মুখতাৰ মাই
মুখতাৰ মাই (উৰ্দু: مختاراں بی بی,ইংৰাজী: Mukhtar Mai, জন্ম: প্ৰায় ১৯৭২) হৈছে পাকিস্তানৰ পঞ্জাৱৰ মুজাফৰগড় জিলাৰ জাতৈৰ গ্ৰাম্য তহচিলত অৱস্থিত মীৰৱালা গাঁৱৰ পাকিস্তানী মানৱ অধিকাৰ কৰ্মী। ২০০২ চনৰ জুন মাহত মাই দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল, যিটো স্থানীয় মাষ্টয় বালুচ বংশৰ জনজাতীয় পৰিষদে ‘সন্মান প্ৰতিশোধ’ৰ প্ৰকাৰ হিচাপে অনুমোদন জনাইছিল। পৰিষদৰ এই ৰায়দান আছিল অধিক প্ৰতিপত্তিশালী মাষ্টোই বালোচ আৰু মাইৰ টাটলা বংশৰ মাজত হোৱা বিবাদৰ পৰিণতিস্বৰূপে।[1][2]
যদিও স্থানীয় প্ৰথা অনুসৰি মাইয়ে ধৰ্ষণৰ পিছত আত্মহত্যা কৰিব বুলি আশা কৰিছিল,[3][4][5] মাইয়ে মাত মাতিছিল আৰু তেওঁৰ ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ এই সমগ্ৰ ঘটনাপ্ৰৱাহক স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰিছিল আৰু প্ৰতিবেদন প্ৰকাশক কৰিছিল। ২০০২ চনৰ ১ ছেপ্টেম্বৰত সন্ত্ৰাসবাদ বিৰোধী আদালতে ধৰ্ষণৰ অপৰাধত চাৰিজন ধৰ্ষণকাৰীকে ধৰি ছয়জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। কিন্তু ২০০৫ চনত লাহোৰ উচ্চ ন্যায়ালয়ে “অপৰ্যাপ্ত প্ৰমাণ”ৰ উল্লেখ কৰি পৰৱৰ্তী সময়ত ছয়জন দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰীৰ ভিতৰত পাঁচজনক দোষমুক্ত কৰে৷ একে সময়তে ষষ্ঠজন লোকৰ শাস্তি আজীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰা হয়। মাই আৰু চৰকাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনায়, যাৰ ফলত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে দোষমুক্তকৰণ স্থগিত ৰাখি আপীলৰ বাবে শুনানি অনুষ্ঠিত কৰে৷[6] ২০১১ চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে চাৰিজন লোকৰ দোষমুক্ত হোৱাৰ সময় বাতিল কৰে যদিও বাকী পাঁচজনক দোষমুক্ত কৰাটো নিশ্চিত কৰে।[7][8]মুখতাৰ মাইৰ অধিবক্তা আৰু সমৰ্থকসকলে এই ৰায়দানৰ আবেদনৰ পৰিকল্পনা কৰিছিল।[9]
যদিও এই ঘটনাৰ পিছত মাই আৰু তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সুৰক্ষা বিপন্ন হৈ পৰিছে,,[10] তেওঁ পাকিস্তান আৰু অন্যান্য ঠাইত মহিলাৰ অধিকাৰৰ স্পষ্টবাদী সমৰ্থক হৈয়েই আছে। সমগ্ৰ পাকিস্তানৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলক সহায় আৰু শিক্ষা প্ৰদান কৰাত সহায় কৰিবলৈ তেওঁ মুখতাৰ মাই মহিলা কল্যাণ সংস্থা আৰম্ভ কৰিছিল। ২০০৭ চনৰ এপ্ৰিল মাহত মাই ইউৰোপ পৰিষদৰ পৰা উত্তৰ–দক্ষিণ বঁটা লাভ কৰে।[11] ২০০৫ চনত গ্লেমাৰ আলোচনীয়ে তেওঁক 'বছৰৰ মহিলা' হিচাপে নিৰ্বাচিত কৰে।[12] ২০০৬ চনৰ নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, "তেওঁৰ আত্মজীৱনী ফ্ৰান্সৰ ৩ নং বেষ্ট চেলাৰ, আৰু তেওঁৰ বিষয়ে চিনেমা নিৰ্মাণ কৰা হৈছে। [13] ২০০৭ চনৰ ৮ এপ্ৰিলত নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰিছিল যে পাকিস্তান চৰকাৰ আৰু স্থানীয় সামন্তৰ ভাবুকিৰ বাবে মাই নিজৰ জীৱনটোক লৈ ভয়ৰ মাজত জীয়াই আছে।[14] পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে তেওঁৰ ব্যক্তিগত ব্লগত স্বীকাৰ কৰিছে যে তেওঁ ২০০৫ চনত তেওঁৰ গতিবিধিৰ ওপৰত বাধা আৰোপ কৰা হৈছিল, কাৰণ তেওঁৰ কাম আৰু ইয়াৰ প্ৰচাৰে পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তিত আঘাত হানিব বুলি আশংকা কৰা হৈছিল।[15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Journey into Islam: the crisis of globalization, Akbar S. Ahmed, Brookings Institution Press, 2007, pp.99
