সমললৈ যাওক

মুন্নাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুন্নাৰ
চহৰ
মুন্নাৰ চহৰৰ এক দৃশ্য
মুন্নাৰ চহৰৰ এক দৃশ্য
মুন্নাৰ is located in Kerala
মুন্নাৰ
মুন্নাৰ
মুন্নাৰ is located in ভাৰত
মুন্নাৰ
মুন্নাৰ
স্থানাংক: 10°05′21″N 77°03′35″E / 10.08917°N 77.05972°E / 10.08917; 77.05972স্থানাংক: 10°05′21″N 77°03′35″E / 10.08917°N 77.05972°E / 10.08917; 77.05972
দেশ ভাৰত
ৰাজ্য কেৰালা
জিলা ইদুক্কী
তালুক দেৱীকুলাম
নামকৰণ কৰা হৈছে তিনিখন নদীৰ সংগমস্থল
চৰকাৰ
  ধৰণ গ্ৰাম পঞ্চায়ত
  পৰিচালনা মুন্নাৰ গ্ৰাম পঞ্চায়ত
কালি
  মুঠ
১৮৭ বৰ্গকিমি (৭২ বৰ্গমাইল)
উচ্চতা ১,৫৩২ মিটাৰ (৫,০২৬ ফুট)
জনসংখ্যা
 (2011)
  মুঠ
৩২,০২৯
  ঘনত্ব ১৭০/বৰ্গকিমি (৪৪০/বৰ্গমাইল)

মুন্নাৰ (ইংৰাজী: Munnar) দক্ষিণ-পশ্চিম ভাৰতৰ কেৰালা ৰাজ্যৰ ইদুক্কী জিলাত অৱস্থিত এখন চহৰ। মুন্নাৰ চহৰখন পশ্চিম ঘাট পৰ্বতমালাত সাগৰ পৃষ্ঠৰপৰা প্ৰায় ১৬০০ মিটাৰ উচ্চতাত অৱস্থিত।[2] এই পুৰণি বাগিছা অঞ্চলটো মূলতঃ ইয়াৰ চাহ উদ্যোগৰ বাবে বিখ্যাত। বৰ্তমান ই এক আধুনিক পাহাৰীয়া চহৰ হিচাপে গঢ়ি উঠিছে।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

মুন্নাৰ নামটো থলুৱা মালয়ালম আৰু তামিল ভাষাৰ ‘মুন্নু’ (তিনি) আৰু ‘আৰু’ (নদী) শব্দ দুটাৰপৰা আহিছে। ইয়াৰ অৰ্থ হ’ল ‘তিনিখন নদী’।[3] মুথিৰাপুঝা, নাল্লাথান্নি আৰু কুণ্ডালী নদীৰ সংগমস্থলত অৱস্থিত হোৱাৰ বাবেই এই ঠাইখনৰ নাম মুন্নাৰ ৰখা হৈছে।[4]

এই অঞ্চলত হাজাৰ হাজাৰ বছৰ ধৰি মালায়ৰায়ন আৰু মুথুভান আদি চিকাৰী জনজাতীয় সম্প্ৰদায়সমূহে বসবাস কৰি আহিছে।[5] প্ৰাৰম্ভিক দিনবোৰত ইয়াত কেৱল তামিল আৰু কমসংখ্যক মালয়ালী লোক আছিল। তেওঁলোকক চাহবাগিছাত কাম কৰিবলৈ বনুৱা হিচাপে অনা হৈছিল। লোকপ্ৰবাদ অনুসৰি ব্ৰিটিছ কৰ্ণেল আৰ্থাৰ ৱেলেছলী আছিল মুন্নাৰৰ মাজেৰে পাৰ হৈ যোৱা প্ৰথমজন ব্ৰিটিছ ব্যক্তি।[6] তেওঁ টিপু চুলতানৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত ইয়াৰ মাজেৰে গৈছিল। অৱশ্যে এই কথাৰ কোনো স্পষ্ট প্ৰমাণ নাই। ১৮১৬-১৮১৭ চনত বেঞ্জামিন সোৱেন ৱাৰ্ডে এই অঞ্চলৰ প্ৰথমটো জৰীপ কাৰ্য চলাইছিল। তেওঁ পেৰিয়াৰ নদী অনুসৰণ কৰি পশ্চিম ঘাট পৰ্বতমালাত প্ৰৱেশ কৰিছিল। তেওঁ তিনিখন নদীৰ সংগমস্থলত এটা শিবিৰ পাতিছিল। ইয়াৰপৰাই মুন্নাৰ নামটোৰ উৎপত্তি হয়।[7]

