মীনাক্ষী
মীনাক্ষী | |
---|---|
মাদুৰাইৰ পৃষ্ঠপোষক আৰু অভিভাৱক দেৱী।[1] | |
![]() মীনাক্ষী দেৱী | |
অন্য নাম | অংগায়ণকণি, তাদাদকাই, মীনাটচি, মন্ত্ৰীনি, মংগায়কৰসী, মাদুৰাইদেৱী |
সম্পৰ্ক | পাৰ্বতী, দেৱী |
নিবাস | মাদুৰাই |
প্ৰাণী | গলমণি যুক্ত ভাটৌ |
সঙ্গী | শিৱ |
সহোদৰ | আলাগাৰ (বিষ্ণু) |
মীনাক্ষী (সংস্কৃত: मीनाक्षि, ৰোমানীকৃত: Mīnakshi, তামিল: மீனாக்ஷி,[2][3] Mīnaṭci আৰু Tadhadakai বুলিও জনা যায়)[4] এগৰাকী হিন্দু দেৱী। মাদুৰাইৰ তত্ত্বাৱধায়ক দেৱতা আৰু তেওঁক পাৰ্বতী দেৱীৰ ৰূপ বুলি গণ্য কৰা হয়[5]। তেওঁ শিৱৰ ৰূপ সুন্দৰেশ্বৰৰ ঐশ্বৰিক পত্নী আৰু বিষ্ণুৰ আলাগৰ ৰূপৰ ভগ্নী।[6] সাহিত্যত তেওঁক প্ৰাচীন মাদুৰাই ভিত্তিক পাণ্ডিয়া ৰাজ্যৰ ৰাণী হিচাপে উল্লেখ পোৱা যায় আৰু পিছলৈ তেওঁক দেৱতা হিচাপে গণ্য কৰা হয়।[7] আদি শংকৰে এই দেৱীক শ্ৰী বিদ্যা বুলিও প্ৰশংসা কৰে।[8]
মূলতঃ ভাৰতত তেওঁক পূজা কৰা হয় য’ত তেওঁৰ প্ৰতি উৎসৰ্গিত এটা ডাঙৰ মন্দিৰ আছে যিটো তামিলনাডুৰ মাদুৰাইত মীনাক্ষী মন্দিৰ নামেৰে জনাজাত। মীনাক্ষী, কামাক্ষী আৰু বিশালাক্ষীক পাৰ্বতী দেৱীৰ তিনিটা শক্তি ৰূপ বুলি গণ্য কৰা হয়।[9]
নামৰ উৎস
[সম্পাদনা কৰক]মীনাক্ষী সংস্কৃত শব্দ, যাৰ অৰ্থ হৈছে 'মাছৰ চকু',[10] মীন মানে 'মাছ' আৰু অক্ষী মানে 'চকু' শব্দৰ পৰা মীনাক্ষী উদ্ভৱ হৈছে।[11] তেওঁৰ তামিল নাম তাদাদকাই 'মাছৰ চকুৰ' নামেৰেও জনা গৈছিল, প্ৰাথমিক ঐতিহাসিক বিৱৰণীত মীনাক্ষী নামেৰে এগৰাকী উগ্ৰ, অবিবাহিত দেৱী হিচাপে উল্লেখ কৰা হৈছে।[12] তেওঁক তামিল নাম অংগয়ংকান্নি বা অংগায়ংকান্নমৈ (শব্দ অৰ্থত 'সুন্দৰ মাছৰ চকু থকা মাতৃ') দ্বাৰাও জনা যায়।[2][3] আন এটা তত্ত্ব অনুসৰি দেৱীৰ নামৰ আক্ষৰিক অৰ্থ হৈছে 'মাছৰ শাসন', যিটো তামিল শব্দ মীন 'মাছ' আৰু আটচি 'শাসন'ৰ পৰা উদ্ভৱ হৈছে।[13][14]
এই নামকৰণৰ বিভিন্ন অৰ্থৰ কথা কোৱা হৈছে, য’ত তেওঁ প্ৰথমে মাছমৰীয়া-লোকৰ দেৱী আছিল, তেওঁৰ চকু দুটা মাছৰ দৰে "বৃহৎ আৰু উজ্জ্বল" বা মাছৰ শৰীৰৰ দৰে আকৃতিৰ "দীঘল আৰু চিকুন" চকু আছে। আন এটা ব্যাখ্যা হ'ল এই নামটো এই বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে যে মাছবোৰে কেতিয়াও চকু মুদি নাথাকে: একেদৰে দেৱীয়েও কেতিয়াও নিজৰ ভক্তসকলক চোৱাচিতা কৰাটো বন্ধ নকৰে।