সমললৈ যাওক

মুগা জহামাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুগা জহামাল

(Brown palm civet)

সংৰক্ষণ স্থিতি
CITES Appendix III (CITES)[2]
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: স্তন্যপায়ী
বৰ্গ: Carnivora
উপবৰ্গ: Feliformia
পৰিয়াল: Viverridae
গণ: Paradoxurus
প্ৰজাতি: P. jerdoni
দ্বৈৰাশিক নামকৰণ
Paradoxurus jerdoni
Blanford, 1885
Brown palm civet range

মুগা জহামাল (ইংৰাজী: Brown palm civet; বৈ‍জ্ঞানিক নামঃ Paradoxurus jerdoni) হ'ল ভাৰতৰ পশ্চিম ঘাটত পোৱা মাংসভোজী স্তন্যপায়ী পৰিয়ালৰ (Viveridae) এবিধ স্থানীয় প্ৰাণী, ইয়াক জেৰ্ডনৰ জহামাল (Jerdon's palm civet) বুলিও কোৱা হয়৷[1]

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]
জোচেফ স্মিটৰ ব্যাখ্যামূলক চিত্ৰ (১৮৮৫)

১৮৮৫ চনত উইলিয়াম থমাছ ব্লেনফৰ্ডে কোডাইকানালৰ পৰা সংগ্ৰহ কৰা মুগা জহামালৰ লাওখোলা আৰু ছালৰ বৰ্ণনা কৰি‍ প্ৰাণীবিধৰ বৈজ্ঞানিক নাম Paradoxurus jerdoni প্ৰৱৰ্তন কৰে৷ ব্লেনফৰ্ডে মুখৰ তালুৰ দীঘল ৰন্ধ্ৰটো লক্ষ্য কৰিছিল আৰু লগতে ছালখন ফ্ৰান্সিছ ডেইয়ে‍ সংগ্ৰহ কৰা আন এটা প্ৰাণীবিজ্ঞানৰ নমুনাৰ সৈতে মিল খাইছিল। ব্লেনফৰ্ডে থমাছ চি জেৰ্ডনৰ সন্মানত এই প্ৰজাতিটোৰ নামকৰণ কৰিছিল।[3] ৰেজিনাল্ড ইনেছ পককে দক্ষিণ ক'ৰ্গৰ বিৰাজপেটত সংগ্ৰহ কৰা এটা নমুনাৰ ভিত্তিত উপপ্ৰজাতি কেনিস্কাছৰ বৰ্ণনা কৰিছিল।[4]

ইয়াৰ দুটা উপপ্ৰজাতি আছে, সেয়া হ'ল - পি. জ‍ে. জেৰ্ডোনি আৰু পি.জে. কেনিচকোচ[5]

বৈশিষ্ট্য

[সম্পাদনা কৰক]
মুগা জহামালৰ দাঁতৰ এপাৰি‍, ব্যাখ্যামূলক চিত্ৰ ১৮৮৫[6]

মুগা জহামালৰ একেধৰণৰ বাদামী ৰঙৰ নোমযুক্ত ছাল থাকে, মূৰ, ডিঙি, কান্ধ, ভৰি আৰু ঠেংৰ চাৰিওফালে এই ৰং ডাঠ হয়৷ কেতিয়াবা নোমযুক্ত ছালখন ধূসৰ হ’ব পাৰে। ৰং অত্যন্ত পৰিৱৰ্তনশীল যদিও নোমযুক্ত ছালৰ ৰঙৰ ভিত্তিত দুয়োটা উপপ্ৰজাতিক বৰ্ণনা কৰা হৈছে, এই ৰং শেঁতা পাতল হালধীয়া বা পাতল মুগাৰ পৰা গাঢ় মুগা। ক’লা নেজডালত কেতিয়াবা বগা বা শেঁতা হালধীয়া ৰঙৰ বিন্দুৰ নিচিনা চিহ্ন থাকে। জহামাল (Asian palm civet)ৰ দৰে ইয়াৰ শৰীৰ বা মুখত কোনো সুকীয়া চিন নাথাকে। ইয়াৰ এটা সুকীয়া বৈশিষ্ট্য হ’ল গলধনত ওলোটা দিশত চুলি বৃদ্ধি, ঠিক শ্ৰীলংকাৰ সোণালী জহামাল (P. zeylonensis)ৰ দৰেই। ই সাধাৰণ জহামালৰ সমানে ডাঙৰ, কিন্তু নেজডাল দীঘল আৰু চিকচিকিয়া। মতাবোৰৰ শৰীৰৰ ওজন ৩.৬–৪.৩ কিলোগ্ৰাম (৭.৯–৯.৫ পাউণ্ড), মূৰ আৰু শৰীৰৰ দৈৰ্ঘ্য ৪৩০–৬২০ মিলিমিটাৰ (১৭–২৪ ইঞ্চি), আৰু নেজৰ দৈৰ্ঘ্য ৩৮০–৫৩০ মিলিমিটাৰ (১৫–২১ ইঞ্চি)।[7][6][8]