ইয়াৰ ৫০ বছৰৰ পাছত মাদ্ৰাজৰ জিলাধিপতি চাৰ্লছ ট্ৰেভেলিয়নে কৰ্ণেল ডগলাছ হেমিল্টনক এই পাহাৰীয়া অঞ্চলটো পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। ব্ৰিটিছসকলৰ বাবে দক্ষিণ ভাৰতত স্বাস্থ্যনিবাস স্থাপন কৰাৰ সম্ভাৱনীয়তাৰ ওপৰত তেওঁ পৰামৰ্শ বিচাৰিছিল।[8] তেওঁ পৰিৱেশৰ ক্ষতি নকৰাকৈ কেনেকৈ ৰাজহ উপাৰ্জনকাৰী প্ৰকল্প গঢ়ি তুলিব পাৰি তাৰো পৰিকল্পনা বিচাৰিছিল। কাৰণ চিলনত (বৰ্তমানৰ শ্ৰীলংকা) কফি খেতি কৰাৰ বাবে বৰ্ষাৰণ্য আৰু ধান খেতিৰ ব্যাপক ক্ষতি হৈছিল। হেমিল্টনে মুন্নাৰ অঞ্চলৰ পাহাৰবোৰত ভ্ৰমণ কৰে। ইয়াৰ ১৫ বছৰৰ পাছত জন ডেনিয়েল মুন্ৰোৱে লক্ষ্য কৰে যে মুন্নাৰৰ বেছিভাগ ভূমি কফি খেতিৰ বাবে উপযোগী। মুন্ৰো আৰু তেওঁৰ সতীৰ্থসকলে ট্ৰাভাংকোৰৰ ৰজাৰপৰা ইলাচি পাহাৰৰ (Cardamom Hills) মালিকীস্বত্ব লাভ কৰে। তেওঁলোকে ১৮৭৯ চনত দেৱীকুলামৰ আশে-পাশে থকা অৰণ্য পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে ১৮৮০-ৰ দশকত বহুতো ইউৰোপীয় লোকে এই অঞ্চলত চাহবাগিছা স্থাপন কৰিবলৈ আৰম্ভ কৰে। প্ৰাৰম্ভিক বাগিছাবোৰত বিশেষ সুবিধা নাছিল। বনুৱাসকলে মূলতঃ খেৰৰ প পঁজাত বাস কৰিছিল।

লাহে লাহে ভৈৰামলৈ যোৱা পথসমূহ মুকলি কৰা হয়। মাদ্ৰাজ প্ৰেছিডেন্সীৰ বোদিনায়াকানুৰৰ এজন থলুৱা মুৰব্বী চুপ্পান চেট্টীয়ে চাহবাগিছাসমূহলৈ খাদ্য সামগ্ৰী যোগান ধৰিছিল। তেওঁ আৰু তেওঁৰ পুত্ৰ আলাগানান চেট্টীয়ে (যি পিছলৈ বিধায়ক হৈছিল) এই অঞ্চলৰ চাহবাগিছাবোৰলৈ সামগ্ৰী যোগান ধৰি গৈছিল। ১৮৯৪ চনৰ ভিতৰত এই পাহাৰবোৰত ২৬খন বাগিছা স্থাপন কৰা হয়। কিন্তু সকলোবোৰ বাগিছাতে লোকচান হৈছিল। ১৮৯৭ চনত এই চাহবাগিছাসমূহ পৰিচালনা কৰিবলৈ কান্নান দেৱান হিলছ কৰ্পৰেচন (KDHC) নামৰ এটা সুকীয়া কোম্পানী পঞ্জীয়ন কৰা হয়। পিছলৈ এই কোম্পানীটো আমেৰিকান ডাইৰেক্ট টি ট্ৰেডিং কোম্পানী লিমিটেডে নিজৰ অধীনলৈ লয়। তেওঁলোকৰ হাতত ২৬খন বাগিছা আছিল। এই বাগিছাবোৰত মূলতঃ কফি আৰু চিনকোনা খেতি কৰা হৈছিল। নিম্ন ভূমিৰ কেইখনমান বাগিছাক বাদ দি সমগ্ৰ অঞ্চলটো তেওঁলোকৰ অধীনত আছিল।

