সমললৈ যাওক

মুট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱী মুটৰ প্ৰতিকৃতি

মুট আছিল প্ৰাচীন মিচৰত প্ৰচলিত ধৰ্মৰ এগৰাকী দেৱী। প্ৰাচীন মিচৰীয় ভাষাত মুট শব্দৰ অৰ্থ আছিল মাতৃ।[1] তেওঁৰ নামটো মাউট বা মউট বুলিও বানান কৰিব পাৰি। যি পানীৰ পৰা সকলো জন্ম হৈছিল, সেই পানীৰ লগত তাইৰ সম্পৰ্ক আছে। অৰ্থাৎ তেওঁৰ উৎপত্তি নীল নদীৰ ব-দ্বীপ বা মধ্য মিচৰত বুলি কোৱা হয়। তেওঁক দেৱতাসকলৰ মাতৃ বুলি কোৱা হয়।[2]

মুটৰ বহু উপাধিৰ ভিতৰত কিছুমান আছিল ৱৰ্ল্ড-মাদাৰ, আই অৱ ৰা, কুইন অৱ দ্য গডেছ, লেডী অৱ হেভেন, মাদাৰ অৱ দ্য গডছ, আৰু শ্বি হু গিভছ বাৰ্থ, বাট ৱাজ হেৰচেল্ফ নট বৰ্ণ অৱ এনি।

শিল্পত মুটক শগুনৰ ডেউকা থকা মহিলা হিচাপে চিত্ৰিত কৰা হৈছিল। তেওঁৰ হাতত আংখ (প্ৰাচীন ইজিপ্তৰ জীৱনৰ প্ৰতীক) আছে আৰু উচ্চ আৰু নিম্ন ইজিপ্তত তেওঁ সংযুক্ত মুকুট পিন্ধিছে। তেওঁৰ পোছাকযোৰ উজ্জ্বল ৰঙা বা নীলা। ভৰিত মা-আট দেৱীৰ পাখি পিন্ধা।

মুট দেৱীক কেতিয়াবা কোব্ৰা, মেকুৰী, গৰু, বা সিংহনীৰ লগতে শগুন হিচাপেও দেখুওৱা হয়।

দেৱী মুটৰ প্ৰধান উৎসৱ ইজিপ্তৰ কৰ্নকৰ অশ্বখুৰাকৃতি হ্ৰদৰ “নৌকা-যাত্ৰা’’। ইয়াত মুটক ৰজা আৰু আটুম দেৱতাই ব্যৱহাৰ কৰা দুটা মুকুট পিন্ধা মহিলা হিচাপে দেখুওৱা হৈছিল।[2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Velde, Herman te (2002). Mut. In D. B. Redford (Ed.), The ancient gods speak: A guide to Egyptian religion (pp. 238). New York: Oxford University Press, USA.
  2. 1 2 "ব্ৰিটানিকা". https://www.britannica.com/topic/Mut আহৰণ কৰা হৈছে: 17 March 2025.