[15] তথাপিও আন এটা ব্যাখ্যাত কোৱা হৈছে যে এই নামটো প্ৰাচীন বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে যে মাছে কেৱল চাইয়েই পোৱালিবোৰক খাদ্য যোগান ধৰে; দেৱীয়ে নিজৰ ভক্তসকলক কেৱল এবাৰ চকু ফুৰাই সমৰ্থন কৰে বুলি কোৱা হয়।[16] আদি শক্তিৰ তিনিটা অৱতাৰ আছে:[17] উত্তৰত বিশালাক্ষী,[18] দক্ষিণে কামাক্ষী আৰু মীনাক্ষী।[2]
সাহিত্যত
[সম্পাদনা কৰক]বিখ্যাত পণ্ডিত নীলাকান্ত দীক্ষিতকে ধৰি বহু সন্ত আৰু পণ্ডিতে আধুনিক যুগৰ আৰম্ভণিতে দেৱীৰ ওপৰত কেইবাটাও মহান গীত ৰচনা কৰিছিল। মীনাক্ষী পঞ্চৰত্নম (মীনাক্ষীৰ পাঁচটা ৰত্ন) মীনাক্ষীৰ মোহ, আদি শংকৰে (খ্ৰীষ্টপূৰ্ব অষ্টম শতিকা) ৰচনা কৰা স্তোত্ৰ।[8] যদিও মীনাক্ষীৰ পোনপটীয়াকৈ ললিতা সহস্ৰানাম স্তোত্ৰত দেখা নাযায়, তথাপিও বক্ত্ৰলক্ষ্মী পৰিভাহ কালান মীনাভা অকানা (যিগৰাকীৰ লক্ষ্মীৰ মুখ আৰু মুখৰ নদীত মাছৰ দৰে চকু আছে) শাৰীত তেওঁৰ উল্লেখ আছে।[19]
এটা তামিল কবিতা/গীত (তামিলপিল্লাই)ত মীনাক্ষীক লৌকিক আৰু ঐশ্বৰিক শক্তিৰ সংযোগস্থল হিচাপে চিত্ৰিত কৰা হৈছে:[20]
কিম্বদন্তি
[সম্পাদনা কৰক]ত্ৰয়োদশ শতিকাৰ তামিল শৈৱ গ্ৰন্থ তিৰুভিলাইয়াদল পুৰাণমত উত্তৰাধিকাৰীৰ বাবে পুত্ৰ বিচাৰি যজ্ঞ কৰা ৰজা মলয়ধ্বজ পাণ্ডিয়া আৰু তেওঁৰ পত্নী কাঞ্চনামলাইৰ কথা উল্লেখ আছে। তাৰ পৰিৱৰ্তে এগৰাকী কন্যা সন্তান জন্ম হয়, যাৰ বয়স ইতিমধ্যে তিনিবছৰ, আৰু তিনিটা স্তন আছে। শিৱই দেখা দি পিতৃ-মাতৃক কন্যা সন্তানটোক পুত্ৰৰ দৰে ব্যৱহাৰ কৰিবলৈ জনায়, স্বামীক লগ পালে তৃতীয় স্তন হেৰুৱাব বুলি কয়। তেওঁলোকে এই উপদেশ মানি চলে। ছোৱালীজনী ডাঙৰ হয়, ৰজাই তাইক উত্তৰাধিকাৰী হিচাপে মুকুট পিন্ধায়। যেতিয়া কন্যাগৰাকীয়ে শিৱক লগ পায়, তেতিয়া তেওঁৰ কথা সঁচা হয়, তেওঁ মীনাক্ষীৰ প্ৰকৃত ৰূপ লয়।[21] [22]হৰমানৰ মতে, ইয়াৰ দ্বাৰা দক্ষিণ ভাৰতৰ মেট্ৰিলিনিয়াল পৰম্পৰা আৰু "অন্তিম [আধ্যাত্মিক] শক্তিসমূহ নাৰীৰ ওপৰত নিৰ্ভৰশীল", দেৱতাসকলে তেওঁলোকৰ পত্নীৰ কথা শুনে আৰু ৰাজ্যসমূহৰ ভাগ্য নাৰীৰ ওপৰত নিৰ্ভৰশীল বুলি আঞ্চলিক বিশ্বাসক প্ৰতিফলিত কৰিব পাৰে।