১৯০০ চনত ইয়াত এটা ৰোপৱে’ নিৰ্মাণ কৰা হয়। পৰৱৰ্তী সময়ত ভৈৰামলৈ সামগ্ৰী পৰিবহণ সহজ কৰিবলৈ মনোৰেল স্থাপন কৰা হয়। ১৯০১ চনত পি আৰ বুচাননে ইয়াৰ জেনেৰেল মেনেজাৰ হিচাপে কাৰ্যভাৰ লয়। তেওঁ বাগিছা স্থাপনৰ বাবে অৰণ্য পৰিষ্কাৰ কৰাৰ এক বৃহৎ কাৰ্যসূচী আৰম্ভ কৰে। ১৯০৮ চনত এটা নতুন ৰেলপথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু ১৯০৯ চনত ই মুকলি হয়। ১৯১১ চনলৈকে এই অঞ্চলৰ প্ৰায় ১৬,০০০ একৰ মাটিত খেতি কৰা হৈছিল।

১৯২৪ চনত মুন্নাৰত এক বৃহৎ বানপানী হয়। এই বানপানীয়ে ইয়াৰ বাট-পথ ক্ষতিগ্ৰস্ত কৰে আৰু ৰেলপথসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰে।[9] ইয়াৰ পিছত চাহ পৰিবহণৰ বাবে এটা ৰোপৱে’ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হয়। ১৯৩০ চনত ইয়াৰ ঠাইত এটা আধুনিক পথ নিৰ্মাণ কৰা হয়। ইয়াৰ ফলত পৰিবহণ ব্যৱস্থা বহু সহজ হৈ পৰে। ১৯৫২ চনলৈকে প্ৰায় ২৮,০০০ একৰ ভূমিত চাহ খেতি কৰা হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছত ভাৰতীয় বাগিছা মালিকসকলে ইয়াৰ দায়িত্ব লয়। ১৯৬৪ চনত অধিকাংশ চাহবাগিছাৰ মালিকীস্বত্ব থকা কেডিএইচচি (KDHC) কোম্পানীটোক টাটা আৰু ফিনলে গোটৰদ্বাৰা ক্ৰয় কৰা হয়। তেওঁলোকে দেশৰ প্ৰথমটো ইনষ্টেণ্ট চাহ কাৰখানা ইয়াত স্থাপন কৰে।[10] ১৯৭১ চনত কেৰালা চৰকাৰে বাগিছাৰ বাবে ব্যৱহাৰ নোহোৱা পাহাৰীয়া ভূমিবোৰত পুনৰ বনানিকৰণ কৰিবলৈ বিচাৰিছিল। অৱশ্যে পৰৱৰ্তী বুজা-বুজিৰ অন্তত টাটা গোটৰ হাতত ৫৭,০০০ একৰ ভূমি সুৰক্ষিত হৈ থাকে।

বৰ্তমানলৈকে চাহবাগিছাৰ বেছিভাগ বনুৱাই ভূমিহীন। ২০০০-ৰ দশকৰ আৰম্ভণিতে তামিলনাডুৰ এক দলিত সংগঠন ‘বিদুথালাই চিৰুথাইগল কাটচি’য়ে বনুৱাসকলৰ বাবে ভূমি দাবী কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত তেওঁলোকে কেৰালাত প্ৰৱেশ কৰে। ২০০৯ চনত তদানীন্তন মুখ্যমন্ত্ৰী ভি এছ অচ্যুতানন্দনে প্ৰধানকৈ তামিল দলিত বনুৱাসকলক ভূমি প্ৰদান কৰাৰ ক্ষেত্ৰত সমৰ্থনৰ প্ৰতিশ্ৰুতি দিয়ে। অৱশ্যে এই প্ৰক্ৰিয়া অত্যন্ত ধীৰ হৈ পৰে। ২০১৮ চনলৈকে বেছিভাগ পৰিয়ালৰে নিজা কোনো ভূমি নাছিল।[11]

