক]মিচিংসকল অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী। তেওঁলোকে প্ৰধানকৈ উজনি অসমত বসবাস কৰে। অসমৰ ধেমাজি, তিনিচুকীয়া, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, কামৰূপ (মেট্ৰপলিটান) জিলাত বাস কৰে। ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশৰ লোহিত আৰু চিয়া জিলাত তেওঁলোকৰ বসবাস আছে। সাধাৰণতে নৈৰ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওত:প্ৰোতভাৱে জড়িত।
নামৰ অৰ্থ
[সম্পাদনা কৰক]মিচিং:মিচিং শব্দটো মি‟ আৰু “টছিং/আন্সিং” শব্দ দুটাৰ মিলি হৈছে। মি‟ মানে মানুহ আৰু টছিং/আন্সিং মানে যোগ্যতা।[7]
পাং-দিন (𑜆𑜂𑜫 𑜓𑜣𑜃𑜫): আহোম ভাষাত বুৰঞ্জীসমূহত মিচিং সকলক পাং-দিন বুলি কোৱা হয়।[8]
মিচিং ভাষা
[সম্পাদনা কৰক]অসমৰ জনজাতীয় ভাষাসমূহ বৃহৎ চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। এই ভাষা পৰিয়ালটো দুটা ভাগত বিভক্ত— তিব্বত-বৰ্মী আৰু থাইচীন শাখা। মিচিং ভাষা তিব্বত-বৰ্মীৰ অন্তৰ্গত উত্তৰ অসম শাখাৰ অন্তৰ্গত এটি ভাষা। মিচিংসকলৰ বিষয়ে খুব বেছি পুৰণি ঐতিহাসিক তথ্য পাবলৈ নাই। তেওঁলোকৰ মৌখিক সাহিত্য, কিম্বদন্তি আৰু সিঁচৰতি হৈ থকা দুই-এটা লিখিত তথ্যৰপৰা কিছু আভাস পাব পাৰি। সেইমতে, পূৰ্বতে অসমৰ উত্তৰে থকা পাহাৰসমূহত তেওঁলোকৰ বাসস্থান আছিল। পিছত বিভিন্ন কাৰণত তেওঁলোক ভৈয়ামলৈ নামি আহে। বৰ্তমান অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ জিলাৰ লগতে শদিয়া আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, নগাঁও আৰু গুৱাহাটীত মিচিংভাষীৰ বসতি আছে। মিচিং ভাষাত উচ্চাৰিত ধ্বনিসমূহক স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনি— এই দুটা ভাগত ভাগ কৰা হৈছে। ভাষাটোত মুঠতে সাতটা স্বৰধ্বনি উচ্চাৰিত হয়। প্ৰতিটো স্বৰধ্বনিৰে হ্ৰস্ব আৰু দীৰ্ঘ— দুটা ৰূপ পোৱা যায়। হ্ৰস্ব আৰু দীৰ্ঘ দুয়োটা ৰূপ ধৰিলে স্বৰধ্বনিৰ সংখ্যা হ’ব চৈধ্যটা।
কৃষি
[সম্পাদনা কৰক]কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বল। বছৰত প্ৰধানতঃ দুবিধ ধান খেতি আহু আৰু শালি হয়। ধান খেতিৰ উপৰিও মিচিংসকলে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে।[9]
উৎসৱ
[সম্পাদনা কৰক]আলি আঃয়ে লৃগাং
[সম্পাদনা কৰক]
আলি আঃয়ে লৃগাং মিচিংসকলৰৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়।[10] এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে। মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আ:য়ে" মানে ফল আৰু "লিগাং" মানে উৎসৱ বুজায়। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে। উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে। লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰৰে কিছুমান মচাং, এগে, ৰিঃবি গাচেং, গে’ৰঃ দুমৰি বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে। গৃহিণীহঁতে দোকমোকালিতে উঠি ঘৰৰ চোতাল, চাংতল আদি সাৰি-মচি পৰিষ্কাৰ কৰে। গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে। উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি পুৰাং আপিন সিজায়। ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ নেতৃত্বত ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে। সেই মাটিডৰাত চাৰি চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি গুজে। পীঃৰৰ আলিত থকা পাতবোৰ একেলগে মেৰিয়াই বগা সূতাৰে বান্ধি ৰাখে আৰু পূৱেদি গুজি পীঃৰ গছৰ আগলি ডালৰ গুৰিতে সঁচ লৈ পঃৰ আপং আৰু নগিন আপং ঢালি প্ৰাৰ্থনা কৰে।[11] এই অনুষ্ঠান গাঁৱৰ প্ৰতিঘৰতে কৰা হয়। পথাৰৰ পৰা আহি ভোজ-ভাত খাই সন্ধিয়া পাকচং-মনাম নৃত্য কৰে। এই নৃত্যত সকলোৱে অংশগ্ৰহণ কৰে।
