মুজুন আলমেলেহান
মুজুন আলমেলেহান(ইংৰাজী: Muzoon Almellehan; জন্ম ১৯৯৯) হৈছে যুক্তৰাজ্যত পুনৰ সংস্থাপিত হোৱা ছিৰিয়াৰ এগৰাকী সমাজকৰ্মী আৰু শৰণাৰ্থী। ছিৰিয়াৰ ছোৱালীক স্কুলত ৰখাৰ বাবে কৰা কামৰ বাবে তেওঁক জনা যায় আৰু তেওঁক "চিৰিয়াৰ মালালা" বুলি কোৱা হয়।[1] ২০১৭ চনৰ জুন মাহত তেওঁ ইউনিচেফৰ আটাইতকৈ কম বয়সীয়া গুডউইল এম্বেছাদৰ হয়।[2]
জীৱনী
[সম্পাদনা কৰক]১৯৯৯ চনৰ ১৬ এপ্ৰিলত ইমান আৰু ৰাকান আলমেলেহানৰ ঘৰত জন্মগ্ৰহণ কৰা আলমেলেহানে,[3] ছিৰিয়াৰ দাৰা চহৰত ডাঙৰ-দীঘল হৈছিল।[1][3] তেওঁৰ পিতৃ এজন স্কুলৰ শিক্ষক আছিল।[3] তেওঁৰ দুজন ভাতৃ আৰু এগৰাকী ভগ্নী আছে, যিসকল তেওঁতকৈ এবছৰৰ পৰা চাৰি বছৰৰ ভিতৰত সৰু।[1][3] ছিৰিয়াৰ গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছত তেওঁলোকৰ চহৰখন চৰকাৰে ঘেৰি ধৰিলে। ২০১৪ চনৰ আৰম্ভণিতে ২০১৪ চনত যুদ্ধ ভয়াৱহ হোৱাৰ পিছত তেওঁৰ পৰিয়াল জৰ্ডানলৈ গুচি যায় আৰু তিনি বছৰ শৰণাৰ্থী শিবিৰত থাকে।[1] আলমেলেহান পৰিয়ালটোৱে একাধিকবাৰ স্থানান্তৰিত হ’বলৈ বাধ্য হৈছিল। যেতিয়া তেওঁৰ পৰিয়ালে প্ৰথমবাৰৰ বাবে জৰ্ডানৰ শৰণাৰ্থী শিবিৰত আশ্ৰয় ল'বলৈ দাৰাৰ পৰা পলায়ন কৰিছিল, তেতিয়া তেওঁ দাবী কৰে যে তেওঁ লগত লৈ গৈছিল মাথোঁ তেওঁৰ কিতাপ৷ কাৰণ তেওঁৰ বাবে শিক্ষা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ।[4] তেওঁলোকে বাস কৰা প্ৰথম শিবিৰটো আছিল জা'আটাৰীত, য'ৰ পৰা তেওঁলোকে জৰ্ডানৰ আন এটা শিবিৰ আজৰাকলৈ গুচি যায়।[5] তাত থকাৰ সময়তে তেওঁৰ পৰিয়ালে কানাডা বা ছুইডেনলৈ যোৱাৰ প্ৰস্তাৱ পাইছিল। আলমেলেহানৰ পিতৃয়ে যাতায়াতৰ কাৰণত এইবোৰ নাকচ কৰিছিল।[5] পিছলৈ আলমেলেহানে ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত ডেভিদ কেমেৰনে ঘোষণা কৰা পৰিকল্পনা অনুসৰি তেওঁৰ পৰিয়ালৰ যুক্তৰাজ্যলৈ যোৱাৰ বাবে আলোচনা কৰে,[5] যাৰ দ্বাৰা ব্ৰিটিছ চৰকাৰে ২০,০০০ ছিৰিয়ান শৰণাৰ্থীক গ্ৰহণ কৰাৰ পৰিকল্পনা কৰে।[1]ডেৰ-দুমাহৰ পিছত এই পৰিয়ালটোক নিউকেষ্টললৈ অনা হয়[5] [1]৷ আলমেলেহানৰ ল’ৰা-ছোৱালীকেইটাক স্থানীয় এখন বিদ্যালয়ত নামভৰ্তি কৰা হৈছিল। কেণ্টন স্কুলৰ নটা শৰণাৰ্থী শিশুৰ ভিতৰত আলমেলেহান আছিল,[5] আৰু তেওঁ সাংবাদিক হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।[1] তেওঁ কয় যে ইংৰাজীৰ স্থানীয় ভিন্নতাৰ লগত খাপ খুৱাই লোৱাটো তেওঁৰ বাবে কঠিন আছিল।[5]
সক্ৰিয়তা
[সম্পাদনা কৰক]আলমেলেহানে ছোৱালীৰ শিক্ষাৰ পোষকতা কৰিবলৈ বাধ্য কৰাইছিল কাৰণ জা'আটাৰীত তেওঁৰ শ্ৰেণীৰ ৪০ গৰাকী ছোৱালীৰ আধাই বিয়া পাতিবলৈ স্কুল এৰি দিছিল। ছিৰিয়াত বাল্য বিবাহ বিশেষভাৱে সাধাৰণ নহ'লেও গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছত ইয়াৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পায়।[6][7] আলমেলেহানে পিতৃ-মাতৃক নিজৰ সন্তানক, বিশেষকৈ ছোৱালীক, সোনকালে বিয়া কৰাই দিয়াতকৈ শৰণাৰ্থী বিদ্যালয়ত এৰি দিবলৈ বুজাবলৈ চেষ্টা কৰাৰ বাবে পৰিচিত হৈছিল।[1] শিশুসকলক স্কুলত থাকিবলৈ বুজাবলৈও চেষ্টা কৰিছিল, আৰু বাল্যবিবাহ ৰোধ কৰিবলৈও চেষ্টা কৰিছিল।[8]
আলমেলেহান মালালা ইউছাফজাইৰ বন্ধু৷ ২০১৪ চনত ইউছুফজাইয়ে আলমেলেহানে থকা শৰণাৰ্থী শিবিৰটোলৈ যোৱাৰ সময়ত লগ পাইছিল। ইউছুফজাইও আলমেলেহান ব্ৰিটেইনত উপস্থিত হোৱাৰ লগে লগে আলমেলেহানলৈ গৈছিল।[1] আলমেলেহানৰ সক্ৰিয়তাই কেইবাখনো দেশত স্বীকৃতি লাভ কৰে,[1] আৰু ইয়াৰ ফলত তেওঁ "চিৰিয়াৰ মালালা" উপাধি লাভ কৰে।[3] ২০১৫ চনত তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হয়।[1][3][9][10]
