সমললৈ যাওক

মীনাক্ষী চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীনাক্ষী চৌধুৰী

২০২৪ চনত মীনাক্ষী
জন্ম ৫ মাৰ্চ, ১৯৯৭ (২৯ বছৰ)
পঞ্চকুলা, হাৰিয়ানা, ভাৰত
শিক্ষানুষ্ঠান ছেইণ্ট চোল্ডাৰ ইণ্টাৰনেশ্যনেল কনভেণ্ট স্কুল
ৰাষ্ট্ৰীয় দন্ত চিকিৎসা মহাবিদ্যালয়
পেচা
  • অভিনেত্ৰী
  • সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী
পদবী ফেমিনা মিছ ইণ্ডিয়া ২০১৮ (১ম ৰানাৰ্ছ আপ)
মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০১৮ (১ম ৰানাৰ্ছ আপ)

মীনাক্ষী চৌধুৰী (ইংৰাজী: Meenakshi Chaudhary; জন্ম: ৫ মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ প্ৰধানকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৮ শীৰ্ষক প্ৰতিযোগিতাখনত হাৰিয়ানা ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল, যʼত তেওঁ ফেমিনা মিছ ইণ্ডিয়া গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০১৮ৰ খিতাপ লাভ কৰিছিল। ২০১৮ চনৰ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলত ভাৰতক প্ৰতিনিধিত্ব কৰি চৌধুৰীয়ে প্ৰথম ৰানাৰ্ছ আপ হিচাপে খিতাপ অৰ্জন কৰিছিল।[1]

তেলুগু ছবি ইচাটা ভাহানামুলু নিলুপৰাডু (২০২১)ত অভিনয়েৰে সকলোৰে নজৰলৈ অহাৰ পূৰ্বে চৌধুৰীয়ে হিন্দী ছবি আপষ্টাৰ্টছ (২০১৯)ত অভিনয়েৰে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। ইয়াৰ পিছত চৌধুৰীয়ে বক্স অফিচ হিট ছবি যেনে হিট: দ্য ছেকেণ্ড কেছ (২০২২), দ্য গ্ৰেটেষ্ট অৱ অল টাইম (২০২৪), লাকী ভাস্কৰ (২০২৪) আৰু সংক্ৰান্তিকী বাস্তুনম (২০২৫) আদিত অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৯৭ চনৰ ৫ মাৰ্চ তাৰিখে, ভাৰতৰ হাৰিয়ানাৰ পঞ্চকুলাৰ এটি পঞ্জাবী হিন্দু পৰিয়ালত মীনাক্ষী চৌধুৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰয়াত বি. আৰ. চৌধুৰী ভাৰতীয় সেনাবাহিনীৰ কৰ্ণেল আছিল।[2] তেওঁ চণ্ডীগড়ৰ ছেইণ্ট চোল্ডাৰ ইণ্টাৰনেশ্যনেল কনভেণ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ সাঁতোৰবিদ আৰু বেডমিণ্টন খেলুৱৈও।[3] চৌধুৰীয়ে পঞ্জাবৰ ডেৰা বছিস্থিত ৰাষ্ট্ৰীয় দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা দন্ত অস্ত্ৰোপচাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[4]

পেজেণ্ট্ৰি

[সম্পাদনা কৰক]

মিছ আইএমএ ২০১৭

[সম্পাদনা কৰক]

২০১৭ চনত, সামৰিক কেডেটৰ প্ৰশিক্ষণৰ সময়সূচীৰ শিখৰত উপনীত হোৱাৰ বাবে প্ৰতিটো কাৰ্যকালৰ শেষৰ ফালে অনুষ্ঠিত হোৱা ভাৰতীয় সামৰিক একাডেমীৰ শৰৎ বল নাইটৰ সময়ত চৌধুৰীক মিছ আইএমএ হিচাপে নিৰ্বাচিত কৰা হৈছিল।[5][6]