পঃৰাগ
[সম্পাদনা কৰক]পঃৰাগ মিচিং জনগোষ্ঠীৰ আন এক উৎসৱ। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়। সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। এই উৎসৱ গাঁৱৰ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়। আলি আঃয়ে লৃগাংৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত-মাত, নৃত্য-গীতৰ আয়োজন হয়। পৰাগ উৎসৱ তিনিদিন ধৰি পালন কৰা হয়। প্ৰথম দিনাৰ সকলো আয়োজন শেষ কৰাৰ পিচত ৰাতিলৈ 'মিবু'ৰ আদৰণিৰে মিবু-দাগনাম অনুষ্ঠান পতা হয়। এই অনুষ্ঠানত মিবুৰে সৈতে সকলো দেকা-গাভৰু শাৰী-শাৰীকৈ নৃত্য কৰে। এই নৃত্যত আঃবাঃ গীত গোৱা হয়। এনে মাঃগলিক অনুষ্ঠানবোৰত মিবুৰ সৈতে গাঁৱৰ বয়োবৃদ্ধসকলে বধ কৰা গাহৰিৰ আগমঙহত আচিন-তাগিৰ বা মংগল চায়। দ্বিতীয়দিনা নিমন্ত্ৰিত অতিথি'মিনম'সকলক আদৰ শুশ্ৰূষা কৰা হয়। পৰাগ উৎসৱত চুবুৰীয়া গাঁৱৰ উপৰি দূৰ-দূৰণিৰ গাঁৱকো নিমন্ত্ৰণ কৰা হয়। পৰাগ উৎসৱত গাঁৱৰ মুৰংঘৰ অনুষ্ঠিত কৰা হয়। মুৰংঘৰ গাঁৱৰ সোঁমাজত নাইবা যিকোনো এমুৰত মুকলি ঠাইত পূবা-পশ্চিমাকৈ বনোৱা হয়। ইয়াক বাঁহ, কাঠ, আৰু খেৰেৰে নিৰ্মাণ কৰা হয়। মুৰংঘৰত বেৰ নাথাকে; ই এটা মুকুলি চাংঘৰ। ইয়াৰ দুয়োমূৰে চাঙত উঠা-নমা কৰিবলৈ জখলা লগাোৱা থাকে। পঃৰাগৰ কেউনিশা গাঁৱৰ ডেকা-গাভৰু আৰু মিনমসকলে এক লগে মুৰংঘৰত শোৱে। এয়া মিচিংসকলৰ পৰম্পৰাগত ৰীতি। পঃৰাগ উৎসৱৰ অন্যতম অনুষ্ঠান হ'ল-পঃবৰ্-কাতনাম্ আৰু এঃগ-মাননাম। পঃবৰ বাঁহ-বেতেৰে সজোৱা চুপি আকৃতিৰ এক সাজ, ইয়াক আপঙ্ চাকিবলৈ ব্যৱহাৰ কৰা হয়। এঃগ-মাননাম বা গাহৰি বধ কৰা অনুষ্ঠান। এইদৰে তিনতত দিন, তিনদিন নিশা ৰং-আনন্দ, ভোজভাত আৰু পূজা-অৰ্চনাৰ পাচত পঃৰাগ উৎসৱৰ সামৰণি মৰা হয়।
পূজা-পাতল
[সম্পাদনা কৰক]মিচিংসকলে নানান উৎসৱ পালন কৰাৰ বাহিৰেও দৈনন্দিন জীৱনত বিভিন্ন পূজা-পাতল পালন কৰে। যেনে দবুৰ উয়ু, তেলেং উয়ু, ক:চাগ উয়ু, উৰম পচুম আদি।
বিবাহ পদ্ধতি
[সম্পাদনা কৰক]মিচিংসকলৰ বিবাহ কাৰ্য দুটা পদ্ধতিৰে সম্পাদিত কৰা হয়। এই পদ্ধতিক মিদাং (সাধাৰণ নিয়মেৰে বিয়া) আৰু আনটো পদ্ধতিক দুগলা লাঃনাম (পলুৱাই নিয়া) দুয়োটা পদ্ধতিয়েই মিচিং সমাজত সামাজিকভাৱে স্বীকৃতি দিয়া হয়। মিচিং সমাজত গুঃমৃনভেদে উপাধি পৃথক পৃথক হব। একে গুঃমৃন অৰ্থাৎ একে উপাধি বা গোত্ৰৰ ডেকা-গাভৰু মাজত বিবাহ নিষিদ্ধ।
মিদাং
[সম্পাদনা কৰক]মিদাং বা সাধাৰণ নিয়মৰ বিয়াৰ বাবে সাধাৰণতে দৰাঘৰীয়াই ছোৱালী খোজা-বঢ়া আৰু চোৱা-মেলা কৰা হয়। বিশেষকৈ আঘোণ, মাঘ, ফাগুণ আৰু বহাগ মাহত মিচিংসকলে বিবাহ পতাৰ বাবে দিন বাছি লয়। ছোৱালী পছন্দ হ'লে ল'ৰাৰ মাক-দেউতাকে ছোৱালীৰ ঘৰত খবৰ দিয়ে। সেইমতে ছোৱালীৰ মা-দেউতাক বা অভিভাৱকে ল'ৰা ঘৰৰ লোকসকলৰ থকা-মেলা আৰু খোৱা-বোৱাৰ বাবে সকলো যোগাৰ কৰি থয়। নিৰ্দ্দিষ্ট দিনত ল'ৰাৰ পক্ষৰ মানুহ আহিলে ছোৱালী পক্ষৰই সম্বন্ধীয় লোক আৰু গাঁৱৰ মুখিয়ালসকলক লৈ বিয়াৰ বিষয়ে মতামত দিয়ে। ইয়াক 'য়ামনী তাদনাম' বুলি কোৱা হয়। সকলোৰে ঐক্যমত থাকিলেহে ছোৱালী বিয়া দিয়াৰ নিয়ম। দুয়োপক্ষৰ আলোচনা-বিলোচনাৰ অন্তত বিয়াৰ বন্দোবস্ত হ'লে ল'ৰাই ছোৱালীৰ ঘৰত মাজে মাজে এসপ্তাহ- দহদিনৰ কাৰণে কটাই যৎকিঞ্চিৎ কাম-বন কৰি দিব লাগে। ইয়াক মাগব-দুগনাম বোলে। মূল বিয়াৰ সময়ত দৰাক নতুন সাজ-পোছাকেৰে সজাই-পৰাই কন্যাৰ ঘৰলৈ লৈ যোৱা হয়। দৰাৰ লগত দুজন সমবয়সীয়া ডেকা আৰু দুজনী গাভৰু য়ামগুৰ হিচাপে সজাই সোঁমাজত দৰাক বহিবলৈ দিয়া হয়। দৰাৰ দুয়োফালে দুটা পাছিত শুকান মাছ ভৰাই দুজনে পাছিটো কঢ়িয়াই নিয়ে। দৰাপক্ষই সেইদিনা কন্যাঘৰৰ বাবে পূৰ্বে বন্দোবস্ত কৰামতে নিৰ্দিষ্টসংখ্যাক দঁতাল গাহৰি, পঃৰ-আপঙৰ টোপোলা আৰু তামোল-পাণ লগত নিয়ে। দৰা আহি পোৱা লগে লগে কন্যাপক্ষৰ বয়সীয়া মহিলাসকলে দৰাক আদৰি নিয়ে। কন্যা ঘৰৰ চোতালত চালি এটা সাজি সেইনিশা দৰাক তাতে থাকিবলৈ দিয়া হয়। পিছদিনা পুৱাৰ পৰা আচল বিয়া আৰম্ভ হয়। এক নিদ্দিষ্ট সময়ত দৰাক কন্যাঘৰৰ চাঙৰ ওপৰলৈ তুলি নিয়া হয় আৰু তাতে দৰা-কন্যা দুয়োকে একেলগে 'পিনপু-আপিন' ভাত খাবলৈ দিয়া হয়। সমজুৱাসকলক মাংস আৰু আপঙৰ সৈতে ভোজভাত খুওৱা হয়। সমবেত সকলোৰে খোৱা-বোৱা শেষ হ'লে দৰা-কইনাই পুৰোহিত, কন্যাৰ মাক-দেউতাক আৰু সমজুৱাক সেৱা জনায়। তেওঁলোকে দৰা-কন্যাক আশীবাৰ্দ জনায়। আশীৰ্বাদ লোৱা পৰ্ব শেষ হোৱাৰ পাছত দৰাই কন্যাক নিজ ঘৰলৈ লৈ যায়। মিচিংসকলৰ বিয়াত দৰা-কইনাৰ ঘৰত নতুন জখলা কঃবাং, পীৰা কুংকেঃ, জখলাত বন্ধা পাতেৰে সৈতে পিঃৰ গছ, দুৱাৰ মুখত দুয়োফালে দুকলহ পানী, চাউল আৰু ধানৰ পাচি আদি ৰখাটো এক অনিবাৰ্য প্ৰথা। নতুন জখলা আৰু পিৰা এবিধ বিশেষ কাঠেৰে বনোৱা হয়।
দুগলা-লাঃনাম
[সম্পাদনা কৰক]মিচিং সমাজত দুগলা-লাঃনাম অৰ্থাৎ ছোৱালী পলুৱাই নিয়া প্ৰথাৰেও বিয়া পতা হয়। প্ৰণয়-পাশত আবদ্ধ ডেকা-গাভৰুৰ্ কোনো পক্ষৰ পিতৃ-মাতৃৰ বিবাহত অমত থাকিলে কিম্বা আৰ্থিক সচ্ছলতা নাথাকিলে এই প্ৰথাৰে বিবাহ সম্পন্ন হয়। পলুৱাই অনাৰ এদিন বা দুদিনৰ পাছতেই ছোৱালীৰ ঘৰত জাননী দিবলৈ দুগতাদ দূত এজনক পঠিওৱা হয়। দুগতাদজন ল'ৰাৰ সম্পৰ্কীয় বা গাঁৱৰ কোনো জ্যেষ্ঠ ব্যক্তি হ'ব লাগে। দুগতাদৰ জাননীৰ পিচত ছোৱালীক ঘৰত তোলা হয়। ন-ছোৱালীক ঘৰত তুলিবৰ সময়তো সাধাৰণ মিদাং-বিয়াৰ দৰে নতুন জখলা দুৱাৰমুখত দুকলহ পানী, দুপাচি ধান বা চাউল আদিৰ ব্ন্ধাপাত ফালি কলহৰ পানী স্পৰ্শ কৰে। পাচিৰ ধান বা চাউল স্পৰ্শ কৰে আৰু মাক-দেউতাকৰ ভৰি চুই কুমনাম সেৱা কৰে। ন-বোৱাৰী অনাৰ দিনা সাধাৰণতে ৰাতি 'য়ামনী-তানচাং' পৰ্ব অনুষ্ঠিত হয়। ইয়াত ন-বোৱাৰীৰ চকা পঃৰ-আপঙেৰে অভ্যাগতসকলক আপ্যায়ন কৰা হয়। ছোৱালী অনাৰ এমাহ বা দুমাহ পিচত ল'ৰাপক্ষৰ মানুহে ছোৱালীপক্ষৰ ঘৰলৈ অৰায়্-আলৃগ দিবলৈ যায়। অৰায়-আলৃগৰ অৰ্থ কন্যামূল্য বা গা-ধন। 'অৰায়-আলৃগ' কাৰ্য সাধাৰণতে ৰাতি কৰা হয়।
লোক নৃত্য
[সম্পাদনা কৰক]
মিচিং ভাষাত চঃমান বুলি ক'লে নৃত্য লগতে আনুষংগিক গীত আৰু বাদ্যকো বুজায়। মাকচঃ-চঃনামবুলি ক'লে নৃত্যৰ বুজায়। পৰম্পৰাগতভাৱে চলি অহা মিচিং লোক-নৃত্যক ঘাইকৈ চাৰি ভাগত বিভক্ত কৰিব পাৰি-
- ধৰ্মমূলক নৃত্য।
- কৃষি-উৎসৱমূলক নৃত্য।
- সাধাৰণ চঃমান নৃত্য।
- ধেমেলীয়া চঃমান নৃত্য।
ধৰ্মমূলক নৃত্য