বিতৰণ আৰু বাসস্থান

[সম্পাদনা কৰক]

গোৱাৰ কেছল ৰকৰপৰা কলাক্কাড মুণ্ডনথুৰাই বাঘ সংৰক্ষিত বনাঞ্চলৰ পশ্চিম ঘাটৰ দক্ষিণ প্ৰান্তলৈকে মুগা জহামালৰ বিতৰণ বিস্তৃত।[9] ই ৫০০–১,৩০০ মিটাৰ (১,৬০০–৪,৩০০ ফুট) উচ্চতাত বৰ্ষাৰণ্য অঞ্চলত বাস কৰে।[7] এই ভূ-প্ৰকৃতি চাহ-কফি বাগিছাৰ দৰে ব্যাৱসায়িকভাৱে শোষিত ঠাইৰ মাজত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ অৱশিষ্টৰে খণ্ডিত। এনে পৰিৱেশত ই থাকিব পৰাৰ ক্ষমতা এই অঞ্চলসমূহত পোৱা বিভিন্ন ধৰণৰ ফল-মূলৰ গছৰ প্ৰজাতি যেনে কফি বাগিছাত ছায়াযুক্ত গছৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে।[10]

পৰিৱেশ আৰু আচৰণ

[সম্পাদনা কৰক]

মুগা জহামালবোৰ এককভাৱে থাকে‍ আৰু নিশাচৰ। দিনত ইহঁতে দিনৰ বিছনা, যেনে গছৰ ফুটা, গছৰ আচ্ছাদন থকা ডাল, ভাৰতীয় বৰ কেৰ্কেটুৱাৰ বাহ আৰু গছৰ ডালৰ ফেৰেঙণি‍ত জিৰণি লয়। দিনত বিছনা হিচাপে ব্যৱহাৰ কৰা গছবোৰ ডাঙৰ আৰু সাধাৰণতে উচ্চ আচ্ছাদনৰ সংযোগ থকা ঘন পৰিপক্ক বনাঞ্চলত এইবোৰ থাকে। কেতিয়াবা ৰাতি মুকলি ডালত জিৰণি লয়।[11]

মুগা জহামাল প্ৰধানকৈ ফলভোজী আৰু পশ্চিম ঘাটৰ বৰ্ষাৰণ্যত বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰজাতি বিয়পি পৰাত ভূমিকা লোৱা এক প্ৰধান স্তন্যপায়ী প্ৰাণী৷ ৫৩টাতকৈও অধিক থলুৱা আৰু চাৰিটা প্ৰৱৰ্তিত উদ্ভিদ প্ৰজাতিৰ ফল ইয়াৰ খাদ্যৰ প্ৰায় ৯৭% সামৰে বুলি লিপিৱদ্ধ কৰা হৈছে। ই সকলোতকৈ প্ৰথমে‍ গছৰ ফল খায় আৰু ১ চে.মি.(০.৩৯ ইঞ্চি‍)ৰ কম ব্যাসৰ লতাজাতীয় উদ্ভিদ খায়, বনৌষধি বা জোপোহা গছ খুব কমেইহে খোৱা দেখা যায়; ফলৰ ভিতৰত বহু বীজযুক্ত, পাল্পযুক্ত জামু, মধ্যমীয়াৰ পৰা অধিক পানীৰ পৰিমাণ থকা বগৰীজাতীয় ফল, আৰু ২ চে.মি.(০.৭৯ ইঞ্চি‍)তকৈ অধিক ব্যাসৰ পেলাকিয়াম এলিপ্টিকাম, ইলেঅ'কাৰ্পাছ চেৰেটাছ, হলিগৰ্না নাইগ্ৰা আৰু ক্নেমা এটেনুৱেটা আদি ফল খায়। ইয়াৰ খাদ্যৰ ধৰণ বছৰৰ পাছত বছৰ আৰু আনকি একেটা বছৰৰ ভিতৰতো ফলৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হয়। ইয়াৰ উপৰিও ই বিভিন্ন ধৰণৰ অমেৰুদণ্ডী আৰু মেৰুদণ্ডী প্ৰাণীও খায়।[12] ইয়াৰ উপৰিও ইয়াক কুলেনিয়া এক্সাৰিলাটা (Cullenia exarillata)[13] আৰু Syzygium প্ৰজাতিৰ ফুল খোৱা বুলিও লিপিৱদ্ধ কৰা হৈছে।[12]