ফেমিনা মিছ ইণ্ডিয়া

[সম্পাদনা কৰক]

ফেশ্বন বিগ বজাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা কেম্পাছ প্ৰিন্সেছ, ২০১৮ৰ বাবে চৌধুৰীয়ে অডিচন দিছিল য’ত তেওঁ পাটিয়ালা অডিচনৰ পৰা অন্যতম বিজয়ী হিচাপে খিতাপ লাভ কৰিছিল।[7] ইয়াৰ পিছতে তেওঁ ফেমিনা মিছ হাৰিয়ানা ২০১৮ খিতাপটোৰ বাবে অডিচন দিয়ে আৰু অৱশেষত তেওঁ লাভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁ বাৰ্ষিক ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত হাৰিয়ানা ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল।[8]

২০১৮ চনৰ ১৯ ​​জুন তাৰিখে মুম্বাইৰ চৰ্দাৰ বল্লভভাই পেটেল ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফেমিনা মিছ ইণ্ডিয়া ২০১৮ত ১ম ৰানাৰ্ছ আপৰ খিতাপ পাইছিল।[9][10] তেওঁ প্ৰতিযোগিতাখনত ‘মিছ ফটোজেনিক’ উপ-শিৰোনামাও লাভ কৰিছিল।[11]

মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল

[সম্পাদনা কৰক]

পিছত মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে প্ৰকাশ কৰে যে চৌধাৰীক মিছ গ্ৰেণ্ড ইণ্ডিয়া হিচাপে গণ্য কৰা হৈছিল, আৰু তেওঁ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০১৮ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।[12] তেতিয়াৰ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০১৭ পেৰুৰ মাৰিয়া জোচে ল'ৰাই তেওঁক আনুষ্ঠানিকভাৱে মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০১৮ হিচাপে অভিষিক্ত কৰে।[13]

চৌধাৰীয়ে ম্যানমাৰৰ ইয়াংগনত অনুষ্ঠিত হোৱা মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০১৮ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ মিছ পপুলাৰ উপ-প্ৰতিযোগিতাৰ শীৰ্ষ ৫ ৰ ভিতৰত স্থান লাভ কৰিছিল।[14] তাৰ পিছত তেওঁ প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰে আৰু অৱশেষত বিজয়ী পেৰাগুৱেৰ ক্লাৰা ছ'ছা।[15] প্ৰতিযোগিতাখনত উক্ত প্লেচমেণ্টত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা।[16][17]

২০১৯ চনৰ মে' মাহত, দ্য টাইমছ অৱ ইণ্ডিয়াই কৰা এক ইণ্টাৰনেট সমীক্ষাত, চৌধুৰীক "টাইমছ ৫০ মষ্ট ডিজায়াৰেবল উইমেন অৱ ইণ্ডিয়া ২০১৮"ৰ তালিকাত ২য় স্থানত উপনীত হৈছিল।[18] ফেমিনা মিছ ইণ্ডিয়া ২০১৯ উপ-প্ৰতিযোগিতাৰ মুকুট পিন্ধা অনুষ্ঠানত মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলত লাভ কৰা সাফল্যৰ বাবে মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে সম্বৰ্ধনা জনায়।[19]

অভিনয় জীৱন

[সম্পাদনা কৰক]

আপষ্টাৰ্টছ (২০১৯) নামৰ ছবিখনত ক্ষুদ্ৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত চৌধাৰীয়ে ৱেব ধাৰাবাহিক, আউট অৱ লাভত অভিনয় কৰে। এইখন আছিল বিবিচিৰ নাট্য ধাৰাবাহিক ডাক্তৰ ফষ্টাৰৰ অফিচিয়েল অভিযোজন। বিবাহিত ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ বাবে প্ৰতিকূলতা, মানসিক চাপ আৰু ইয়াৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱা ২২ বছৰীয়া যুৱতীগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছিল।[20]