[সম্পাদনা কৰক]মিচিংসকলৰ পূজা-পাৰ্বণৰ পুৰোহিত হ'ল মিবু। পূজাৰ সময়ত মিবুৱে আঃবাং মন্ত্ৰ উচ্চাৰণ কৰি নৃত্য কৰে আৰু গাঁৱৰ ডেকা-গাভৰুৱে তেওঁৰ লগে লগে বৃত্তাকাৰ কৰি গীত আৰু নৃত্য কৰি তেওঁক অনুসৰণ কৰে। মিবুৰ হাতত য়কচা নামৰ এবিধ তৰোৱালজাতীয় বিশেষ অস্ত্ৰ থাকে। নৃত্য কৰোঁতে সেই য়কচাৰ জোকাৰণিৰ শব্দই বাদ্যৰ কাম কৰে। ইয়াক 'মিবু-দাগনাম' নৃত্য বোলে। পঃৰাগ উৎসৱত, কধঃচাগ পূজাত আৰু আনুষ্ঠানিকভাৱে মংগল চোৱা আদি বিশেষ উদ্দেশ্য আৰু কাৰণতহে 'মিবু-দাগনাম' অনুষ্ঠিত হয়।
কৃষি-উৎসৱ নৃত্য
[সম্পাদনা কৰক]গুমৰাগ নৃত্য মিচিংসকলৰ প্ৰধান কৃষিনৃত্য। আলি আই লৃগাং উৎসৱত নচা নৃত্যক গুমৰাগ্-পাকচং বা গুমৰাগ চঃমান বুলি কোৱা হয়। বীজ ৰোৱা বা সিঁচাৰ পাছত ভৰি দুখনেৰে মোহাৰি দিওঁতে যি ৰূপত ভৰিৰ সঞ্চালন হয় তাৰেই নৃত্যৰূপ হৈছে গুমৰাগ নৃত্যৰ মুখ্য মুদ্ৰা। এই মুদ্ৰাক মিচিং ভাষাত দাকেঃ-কেঃনাক বুলি কোৱা হয়। শস্যৰ বীজবোৰ গজালি মেলি লহপহকৈ বাঢ়ি বতাহত হালিজালি থকাৰ ৰূপত দুয়োখন হাত ওপৰলৈ তুলি এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে কৰি নৃত্য কৰে। গুমৰাগ নৃত্যত ঢোল-তালৰ উপৰিও লীনং আৰু মাৰাবাং নামৰ পুৰণিকলীয়া বাদ্য ব্যৱহাৰ কৰে।
সাধাৰণ চঃমান নৃত্য
[সম্পাদনা কৰক]আলিয়াই লৃগাং, পৰাগ, বিহু আদিৰ উপৰি সাধাৰণভাৱেও মিচিং সমাজত চঃমান বা নৃত্য-গীত অনুষ্ঠিত হয়। বছৰৰ যিকোনো সময়ত গাঁৱৰ ৰাইজৰ কীবাং আহবান কৰিলে, বিয়া-বাৰু, উৰম-দদগাং আদি সকাম অনুষ্ঠিত হ'লে সেইবোৰৰ উপলক্ষেও চঃমান পতা হয়। মিচিংসকলে তিনিওটা বিহু নিজাববীয়াকৈ পালন কৰে। ৰৈলাঃ-নৃত্য বহাগ বিহুত কৰা হয়।
ধেমেলীয়া নৃত্য
[সম্পাদনা কৰক]সকাম, পূজা-পাৰ্বণ শেষ কৰাৰ পিচত বুঢ়া-বুঢ়ীসকলে কেতিয়াবা চঃমান পাতে। ইয়াত যিকোনো ধৰণৰ নৃত্য কৰিব পাৰে। সাধাৰণতে ফুচৰি, ছদ্মবেশী নৃত্য আদি কৰা হয়। ইয়াত কোনো ধৰণৰ বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰা নহয়।
মৃতকৰ সৎকাৰ
[সম্পাদনা কৰক]মিচিংসকলে মানুহক ঘৰৰ ভিতৰতেই মৰিবলৈ দিয়ে। মৰিবৰ সময়ত পাত এখিলা চুপি আকৃতি কৰি মৰিবলৈ ওলোৱা লোকৰ মুখত পানী নাইবা আপঙ্ দিয়া হয়। মৃত লোকজনক গা-ধুৱাই মূৰত তেল সানি চুলি ফণিয়াই দিয়া হয়। লগতে গা-ধুৱাই নতুন কাপোৰ-কানি পিন্ধাই দিয়া হয়। মৃতকক কাপোৰ ওলোটাকৈ পিন্ধোৱা হয়। মৃতক পুৰুষ হ'লে মূৰত পাগুৰী পিন্ধাই দিয়া হয়। ইয়াৰ পিছত মৃতকক চাংঘৰৰ ককতক (নামনিত) ঘৰৰ দীঘলে উত্তৰ বা পশ্চিম দিশে মূৰ শিতান দি ৰখা হয়। আত্মীয়সকলে বিশেষকৈ তিৰোতাসকলে এক বিশেষ সুৰত কান্দোন জোৰে। মিচিংসকলৰ মৃতদেহ পোতে, দাহ নকৰে। সমাধি দিবলৈ মাটিত পূবা-পশ্চিমাকৈ দীঘল আৰু দ গাঁত খন্দা হয়। কাঠৰ নাও বা তক্তাৰে বাকচ এটা সাজি তাৰ ভিতৰত মৃতদেহ ভৰোৱা হয়; ইয়াক ৰুংকুক বোলা হয়। ৰুংকুক থবলৈ গাঁতটোত পথালিকৈ পাঁচ টুকুৰা বাঁহ পাতি লোৱা হয়। গাঁতটোৰ চাৰিওফালে মৃতদেহ লৈ পাঁচবাৰ প্ৰদক্ষিণ কৰাৰ পিচত ৰুংকুকটোত মৃতদেহ পশ্চিমফালে মূৰৰ শিতান কৰি ভৰোৱা হয়। ৰুংকুকটো ঢাকনিৰে মজবুতকৈ ঢাকি দি তাৰ ওপৰত এফালে হেলনীয়াকৈ শাৰী শাৰী বাঁহৰ টুকুৰা জাপি দিয়া হয়। বাঁহৰ টুকুৰাবোৰক গলং বুলি কোৱা হয়। মিচিংসকলৰ বিশ্বাসমতে গলং দিয়াটোৱেই মৃতকৰ প্ৰতি কৰা শেষ শ্ৰদ্ধা তৰ্পণ। ডাঙৰ পুতেকে গলং দিবৰ বাবে বিশেষভাৱে ঘৰৰ চাঙৰ পৰা এডাল বীনীৰ বাঁহ উলিয়াই অনা হয় আৰু তাক কেইবাটুকুৰা কৰি গলং হিচাপে