সমললৈ যাওক

মীৰা বাসুদেৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীৰা বাসুদেৱন
জন্ম মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
অন্য নাম মীৰা বাসুদেৱ
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ১৯৯৯–বৰ্তমান
সন্তান

মীৰা বাসুদেৱন (ইংৰাজী: Meera Vasudevan) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ ২০০৫ চনত 'তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিশেষ বঁটা' আৰু ২০০৭ চনত 'কেৰালা ৰাজ্যিক টেলিভিছন বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ সন্মান লাভ কৰিছিল।[1][2] এছিয়ানেটত সম্প্ৰচাৰিত মালয়ালম ধাৰাবাহিক কুদুম্বাবিলাক্কুত 'সুমিত্ৰা' চৰিত্ৰটোৰ বাবে তেওঁ অধিক পৰিচিত।[3] বৰ্তমান তেওঁ জি কেৰালামৰ মধুৰানম্বৰাকাট্টুত সুজাতাৰ চৰিত্ৰত অভিনয় কৰি আছে।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মীৰাৰ জন্ম মহাৰাষ্ট্ৰৰ মুম্বাইৰ এটা তামিল পৰিয়ালত হৈছিল। তেওঁ বাসুদেৱন আৰু হেমলতাৰ জ্যেষ্ঠ কন্যা। তেওঁৰ অশ্বিনী নামৰ এগৰাকী কনিষ্ঠ ভগ্নী আছে, যিয়ে ছলমান খান অভিনীত ছবি জানম সমঝা কৰোত শিশু শিল্পী হিচাপে অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।[5] কলা শাখাৰ অধীনত মনোবিজ্ঞান আৰু ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ এগৰাকী সফল মডেল হিচাপে পৰিগণিত হয় আৰু বহুতো টেলিভিছন বিজ্ঞাপনত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।[6] আইচিচি ছেটমেক্সৰ প্ৰচাৰ অভিযানে তেওঁলৈ সফলতা কঢ়িয়াই আনিছিল আৰু ইয়াৰ জৰিয়তে অভিনয় জগতত তেওঁৰ প্ৰৱেশ ঘটিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০৫ চনত মীৰাই চিত্ৰগ্ৰহণকাৰী অশোক কুমাৰৰ পুত্ৰ বিশাল আগৰৱালৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[7] ২০১০ চনৰ জুলাই মাহত তেওঁলোকৰ বিচ্ছেদ হয়।[8][9] ২০১২ চনত তেওঁ মালয়ালম অভিনেতা জন কক্কেনৰ সৈতে বিবাহপাশত আবদ্ধ হয়,[10] যাৰ সৈতে তেওঁৰ এজন পুত্ৰ সন্তান আছে আৰু ২০১৬ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে। ২০২৪ চনত মীৰাই বিপিন পুথিয়াংকামৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[11][12] ২০২৫ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "'Daya' and 'Typewriter' bag State TV awards". The Hindu (Chennai, India). 15 November 2008. http://www.hindu.com/2008/11/15/stories/2008111554400400.htm.
  2. "Dailynews - Tamilnadu govt awards Rajini and Kamal". 2007-09-11. Archived from the original on 2007-09-11. https://web.archive.org/web/20070911141539/http://www.cinesouth.com/masala/hotnews/new/07092007-1.shtml আহৰণ কৰা হৈছে: 2024-12-21.
  3. "Meera Vasudev returns with a surprise 'Kudumbavilakku'". asianetnews.com. https://www.asianetnews.com/entertainment-news/crew-revealed-new-surprise-in-kudumba-vilakku-q4pyb3 আহৰণ কৰা হৈছে: 10 October 2020.
  4. "Actress Meera Vasudevan Announces Her First TV Serial After Marriage". News18. 15 June 2024. https://www.news18.com/movies/actress-meera-vasudevan-announces-her-first-tv-serial-after-marriage-8933644.html আহৰণ কৰা হৈছে: 2 August 2024.
  5. "Bowled over by cinema". The Hindu. 30 March 2007. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/bowled-over-by-cinema/article2271959.ece.
  6. "Focussed". The Hindu. 27 March 2006. https://www.thehindu.com/todays-paper/tp-features/tp-metroplus/focussed/article3189782.ece.
  7. "டோடோவின் ரஃப் நோட்டு — Tamil Kavithai -- தமிழ் কவிதைகள் - நூற்று கணக்கில்!". டோடோவின் ரஃப் நோட்டு. Archived from the original on 31 August 2011. https://web.archive.org/web/20110831110439/http://www.cinesouth.com/masala/hotnews/new/03012008-1.shtml আহৰণ কৰা হৈছে: 14 June 2013.
  8. "டோடோவின் ரஃப் நோட்டு — Tamil Kavithai -- தமிழ் কவிதைகள் - நூற்று கணக்கில்!". டோடோவின் ৰஃப் நோட்டு. Archived from the original on 31 August 2010. https://web.archive.org/web/20100831171345/http://www.cinesouth.com/masala/hotnews/new/26072010_1.shtml আহৰণ কৰা হৈছে: 14 June 2013.
  9. "Life is beautiful now: Meera". The Times of India. https://timesofindia.indiatimes.com/entertainment/regional/movie-details/news-interviews/Life-is-beautiful-now-Meera/articleshow/6541126.cms.
  10. "John and me complement each other, says Meera". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/John-and-me-complement-each-other-says-Meera/articleshow/15138705.cms.
  11. "Meera Vasudevan Marries Vipin Puthiyankam In An Intimate Ceremony, Shares Wedding Video" (en ভাষাত). English Jagran. 25 May 2024. https://www.thedailyjagran.com/entertainment/meera-vasudevan-marries-vipin-puthiyankam-in-an-intimate-ceremony-shares-wedding-video-10162835 আহৰণ কৰা হৈছে: 25 May 2024.
  12. "Meera Vasudevan ties the knot with Vipin in Coimbatore; shares a dreamy video from her wedding". The Times of India. 24 May 2024. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/meera-vasudevan-ties-the-knot-with-vipin-in-coimbatore-shares-a-dreamy-video-from-her-wedding-watch/articleshow/110406004.cms.
  13. "Meera Vasudevan confirms divorce; declares 'I am single now'; Actress ends her third marriage after one year" (en ভাষাত). The Times of India. 17 November 2025. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/meera-vasudevan-confirms-divorce-declares-i-am-single-now-actress-ends-her-third-marriage-after-one-year/articleshow/125377402.cms আহৰণ কৰা হৈছে: 17 November 2025.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]