মি, মাইচেলফ এণ্ড হাৰ
| মি, মাইচেলফ এণ্ড হাৰ | |
|---|---|
| পৰিচালক | মাৰিয়া চোলে টগনাজী |
| ৰচনা | মাৰিয়া চোলে টগনাজী ইভান ক'ট্ৰোনিঅ' ফ্ৰান্সেস্কা মাৰ্চিয়ানো |
| অভিনয়ত | মাৰ্ঘেৰিটা বাই সাব্ৰিনা ফেৰিলী |
| চিত্ৰগ্ৰহণকাৰী | আৰ্নাল্ডো কাটিনাৰী |
| সম্পাদনা | ৱাল্টাৰ ফাচানো |
| সংগীত পৰিচালক | গেব্ৰিলে ৰবাৰ্টো |
মুক্তি |
১ অক্টোবৰ ২০১৫ |
দৈৰ্ঘ্য |
১০২ মিনিট |
| দেশ | ইটালী |
| ভাষা | ইটালিয়ান |
মি, মাইচেলফ এণ্ড হাৰ (ইটালিয়ান: Io e lei) হৈছে মাৰিয়া চোলে টগনাজীৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০১৫ চনৰ এখন কমেডী-ড্ৰামা চলচ্চিত্ৰ। ছবিখনত মাৰ্ঘেৰিটা বাই আৰু সাব্ৰিনা ফেৰিলীয়ে অভিনয় কৰিছে।[1][2][3]
কাহিনী
[সম্পাদনা কৰক]মেৰিনা আৰু ফেডেৰিকা পাঁচ বছৰ ধৰি এটা সম্পৰ্কত আছে আৰু তেওঁলোকৰ ব্যক্তিত্ব অতি বেলেগ হোৱা সত্ত্বেও তেওঁলোকক এহাল সুস্থিৰ আৰু মৰমিয়াল দম্পতী যেন লাগে। প্ৰাক্তন অভিনেত্ৰী মেৰিনা এগৰাকী বহিৰ্মুখী আৰু স্পষ্টবাদী মহিলা, আনহাতে ফেডেৰিকা যথেষ্ট অন্তৰ্মুখী আৰু ব্যক্তিগত কথা গোপন কৰি ৰাখিবলৈ ভাল পায়। তেওঁলোকৰ এই সুখী জীৱনলৈ সমস্যা তেতিয়া আহে যেতিয়া মেৰিনাই এটা সাক্ষাৎকাৰ দিয়ে আৰু তেওঁৰ প্ৰেম জীৱনৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ফেডেৰিকাৰ নাম আৰু পেছাৰ কথা উল্লেখ কৰে। ফেডেৰিকাৰ সহকৰ্মীসকলে তেওঁৰ যৌন অভিমুখিতাৰ বিষয়ে জানিব পাৰে, যাৰ ফলত ফেডেৰিকা বিৰক্ত হয়। আনহাতে মেৰিনাই অনুভৱ কৰে যে পাঁচ বছৰৰ পিছত ফেডেৰিকাই নিজৰ পৰিচয় ৰাজহুৱা কৰিব পৰা হ’ব লাগিছিল।
মেৰিনাক সদায় প্ৰশংসা কৰা পৰিচালক ষ্টেফানোৱে তেওঁক নিজৰ শেহতীয়া কমেডী ছবি এখনত অভিনয় কৰিবলৈ হেঁচা দিয়ে, যিটো চৰিত্ৰ তেওঁ বিশেষকৈ মেৰিনাৰ বাবে লিখিছিল। মেৰিনাই বিগত ১৫ বছৰ ধৰি কোনো অভিনয় কৰা নাছিল, কিন্তু এইবাৰ তেওঁ সন্মত হয়। ইয়াৰ এটা কাৰণ আছিল ফেডেৰিকাই মেৰিনাক সেই চৰিত্ৰটো প্ৰত্যাখ্যান কৰিবলৈ কৰা কিছুমান অপৈণত চেষ্টা।
ইফালে, হঠাতে ফেডেৰিকাই বহু বছৰ ধৰি দেখা নোপোৱা এজন পুৰণি চিনাকি মাৰ্কোক লগ পায়। বহু বছৰ আগতে তেওঁলোক ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হৈছিল, কিন্তু সেই সময়ত ফেডেৰিকা তেওঁৰ প্ৰাক্তন স্বামী চাৰ্জিওৰ সৈতে আছিল। যেতিয়া মেৰিনাই মিলানত দৃশ্যগ্ৰহণ কৰি আছিল, ফেডেৰিকা মাৰ্কোৰ সৈতে এক সম্পৰ্কত লিপ্ত হয়, যিটো মেৰিনাই এটা টেক্সট মেচেজৰ জৰিয়তে ধৰা পেলায়। মেৰিনাই ফেডেৰিকাৰ পৰৱৰ্তী