দিয়া হয়। ঠিক সেইদৰে মাটি দিয়াৰ ক্ষেত্ৰতো প্ৰথম মাটি চপৰা ডাঙৰ পুতেকে বাওঁহাতেৰে দিয়াৰ নিয়ম। সমাধিত মাটি যথেষ্ট পৰিমাণে দিয়া হয় যাতে সমতলতকৈ ই দুই-তিনি ফুটমান ওখ হৈ থাকে। সমাধিৰ ওপৰত বগা কাপোৰৰ ঢাকনি এখন দীঘলে দীঘলে তৰি দিয়া হয়। মিচিং ভাষাত সমাধিক আগ বুলি কোৱা হয়। গাঁৱৰ বয়সস্থ, বৃদ্ধ আৰু প্ৰতিপত্তিশালী ব্যক্তিৰ মৃত্যু হ'লে মৃতকৰ ঘৰৰ মুধচত উঠি লীঃনং-বাৰবাং বজোৱা হয়। এইবিধ বাদ্যৰ মাত শুনিলেই কোনো বিশিষ্ট ব্যক্তিৰ মৃত্যু হোৱা বুলি গম পায় আৰু সকলো গোট খাই মৃতকৰ সৎকাৰ কৰে। অকালতে মৰা ডেকা-গাভৰু আৰু প্ৰসূতি নাৰীৰ মৃত্যু মিচিং সমাজৰ বাবে এক কৰুণ আৰু অস্বাভাৱিক ঘটনা। প্ৰসূতি নাৰীৰ মৃত্যু হোৱাটোক মিচিংসকলে য়ৃপ-তালীং বোলে। এনে মৃতদেহ উঠি অহা ল'ৰা-ছোৱালীক দৰ্শন কৰিবলৈ দিয়া নহয়। আনকি মৃত নাৰীয়ে বৈ থৈ যোৱা কাপোৰ-কানিও উঠি অহা ছোৱালীক পৰিধান কৰিবলৈ দিয়া নহয়। কেৱল গাঁৱৰ আদহীয়া, বুঢ়া-বুঢ়ীসকলহে এনে মৃতদেহৰ সৎকাৰ কৰে। তিনিদিনৰ মূৰত গাঁৱৰ বয়োবৃদ্ধ লোকসকলে শুদ্ধি কাৰ্য সম্পন্ন কৰে। প্ৰায় এমাহৰ পিচতহে বিশেষ শুদ্ধি কাৰ্য কৰা হয়। ইয়াক উচীঃ বা উৰম্-আপিন বুলি কোৱা হয়। ইয়াত গাহৰি আৰু কুকুৰা মাৰি ইষ্ট-কুটুম্বক ভোজ-ভাত খুওৱা হয়। বছৰ চেৰেকৰ পিছত শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ইয়াক দদগাং বোলে। সামৰ্থ্য অনুসৰি মিচিংসকলে দদগাং বিৰাট আয়োজন আৰু ধূমধামেৰে সম্পন্ন কৰে। দদগাংৰ দিনা সমজুৱাক খোৱাৰ বাবে ভোজ-ভাতৰ আয়োজন কৰা হয়। এভাগত ভাত, মাংস আৰু আপং মৃতকৰ বাবে আগ' বা সমাধিত দি থৈ অহাৰ নিয়ম। এই কাৰ্য্যত ঘৰৰ লোকসকলৰ সৈতে সম্বন্ধীয় যাব লাগে। মৃতকৰ বাবে উৰ্চগা কৰা বস্তুবোৰ দি সকলোৱে দুখ কৰে। এই কাৰ্য্য সম্পন্ন হোৱা পাছত মৃতকৰ বাবে আয়োজন কৰা শ্ৰাদ্ধৰ ওৰ পৰে।
সাজপাৰ
[সম্পাদনা কৰক]
মিচিংসকলৰ বয়ন শিল্পলৈ মন কৰিলেই তেওঁলোক সাংস্কৃতিক দিশত কিমান যে চহকী আৰু বৰ্ণাঢ্য সেই কথা সহজেই অনুমান কৰিব পাৰি। মিচিং নাৰী তথা শিপিনী বোৱা-কটাত অত্যন্ত পাকৈত আৰু তেওঁলোকৰ ৰঙৰ নিৰ্বাচন, সমাসাৰ আৰু সংমিশ্রণ খুব মন কৰিবলগীয়া দিশ।
যিহেতু মিচিঙৰ প্ৰত্যেকৰে চাংঘৰ থাকে, সেয়ে তাৰ তলতে তাঁতশাল এখনো সজাই লয়। অৱশ্যে কিছুমানে আছুতীয়াকৈ তাঁতশাল সজোৱা দেখা যায়। ক'বলৈ গ'লে খোজ কাঢ়িবলৈ নজনাৰ আগতেই মিচিং ছোৱালী তাঁতশালৰ প্ৰতি আকৰ্ষিত হয়। জীয়াৰী কালতেই ছোৱালী বা গাভৰুসকলে বেচিকৈ তাঁত বয় আৰু তেতিয়াই ভবিষ্যতৰ বাবে প্রয়োজন হ'বলগীয়া কাপোৰ বৈ লয়।

তেওঁলোকে মিমাং অৰ্থাৎ চানেকিৰ আৰ্হিত ফুল বাচে। তেওঁলোকৰ বস্ত্ৰত নদ-নদী, চৰাই (বিশেষকৈ ম'ৰা চৰাই), পাহাৰ-পৰ্বত, ফুল, গছ, লতা, পখিলা, জোন, তৰা, তাজমহল ইত্যাদি সুন্দৰভাৱে ফুটি উঠে। সাধাৰণতে তেওঁলোকৰ পুৰুষৰ তুলনাত মহিলাসকলে কিনা কাপোৰতকৈ বোৱা কাপোৰেই পৰিধান কৰে। মিচিং মহিলাই ব্যৱহাৰ কৰা বস্ত্ৰ হৈছে- এগে (মেখেলা), মচাং এগে (ভমকাফুলীয়া মেখেলা), ৰিঃবি-গাচেং (দুবিধ মিচিং চাদৰ), গাচৰ, ৰিয়া (ৰিহা), গাঃপা গাৰেঃ (মেখেলাজাতীয় বস্তু), গেৰঃ (এক ৰঙীণ চাদৰ), চেক্ৰৌক্ (কঁকালত পিন্ধা এক কাপোৰ), য়াম্ব, তাপুম গাচৰ (এৰী চাদৰ) ইত্যাদি। সেইদৰে পুৰুষসকলে পিন্ধা বস্ত্র হৈছে- গালুক (চোলা), মিবু গালুক (মিবুৱে পিন্ধা চোলা), দুমৌৰ (গামোচা), উগন (ধুতি), মেন্জুন্ (টঙালি), তুকান গালুক (গেঞ্জি) ইত্যাদি। তেওঁলোকৰ 'মিৰিজিম' এখন বিখ্যাত বস্ত্ৰ। দৰাচলতে মিৰিজিম কাপোৰ জাৰকালি লোৱা পৰিয়ালৰ গৰম কাপোৰহে যাক মিচিংসকলে "গাদু” বোলে।[12]