মুন্নাৰৰ পুৰণি কুণ্ডা ভেলী ৰেলৱে ১৯২৪ চনৰ বানপানীত ধ্বংস হৈছিল। কিন্তু ২০১৯ চনত পৰ্যটন বিভাগৰ বিষয়াসকলে পৰ্যটকক আকৰ্ষণ কৰিবলৈ এই ৰেলপথটো পুনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰে।[12]

মুন্নাৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ উচ্চতা সাগৰ পৃষ্ঠৰপৰা প্ৰায় ১৪৫০ মিটাৰৰপৰা ২৬৯৫ মিটাৰ পৰ্যন্ত হয়। শীতকালত ইয়াৰ উষ্ণতা ৫ ডিগ্ৰী চেলচিয়াছৰপৰা ২৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে। গ্ৰীষ্মকালত উষ্ণতা ১৫ ডিগ্ৰী চেলচিয়াছৰপৰা ২৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে।[13] মুন্নাৰৰ চেভেনমাল্লাই অঞ্চলত সৰ্বনিম্ন মাইনছ ৪ (-৪) ডিগ্ৰী চেলচিয়াছ উষ্ণতাও ৰেকৰ্ড কৰা হৈছে।[14]

কোপেন-গাইগাৰ জলবায়ু শ্ৰেণীবিভাজন অনুসৰি ইয়াৰ জলবায়ু উপ-ক্ৰান্তীয় পাৰ্বত্য (subtropical highland - Cwb) শ্ৰেণীৰ অন্তৰ্গত।[15]


মুন্নাৰৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
গড় উষ্ণতা - উচ্চ °C (°F) 22.4 23.7 25.3 25.6
(78.1)
25.6
(78.1)
23.7
(74.7)
22.4
(72.3)
22.8
(73.0)
23.2
(73.8)
22.7
(72.9)
21.8
(71.2)
21.9
(71.4)
23.43
(74.17)
দৈনিক গড় উষ্ণতা °C (°F) 17.6
(63.7)
18.7
(65.7)
20.2
(68.4)
21
(70)
21.4
(70.5)
20.3
(68.5)
19.3
(66.7)
19.5
(67.1)
19.6
(67.3)
19.2
(66.6)
18.3
(64.9)
17.7
(63.9)
19.40
(66.92)
গড় উষ্ণতা - নিম্ন °C (°F) 12.9
(55.2)
13.7
(56.7)
15.1
(59.2)
16.5
(61.7)
17.3
(63.1)
16.9
(62.4)
16.3
(61.3)
16.3
(61.3)
16
(61)
15.7
(60.3)
14.8
(58.6)
13.5
(56.3)
15.42
(59.75)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 18
(0.71)
29
(1.14)
47
(1.85)
129
(5.08)
189
(7.44)
420
(16.54)
583
(22.95)
364
(14.33)
210
(8.27)
253
(9.96)
164
(6.46)
64
(2.52)
2,470
(97.24)
Avg. rainy days 2 2 3 6 8 9 10 9 10 12 8 5 84
সূৰ্যোদয়ৰ সময় 248 232 248 240 217 120 124 124 150 155 180 217 2,255
উৎস নং ১: Climate-Data.org, উচ্চতা: ১৪৬১ মিটাৰ[15]
উৎস নং ২: ৰ’দঘাই আৰু বৰষুণৰ দিনৰ বাবে Weather2Travel[16]

পৰিবহণ ব্যৱস্থা

[সম্পাদনা কৰক]