২০২০ চনত তেলুগু চিনেমা ইচাটা ভাহানামুলু নিলুপৰাডুত সুশান্তৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[21] ডেণ্টেল ডিগ্ৰী আৰু মডেলিং এচাইনমেণ্ট লোৱাৰ উপৰিও চৌধাৰীয়ে কৰ্মশালাত নামভৰ্তি কৰিছিল। কৰ্মশালাৰ এমাহৰ পাছত সুশান্তই ছবি এখনৰ চিত্ৰনাট্যৰ বিষয়ে আলোচনা কৰিবলৈ মাতিছিল, সেই কথা তাই মানি লৈছিল। পিছত ৰমেশ বৰ্মা পেনমেটছাৰ দ্বাৰা পৰিচালিত খিলাড়ী নামৰ ছবিখনৰ বাবে চুক্তিবদ্ধ হৈছিল৷[22]

হিট: দ্য চেকেণ্ড কেছ নামৰ তেলুগু ভাষাৰ ৰহস্য-থ্ৰিলাৰধৰ্মী ছবিখনত তেওঁ প্ৰধান নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে। ২০২৩ চনত তেওঁ মানসিক-থ্ৰিলাৰধৰ্মী ছবি কʼলাই-ত অভিনয়েৰে তামিল ছবিজগতত অভিষেক ঘটায়।

২০২৪ চনত, তেওঁ গুন্টুৰ কাৰাম, ছিংগাপুৰ চেলুন, দ্য গ্ৰেটেষ্ট অৱ অল টাইম, লাকী ভাস্কৰ, মাটকা আৰু মেকানিক ৰকি ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০২৬ চনত নবীন পলিশ্বেট্টী অভিনীত কমেডী মনোৰঞ্জক ছবি অনাগানাগা ওকা ৰাজু-ত অভিনয় কৰিব।

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
টোকা
Films that have not yet been released

এতিয়াও মুক্তি লাভ কৰা নাই

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম ভূমিকা ভাষা তথ্যসূত্ৰ
২০১৯ আপষ্টাৰ্ট বীৰৰ প্ৰেমিকা হিন্দী [23]
২০২১ ইচাটা বাহানামুলু নিলুপৰাডু মীনাক্ষী "মীনু" যাদৱ তেলুগু [24] [25]
২০২২ খিলাড়ী পূজা [22]
হিট: দ্য চেকেণ্ড কেচ আৰ্য [26]
২০২৩ কোলাই লেইলা বৰকাৰ তামিল [27]
২০২৪ গুন্টুৰ কাৰাম ৰাজী তেলুগু [28]
ছিংগাপুৰ চেলুন নীলাভোলিয়াল "নীলা" তামিল [29]
দ্য গ্ৰেটেষ্ট অৱ অল টাইম শ্ৰীনিধি সুনীল [30]
লাকী ভাস্কৰ সুমতি কুমাৰ তেলুগু [31]
মাটকা সুজাতা [32]
মেকানিক ৰকি প্ৰিয়া [33] [34]
২০২৫ সংক্ৰান্তিকী বাস্তুনাম এচিপি চি মীনাক্ষী আইপিএছ "মীনু" [35]
২০২৬ অনাগনাগা ওকা ৰাজু Not yet released ঘোষণা হ’ব [36]
ব্ৰুশকৰ্মা Not yet released ঘোষণা হ’ব

টেলিভিছন

[সম্পাদনা কৰক]
মীনাক্ষী চৌধুৰীৰ টেলিভিছন ক্ৰেডিটসমূহৰ তালিকা
বৰ্ষ শিৰোনাম ভূমিকা ভাষা টোকা তথ্যসূত্ৰ
২০১৯–২০২১ আউট অৱ লাভ আলিয়া কাশ্যপ কাপুৰ হিন্দী ২ টা চিজন [20] [37]

