মুচ বুলেঞ্জাৰ
| Mousse Boulanger | |
|---|---|
![]() ১৯৮১ চনত বুলেঞ্জাৰ | |
| জন্ম | Berthe Sophie Neuenschwander ০৩ নৱেম্বৰ, ১৯২৬ বনকোৰ্ট, চুইজাৰলেণ্ড |
| মৃত্যু | ১৬ জানুৱাৰী, ২০২৩ (৯৬ বছৰ) পায়াৰ্ন, চুইজাৰলেণ্ড |
| শিক্ষা | কনজাৰভেটৰ পপুলেয়াৰ ডি মিউজিক, ডান্স এট থিয়েট্ৰ ডি জেনেভা |
| পেচা | কবি, অভিনেত্ৰী, টেলিভিছন প্ৰযোজক |
| দাম্পত্যসঙ্গী | Pierre Boulanger (বি. ১৯৫৫; মৃ. ১৯৭৮) |
মুচ বুলেঞ্জাৰ (ইংৰাজী: Mousse Boulanger; জন্মতে: বাৰ্থ ছফি নিউয়েনশ্বাণ্ডাৰ; ৩ নৱেম্বৰ ১৯২৬ – ১৬ জানুৱাৰী ২০২৩) এগৰাকী চুইজাৰলেণ্ডৰ কবি, অভিনেত্ৰী আৰু টেলিভিছন প্ৰযোজক আছিল।[1]
জীৱনী
[সম্পাদনা কৰক]নিউয়েনশ্বাণ্ডাৰৰ জন্ম ১৯২৬ চনৰ ৩ নৱেম্বৰত বনকোৰ্টত হৈছিল আৰু সাংবাদিকতা তথা কবিতাৰফালে ঢাল খোৱাৰ আগতে তেওঁ পোৰেণ্ট্ৰুইৰ এখন কেণ্টনাল স্কুলত পঢ়া-শুনা কৰিছিল। কেম্ব্ৰিজত কিছুকাল থকাৰ পিছত তেওঁ জেনেভাৰ 'ইকোল ছচিয়েল ডি মিউজিক'ত নাট্যকলা অধ্যয়ন কৰে। ১৯৫৩ চনৰ ২৭ মে’ত তেওঁ ‘কনাইট্ৰ’ (Connaître) নামৰ সাংস্কৃতিক সংস্থাটোৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে, য’ত তেওঁ নিজৰ ভৱিষ্যতৰ স্বামী পিয়েৰ বুলেঞ্জাৰক লগ পায়। ১৯৫৫ চনত এই দম্পতীহাল বিবাহপাশত আবদ্ধ হয়।
১৯৬১ চনত পিয়েৰ আৰু মুচ বুলেঞ্জাৰে ‘পয়েচি ইউনিভাৰ্চেল’ (Poésie universelle) শৃংখলাত বুলগেৰিয়ান সাহিত্যৰ ওপৰত এটা অনুষ্ঠান আৰম্ভ কৰে। ইয়াৰ পিছত দুয়োকে বুলগেৰিয়াৰ দূতাবাসলৈ আমন্ত্ৰণ জনোৱা হয় আৰু মঞ্চত আত্মপ্ৰকাশ কৰে। তেওঁলোকে আৰু দহবাৰ বুলগেৰিয়ালৈ উভতি গৈছিল।[2] ১৯৭১ চনৰপৰা ১৯৭৪ চনলৈকে তেওঁলোকে জোচ আজপিঁয়াজু আৰু তেওঁৰ কন্যা লুপেৰ সৈতে ভ্ৰমণ কৰিছিল। তেওঁলোকে চাৰিওজনে মিলি ৰোমাণ্ডি আৰু ফ্ৰান্সত অনুষ্ঠান পৰিৱেশন কৰিছিল।
১৯৭৫ চনত বুলেঞ্জাৰে ‘বেৰচিউজ প’ৰ উনে মামন’ (Berceuse pour une maman) নামৰ এটা এলবাম ৰেকৰ্ড কৰে, যাৰ বাবে তেওঁ ফৰাচী ভাষাত পাঠ লিখিছিল। ১৯৭৩ চনৰ আগষ্ট মাহত পিয়েৰ আৰু মুচে প’ল ভিনচেনচিনি আৰু মাৰ্চেল মাৰেচেলৰদ্বাৰা সৃষ্ট ‘মাৰ্চাণ্ড ডি ইমেজ’ (Marchands d'images) নামৰ অনুষ্ঠানটো ফেষ্টিভাল ডি ৰোচেচাউভত উপস্থাপন কৰে। সেই বছৰ তেওঁলোকে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় শিক্ষা মন্ত্ৰ্যালয় আৰু একাডেমি ফ্ৰান্সাইজেৰ পিয়েৰ ইমানুৱেলৰ সহযোগত লিয়নৰ চেণ্ট্ৰে ড্ৰামাটিক নেচনেলত ‘পয়েচি ডান লে কাৰ্টিয়াৰ’ (Poésie dans les quartiers) উপস্থাপন কৰিছিল।