গাঃলে
ৰুম্বুঙৰ দৰেই বিভিন্ন ৰঙৰ সূতাৰে গাঃৰে বোৱা হয় যদিও ইয়াত ফুলৰ পৰিমাণ কিছু কম হয়। বিবাহিত মিচিং মহিলাই সাধাৰণতে গাঃৰে পৰিধান কৰে।[13]
গেৰ
মাজৰ অংশ ৰঙীন ফুলভৰা গামিগেৰে বোৱা এইবিধ কাপোৰক গেৰঃ বুলি কোৱা হয়। বিবাহিত মহিলাই বুকুত আৰু গাভৰু ছোৱালীয়ে কঁকালত গেৰঃ পিন্ধে। গেৰঃ কাপোৰত লগোৱা গামিকবোৰ গেৰঃগামিক বুলি কোৱা হয়।[13]
গাপা
পকোৱা সূতাৰে ডাঠকৈ বোৱা মেখেলা হিচাপে পিন্ধা এবিধ কাপোৰ হৈছে গাপাঃ। এইবিধ মেখেলা দুইমূৰ সংযোগ কৰি চিলোৱা নহয়। আদিসকলৰ গালৌ আৰু মিচিং গাপাঃ প্ৰায় একেই ধৰণৰ। ইয়াৰ মাজৰ অৰ্থাৎ পিছফাল অংশত কৌনা কৌনিক আকৃতিৰ ফুল বছা থাকে। মিচিং গাভৰু ছোৱালীয়ে এই গাপাঃ পৰিধান কৰে।[13]
পুচুং এগে-গাচৰ
পাতল সেউজীয়াৰ লগত বগা, বেঙুনীয়া, হালধীয়া আদি ৰং মিহলি সৰু সৰু আঁছ লগোৱা ছেক তৈয়াৰ কৰি গ্ৰাফিক ৰূপত বোৱা মেখেলা-চাদৰকে পুচুং এগে-গাচৰ বুলি কোৱা হয়। সাধাৰণতে ঘৰুৱা পোছাক হিচাপে বিবাহিত মহিলাই এই পুচুং এগে-গাচৰ পৰিধান কৰে।
আ-অলংকাৰ
[সম্পাদনা কৰক]পৃথিৱীৰ প্ৰত্যেক জাতি-জনগোষ্ঠীয়েই সৌন্দর্যবর্ধনৰ বাবে বস্ত্ৰ আৰু অলংকাৰ পৰিধান কৰে। মিচিংসকলো ইয়াৰ ব্যতিক্ৰম নহয়। বিশেষকৈ তিৰোতাসকলে অধিক পৰিমাণে অলংকাৰ পিন্ধা দেখা যায়। তেওঁলোকে প্রধানকৈ সোণ-ৰূপেৰে নিৰ্মিত অলংকাৰ পৰিধান কৰে। যদিও বাঁহ আৰু বেতৰ পৰা নিৰ্মাণ কৰিও অলংকাৰ পৰিধান কৰে।
তেওঁলোকৰ অলংকাৰবোৰ পুৰুষ আৰু মহিলাৰ বিভিন্ন অংগত প্ৰয়োগৰ ভিত্তিত তলত দিয়াধৰণে তালিকাভুক্ত কৰিব পাৰি-
পুৰুষ:
[সম্পাদনা কৰক]ডিঙি: দগনৌ (এবিধ মণি, বিলুপ্তপ্রায় অৱস্থাত), তাদগ্ (এবিধ মণি)
হাত: আনচৰমৰা (গামখাৰু, গোটা আকৃতিৰ)
কাণ: তাকপৰ (এবিধ কেৰু) মাৰপং (বেতেৰে নিৰ্মিত অলংকাৰ; বাহু, কঁকাল, কলাফুল আদি শৰীৰৰ বিভিন্ন অংগত পৰিধান কৰা হয়।)
মহিলা:
[সম্পাদনা কৰক]ডিঙি:দকচৰি (মালা), দুবদুপি (মাদলি), ইকলিঃ (চেইন), মাৰপং (সাতসৰী)
হাত: কংগে (খাৰু), আনচৰমৰা
কাণ: জিনজিৰি, পিচিৰিং (কাণফুলি)
নাক: পি'তেম (কাণফুলি), কেঃকৌৰ (আঙঠি)।[12]
খাদ্যসম্ভাৰ
[সম্পাদনা কৰক]বর্তমান সময়ত জনগোষ্ঠীয় খাদ্য সকলোৰে বাবে প্রিয়। কিয়নো জনজাতীয় খাদ্যসমূহ স্বাস্থ্যসন্মত হোৱাৰ লগতে অতি সুস্বাদু। মিচিংসকলৰ খাদ্যসমূহ আন জনগোষ্ঠীৰ দৰেই তেল, মছলাৰ ব্যৱহাৰ কম হোৱাৰ লগতে এইবোৰৰ উৎপাদন আৰু প্ৰস্তুত প্রণালী সম্পূর্ণ প্রকৃতিগত। তেওঁলোকৰ প্ৰধান খাদ্য ভাত। এতিয়াও ৰাতিপুৱাৰ ভাগত পিন্কাং আপিন (কৰ্কৰা ভাত) খোৱা পৰম্পৰা গাৱে-ভূঞে দেখা যায়। তেওঁলোকৰ খাদ্যত মাছ, মাংস অপৰিহাৰ্য। অৱশ্যে পোৰা আৰু সিজোৱা খাদ্য হ'লেও অতি তৃপ্তিৰে খাব পাৰে। তেওঁলোকৰ উল্লেখযোগ্য খাদ্যসম্ভাৰৰ ভিতৰত-
আমিন অয়িং - খুদ চাউলৰ পৰা তৈয়াৰী আঞ্জা। মিচিং দাইল হিচাপেও ই জনপ্রিয়।
পুৰাং আপিন- তৰাপাতত বৰা চাউল বান্ধি সিজাই প্রস্তুত কৰা টোপোলা ভাত।
ঙচান- শুকান মাছ বা শুকতি।


নামচিং- শুকান মাছ খুন্দি গুৰি কৰি প্ৰস্তুত কৰা খাদ্য। এই খাদ্য পাতত দি বা সিজাই খালে বৰ তৃপ্তিদায়ক হয়।
পিতাং অয়িং - পিঠাগুৰি বা চাউলৰ গুৰিৰ লগত কুকুৰা মাংসৰে বনোৱা আঞ্জা।
