সমললৈ যাওক

মীৰা ঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মীৰা ঠাকুৰ ভাৰতৰ বিহাৰৰ এগৰাকী শিল্পী। তেওঁ চিকি ঘাঁহৰ শিল্পকলাৰ সাধনা কৰে আৰু শিকায় ৷ তেওঁ ইউনেস্কোৰ পৰা হস্তশিল্পৰ বাবে উৎকৃষ্টতাৰ মোহৰ আৰু নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে ৷

কেৰিয়াৰ

[সম্পাদনা কৰক]
চিকি ঘাঁহৰ পৰা তৈয়াৰী এটা ভাসমান প্ৰতিক

মীৰা ঠাকুৰৰ জন্ম হৈছিল ভাৰতৰ বিহাৰৰ মধুবনীৰ উমৰিত। চাৰি বছৰ বয়সতে তেওঁ মাকৰ পৰা চিকি ঘাঁহৰ শিল্প শিকিবলৈ আৰম্ভ কৰে, ইয়াৰে তেওঁলোকে বিভিন্ন অলংকাৰ, ফুলদানি আৰু বাকচ তৈয়াৰ কৰে। [1] ছিক্কি হৈছে কেৱল বিহাৰ আৰু উত্তৰ প্ৰদেশত পোৱা এবিধ ঘাঁহ, ইয়াৰপৰা সোণালী ৰঙৰ আঁহ উলিয়াব পাৰি। [2] ঠাকুৰে মধুবনীতে থাকি হস্তকলা বিকাশ কেন্দ্ৰ চলায়। এই সংস্থাই সমাজ তথা পৰিয়ালৰ পৰা বঞ্চিত মহিলাসকলক শিল্পকৰ্মৰ প্ৰশিক্ষণ দিয়ে। [2] [3] ইয়াৰ দ্বাৰা লোক কলা হস্তশিল্প প্ৰশিক্ষণ কেন্দ্ৰ গঢ় লৈ উঠিছে। [4]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

দিল্লী ক্ৰাফ্ট কাউন্সিলে তেওঁক ১৯৮৮ চনৰ [5] বাল শিল্পী আৰ্টিষ্ট বঁটা প্ৰদান কৰে আৰু ২০০৫ চনত ইউনেস্কোৰ পৰা হস্তশিল্পৰ বাবে উৎকৃষ্টতাৰ মোহৰ লাভ কৰে। [6] ২০২২ চনৰ আন্তৰ্জাতিক নাৰী দিৱসত তেওঁক নাৰী শক্তি পুৰস্কাৰৰে সন্মানিত কৰা হয় [7]

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]
  1. Dhiman, Ramesh K. (16 December 2005). "Lifestyle". The Tribune. Archived from the original on 3 November 2013. https://web.archive.org/web/20131103183020/http://www.tribuneindia.com/2005/20051216/ttlife.htm#4. 
  2. 2.0 2.1 Bhatia, Gaurav (3 December 2012). "Creations of sikki grass draw visitors" (en ভাষাত). The Times of India. Archived from the original on 4 April 2022. https://web.archive.org/web/20220404144059/https://timesofindia.indiatimes.com/city/chandigarh/creations-of-sikki-grass-draw-visitors/articleshow/17458697.cms. 
  3. "29 get Nari Shakti Awards" (en ভাষাত). The Tribune. 9 March 2022. Archived from the original on 11 March 2022. https://web.archive.org/web/20220311063659/https://www.tribuneindia.com/news/nation/29-get-nari-shakti-awards-376200. 
  4. Kainthola, Deepanshu (8 March 2022). "President Presents Nari Shakti Puraskar for the Years 2020, 2021" (en ভাষাত). Tatsat Chronicle. Archived from the original on 9 March 2022. https://web.archive.org/web/20220309001953/https://tatsatchronicle.com/president-presents-nari-shakti-puraskar-for-the-years-2020-2021/. 
  5. "मधुबनी की मीरा को राष्ट्रपति ने किया सम्मानित, यूनेस्को सील ऑफ एक्सीलेंस अवॉर्ड मिला था 2005 में". Bihar Express. 11 March 2022. Archived from the original on 4 April 2022. https://web.archive.org/web/20220404144027/https://bihar.express/president-of-madhubani-honored-meera-thakur-received-unesco-seal-of-excellence-award-in-2005/. 
  6. Dhiman, Ramesh K. (16 December 2005). "Lifestyle". The Tribune. Archived from the original on 3 November 2013. https://web.archive.org/web/20131103183020/http://www.tribuneindia.com/2005/20051216/ttlife.htm#4. 
  7. Kainthola, Deepanshu (8 March 2022). "President Presents Nari Shakti Puraskar for the Years 2020, 2021" (en ভাষাত). Tatsat Chronicle. Archived from the original on 9 March 2022. https://web.archive.org/web/20220309001953/https://tatsatchronicle.com/president-presents-nari-shakti-puraskar-for-the-years-2020-2021/.