মিলনৰ স্থানলৈ অনুসৰণ কৰে আৰু তেওঁলোকৰ মাজত বাধাৰ সৃষ্টি কৰে। মেৰিনাৰ চৰ্তৰ ওচৰত ফেডেৰিকাই প্ৰথমে হাৰ মানে, কিন্তু কিছু সময়ৰ পিছত তেওঁ অনুভৱ কৰে যে সদায় সন্দেহ আৰু তদাৰকীৰ মাজত তেওঁ জীয়াই থাকিব নোৱাৰে। নিজৰ প্ৰকৃত ইচ্ছাৰ বিষয়ে চিন্তা কৰিবলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হয় আৰু সেয়েহে তেওঁ ঘৰৰ পৰা ওলাই আহে। প্ৰথমে তেওঁ পুত্ৰ বাৰ্নাৰ্ডোৰ ঘৰত থাকে, তাৰ পিছত নিজৰ কাৰ্যালয়তে এটা সৰু থকাৰ ঠাই কৰি লয় আৰু অৱশেষত মাৰ্কোৰ লগত থাকিবলৈ লয়।
মেৰিনা এই বিচ্ছেদত মৰ্মাহত হয় যদিও তেওঁক তেওঁৰ পৰিয়াল আৰু বৰ্তমানৰ কৰ্ম-সহায়ক কেমিলাই সহায় কৰে। সেই চৰিত্ৰটো গ্ৰহণ কৰাটো ভুল আছিল বুলি সিদ্ধান্ত লৈ মেৰিনাই পৰিচালকজনক ক’বলৈ যায় যে তেওঁ কামটো অব্যাহত ৰাখিব নোৱাৰিব। কিন্তু আচৰিত ধৰণে তেওঁ এই কঠিন কথাটো ক’বলগীয়া নহ’ল, কাৰণ পৰিচালকজনে নিজেই জনায় যে অৰ্থ যোগানকাৰীসকলে প্ৰকল্পটো বন্ধ কৰি দিছে।
ড্ৰাইভিং লাইচেন্স পুনৰ লাভ কৰাত বিফল হোৱাৰ পিছত ফেডেৰিকাই অনুভৱ কৰে যে তেওঁ সকলো লণ্ডভণ্ড কৰি পেলাইছে। চাৰ্জিও আৰু তেওঁৰ নতুন পৰিয়ালৰ ঘৰত মাৰ্কোৰ সৈতে নৈশ আহাৰ খাই থকা অৱস্থাত, যেতিয়া পুৰুষ দুজন মাছ ধৰাৰ বিষয়ে উৎসাহেৰে কথা পাতি আছিল, তেতিয়া তেওঁ মনে মনে ওলাই মেৰিনাৰ ওচৰলৈ যায়। মেৰিনাই অনুভৱ কৰিছিল যে তেওঁ অৱশেষত ফেডেৰিকাক পাহৰি পেলাইছে, সেয়েহে তেওঁ ফেডেৰিকাক ভিতৰলৈ মাতিব নিবিচাৰিলে। দুয়োৰে মাজত দুৱাৰমুখতে তৰ্কাতৰ্কি হয়। ফেডেৰিকা এতিয়া নিশ্চিত যে তেওঁ মেৰিনাৰ সৈতে সম্পৰ্কটো বিচাৰে, কিন্তু মেৰিনাই ফেডেৰিকাই তেওঁৰ সৈতে কৰা দুৰ্ব্যৱহাৰৰ কথা সোঁৱৰাই দিয়ে আৰু পুনৰ চেষ্টা কৰিব পাৰিব নে নাই সেইটো ভাবিবলৈ ছয় মাহৰ সময় বিচাৰে।
ফেডেৰিকাই এই কথা বুজি পায় আৰু মানি লয়। কিন্তু যেতিয়া তেওঁ যাবলৈ ওলায়, মেৰিনাই হঠাতে নিজৰ মন সলায় আৰু খটখটিৰে দৌৰি তললৈ নামি আহি ফেডেৰিকাক কয় যে ছয় মাহৰ সময় বহুত বেছি। তাৰ পিছত দুয়ো এক গভীৰ চুম্বনত আৱদ্ধ হয়।
অভিনয় শিল্পী
[সম্পাদনা কৰক]- মাৰ্ঘেৰিটা বাই : ফেডেৰিকা চেলভিনি
- সাব্ৰিনা ফেৰিলী : মেৰিনা বাল্ডি
- ফাউষ্টো মাৰিয়া চিয়াৰাপ্পা : মাৰ্কো
- আলেচিয়া বাৰেলা : কেমিলা
- ডমেনিকো ডিয়েল : বাৰ্নাৰ্ডো
- এনিঅ’ ফেণ্টাষ্টিচিনি : চাৰ্জিও
- মাছিমিলিয়ানো গালো : ষ্টেফানো
- আন্না বেলাটো : আন্না
- এণ্টোনিঅ’ জাভাট্টেৰী : কাৰ্লো
- ডেনিচ ওলাজো : বনকৰা ল’ৰা ৰোলেণ্ডো
