সমললৈ যাওক

মীনা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মীনা হ'ল ভাৰতত যৌন সৰবৰাহৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ। ২০১৪ চনৰ ২৬ জুনত নিউয়ৰ্ক চহৰত এইখন চলচ্চিত্ৰৰ প্ৰিমিয়াৰ হৈছিল। ইয়াৰ দৈৰ্ঘ্য মাত্ৰ ২০ মিনিট ১৪ ছেকেণ্ড। এই ছবিখনৰ যোগেদি লুচি লিউ, কলিন কে গ্ৰে, আৰু মেগান ৰেনীয়ে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।

পৰিচালক

[সম্পাদনা কৰক]
পৰিচালক লুচি লিউ

চলচ্চিত্ৰ পৰিচালক লুচি লিউৰ জন্ম হৈছিল ১৯৬৮ চনৰ ২ ডিচেম্বৰত জেকচন হাইটছত। ১৯৮৯ চনত তেওঁ আটাইতকৈ উৎপাদনশীল আছিল যদিও এই কামে বিশ্ব খ্যাতি লাভ কৰিছিল বুলি ক’ব নোৱাৰি। নিউয়ৰ্ক বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।

তেওঁ লাভ কৰা বঁটাসমূহৰ ভিতৰত আছে-

  • এমটিভি টেলিভিছন বঁটা
  • হলিউড ৱাক অৱ ফেমত তাৰকা

১১ বছৰ বয়সৰ পৰা জোৰকৈ যৌন দাসত্ত্বত ভুগিবলগীয়া হোৱা ভাৰতৰ ছোৱালী মীনা খাতুনৰ সত্য কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনত চৰিত্ৰটোৰ নাম মীনা হাছিনা আৰু মূল ১১ বছৰৰ সলনি ৮ বছৰীয়া বুলি দেখুওৱা হৈছে।[1]

তন্নিষ্ঠা চেটাৰ্জী
  • মীনা হাছিনাৰ চৰিত্ৰত তন্নিষ্ঠা চেটাৰ্জী
  • যুৱতী মীনা হাছিনাৰ চৰিত্ৰত স্পৰ্শ খানচান্দনী
  • আইনুল বিবিৰ চৰিত্ৰত হিমানী শিৱপুৰী
  • মনোজৰ চৰিত্ৰত বিকাশ শ্ৰীবাস্তৱে
  • নাইনাৰ চৰিত্ৰত প্ৰেৰণা পাঞ্জাবী
  • কমলাৰ চৰিত্ৰত আলমাছ

নিৰ্মাণ

[সম্পাদনা কৰক]

২০১০ চনত ভাৰতৰ মুম্বাইত আৰম্ভ হোৱা চিত্ৰগ্ৰহণ নিকোলাছ ক্ৰিষ্টোফ আৰু শ্বেৰিল ৱুডানৰ হাফ দ্য স্কাইৰ প্ৰথম অধ্যায়ৰ আধাৰত নিৰ্মিত।[2]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Alicia Brunker (June 27, 2014). "Lucy Liu Combats Violence Against Women From Behind the Lens". Elle.com. https://www.elle.com/culture/news/a24932/lucy-liu-violence-against-women-interview/। আহৰণ কৰা হৈছে: August 1, 2019. 
  2. Lucy Liu (June 28, 2014). "Lucy Liu's Directorial Debut on Human Trafficking". New York Times. https://kristof.blogs.nytimes.com/2014/06/28/lucy-lius-directorial-debut-on-human-trafficking/। আহৰণ কৰা হৈছে: August 1, 2019.