সংগীত ভিডিঅʼ

[সম্পাদনা কৰক]
মীনাক্ষী চৌধুৰীৰ মিউজিক ভিডিঅʼ ক্ৰেডিটসমূহৰ তালিকা
বৰ্ষ শিৰোনাম কণ্ঠশিল্পী লেবেল ভাষা তথ্যসূত্ৰ
২০১৮ চনত "কি মাই কল্লী আ" চাৰা গুৰপাল এইচ এছ আৰ এণ্টাৰটেইনমেণ্ট পাঞ্জাবী [38]
২০১৯ "কিউন" সুশান্ত ৰিংকু টাইমছ মিউজিক হিন্দী [39]
২০২৫ "সিথিৰা পুথিৰি" সাই অভ্যংকৰ থিংক মিউজিক ইণ্ডিয়া তামিল [38]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "India's Meenakshi Chaudhary is first runner-up at Miss Grand International 2018" (en ভাষাত). India Today. 26 October 2018. Archived from the original on 13 April 2021. https://web.archive.org/web/20210413211100/https://www.indiatoday.in/lifestyle/what-s-hot/story/india-s-meenakshi-chaudhary-is-first-runner-up-at-miss-grand-international-2018-1376280-2018-10-26 আহৰণ কৰা হৈছে: 13 April 2021.
  2. "Everything you need to know about Miss Grand International contestant, Meenakshi Chaudhary". Times Now. 23 October 2018. Archived from the original on 26 October 2018. https://web.archive.org/web/20181026025039/https://www.timesnownews.com/entertainment/lifestyle/trending/article/everything-you-need-to-know-about-miss-grand-international-contestant-meenakshi-chaudhary/303482 আহৰণ কৰা হৈছে: 25 October 2018.
  3. "In Pics: Know more about Meenakshi Chaudhary, Miss Grand India 2018.". The Times of India. https://m.beautypageants.in/miss-india/know-more-about-meenakshi-chaudhary/eventshow/63781691.cms.
  4. "Meenakshi Chaudhary : Most beautiful photos of Femina Miss India 2018 first runner-up Meenakshi Chaudhary". NewsX. 20 June 2018. Archived from the original on 19 September 2018. https://web.archive.org/web/20180919211729/https://www.newsx.com/lifestyle-and-fashion/meenakshi-chaudhary-photos-20-hot-sexy-and-most-beautiful-photos-of-femina-miss-india-2018-first-runner-up-meenakshi-chaudhary আহৰণ কৰা হৈছে: 19 September 2018.
  5. "Mister IMA, Miss IMA held in Dehradun". The Pioneer. 28 November 2017. Archived from the original on 29 November 2020. https://web.archive.org/web/20201129070840/https://www.dailypioneer.com/2017/state-editions/mister-ima-miss-ima-held.html আহৰণ কৰা হৈছে: 23 November 2020.
  6. "IMA's Pride". The Tribune. 29 November 2017. Archived from the original on 29 November 2020. https://web.archive.org/web/20201129074309/https://www.tribuneindia.com/news/archive/features/ima-s-pride-505264 আহৰণ কৰা হৈছে: 29 November 2020.
  7. "Meenakshi Chaudhary's journey from a dentist to a beauty queen". 25 September 2018. https://m.beautypageants.in/miss-india/meenakshi-chaudharys-journey-from-a-dentist-to-a-beauty-queen/eventshow/65949840.cms আহৰণ কৰা হৈছে: 25 October 2018.
  8. "Meenakshi Chaudhary On Gender Equality In Haryana: My State Has Really Done An Excellent Job". 21 July 2018. Archived from the original on 19 September 2018. https://web.archive.org/web/20180919211549/http://www.india.com/buzz/miss-india-first-runner-up-meenakshi-chaudhary-says-girls-no-less-than-anybody-in-haryana-3179393/ আহৰণ কৰা হৈছে: 19 September 2018.
  9. "Dreamt of title looking at pictures of Miss India winners: Meenakshi Chaudhary". Business Standard. 24 June 2018. https://wap.business-standard.com/article-amp/pti-stories/dreamt-of-title-looking-at-pictures-of-miss-india-winners-meenakshi-chaudhary-118062400387_1.html আহৰণ কৰা হৈছে: 19 September 2018.