২০১৭ চনৰ ১৬ অক্টোবৰত মুজুনে প্ৰব্ৰজনৰ পিছত প্ৰথমবাৰৰ বাবে জৰ্ডানলৈ উভতি আহি যুদ্ধবিধ্বস্ত দেশখনৰ ছাত্ৰ-ছাত্ৰীসকলক লগ পায়, সমৰ্থন কৰে আৰু সহায় কৰে, যিসকলে দেশৰ ভিতৰৰ কঠিন পৰিস্থিতিতো শিক্ষা লাভ কৰিবলৈ বদ্ধপৰিকৰ আছিল।[11]
২০১৭ চনৰ জুন মাহত আলমেলেহান ইউনিচেফৰ আটাইতকৈ কম বয়সীয়া গুডউইল এম্বেছাদৰ হয়।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 Lizzie Dearden (4 February 2016). "Syrian refugee girl's message to world leaders: 'Give us the power to make our hopes and dreams come true'". The Independent. https://www.independent.co.uk/news/world/middle-east/syrian-refugee-girl-muzoon-almellehans-message-to-world-leaders-give-us-the-power-to-make-our-hopes-a6853751.html। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ 2.0 2.1 "UNICEF names Muzoon Almellehan, a Syrian refugee, as goodwill ambassador". FirstPost. June 20, 2017. https://www.firstpost.com/world/unicef-names-muzoon-almellehan-a-syrian-refugee-as-goodwill-ambassador-3715725.html.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 Thompson, Craig (30 May 2016). "Newcastle offers new homes to Syrian refugees – but Sunderland has offered no help". Chronicle Live. http://www.chroniclelive.co.uk/news/north-east-news/newcastle-offers-new-homes-syrian-11402706। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ Mertens, Maggie. "When Muzoon Almellehan Fled War-Torn Syria, She Only Brought One Thing—Her Schoolbooks" (en ভাষাত). Glamour. https://www.glamour.com/story/women-of-the-year-2017-muzoon-almellehan.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 "Muzoon Almellehan: the Syrian teenager who is the talk of the Tyne". The Guardian. 27 January 2015. https://www.theguardian.com/uk-news/2016/feb/16/muzoon-almellehan-newcastle-malala-yousafzai। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ "Syrian teen advocates for girls' education". New York Times. 4 June 2015. http://nytlive.nytimes.com/womenintheworld/2015/06/09/syrian-teen-advocates-for-girls-education/। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ Strochlic, Nina (9 September 2014). "Meet the Malala of Syria". The Daily Beast. http://www.thedailybeast.com/articles/2015/06/08/meet-the-malala-of-syria.html। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ Woollaston, Victoria (5 November 2016). "How Newcastle embraced a teenage Syrian refugee". Wired. https://www.wired.co.uk/article/muzoon-almellehan-education-campaigner। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ Purewal, Harpreet (24 October 2016). "If Dove expects women to cheer up, it hasn't been paying attention". The Guardian. https://www.theguardian.com/commentisfree/2016/oct/24/dove-campaign-women-reasons-cheerful-negative। আহৰণ কৰা হৈছে: 14 November 2016.
- ↑ "BBC 100 Women 2015: Who is on the list?" (en-GB ভাষাত). BBC News. 17 November 2015. https://www.bbc.com/news/world-34745739.
- ↑ "Muzoon Almellehan returns to Jordan to meet Syrian refugees striving to get an education". UNICEF. https://www.unicef.org/media/media_101054.html.