সংৰক্ষণ

[সম্পাদনা কৰক]

ইয়াৰ বিচৰণৰ বৃহৎ পৰিসৰ আৰু কেইবাটাও সংৰক্ষিত অঞ্চলৰ ভিতৰত ইয়াৰ উপস্থিতিৰ বাবে ইয়াক সংৰক্ষণৰ বাবে কম চিন্তাৰ বিষয় হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। কিন্তু এই অঞ্চলবোৰত প্ৰায়ে বৃহৎ স্তন্যপায়ী বিস্তাৰণকাৰী, ধনেশ আৰু ডাঙৰ পাৰ চৰাইৰ দৰে চৰাই বাসস্থান ধ্বংস আৰু চিকাৰৰ বাবে দেখা পোৱা নাযায়৷ সেয়েহে, মুগা জহামালে এনে মানৱ প্ৰভাৱিত প্ৰাকৃতিক পৰিৱেশত গুৰুত্বপূৰ্ণ বিস্তাৰণকাৰী হিচাপে গুৰুত্ব লাভ কৰিছে‍ আৰু জীৱ বৈচিত্ৰ্য বজাই ৰখাৰ ভূমিকা পালন কৰিছে‍।[14]

আলোকচিত্ৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Mudappa, D.; Choudhury, A.U.; Punjabi, G.A. (2024). Paradoxurus jerdoni. doi:10.2305/IUCN.UK.2024-2.RLTS.T16104A259353263.en.
  2. সাঁচ:Cite Species+
  3. Blanford, W.T. (1885). "Exhibition and description of a skull of an apparently new Species of Paradoxurus (Paradoxurus jerdoni)". Proceedings of the Zoological Society of London: 612–613. https://archive.org/stream/proceedingsofgen85zool#page/611/mode/1up.
  4. Pocock, R.I. (1933). "The Palm Civets or 'Toddy Cats' of the genera Paradoxurus and Paguma inhabiting British India". Journal of the Bombay Natural History Society খণ্ড 36: 856–877.
  5. সাঁচ:MSW3 Wozencraft
  6. 1 2 Blanford, W. T. (1885). "A Monograph of the Genus Paradoxurus, F. Cuvier". Proceedings of the Zoological Society of London খণ্ড 53 (4): 780–808. doi:10.1111/j.1096-3642.1885.tb02921.x. https://www.biodiversitylibrary.org/partpdf/73116.
  7. 1 2 Rajamani N.; Mudappa, D.; Van Rompaey, H. (2002). "Distribution and status of the Brown Palm Civet in the Western Ghats, South India". Small Carnivore Conservation খণ্ড 27: 6–11. https://www.researchgate.net/publication/258700118.
  8. Blanford, W.T. (1888–91). Fauna of British India. Mammalia. Taylor and Francis, London. পৃষ্ঠা. 111–112. https://archive.org/stream/mammalia00blaniala#page/110/mode/1up.
  9. Kinnear, N. B. (1913). "The Brown Palm-Civet in North Kanara". Journal of the Bombay Natural History Society খণ্ড 22: 390. https://www.biodiversitylibrary.org/page/30155349.
  10. Mudappa, D.; Noon, B.R.; Kumar, A.; Chellam, R. (2007). "Responses of small carnivores to rainforest fragmentation in the southern Western Ghats, India". Small Carnivore Conservation খণ্ড 36: 18–26. https://www.researchgate.net/publication/258699798.
  11. Mudappa, D. (2006). "Day-bed choice by the brown palm civet (Paradoxurus jerdoni) in the Western Ghats, India". Zeitschrift für Säugetierkunde খণ্ড 71 (4): 238–243. doi:10.1016/j.mambio.2006.01.003.
  12. 1 2 Mudappa, D.; Kumar, A.; Chellam, R. (2010). "Diet and fruit choice of the brown palm civet Paradoxurus jerdoni, a viverrid endemic to the Western Ghats rainforest, India". Tropical Conservation Science খণ্ড 3 (3): 282–300. doi:10.1177/194008291000300304.
  13. Ganesh, T.; Davidar, P. (1997). "Flowering phenology and flower predation of Cullenia exarillata (Bombacaceae) by arboreal vertebrates in Western Ghats, India". Journal of Tropical Ecology খণ্ড 13 (3): 459–468. doi:10.1017/S0266467400010622.
  14. Ashraf, N.V.K.; Kumar, A.; Johnsingh, A.J.T. (1993). "Two endemic viverrids of the Western Ghats, India". Oryx খণ্ড 27 (2): 109–114. doi:10.1017/S0030605300020640. https://archive.org/details/sim_oryx_1993-04_27_2/page/109.