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]| বছৰ | বঁটা | বিভাগ | ফলাফল |
|---|---|---|---|
| ২০১৬ | ডেভিড ডি ডোনাটেলো বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী (সাব্ৰিনা ফেৰিলী) | মনোনীত |
| গোল্ডেন চিয়াক বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী (সাব্ৰিনা ফেৰিলী) | বিজয়ী | |
| শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী (আলেচিয়া বাৰেলা) | মনোনীত | ||
| শ্ৰেষ্ঠ সংগীত (গেব্ৰিলে ৰবাৰ্টো) | মনোনীত | ||
| ইটালিয়ান নেচনেল চিণ্ডিকেট অফ ফিল্ম জাৰ্ণালিষ্ট | শ্ৰেষ্ঠ মূল কাহিনী | বিজয়ী | |
| শ্ৰেষ্ঠ কমেডী | মনোনীত | ||
| শ্ৰেষ্ঠ অভিনেত্ৰী (সাব্ৰিনা ফেৰিলী) | মনোনীত | ||
| শ্ৰেষ্ঠ প্ৰযোজক | মনোনীত | ||
| পেৰিছ লেচবিয়ান এণ্ড ফেমিনিষ্ট ফিল্ম ফেষ্টিভেল | শ্ৰেষ্ঠ কাহিনী চিত্ৰ | বিজয়ী |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Chiara Ugolini (25 September 2015). ""Io e lei", Ferilli e Buy coppia "omosentimentale". Sabrina: "Se non ci pensa il governo, ci pensino i cittadini"". La Repubblica. http://www.repubblica.it/speciali/cinema/rprima/ioelei/2015/09/25/news/_io_e_lei_-123669405/। আহৰণ কৰা হৈছে: 30 March 2016.
- ↑ Emanuele Bigi (1 October 2016). "Sabrina Ferilli e Margherita Buy: "Il nostro bacio più bello"". Vanity Fair. Archived from the original on 6 February 2016. https://web.archive.org/web/20160206222822/http://www.vanityfair.it/show/cinema/15/10/01/io-e-lei-margherita-buy-sabrina-ferilli-lesbiche-film-intervista-foto। আহৰণ কৰা হৈছে: 30 March 2016.
- ↑ Simona Santoni (1 October 2016). "Io e lei, l'amore lesbico di Sabrina Ferilli e Margherita Buy: 5 cose da sapere". Panorama. http://www.panorama.it/cinema/io-e-lei-sabrina-ferilli-margherita-buy-recensione/। আহৰণ কৰা হৈছে: 30 March 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মি, মাইচেলফ এণ্ড হাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Io e lei (Me, Myself and Her) at Lucky Red
- Me, Myself and Her at Indigo Film
- Me, Myself and Her (Io e lei)[সংযোগবিহীন উৎস] at Luce Cinecittà
- Me, Myself and Her (Io e lei) at Cineuropa
- Io e lei (Me, Myself and Her) at CinemaItaliano.info
- Io e lei (Me, Myself and Her) at Lumiere