সমললৈ যাওক

মুছাৰাট শ্বাহীন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুছাৰাট শ্বাহীন

৮০ৰ দশকত মুছাৰাট
জন্ম ১৯৫৮ (বয়স ৬৭৬৮)
ডেৰা ইছমাইল খান, পাকিস্তান
পেচা অভিনেত্ৰী, ৰাজনীতিবিদ
সক্ৰিয় হৈ থকা সময় ১৯৭৫–১৯৯৬
উল্লেখযোগ্য কৰ্ম দুলহান এক ৰাত কি, ব্লেক কেট, এক্সিডেণ্ট, ভৰুছা, খোফনাক

মুছাৰাট শ্বাহীন হৈছে খাইবাৰ পখতুনখোৱাৰ এগৰাকী পাকিস্তানী অভিনেত্ৰী-ৰাজনীতিবিদ।[1] তেওঁ পাকিস্তান তেহৰিক-ই-মাছাৱতৰ অধ্যক্ষা।[2] ৰাজনীতিৰ বাহিৰেও তেওঁ পশতু চিনেমাৰ এগৰাকী উল্লেখযোগ্য অভিনেত্ৰী আছিল।[3] তেওঁ পাকিস্তানৰ পশতু ভাষাৰ চিনেমাৰ প্ৰথম নায়িকা হিচাপে পৰিচিত।

তেওঁৰ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত হাছিনা এটম বম, ব্লেক কেট, ভৰুছা, দুলহান এক ৰাত কি, আম্বাৰ, জান কি বাজী, শিকাৰী আৰু এক্সিডেণ্ট উল্লেখযোগ্য। ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত দুলহান এক ৰাত কি ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ কৰে আৰু অতি কম সময়ৰ ভিতৰতে তাৰকা হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ পিছত তেওঁ পশতু চিনেমাৰ আগশাৰীৰ অভিনেত্ৰী আৰু সামগ্ৰিকভাৱে ললিউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হিচাপে স্বীকৃতি লাভ কৰে।

পশতু চিনেমাত তেওঁৰ আটাইতকৈ জনপ্ৰিয় যোৰা আছিল বদৰ মুনীৰৰ সৈতে। ১৯৭০, ১৯৮০ আৰু ১৯৯০ৰ দশকত তেওঁলোকে অসংখ্য ছবিত একেলগে অভিনয় কৰে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

মুছাৰাটে প্ৰথমে আজ কি বাত নামৰ পাঞ্জাবী ছবিত অভিনয় কৰে যদিও বিশেষ স্বীকৃতি লাভ কৰা নাছিল। পিছত দুলহান এক ৰাত কি ছবিত সহযোগী অভিনেত্ৰী হিচাপে এজন বাৰ নৃত্যশিল্পীৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। মুখ্য চৰিত্ৰ নহ’লেও তেওঁৰ অভিনয় আৰু বিশেষকৈ নৃত্য দক্ষতাৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে।

এই ছবিখনৰ পিছতে তেওঁ ৰাতিটোৰ ভিতৰতে তাৰকা হিচাপে পৰিগণিত হয় আৰু একেৰাহে বহুতো ছবিৰ প্ৰস্তাৱ লাভ কৰে। তেওঁ কমেও ৪০০খন পশতু ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও বহুতো উৰ্দু ছবি, নাটক আৰু অন্যান্য প্ৰকল্পতো কাম কৰিছে। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত হাছিনা এটম বম, আৱাৰা আৰু ধমকি[4]

২০০০ চনত তেওঁ নিজাকৈ ৰাজনৈতিক দল পাকিস্তান তেহৰিক-ই-মাছাৱত (PTM) গঠন কৰে। ৰাজনীতিত বিশেষ সফলতা লাভ নকৰিলেও প্ৰায় প্ৰতিটো নিৰ্বাচনতে ফজল-উৰ-ৰেহমানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]