  10. "Fbb Femina Miss India 2018, 1st runner-up Meenakshi Chaudhary's Homecoming at Chandigarh Airport.". The Times of India. 6 July 2018. https://timesofindia.indiatimes.com/videos/beauty-pageants/miss-india/fbb-femina-miss-india-2018-first-runner-up-meenakshi-chaudharys-homecoming-at-chandigarh-airport/videoshow/64884725.cms.
  11. "Miss India sub-contest winners announced at a glitzy eve in Mumbai". 16 June 2018. https://timesofindia.indiatimes.com/entertainment/events/mumbai/miss-india-sub-contest-winners-announced-at-a-glitzy-eve-in-mumbai/articleshow/64609341.cms আহৰণ কৰা হৈছে: 19 September 2018.
  12. "Meenakshi Chaudhary on representing India at Miss Grand International 2018". Deccan Chronicle. 3 September 2018. Archived from the original on 16 July 2020. https://web.archive.org/web/20200716231024/https://www.deccanchronicle.com/amp/lifestyle/fashion-and-beauty/030918/meenakshi-chaudhary-on-representing-india-at-miss-grand-international.html আহৰণ কৰা হৈছে: 22 November 2020.
  13. "Meenakshi Chaudhary to represent India at Miss Grand International 2018". 23 July 2018. https://www.femina.in/beauty-pageants/miss-india/meenakshi-chaudhary-will-represent-india-at-miss-grand-international-2018/articleshow/65098674.cms.
  14. "Meenakshi Chaudhary's national costume for Miss Grand International 2018". ETimes. 13 October 2018. Archived from the original on 12 April 2021. https://web.archive.org/web/20210412061458/https://m.beautypageants.in/miss-india/meenakshi-chaudharys-national-costume-for-miss-grand-international-2018/videoshow/66186733.cms আহৰণ কৰা হৈছে: 25 October 2018.
  15. "Paraguay's Clara Sosa faints after being declared Miss Grand Int'l 2018". GMA News. 26 October 2018. Archived from the original on 26 October 2018. https://web.archive.org/web/20181026104449/http://www.gmanetwork.com/news/lifestyle/content/672478/paraguay-s-clara-sosa-faints-after-being-declared-miss-grand-int-l-2018/story/ আহৰণ কৰা হৈছে: 26 October 2018.
  16. "Miss Grand India 2018, Meenakshi Chaudhary is 1st runner-up at Miss Grand International 2018". The Times of India. 26 October 2018. https://timesofindia.indiatimes.com/videos/beauty-pageants/foreign-pageants/meenakshi-chaudhary-from-india-crowned-1st-runner-up-at-miss-grand-international-2018/videoshow/66368155.cms.
  17. "Meenakshi Chaudhary is 1st runner-up at Miss Grand International 2018". Femina. 25 October 2018. https://m.femina.in/achievers/people/meenakshi-chaudhary-crowned-1st-runner-up-at-miss-grand-international-2018_-108514.html আহৰণ কৰা হৈছে: 25 October 2018.
  18. "Meet India's most desirable divas". The Times of India. 24 May 2019. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/meet-indias-most-desirable-divas/articleshow/69468095.cms.
  19. "fbb Colors Femina Miss India 2019 Awards Night: Pride of India". ETimes. 4 June 2019. https://photogallery.indiatimes.com/beauty-pageants/miss-india/fbb-colors-femina-miss-india-2019-awards-night-pride-of-india/articleshow/69643540.cms.
