মুনিম খান
মুনিম খান খান-ই-খানান | |
|---|---|
১৫৭৫ চনৰ টুকৰোইৰ যুদ্ধৰ পিছত মুনিম খান (1575) | |
| মোগল সাম্ৰাজ্যৰ ৱকীল(উকীল) | |
| কাৰ্যকাল ১৫৬০ৰ মাৰ্চ-এপ্ৰিল; নৱেম্বৰ ১৫৬১ | |
| পূৰ্বসূৰী | বৈৰাম খান |
| উত্তৰসূৰী | আতাগা খান |
| জৌনপুৰৰ চুবেদাৰ | |
| কাৰ্যকাল ১৫৬৪-১৫৭৪ | |
| বংগৰ প্ৰথম চুবেদাৰ | |
| কাৰ্যকাল ২৫ ছেপ্তেম্বৰ ১৫৭৪ - ২৩ অক্টোবৰ ১৫৭৫ | |
| ৰাজশাসক | আকবৰ প্ৰথম |
| পূৰ্বসূৰী | দাউদ খান কাৰাণী |
| উত্তৰসূৰী | প্ৰথম খান জাহান |
| কাবুলৰ চুবেদাৰ | |
| কাৰ্যকাল ১৫৫৬-১৫৬০ | |
| পূৰ্বসূৰী | মহম্মদ হাকিম |
| উত্তৰসূৰী | ঘানী খান |
| কাৰ্যকাল 1563–23 October 1575 | |
| পূৰ্বসূৰী | ঘানী খান |
| উত্তৰসূৰী | মীৰ্জা মহম্মদ হাকিম |
| ব্যক্তিগত তথ্য | |
| জন্ম | ৭ মাৰ্চ, ১৫২৫ জৌনপুৰ, দিল্লী চুলতানেৎ |
| মৃত্যু | ২৩ অক্টোবৰ, ১৫৭৫ (৫০ বছৰ) তান্দা, বেংগল, মোগল সাম্ৰাজ্য |
| সন্তান | ঘানি খান চাহিলা বানু বেগম [উদ্ধৃতিৰ প্ৰয়োজন] |
| পিতৃ | মীৰাণ বেগ আন্দিজানি |
মুনিম খান (৭ মাৰ্চ ১৫২৫ – ২৩ অক্টোবৰ ১৫৭৫) সম্ৰাট হুমায়ুন আৰু আকবৰ দুয়োৰে অধীনত কাম কৰা এজন মোগল সেনাপতি আছিল। ১৫৬০ চনত সম্ৰাট আকবৰে তেওঁক মোগল সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সময়ত তেওঁক খান-ই-খানান (‘খানৰ খান’) উপাধি দিয়া হৈছিল। ১৫৬৪ চনত তেওঁ জৌনপুৰৰ চুবেদাৰ হয়। ১৫৭৪ চনৰপৰা ১৫৭৫ চনলৈকে বংগ চুবহ আৰু ১৫৫৬ চনৰপৰা ১৫৬০ চন আৰু ১৫৬৩ চনৰপৰা ১৫৭৫ চনলৈকে দুটা পৃথক কাৰ্যকালত কাবুলৰ প্ৰথম মোগল গৱৰ্ণৰ আছিল মুনিম খান।[1][2]
প্ৰাথমিক জীৱন আৰু পৰিয়াল
[সম্পাদনা কৰক]১৫২৫ চনৰ ৭ মাৰ্চত জৌনপুৰত পাৰ্চী তুৰ্কী পৰিয়ালত খানৰ জন্ম হৈছিল আৰু তেওঁৰ পূৰ্বপুৰুষসকল প্ৰথমে বৰ্তমানৰ উজবেকিস্তানৰ আন্দিজান চহৰৰপৰা আহিছিল। তেওঁৰ পিতৃৰ নাম মীৰাণ বেগ আন্দিজানী আৰু তোলনীয়া ভাতৃ মিৰ্জা আস্কৰী।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৫৬০ চনত বৈৰাম খানে সাম্ৰাজ্যৰ ৱকিল (প্ৰধানমন্ত্ৰী)ৰ ভূমিকাৰপৰা অৱসৰ গ্ৰহণ কৰে আৰু তাৰ পিছত মোগল সম্ৰাট আকবৰে এই দায়িত্বত মুনিমক নিযুক্তি দিয়ে। আকবৰৰ নিৰ্দেশত মুনিমে সম্ৰাটৰ আদেশ উলংঘা কৰা মাহ চুচাক বেগমৰ সৈতে যুদ্ধত লিপ্ত হয় যদিও জালালাবাদত তেওঁৰ হাতত পৰাস্ত হয় আৰু মুনিমৰ পুত্ৰ ঘানী খানক মৃত্যুদণ্ড দিয়া হয়।[3] জৌনপুৰৰ উজবেকসকলে বিদ্ৰোহ কৰাৰ পাছত মুনিম খানক জৌনপুৰ আৰু পূব জিলাৰ গৱৰ্ণৰৰ দায়িত্ব দিয়া হয়। খানক ৫০০০ সৈনিকৰ মনসবদাৰ (সামৰিক সেনাপতি)লৈ পদোন্নতি দিয়া হয়, যিটো সেই সময়ত সৰ্বোচ্চ পদবী আছিল।[1]
দাউদ খান কাৰাণীৰ বিৰুদ্ধে অভিযান
[সম্পাদনা কৰক]মোগল সাম্ৰাজ্যক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰা বংগৰ স্বাধীন চুলতান দাউদ খান কাৰাণীক দমন কৰিবলৈ আকবৰে খানক পঠিয়াইছিল। প্ৰথম অৱস্থাত ব্যৰ্থ হোৱাৰ পিছত মুনিম খানে সফলতাৰে হাজীপুৰ আৰু পাটনা দখল কৰে। তাৰ পিছত খানক বংগৰ (য’ত সেই সময়ত বিহাৰকো সামৰি লৈছিল) চুবেদাৰ (ৰাজ্যপাল) হিচাপে নিযুক্তি দিয়া হয়। পিছলৈ তেওঁ ১৫৭৪ চনৰ ২৫ ছেপ্টেম্বৰত বংগৰ পূৰ্বৰ ৰাজধানী খাছপুৰৰ তান্দা দখল কৰে।[1] ১৫৭৫ চনৰ ৩ মাৰ্চত হোৱা টুকৰোই যুদ্ধৰ সময়ত মুনিম খানে দাউদ কাৰাণীক এনে এখন সন্ধিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰে যাৰ ফলত কেৱল ওড়িশাহে দাউদৰ নিয়ন্ত্ৰণত থাকিল। ইয়াৰ পিছত মুনিম খানে বংগৰ ৰাজধানী তান্দাৰ পৰা গৌড়লৈ স্থানান্তৰিত কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মুনিম খানৰ ৮ গৰাকী উপপত্নী আছিল, আৰু তেওঁৰ দুটা সন্তান আছিল:
- ঘানী খান - সম্ৰাজ্ঞী মাহ চুচাক বেগমৰ নিৰ্দেশত কাবুলত ফাঁচী দিয়া হয়।
- সাহিলা বানু বেগম - ১৬০৭ চনত সম্ৰাট জাহাংগীৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
মৃত্যু
[সম্পাদনা কৰক]১৫৭৫ চনৰ ২৩ অক্টোবৰত গৌড়ত প্লেগ মহামাৰীৰ পৰা পলায়ন কৰি মুনিমৰ তান্দাত মৃত্যু হয় । মৃত্যুৰ পিছত দাউদ কাৰাণীয়ে গৌড়ক পুনৰ দখল কৰে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Husain, AKM Yaqub (2012). "Munim Khan Khan-i-Khanan". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 9 December 2025.
- ↑ "Peshawar, Pakistan, 1980", Crossing the River Kabul (Potomac Books): pp. 153–155, doi:10.2307/j.ctt1p6jhvp.50, http://dx.doi.org/10.2307/j.ctt1p6jhvp.50, আহৰণ কৰা হৈছে: 2023-12-24
- ↑ Rekha Misra (1967) (en ভাষাত). Women in Mughal India, 1526–1748 A.D.. Munshiram Manoharlal. পৃষ্ঠা. 24.