[21] চুজান বেইলীৰ মতে মীনাক্ষীৰ প্ৰতি থকা শ্ৰদ্ধা হিন্দু দেৱী পৰম্পৰাৰ এটা অংশ যিটো হিন্দু সমাজৰ সৈতে একত্ৰিত হয় য'ত সামাজিক সম্পৰ্কৰ "নাৰী হৈছে ব্যৱস্থাৰ দাস।" [23]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ The Great Temple of Madurai: English Version of the Book Koilmanagar. Sri Meenakshisundareswarar Temple Renovation Committee. 1963. https://books.google.com/books?id=wJoTAAAAMAAJ&q=meenakshi+madurai.
- ↑ 2.0 2.1 2.2 William P. Harman (1992). The Sacred Marriage of a Hindu Goddess. Motilal Banarsidass. পৃষ্ঠা. 24. ISBN 978-81-208-0810-2. https://books.google.com/books?id=F_siW9T3ev4C&pg=PA24.
- ↑ 3.0 3.1 Proceedings of the First International Conference Seminar of Tamil Studies, Kuala Lumpur, Malaysia, April, 1966. International Association of Tamil Research. 1968. পৃষ্ঠা. 543. https://books.google.com/books?id=cXoLAQAAIAAJ.
- ↑ Menon, A. Sreedhara (1978) (en ভাষাত). Cultural Heritage of Kerala: An Introduction. East-West Publications. পৃষ্ঠা. 250.
- ↑ Howes, Jennifer (2003-09-02) (en ভাষাত). The Courts of Pre-Colonial South India: Material Culture and Kingship. Routledge. পৃষ্ঠা. 27. ISBN 9781135789961.
- ↑ Rajarajan, R. K. K. (2005-01-01). "Minaksi or Sundaresvara: Who is the first principle?". South Indian History Congress Annual Proceedings (Madurai: Madurai Kamaraj University) খণ্ড XXV: 551–553. https://www.academia.edu/33832897.
- ↑ Fiedler, Amanda (2006) (en ভাষাত). Where does Meenakshi take her turmeric bath?: a multiply-constructed religious history and deity in Tamilnadu. University of Wisconsin--Madison. পৃষ্ঠা. 1.
- ↑ 8.0 8.1 (en ভাষাত) Journal of Kerala Studies. 36. University of Kerala.. 2009. পৃষ্ঠা. 97.
- ↑ Nelson, Louis P. (2006) (en ভাষাত). American Sanctuary: Understanding Sacred Spaces. Indiana University Press. পৃষ্ঠা. 121. ISBN 9780253218223.
