মুগ্ধা গডছে
| মুগ্ধা গডছে | |
|---|---|
২০১৮ চনত গডছে | |
| জন্ম | মুগ্ধা বীৰা গডছে ২৬ জুলাই, ১৯৮৬ (৩৯ বছৰ) পুনে, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০০৪–বৰ্তমান |
মুগ্ধা বীৰা গডছে[1] (জন্ম: ২৬ জুলাই ১৯৮৬)[2] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মুখ্যত হিন্দী ছবিত কাম কৰে। এগৰাকী প্ৰাক্তন মডেল গডছে ২০০৪ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ ছেমি ফাইনেলিষ্ট আছিল। তেওঁ মধুৰ ভাণ্ডাৰকাৰৰ ২০০৮ চনৰ ছবি ফেশ্বনৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়। তেওঁ মাৰাঠী ৰিয়েলিটি শ্ব’ মাৰাঠী পাউল পাডতে পুধেৰ এগৰাকী বিচাৰক আছিল।
প্ৰাৰম্ভিক জীৱন আৰু মডেলিং কেৰিয়াৰ
[সম্পাদনা কৰক]
গডছেৰ জন্ম ১৯৮৬ চনৰ ২৬ জুলাইত পুনেৰ এটা মধ্যবিত্ত পৰিয়ালত হৈছিল।[3] তেওঁ পুনেৰ নুতন মাৰাঠী বিদ্যালয়ৰপৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।[4] গডছে পুনেৰ মাৰাঠৱাড়া মিত্ৰ মণ্ডল কলেজ অফ কমাৰ্চৰপৰা বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।[5] জীৱনৰ আৰম্ভণিৰ দিনবোৰত গডছে তেল বিক্ৰী কৰিছিল আৰু দিনটোত মাত্ৰ ১০০ টকাহে উপাৰ্জন কৰিছিল।[6] তাৰ পিছত তেওঁ জিমত ব্যায়াম কৰিবলৈ আৰম্ভ কৰে আৰু স্থানীয় সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০০২ চনত তেওঁ গ্লাডৰাগছ মেগা মডেল হাণ্টত অংশ লৈ বিজয়ী হয়। ২০০৪ চনত গডছে ভাৰতৰ সৰ্ববৃহৎ মডেলিং প্ৰতিযোগিতা ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰে। তেওঁ এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰু 'মিছ পাৰফেক্ট টেন' খিতাপ অৰ্জন কৰে। ইয়াৰ পিছত তেওঁ মুম্বাইলৈ গুচি যায় আৰু মডেলিং আৰম্ভ কৰে।[6]
গডছে কেইবাটাও ব্যাৱসায়িক বিজ্ঞাপনত অভিনয় কৰিছে, যিবোৰৰ ভিতৰত শ্বাহৰুখ খানৰ সৈতে এটা এয়াৰটেলৰ বিজ্ঞাপন, ক্লজ-আপ টুথপেষ্টৰ বিজ্ঞাপন আৰু হলণ্ডিয়া দৈৰ বিজ্ঞাপন উল্লেখযোগ্য।[7] তেওঁ মডেলিংৰ ক্ষেত্ৰত পাঁচ বছৰতকৈও অধিক সময় পাৰ কৰিছে আৰু বিভিন্ন সংবাদ পত্ৰৰ বিজ্ঞাপন, মিউজিক ভিডিঅ' আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ৰেম্পত খোজ দিছে।[8] তেওঁ মধুৰ ভাণ্ডাৰকাৰৰ নিৰ্দেশনাত নিৰ্মিত হিন্দী বোলছবি ফেশ্বনত অভিনয় কৰিছিল, য'ত তেওঁৰ সৈতে প্ৰিয়ংকা চোপ্ৰা আৰু কংগণা ৰানাৱটেও অভিনয় কৰিছিল।
তেওঁক এছিয়ান একাডেমী অফ ফিল্ম এণ্ড টেলিভিছনৰপৰা ন’ইডাৰ অষ্টম গ্ল’বেল ফিল্ম ফেষ্টিভেলত গ্ল’বেল চিনেমা এৱাৰ্ডেৰে সন্মানিত কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "MugdhaGodseOfficial". Facebook. 16 April 2018. https://www.facebook.com/MugdhaGodseOfficial। আহৰণ কৰা হৈছে: 16 April 2018.
- ↑ "Rahul Dev on 14-year age gap with Mugdha Godse: 'My parents had an age gap of 10 years too'" (en ভাষাত). Hindustan Times. 9 March 2020. https://www.hindustantimes.com/bollywood/rahul-dev-on-14-year-age-gap-with-mugdha-godse-my-parents-had-an-age-gap-of-10-years-too/story-KoRbkEMiQF7HWInv1dRFyI.html.
- ↑ "'ही' प्रसिद्ध अभिनेत्री एकेकाळी पेट्रोल पंपावर करायची काम" (mr ভাষাত). Loksatta. 26 July 2017. http://loksatta.com.
- ↑ Shaheen Parkar (16 February 2016). "Mugdha: That used to be my hangout!". http://mid-day.com.
- ↑ Patowari, Farzana (31 August 2019). "Actress Mugdha Godse says that she is already married in her head" (en ভাষাত). The Times of India. https://indiatimes.com.
- 1 2 Nithya Ramani (1 June 2009). "Life has been good after Fashion". Rediff.com. http://rediff.com। আহৰণ কৰা হৈছে: 16 April 2018.
- ↑ "05 hollandia yoghurt 3flavs - YouTube". YouTube. 23 February 2011. https://youtube.com। আহৰণ কৰা হৈছে: 16 April 2018.
- ↑ "Mugdha Godse Walked the Ramp for Satomi at India Runway Week". Business Standard. ANI. 19 September 2016. https://business-standard.com.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত মুগ্ধা গডছে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Mugdha Godse সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।