পথ পৰিবহণ

[সম্পাদনা কৰক]
মুন্নাৰ কেএছআৰটিচি বাছ আস্থান

মুন্নাৰ চহৰখন ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ আৰু গ্ৰাম্য পথৰ সৈতে সুন্দৰভাৱে সংযোজিত। এই চহৰখন কোচি-ধনুচকোডী ৰাষ্ট্ৰীয় ঘাইপথৰ (NH 49) ওপৰত অৱস্থিত। ই কোচিৰপৰা প্ৰায় ১৩০ কিঃমিঃ, আদিমালীৰপৰা ৩১ কিঃমিঃ, তামিলনাডুৰ উদুমালাইপেট্টাইৰপৰা ৮৫ কিঃমিঃ আৰু নেৰিয়ামংগলামৰপৰা ৬০ কিঃমিঃ দূৰত অৱস্থিত।

প্ৰধান চহৰ আৰু পৰ্যটন ক্ষেত্ৰসমূহৰপৰা ইয়াৰ দূৰত্ব:

ৰেল পৰিবহণ

[সম্পাদনা কৰক]

ইয়াৰ আটাইতকয়ে ওচৰৰ ৰেল ষ্টেচনটো হৈছে তামিলনাডুৰ বোদিনায়াকানুৰ (৬৮ কিঃমিঃ)। কেৰালাৰ নিকটৱৰ্তী প্ৰধান ৰেল ষ্টেচনসমূহ এৰ্নাকুলাম (১২৬ কিঃমিঃ) আৰু আলুভাত (১১০ কিঃমিঃ) অৱস্থিত।

কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগমৰ (KSRTC) বাছ আস্থানটো আলুভা ৰেল ষ্টেচনৰপৰা খোজকঢ়া দূৰত্বত অৱস্থিত। আলুভাৰপৰা প্ৰতি ঘণ্টাত মুন্নাৰলৈ বাছ উপলব্ধ থাকে।

বিমান পৰিবহণ

[সম্পাদনা কৰক]

ইয়াৰ আটাইতকয়ে ওচৰৰ বিমানবন্দৰটো হ’ল ১১০ কিঃমিঃ দূৰত অৱস্থিত কোচিন আন্তৰ্জাতিক বিমানবন্দৰ। কইম্বাটুৰ আৰু মাদুৰাই বিমানবন্দৰ মুন্নাৰৰপৰা প্ৰায় ১৬৫ কিঃমিঃ দূৰত অৱস্থিত।

প্ৰশাসন

[সম্পাদনা কৰক]

১৯৬১ চনৰ ২৪ জানুৱাৰীত মুন্নাৰ গ্ৰাম পঞ্চায়ত গঠন কৰা হয়। প্ৰশাসনিক সুবিধাৰ বাবে ইয়াক ২১টা ৱাৰ্ডত বিভক্ত কৰা হৈছে। ইয়াৰ উত্তৰে কইম্বাটুৰ জিলা, দক্ষিণে পল্লীভাছাল, পূবে দেৱীকুলাম তথা মাৰায়ুৰ আৰু পশ্চিমে মানকুলাম তথা কুত্তম্পুঝা পঞ্চায়ত অৱস্থিত।

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি, মুন্নাৰ গ্ৰাম পঞ্চায়তৰ মুঠ জনসংখ্যা আছিল ৩২,০৩৯ জন। ইয়াৰে ১৬,০৬১ জন মতা আৰু ১৫,৯৬৮ জন মাইকী আছিল। ইয়াত মুঠ ৭,৯৬৮টা পৰিয়ালে বসবাস কৰিছিল। ০-৬ বছৰ বয়সৰ শিশুৰ সংখ্যা আছিল ২,৯১৬ জন (মুঠ জনসংখ্যাৰ ৯.১%)। ইয়াৰ ভিতৰত ১,৪৭৮ জন ল’ৰা আৰু ১,৪৩৮জনী ছোৱালী আছিল। মুন্নাৰ পঞ্চায়তৰ সামগ্ৰিক সাক্ষৰতাৰ হাৰ আছিল ৮৪.৮৫%। এই হাৰ কেৰালা ৰাজ্যৰ গড় সাক্ষৰতাৰ হাৰ ৯৪.০০% তকৈ যথেষ্ট কম। পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯১.০৫% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৭৮.৬৪% আছিল।[17]

