সমললৈ যাওক

মিৰুনা মগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিৰুনা মগৰ
मिरुना मगर

২০২২ চনত মগৰ
জন্ম ১৮ জুলাই, ১৯৯৪ (৩১ বছৰ)
হং কং[1]
ৰাষ্ট্ৰীয়তা নেপালী
পেচা অভিনেত্ৰী
মডেল
সক্ৰিয় হৈ থকা সময় ২০১৮–বৰ্তমান
জনা যায় কাবাডী ৪: দ্য ফাইনেল মেচ (২০২২), জাৰী (২০২৩)


মিৰুনা লীচাৰা মগৰ (নেপালী: मिरुना लीसारा मगर; জন্ম ১৮ জুলাই ১৯৯৪) এজনী নেপালী অভিনেত্ৰী।

তেওঁ ২০১৮ চনত লালপুৰ্জা চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[2] তেওঁ ২০২২ চনৰ কাবাডী ৪: দ্য ফাইনেল মেচ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰে, যি নেপালৰ আটাইতকৈ অধিক উপাৰ্জন কৰা চলচ্চিত্ৰ হৈ পৰিছিল।[3] ২০২৩ চনৰ জাৰী চলচ্চিত্ৰতো তেওঁ অভিনয় কৰে, যিখন নেপালৰ সফল বক্স অফিচ চলচ্চিত্ৰ হৈ পৰিছিল।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

মাগৰ হং কঙত জন্মগ্ৰহণ কৰে; তেওঁ দুবছৰ বয়সত পৰিয়ালসহ নেপাললৈ উভতি আহিছিল।[1] তেওঁৰ পৰিয়াল মূলত ধৰাণৰ। ১২ বছৰৰ বয়সলৈকে তেওঁ তাতে থাকিছিল।[1] তেওঁৰ পিতৃ ব্ৰিটিছ আৰ্মীৰ ৰয়েল গোৰ্খা ৰাইফলছত কৰ্মৰত আছিল। ১২ বছৰৰ বয়সত তেওঁ পৰিয়ালসহ লণ্ডনলৈ স্থানান্তৰিত হয় আৰু তাৰ পৰাই শিক্ষা গ্ৰহণ কৰে।[5] ২০১৬ চনত তেওঁ নেপাললৈ উভতি আহে আৰু অভিনয় শিকাৰ সুযোগ লাভ কৰে।[2]

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
বছৰ চলচ্চিত্ৰ চৰিত্ৰ টোকা তথ্যসূত্ৰ
২০১৮ লালপুৰ্জা পাৰ্পলা আত্মপ্ৰকাশ চলচ্চিত্ৰ
ৰ'জ স্নেহা [2]
২০২২ কাবাডী ৪: দ্য ফাইনেল মেচ শান্তি [3]
২০২৩ জাৰী হাংমা [4]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 पौडेल, राजाराम (2020-02-03). "दिदिकै विवाह भएको छैन : अभिनेत्री मिरुना" (ne ভাষাত). Pokhara News. https://www.pokharanews.com/2020/02/95974/। আহৰণ কৰা হৈছে: 2023-05-01. 
  2. 2.0 2.1 2.2 Dangol, Kuber (2022-05-28). "Want to contribute to women empowerment: Miruna Magar" (en ভাষাত). Khabarhub. https://english.khabarhub.com/2022/28/254518/। আহৰণ কৰা হৈছে: 2023-05-01. 
  3. 3.0 3.1 "Kabaddi 4: Highest grossing domestic movie". nepalnews.com. 2022-07-10. Archived from the original on 2022-09-28. https://web.archive.org/web/20220928182034/https://nepalnews.com/s/entertainment-and-lifestyle/kabaddi-4-highest-grossing-domestic-movie। আহৰণ কৰা হৈছে: 2023-04-30. 
  4. 4.0 4.1 "'Jari' outperforms Salman's khan's film and three other Nepali films at box office" (en-gb ভাষাত). Nepalkhabar. 2023-04-30. https://en.nepalkhabar.com/news/detail/4062/। আহৰণ কৰা হৈছে: 2023-04-30. 
  5. न्यौपाने, रविन (2022-04-10). "लण्डनबाट आएर फिल्म क्षेत्रमा जमिरहेकी 'कबड्डी ४' की नायिका मिरुना (भिडिओ)" (ne ভাষাত). Setopati. https://www.setopati.com/multimedia/267166/। আহৰণ কৰা হৈছে: 2023-05-01.