  20. 1 2 Kalyanam, Rajeshwari (22 December 2019). "A promising debut: Meenakshi Chaudhary". The Hans India. Archived from the original on 24 March 2020. https://web.archive.org/web/20200324171158/https://www.thehansindia.com/amp/featured/sunday-hans/a-promising-debut-meenakshi-chaudhary-591700 আহৰণ কৰা হৈছে: 10 February 2020.
  21. "Sushanth A and Meenakshi Chaudhary's 'Ichata Vahanamulu Nilupa Radu' launched". 30 January 2020. Archived from the original on 2 February 2020. https://web.archive.org/web/20200202115916/https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/sushanth-a-and-meenakshi-chaudharys-ichata-vahanamulu-nilupa-radu-launched/articleshow/73767237.cms.
  22. 1 2 "'Khiladi': Ravi Teja unveils first look of his forthcoming Telugu film with Meenakshi Chaudhary". Jagran (English). Archived from the original on 26 October 2020. https://web.archive.org/web/20201026045704/https://english.jagran.com/lite/entertainment/khiladi-ravi-teja-unveils-first-look-of-his-forthcoming-telugu-film-with-meenakshi-chaudhary-10018422 আহৰণ কৰা হৈছে: 21 October 2020.
  23. "Upstarts | Official Trailer | Netflix India". 29 September 2019. https://www.youtube.com/watch?app=desktop&v=fMCTQ3ZKDdw.
  24. "Meenakshi Chaudhary: Very particular about strong stories in my films - Times of India" (en ভাষাত). 5 September 2021. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/meenakshi-chaudhary-very-particular-about-strong-stories-in-my-films/articleshow/85947046.cms.
  25. "Meenakshii Chaudhary makes Telugu debut with Ichata Vahanamulu Niluparadu" (en-US ভাষাত). Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST. 2021-09-05. https://www.orissapost.com/meenakshii-chaudhary-makes-telugu-debut-with-ichata-vahanamulu-niluparadu/ আহৰণ কৰা হৈছে: 2021-10-04.
  26. "Adivi Sesh's HIT The Second Case to release in theatres on July 29. New poster out". India Today. 2 May 2022. Archived from the original on 2 May 2022. https://web.archive.org/web/20220502082610/https://www.indiatoday.in/amp/movies/regional-cinema/story/adivi-sesh-s-hit-the-second-case-to-release-in-theatres-on-july-29-new-poster-out-1944422-2022-05-02 আহৰণ কৰা হৈছে: 2 May 2022.
  27. "'Vijay Antony and Ritika Singh's movie titled Kolai". 15 October 2021. Archived from the original on 17 October 2021. https://web.archive.org/web/20211017004608/https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/vijay-antony-ritika-singhs-film-titled-kolai/articleshow/87041297.cms.
  28. "Meenakshi to share screen with Mahesh". 25 June 2023. Archived from the original on 7 July 2023. https://web.archive.org/web/20230707161637/https://www.deccanchronicle.com/entertainment/tollywood/250623/meenakshi-to-share-screen-with-mahesh.html আহৰণ কৰা হৈছে: 7 July 2023.
  29. "RJ Balaji's Singapore Saloon to release in July". CinemaExpress. 23 May 2023. Archived from the original on 19 October 2023. https://web.archive.org/web/20231019212831/https://www.cinemaexpress.com/tamil/news/2023/may/23/rj-balajissingapore-saloon-to-release-in-july-43784.html আহৰণ কৰা হৈছে: 1 January 2024.
  30. "Meenakshi Chaudhary roped in for Vijay's 'Thalapathy 68'?". https://m.timesofindia.com/entertainment/tamil/movies/news/meenakshi-chaudhary-roped-in-for-vijays-thalapathy-68/amp_articleshow/104099271.cms/amp/.[সংযোগবিহীন উৎস]
