সমললৈ যাওক

মীড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মীণ্ডৰ পৰা পুনঃনিৰ্দেশিত)

হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত, মীণ্ড (হিন্দী: मींड, Urdu: مینڈ) এটা নোটৰপৰা আন এটা নোটলৈ গ্লাইড বা পিছলি যোৱাক বুজায়।[1] ই এটা অত্যাৱশ্যকীয় পৰিৱেশন পদ্ধতি, আৰু ইয়াক প্ৰায়ে কণ্ঠ আৰু বাদ্য সংগীতত ব্যৱহাৰ কৰা হয়। বীণা, চেতাৰ, সাৰংগী আৰু অন্যান্য তাঁৰৰ বাদ্যযন্ত্ৰত, ইয়াক সাধাৰণতে তাঁৰবোৰক ফ্ৰেটৰ ওপৰত ঠেলি দিয়াৰদ্বাৰা কৰা হয় যাতে তাৰ কাৰ্যকৰী দৈৰ্ঘ্য আৰু টান সলনি হয়; তুলনা কৰক পৰ্টামেণ্টো আৰু ফিংগাৰ ভাইব্ৰেটো। এইটো বাঁহীৰ দৰে বায়ু বাদ্যযন্ত্ৰতো কৰিব পাৰি, আঙুলিৰে ফুটাবোৰ এনেদৰে ঢাকি যাতে পৃথক সুৰৰ মাজৰ পৰিৱৰ্তন অদৃশ্য হয়। ইয়াক এটাপ্ৰকাৰৰ সংগীতৰ অলংকাৰ বা সজ্জা হিচাপে গণ্য কৰা হয়।

মীণ্ড যিকোনো শাস্ত্ৰীয় পৰিৱেশনৰ এটা গুৰুত্বপূৰ্ণ অংশ; কিন্তু, সংগীতৰ সমাৰোহত প্ৰায়ে ব্যৱহৃত হাৰমনিয়াম বা সন্তুৰত এই কৌশল সম্ভৱ নহয়। এই কাৰণে, খেয়াল গোৱা পৰম্পৰাগত শিল্পীসকলে সাৰংগীৰ দৰে এনে যন্ত্ৰৰ সংগত পছন্দ কৰে যিয়ে মীণ্ড পৰিৱেশন কৰিব পাৰে।[2]

  1. মীণ্ডৰ পৰিচয় আই টি চি সংগীত গৱেষণা একাডেমীত।
  2. এনচাইক্লোপেডিক ডিকশ্যনাৰী অৱ ৱৰ্ল্ড মিউজিকেল ইনষ্ট্ৰুমেণ্টছ. গ্লোবেল ভিশ্যন পাব হাউচ. অগষ্ট ২০০৩. পৃষ্ঠা. ২৭৩–. ISBN ৯৭৮-৮১-৮৭৭৪৬-৫১-৫. https://books.google.com/books?id=j5oJXHBMBEwC&pg=PA273 আহৰণ কৰা হৈছে: ১৩ জুলাই ২০১৩.

সাঁচ:ভাৰতীয় বাদ্যযন্ত্ৰ সাঁচ:India-music-stub