- ↑ William P. Harman (1992). The Sacred Marriage of a Hindu Goddess. Motilal Banarsidass. পৃষ্ঠা. 24. ISBN 978-81-208-0810-2. https://books.google.com/books?id=F_siW9T3ev4C&pg=PA24। আহৰণ কৰা হৈছে: 5 June 2018.
- ↑ Manly Palmer Hall, ed (1949). Horizon, Volume 9, Issue 3. Philosophical Research Society. পৃষ্ঠা. 33. https://books.google.com/books?id=fZoUAAAAIAAJ.
- ↑ Fisher, Michael H. (2018-10-18) (en ভাষাত). An Environmental History of India: From Earliest Times to the Twenty-First Century. Cambridge University Press. পৃষ্ঠা. 74. ISBN 9781107111622.
- ↑ Journal of Indian History. Department of History, University of Kerala. 2002. পৃষ্ঠা. 96. https://books.google.com/books?id=pjRuAAAAMAAJ.
- ↑ Excerpt for the etymology of Meenatchi from "A Comprehensive Etymological Dictionary of the Tamil Language, Vol. VII, PART - II", page 68: மீனாட்சி ,Mīṉāṭci, பெ. (n. ) மதுரையை உறைவிடமாகக் கொண்ட தெய்வம்; Umā, the tutelary Goddess of Madurai. [மீன் + ஆட்சி. மீனைக் கொடியில் சின்னமாகக் கொண்டவள்.] Translation: [ Meen + Aatchi. Her who put the fish as symbol for the flag.] (மீன் - Mīṉ which means "fish", ஆட்சி- āṭci which means "rule")
- ↑ William Norman Brown (1978). "The Name of the Goddess Mīnākṣī "Fish-Eye"". India and Indology: Selected Articles. Motilal Banarsidass. পৃষ্ঠা. 84–86. OCLC 871468571. https://books.google.com/books?id=BdaXdGm8h9gC&pg=PA84। আহৰণ কৰা হৈছে: 5 June 2018.
- ↑ Klaus K. Klostermaier (2014). A Concise Encyclopedia of Hinduism. Oneworld. পৃষ্ঠা. 153. ISBN 978-1-78074-672-2. https://books.google.com/books?id=v1UQBwAAQBAJ&pg=PT153। আহৰণ কৰা হৈছে: 5 June 2018.
- ↑ Harshananda, Swami (2012). Hindu Pilgrimage Centres (second সম্পাদনা). প্ৰকাশক Bangalore: Ramakrishna Math. পৃষ্ঠা. 61. ISBN 978-81-7907-053-6.
- ↑ Bangala Bhasar Abhidhaan ( Dictioanary of the Bengali Language), Shishu Sahitya Samsad Pvt Ltd., 32A, APC Road, Kolkata – 700009, Volume 2, p.1600. (ed. 1988)
- ↑ Rupenaguntla, Satya Narayana Sarma (2018-05-29) (en ভাষাত). Hidden meanings of Lalita Sahasranama. Panchawati Spiritual Foundation. পৃষ্ঠা. 21. https://books.google.com/books?id=PT0fEAAAQBAJ&dq=Vaktra+lak%E1%B9%A3m%C4%AB+par%C4%ABv%C4%81ha&pg=PT21.
- ↑ Chawla, Janet, ed (2006). Birth and birthgivers : the power behind the shame. প্ৰকাশক New Delhi: Shakti Books. ISBN 8124109389. OCLC 181090767.
- ↑ 21.0 21.1 Harman 1992, পৃষ্ঠা. 44-47.
- ↑ Brockman 2011, পৃষ্ঠা. 326–327.
- ↑ Susan Bayly (1989). Saints, Goddesses and Kings: Muslims and Christians in South Indian Society, 1700-1900. Cambridge University Press. পৃষ্ঠা. 29–30. ISBN 978-0-521-89103-5. https://books.google.com/books?id=Fxqtx8SflEsC। আহৰণ কৰা হৈছে: 25 November 2017.