পেৰেদ অয়িং - মাটিমাহেৰে বনোৱা খাদ্যকে পেৰেদ অয়িং বোলে। মিচিংসকলৰ গাহৰি মাংসৰ সৈতে তৈয়াৰ কৰা এই খাদ্য খুব তৃপ্তিদায়ক।
তদুপৰি তেওঁলোকে তাজিক্ (এবিধ ডিমৰু পাত), তাকুক্ (অঠুৱাডিমৰু), টাপিয়াং (যজ্ঞডিমৰু), মাৰ্চাং (মালকাঠী), গেঃনাগ্ (খুতৰা), তাপেঃ তামেঃ (জিলমিল), পাতাং অয়িং (মাটিকাদুৰি), য়ঃবৃদ্ (টিকনি বৰুৱা), পাক্স (নেফাকু) নেকুং (নলটেঙা, মৰিচা, টেঙেচি, টেঙামৰা, কণ বিলাহী ইত্যাদি) আদি বিভিন্ন বনৰীয়া শাক অতি সুস্বাদুভাৱে প্রস্তুত কৰে।[12]
পানীয়:
[সম্পাদনা কৰক]ইয়াৰ উপৰিও মিচিংসকলে থলুৱাভাৱে ধান-চাউলৰ পৰা পানীয় নগিন্ আপং (লাওপানী), আৰু পঃৰ আপং (ছাইমদ) প্রস্তুত কৰে। তদুপৰি ফটিকা বা চুলাই মদৰো প্ৰস্তুত কৰে। তেওঁলোকে এইবোৰ বিভিন্ন সকাম-নিকাম বা মাংগলিক ক্ৰিয়াত আপং ব্যৱহাৰ কৰে। সেইদৰে আলহী অতিথিক আপং যাচে।[12]
মুৰং অকুম
[সম্পাদনা কৰক]অসমৰ প্ৰায় জনগোষ্ঠীয় সমাজত একোখনকৈ ডেকাচাং থাকে। যেনে-কাৰ্বি (মিকিৰ)ৰ 'তেৰাং', তিৱাৰ 'ছামাদি', ডিমাছাৰ 'নদ্রাং', দেউৰীৰ 'এলেং আচ্চে' আদিৰ দৰেই মিচিংসকলৰো ডেকাচাং আছে, যাক 'মুৰং উকুম' বা 'মুৰং অকুম' বোলে। সাধাৰণতে জীৱ-জন্ত, বহিঃশত্ৰুৰ আক্ৰমণ, প্রাকৃতিক দুর্যোগ, বানপানী, জুই ইত্যাদি বিপদৰ পৰা ৰক্ষা পাবৰ বাবে; সকলোকে সজাগ-সচেতন কৰি তোলাৰ বাবে প্রত্যেক গাঁৱতে একোখনকৈ মুৰং উকুম আছিল বা এতিয়াও আছে। শংকৰী ধৰ্মৰ লোকসকলৰ নিমিত্তে নামঘৰ যেনে পবিত্র ক্ষেত্র, মিচিং সমাজৰ কাৰণে মুৰং ঘৰো তেনে পবিত্র স্থল। গাঁৱৰ সোঁ-মাজত সম্মুখৰ ফালে মুৰং ঘৰ সজা হয়। কাঠ-বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰা ঘৰটোত বেৰ-খোৰ দিয়া দিয়া নহয়। মুৰং ঘৰ বা মুৰং উকুম মিচিং সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। ইয়াতে তেওঁলোকে সমস্ত সামাজিক কাম-কাজ, আলোচনা বিলোচনা কৰে। আচলতে ক'বলৈ গ'লে ই গাঁওখনৰ সুখ-দুখ, সমস্যাৰ সমাধান, সজাগ-সচেতন কৰি তোলা, আলোচনা-বিলোচনা আদিৰ কার্যালয়স্বৰূপ। আনকি আজিৰ পুলিচ-প্ৰশাসনৰ দিনতো প্ৰথমতে ৰাইজে মুৰং উকুমতেই বহি আলোচনা কৰি সমস্যা নিস্পত্তি কৰিবলৈ যত্ন কৰে।[12]
গীত
[সম্পাদনা কৰক]মিচিংসকলৰ মাজত অনেক গীত বা নিঃতম আছে। সেইবোৰৰ ভিতৰত ঐনিঃতম, আঃবাং নিঃতম বা দেওধাই গীত, কাঃবান নিঃতম বা বিননি গীত, মিদাং নিঃতম বা বিয়া গীত, মমান নিঃতম বা খেল ধেমালিৰ গীত, ক-নিঃনাম নিঃতম বা নিচুকণি গীত আদি উল্লেখযোগ্য।[12]
বাদ্যযন্ত্ৰ
[সম্পাদনা কৰক]তেওঁলোকৰ উৎসৱৰ সময়ত বা নৃত্য-গীতত বিভিন্ন বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। যেনে- দুমদুম (ঢোল), লুপী (তাল), গুংগা (গগণা), টকাটক (টকা), তাপুং (বাঁহী), দুম্পে, তুঃলু, পুলি বা কুৰুলি, পেম্পা (পেঁপা) ইত্যাদি। কিছুমান বাদ্যযন্ত্ৰ অসমীয়া সমাজৰ বাদ্যযন্ত্ৰৰ লগত মিল আছে যদিও তাপুং, দেন্দুন, দুম্পাগ, ৰাই কঃৰৌগ, লৌঃনং মাৰবাং আদি সঁজুলিবোৰৰ ধাৰণা আৰু নিৰ্মাণ পদ্ধতি সম্পূর্ণ নিজা।[12]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "A-11 Individual Scheduled Tribe Primary Census Abstract Data and its Appendix". www.censusindia.gov.in. Office of the Registrar General & Census Commissioner, India.
- ↑ "A-11 Individual Scheduled Tribe Primary Census Abstract Data and its Appendix".www.censusindia.gov.in. Office of the Registrar General & Census Commissioner, India