- ↑ "A Marriage of Convenience?". Inter Press Service. 11 April 2009. Archived from the original on 13 August 2009. https://web.archive.org/web/20090813082508/http://ipsnews.net/news.asp?idnews=46465। আহৰণ কৰা হৈছে: 7 June 2010.
- ↑ Sentenced to Be Raped
- ↑ Masood, Salman (17 March 2009). "Pakistani Woman Who Shattered Stigma of Rape Is Married (Published 2009)". The New York Times. https://www.nytimes.com/2009/03/18/world/asia/18mukhtar.html.
- ↑ "Pakistani rape survivor turned education crusader honoured at UN". Un.org. 2 May 2006. https://www.un.org/apps/news/story.asp?NewsID=18322&Cr=Mukhtar&Cr1=Mai। আহৰণ কৰা হৈছে: 18 May 2014.
- ↑ "Pakistan rape acquittals rejected". BBC News. 28 June 2005. http://news.bbc.co.uk/2/hi/south_asia/4629457.stm.
- ↑ PLD 2011 SC 554 (Criminal Appeals No.163 to 171 and S.M. Case No.5/2005[সংযোগবিহীন উৎস])
- ↑ "SC upholds LHC c verdict in Mukhtaran Mai case". The Nation (Pakistan). 22 April 2011. https://nation.com.pk/22-Apr-2011/SC-upholds-LHC-c-verdict-in-Mukhtaran-Mai-case। আহৰণ কৰা হৈছে: 29 November 2019.
- ↑ "Review plea to be filed in Mukhtar Mai case: Aitzaz". https://www.dawn.com/news/623460/fonts.googleapis.com। আহৰণ কৰা হৈছে: 17 March 2015.
- ↑ Kristof, Nicholas D. (7 August 2009). "Feudals vs. Mukhtar". The New York Times. http://kristof.blogs.nytimes.com/2009/08/07/feudals-vs-mukhtar/। আহৰণ কৰা হৈছে: 18 May 2014.
- ↑ Award ceremony of the North-South Prize of the Council of Europe (speech)
- ↑ "2005 Glamour Woman of the Year". July 2008. http://www.glamour.com/news/listings/articles/2006/10/30/mukhtarmaiupdate.
- ↑ Kristof, Nicholas D. "A Heroine Walking in the Shadow of Death", New York Times. 4 April 2006. Accessed 29 March 2008.
- ↑ Kristof, Nicholas D. (8 April 2007). "A Woman's Work Earns Her Enemies". The New York Times: পৃষ্ঠা 11. https://www.nytimes.com/2007/04/08/opinion/08kristof.html। আহৰণ কৰা হৈছে: 29 March 2008.
- ↑ "Write to the President: The President Responds". General Pervez Musharraf. 29 June 2005. Archived from the original on 19 August 2008. https://web.archive.org/web/20080819193753/http://www.presidentofpakistan.gov.pk/TPRespondsQsComplDetail.aspx?WTPresidentQsID=293। আহৰণ কৰা হৈছে: 18 May 2014.