[3] ১৯৭৪ চনত ফেষ্টিভাল ডি এভিগননত তেওঁলোকে দুটা কবিতাৰ অনুষ্ঠান উপস্থাপন কৰে: ‘পয়েচি প’ৰ টাউচ’ (Poésie pour tous) আৰু ‘থিয়েট্ৰ ডি পয়েম’ (Théâtre des poèmes)। তেওঁলোকৰ বিভিন্ন অনুষ্ঠান আৰু উপস্থাপনৰ জৰিয়তে তেওঁলোকে বিদেশত ফৰাচী ভাষী সংস্কৃতিৰ ৰাষ্ট্ৰদূত হৈ পৰিছিল।[4]
বুলেঞ্জাৰৰ স্বামী পিয়েৰৰ ১৯৭৮ চনৰ ২৮ অক্টোবৰত ৫০ বছৰ বয়সত আফ্ৰিকাত এটা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ এবছৰ আগতে তেওঁ স্বামীৰ লগতে জঁলুই কৰ্ণুজ আৰু ভিঅ' মাৰ্টিনৰ সৈতে মিলি ‘অচোচিয়েচন ডেচ আমিচ ডি গুস্তাভ ৰুড’ (Association des Amis de Gustave Roud) নামৰ সংস্থাটোৰ সহ-প্ৰতিষ্ঠা কৰিছিল।[5] স্বামীৰ মৃত্যুৰ পাছত তেওঁ মাজে মাজে ‘চোচাইটি জুৰাচিয়েন ডি এমুলচন’ (Société jurassienne d'émulation)ৰ সাহিত্যিক বিচাৰক হিচাপে কাম কৰিছিল।[6]
২০২৩ চনৰ ১৬ জানুৱাৰীত ৯৬ বছৰ বয়সত পায়াৰ্নত বুলেঞ্জাৰৰ মৃত্যু হয়।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Rieder, Caroline (16 January 2023). "Une passeuse des lettres romandes s'en est allée" (French ভাষাত). 24 heures. https://www.24heures.ch/une-passeuse-des-lettres-romandes-sen-est-allee-201167753315.
- ↑ Gautier, Henri (7 April 1973). "Pierre et Mousse Boulanger. La poésie, il faut lui donner une voix" (French ভাষাত). La Suisse.
- ↑ Pastori, Jean-Pierre (1973). "Les Marchands d'images en France. Pierre et Mousse Boulanger animateurs" (French ভাষাত). 24 heures.
- ↑ Kuttel, Mireille (24 May 1973). "Les marchands d'images : un couple de Jurassiens" (French ভাষাত). Le Démocrate.
- ↑ "Une " Association des Amis de Gustave Roud "" (French ভাষাত). Gazette de Lausanne. 16 March 1977.
- ↑ Jakubec, Doris (4 November 2004). "Mousse Boulanger" (French ভাষাত). Historical Dictionary of Switzerland. https://hls-dhs-dss.ch/fr/articles/022256/2004-11-04/.
- ↑ Kadishi, Raphaël M. (16 January 2023). "Mousse Boulanger est décédée à l'âge de 96 ans" (French ভাষাত). La Liberté. https://www.laliberte.ch/news/culture/litterature/mousse-boulanger-est-decedee-a-l-age-de-96-ans-674285.