- ↑ "A-11 Individual Scheduled Tribe Primary Census Abstract Data and its Appendix". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011census/PCA/ST.html। আহৰণ কৰা হৈছে: 2017-11-03.
- ↑ LaPollo, Randy J. (ed.). Sino-Tibetan languages. Routledge. ISBN 9781135797171.
- ↑ Tribe of North East – Mising People
- ↑ "History of Mising". Mising Autonomous CouncilMising Autonomous Council. https://www.macassam.org/history-of-mising। আহৰণ কৰা হৈছে: 2026-06-15.
- ↑ Payun, Manik Chandra. "The Origin of Mising Tribe and Women’s Role in their Society". The International journal of analytical and experimental modal analysis. Archived from the original on 2025-04-28. https://web.archive.org/web/20250428223417/https://www.umkcollege.in/images/The_Origin_of_Mising_Tribe_and_Womens_Role_in_their_Society.pdf। আহৰণ কৰা হৈছে: 2025-01-31.
- ↑ "ahom-assamese-english_dictionary : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. October 23, 2016. পৃষ্ঠা: 98. https://archive.org/details/ahom-assamese-english_dictionary। আহৰণ কৰা হৈছে: January 31, 2025.
- ↑ কৃষি কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বল। বছৰত প্ৰধানতঃ দুবিধ ধান খেতি আহু আৰু শালি হয়। ধান খেতিৰ উপৰিও মিচিংসকলে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে।
- ↑ M. Narimattam (1988). The Valley in Blossom: Neo-Vaishnavism and the Peoples of the Brahmaputra Valley. Spectrum Publications. পৃষ্ঠা. 77.
- ↑ আলি আঃয়ে লৃগাং, বিজু বৰি, দৈনিক জনমভূমি, সংগ্ৰহৰ সময়- ১৫ ফেব্ৰুৱাৰী ২০১২
- 1 2 3 4 5 6 7 মিলি, হেমচন্দ্ৰ আৰু ছেত্ৰী, হোমাং (সম্পা.): বৈচিত্ৰময় অসম আৰু পৰ্যটন, প্ৰকাশক: পূৰ্বায়ণ প্ৰকাশন, প্ৰকাশ: মাৰ্চ, ২০২৫, ISBN 9780358608946
- 1 2 3 গোহাঁই,পুণ্যলতা,ড°(মু.সম্পা.):অসমৰ জনগোষ্ঠীয় নাৰীৰ সাজপাৰ আৰু অলংকাৰ, অলিম্পিয়া প্ৰকাশন,২০১৭
- Kashyap, Samudra Gupta (2000-07-10), "More reconversion stories, this time from Assam", The Indian Express, archived from the original on 2008-05-17, https://web.archive.org/web/20080517120930/http://www.expressindia.com/ie/daily/20000710/ina10046.html, আহৰণ কৰা হৈছে: 2007-12-07
- গ্ৰন্থ: মিচিং সমাজ আৰু সংস্কৃতি, লেখক: ইন্দ্ৰেশ্বৰ পেগু, পৃষ্ঠ নং:৫২, ৬৮, ৬৯, ৭০, ৪৬, প্ৰকাশক: অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠান, জৱহৰনগৰ, গুৱাহাটী।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Indigenous Communities from India Archived 2012-02-04 at the Wayback Machine
- The Mishings of Assam Archived 2017-09-14 at the Wayback Machine by Jatin Mipun
- Ethnologue profile, old profile
- The Hindu: Flood of trouble Archived 2012-02-14 at the Wayback Machine
- indianetzone ৱেবছাইটত থকা আলি আঃয়ে লৃগাং উৎসৱৰ এক চমু বৰ্ণনা
- আলি আঃয়ে লৃগাং নৃত্য ইউটিউবত
- আলি আঃয়ে লৃগাং নৃত্য প্ৰদৰ্শন ইউটিউবত
| |||||