উদ্ভিদকুল আৰু প্ৰাণীকুল

[সম্পাদনা কৰক]
মুন্নাৰৰ ওচৰৰ ৰাজামালাইত এটা নীলগিৰি তহৰ

বাগিছাসমূহ স্থাপন কৰাৰ বাবে হোৱা তীব্ৰ বাসস্থান খণ্ডিতকৰণৰ ফলত মুন্নাৰৰ বেছিভাগ থলুৱা উদ্ভিদ আৰু প্ৰাণী বিলুপ্ত হৈ পৰিছে। অৱশ্যে ওচৰৰে কেইবাখনো সুৰক্ষিত বনাঞ্চলত কিছুমান প্ৰজাতি এতিয়াও জীয়াই আছে। এই সুৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত পূবে থকা কুৰিন্ধীমালা অভাৱাৰণ্য, উত্তৰ-পূবে থকা চিন্নাৰ বন্যপ্ৰাণী অভয়াৰণ্য, মাঞ্জাম্পাট্টী উপত্যকা আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ অমৰাৱতী সংৰক্ষিত বনাঞ্চল অন্যতম। লগতে উত্তৰে থকা ইৰাৱীকুলাম ৰাষ্ট্ৰীয় উদ্যান আৰু আনামুদী শোলা ৰাষ্ট্ৰীয় উদ্যান, দক্ষিণে থকা পাম্পাডুম শোলা ৰাষ্ট্ৰীয় উদ্যান আৰু পূবে প্ৰস্তাৱিত পালানি পাহাৰ ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ অন্তৰ্ভুক্ত।

থলুৱা প্ৰজাতিসমূহ

[সম্পাদনা কৰক]

এই সুৰক্ষিত বনাঞ্চলসমূহ কেইবাটাও বিলুপ্তপ্ৰায় আৰু থলুৱা (endemic) প্ৰজাতিৰ বাবে বিখ্যাত। ইয়াৰ ভিতৰত নীলগিৰি তহৰ (Nilgiri Tahr), ধোঁৱাবৰণীয়া বৃহৎ কেৰ্কেটুৱা (grizzled giant squirrel), নীলগিৰি কাঠনি পাৰ (Nilgiri wood-pigeon), ভাৰতীয় হাতী, মেঠোন (gaur), নীলগিৰি লেংগুৰ, শৰপহু আৰু নীলকুৰিঞ্জী (Neelakurinji—যি কেৱল বাৰ বছৰত এবাৰহে ফুলে) অন্যতম।[18][19]

ভূমিৰ মালিকীস্বত্ব

[সম্পাদনা কৰক]

চৰকাৰী তথ্য অনুসৰি এই অঞ্চলত সততে চলি থকা ভূমি মাফিয়াৰ অবৈধ ভূমি দখল সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০১১ চনত চৰকাৰে হিচাপ কৰিছিল যে প্ৰায় ২০,০০০ হেক্টৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। ইয়াৰ পিছতে চৰকাৰে ২০০৭ চনতে প্ৰস্তাৱ কৰা উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তোলে।[20]

চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]
মুন্নাৰ চহৰৰ দৃশ্য
৮৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰপৰা দৃশ্যমান মুন্নাৰৰ চাহবাগিছাসমূহ।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Munnar - Fallingrain
  2. "Munnar - the Hill Station of Kerala in Idukki | Kerala Tourism". Archived from the original on 18 January 2014. https://web.archive.org/web/20140118183559/http://www.keralatourism.org/destination/destination.php?id=306 আহৰণ কৰা হৈছে: 21 June 2012.
  3. Munnar History Archived 5 February 2012 at the Wayback Machine
  4. "Munnar". Archived from the original on 18 January 2014. https://web.archive.org/web/20140118183559/http://www.keralatourism.org/destination/destination.php?id=306 আহৰণ কৰা হৈছে: 21 June 2012.
  5. "How the original inhabitants of Idukki were systematically displaced and deceived". OnManorama. https://www.onmanorama.com/districts/idukki/2018/02/28/original-inhabitants-idukki-displaced-deceived-tribals.html আহৰণ কৰা হৈছে: 2021-01-28.
  6. varghese (2023-12-14). "Kannan Devan Hills- A Historical Genesis" (en-US ভাষাত). The Kerala Museum. https://keralamuseum.org/kannan-devan-hills-a-historical-genesis/ আহৰণ কৰা হৈছে: 2025-02-26.
  7. S, Muthiah (1993). A Planting Century 1893-1993. প্ৰকাশক Madras: -West Pvt Ltd., 62-A Ormes Road, Kilpauk, Madras-600010. ISBN 81-85938-04-0. https://archive.org/details/plantingcenturyf0000muth.
  8. "HISTORY OF MUNNAR" (en ভাষাত). Journal. https://vocal.media/journal/history-of-munnar আহৰণ কৰা হৈছে: 2025-02-26.
  9. Sulaiman, Nejma (2024-07-17). "On 100th anniversary of 1924 floods, Munnar shivers" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/states/kerala/2024/Jul/17/on-100th-anniversary-of-1924-floods-munnar-shivers আহৰণ কৰা হৈছে: 2025-02-26.
  10. "Our History" (en-US ভাষাত). Kanan Devan Hills Plantations Company (P) Limited. https://kdhptea.com/our-history/ আহৰণ কৰা হৈছে: 2025-02-26.
  11. Tamilarasu, Prabhakar (2020-08-13). "The 'no land's men' in Munnar's tea estates" (en-US ভাষাত). The Federal. https://thefederal.com/news/the-no-lands-men-in-munnars-tea-estates-2/ আহৰণ কৰা হৈছে: 2021-01-28.
  12. Abraham, Bobins (2019-06-24). "Munnar May Soon Get Train Service, Nearly A Century After The 'Great Flood Of 99' Destroyed It" (en ভাষাত). indiatimes.com. https://www.indiatimes.com/news/india/munnar-may-soon-get-train-service-nearly-a-century-after-the-great-flood-of-99-washed-away-kerala-s-first-railway-line-369776.html আহৰণ কৰা হৈছে: 2019-06-24.
  13. "Management Plan". Eravikulam National Park. Archived from the original on 2006-05-12. https://web.archive.org/web/20060512070354/http://www.eravikulam.org/managementplan.htm আহৰণ কৰা হৈছে: 2013-08-28.
  14. "Frost hits plantations in Munnar". The Hindu. Archived from the original on March 13, 2004. https://web.archive.org/web/20040313020140/http://www.hindu.com/2003/12/17/stories/2003121707061600.htm আহৰণ কৰা হৈছে: August 6, 2026.
  15. 1 2 "Climate: Munnar  — Climate graph, Temperature graph, Climate table". Climate-Data.org. http://en.climate-data.org/location/34154/ আহৰণ কৰা হৈছে: 2013-08-28.
  16. "Munnar Climate and Weather Averages, Kerala". Weather2Travel. http://www.weather2travel.com/climate-guides/india/kerala/munnar.php আহৰণ কৰা হৈছে: 2013-08-28.
  17. Kerala, Directorate of Census Operations. District Census Handbook, Idukki. প্ৰকাশক Thiruvananthapuram: Directorate of Census Operations, Kerala. পৃষ্ঠা. 92,93. https://censusindia.gov.in/2011census/dchb/3209_PART_B_IDUKKI.pdf আহৰণ কৰা হৈছে: 14 July 2020.
  18. "Government of Kerala, Forest and Wildlife Department, Notification No. 36/2006 F&WLD". Kerala Gazette. 6 October 2006. http://kurinji.in/sro.html.
  19. Roy, Mathew (25 September 2006). "Proposal for Kurinjimala sanctuary awaits Cabinet nod". The Hindu. http://www.hindu.com/2006/09/25/stories/2006092510910400.htm.
  20. Jacob, Jeemon (12 July 2011). "Kerala government launches eviction drive in Munnar". Archived from the original on 27 August 2012. https://web.archive.org/web/20120827093815/http://www.tehelka.com/story_main50.asp?filename=WS120711kerala.asp.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]