  31. "Dulquer Salmaan's 'Lucky Baskhar' goes on floors". 25 September 2023. Archived from the original on 4 October 2023. https://web.archive.org/web/20231004221750/https://www.thehindu.com/entertainment/movies/dulquer-salmaans-lucky-baskhar-goes-on-floors/article67344349.ece.
  32. Team, BOIncome (27 July 2023). "Varun Tej and Meenakshi Chaudhary's Pan-India Film 'VT14' Gets A Titled - 'Matka'". Archived from the original on 1 August 2023. https://web.archive.org/web/20230801092830/https://boxofficeincome.in/varun-tej-and-meenakshi-chaudharys-pan-india-film-vt14-gets-a-titled-matka-23657 আহৰণ কৰা হৈছে: 1 August 2023.
  33. Today, Telangana (19 March 2023). "Vishwak Sen and Meenakshi Chaudhary's new film announced". Telangana Today. Archived from the original on 20 March 2023. https://web.archive.org/web/20230320171655/https://telanganatoday.com/vishwak-sen-and-meenakshi-chaudharys-new-film-announced আহৰণ কৰা হৈছে: 3 October 2023.
  34. "VS 10: Vishwak Sen expresses gratitude as he gears up for the second schedule". 21 July 2023. Archived from the original on 5 December 2023. https://web.archive.org/web/20231205122645/https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/vs-10-vishwak-sen-expresses-gratitude-as-he-gears-up-for-the-second-schedule/articleshow/102010605.cms.
  35. "Venkatesh-starrer Sankranthiki Vasthunam gets a release date". Cinema Express. 20 November 2024. https://www.cinemaexpress.com/telugu/news/2024/Nov/20/venkatesh-starrer-sankranthiki-vasthunam-gets-a-release-date আহৰণ কৰা হৈছে: 21 November 2024.
  36. "Anaganaga Oka Raju teaser: Meenakshi replaces Sreeleela in Naveen Polishetty's film". India Today. 26 December 2024. https://www.indiatoday.in/movies/regional-cinema/story/anaganaga-oka-raju-teaser-meenakshi-chaudhary-replaces-sreeleela-in-naveen-polishetty-comedy-film-2655678-2024-12-26 আহৰণ কৰা হৈছে: 19 January 2025.
  37. "Out of Love (Web Series) – Review". webfare.live. https://www-webfare-live.cdn.ampproject.org/v/s/www.webfare.live/reviews/out-of-love-web-series/amp/?amp_js_v=a2&amp_gsa=1&usqp=mq331AQCKAE=#aoh=15748665846934&referrer=https://www.google.com&amp_tf=From আহৰণ কৰা হৈছে: 27 November 2019.[সংযোগবিহীন উৎস]
  38. 1 2 "Ki Mai Kalli – HSR Entertainment". 28 August 2018. https://m.youtube.com/watch?v=C74sMLfrRY0.
  39. "'Kyun' is a story of unconditional love told in just 3 minutes". Urban Asian. 8 October 2019. Archived from the original on 9 October 2019. https://web.archive.org/web/20191009150933/https://urbanasian.com/entertainment/2019/10/kyun-is-a-story-of-unconditional-love-told-in-just-3-minutes/ আহৰণ কৰা হৈছে: 9 October 2019.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
Awards and achievements
পূৰ্বৱৰ্তী
মানুষী ছিল্লাৰ
ফেমিনা মিছ হাৰিয়ানা
২০১৮
পৰৱৰ্তী
সোনাল শৰ্মা
পূৰ্বৱৰ্তী
অনুকৃতি গুসাইঁ
মিছ গ্ৰেণ্ড ইণ্ডিয়া
২০১৮
পৰৱৰ্তী
শিৱানী জাধৱ
পূৰ্বৱৰ্তী
ভেনিজুৱেলা টুলিয়া আলেমান
মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ১ম ৰানাৰ্ছ আপ
২০১৮
পৰৱৰ্তী
মেক্সিকো মাৰিয়া মালো

সাঁচ:Indian Beauty Pageant Representatives